সুখ
সুখৰ পিছত দৌৰা পৃথিৱীখন|সুখ বিচাৰি দৌৰা ঢপৰা কৰা মানুহবোৰ |তাৰ বাবে প্ৰতিদিনেই লৰা লৰি কৰি নিজক ব্যস্ত কৰি ৰাখে মানুহ বোৰে |অথচ কি সুখৰ পিছত দৌৰিছে কোনেও বুজিব যত্ন নকৰে |মানসীও এটা সুখ বিচাৰি দৌৰিব বিচাৰে, কিন্তু অভিনাভ অন্য এটা সুখৰ পিছত দৌৰি ফুৰে|সুখৰ পাৰ্থক্য নে উচ্চাকাংশাৰ বুজাত অসুবিধা আহি পৰে মানসীৰ|
তাই নিজৰ পচন্দত বিয়া পাতিছিল অভিনাভৰ লগত|বিয়া আগতে সকলো বুজিছিল জানিছিল তাৰ বিষয়ে|কিন্তু বৰ্তমান সময়ত তাই কেতিয়াবা বৰ অসন্তোসিত হৈ পৰে নিজৰ ওপৰতে খং উঠি থাকে|বিয়াৰ আগতে প্ৰতিটো কথা মানিবলৈ ৰাজি থকা অভিনাভ বিয়াৰ পাছত বহুত সলনি হৈ গ'ল|তাইৰ বাই ভনী বোৰৰ সুখৰ সংসাৰ বোৰ দেখিলে তাইৰ বৰ দুখ লাগে|নিজৰ কপালকে দোষী তাই উচুপি পৰে|কিন্তু তাইৰ আবেগিক মূৰ্হুত্ববোৰত তাইক সামৰিবলৈ অভিনাভ কাষত নাথাকে|তাই বিচাৰি ফুৰা সুখটো তাইৰে,তাইৰ দুখবোৰ তাই নিজেই কঢ়িয়াই থাকিব লাগিব|
ভীষন আপত্তি দেখোৱাইছিল মাকে যেতিয়াই অভিনাভৰ সৈতে তাই বিয়া পতাৰ কৈছিল|নিজৰ স্থিৰতা নথকা এটা মানুহে তোক কি জীৱনৰ নিৰাপত্তা দিব?নাই তাই যৌৱনৰ সেই অজান পুলকত শিহৰিত হৈ পাহৰি আছিল বাস্তবৰ ৰুক্ষতাৰ কথা|গ্ৰেজুৱেচন কৰাৰ পিছতে তাই চাকৰিত জইন কৰিছিল আৰু যথা সময়ত বিয়া হৈছিল তাইৰ|
বিয়াৰ পিছত অভিনাভৰ পেচা আৰু নিচা বোৰ সলনি হব বুলি তাই ভাবি লৈছিল|সেইটো তাইৰে বিশ্বাস আছিল|কিন্তু অভিনাভ সলনি হোৱা নাছিল|বিয়াৰ পিছত তাই আশা কৰিছিল দুইটা অলপ ফুৰি আহিবগৈ|অভিনাভ অকলেই ফুৰিব উলাইছিল|আপত্তি কৰি তাই চিঞৰি উঠিছিল কিয় মই নাজাম?তুমি কেনেকৈ যাবা মানু?মই নাটকৰ কামত হে যাম|আদৰুৱা তাৰ কথা বোৰ ত সিদিনা তাই পমি যোৱা নাছিল |দুগুন যোৰেৰে চিঞৰিছিল কি নাটক নাটক এতিয়া তুমি সংসাৰি হ'লা ,সংসাৰৰ ধৰ্ম পালন কৰা নিজৰ পত্নীক সুখী কৰা ...সংসাৰৰ প্ৰয়োজন বোৰ পুৰণ কৰিবলৈ যত্ন কৰা ,তুমি পুৰুষ হোৱা অভি কাপুৰুষ নহ'বা|তাই খং ,অভিমানৰ চকুলোবোৰক নেওচি অভিনাভ গুচি গৈচিল দিল্লী লৈ|
অভিনাভ ফুকন এজন "বসুধা" নামৰ NGoৰ ৰ্কমী|বেচৰকাৰী সংস্থাটোৰ জন্ম লগনৰ পৰা জৰিত সি|প্ৰকৃতি প্ৰেমী অভিনাভে নিজৰ জীৱনটোকে প্ৰকৃতিৰ নামত উ্তচৰ্গিত কৰি দিছে|মানুহৰ মাজত সজাগতাৰ বাবে ফাংচন পাতি ,আলি গলি বস্তিবোৰত বাটৰ নাট পাতি পাতি সাধাৰণ জনতাক জগাব বিচাৰে|তাৰ এই কামৰ বাবে সি এই দিল্লী এই মুম্বাই অহা যোৱা কৰি থাকে|
অভিনাভৰ জেগাত অভিনাভ শুদ্ধ|প্ৰকৃতিয়ে তো আমাক সকলো দিছে প্ৰকৃতি প্ৰতি মানৱ প্ৰেম থকাতো উচিত|কিন্তু মানসীৰ আপত্তিবোৰো অমূল্যক নহয়|বিয়াৰ পাছত প্ৰতিজনী ছোৱালীয়ে নিজৰ মানুহ জনৰ পৰা যিখি বিচাৰে তাকে বিচাৰিছে|কিন্তু উদাসিন অভিনাভৰ বাবে মানসীৰ দুখবোৰ বাঢ়ি যায় ,বহাগৰ দুকুল উপচাই বঢ়া বানৰ দৰে|
দিন বোৰ যোৱাৰ লগে লগে সকলোবোৰ স্বাভাৱিক হ'ব সেই আশাতে মানসীয়ে সপোন দেখিছিল |কিন্ত দিনবোৰ বচৰত পৰিবতিত হৈছিল অভিনাভ অভিনাভ হৈ আছিল|প্ৰতিটো ফেমিলৰ ফাংচন যেতিয়া তাই অকলে এটেন কৰিছিল তেতিয়া পৰিয়ালৰ ডাঙৰ বোৰে অভিনাভৰ কথা সুধি তাইক বিৰক্ত কৰিছিল |নিজৰ হাজবেণ্ডৰ কাষত ৰৈ আনন্দত উপচি থকা তাইৰ বাই ,ভনীবোৰক দেখি তাই বেদনাত বাউলি হৈছিল|তাইতো মন যায় অভিনাভৰ লগত হাঁহি হাঁহি প্ৰতিটো আনন্দৰ উত্চৱৰ আমোদ লবলৈ|কিন্ত অভিনাভ হয়তো তেতিয়া উত্তৰ প্ৰদেশ বা বিহাৰত থাকিবা কিবা কামত ব্যস্ত হৈ|লগৰবোৰৰ লগত অভিনাভৰ অনুপস্থিিতিত ঠাট্ৰ শুনিব লাগে আৰু ডাঙৰ বোৰৰ প্ৰশ্নৰ উত্তৰ দিব লাগে |গতিকে তাই ফেমিলি ৰ ফাংচন এটেন কৰাটো বাদ দি দিছিল |লাহে লাহে তাইৰ জীৱনটো শামুকৰ খোলাৰ ভিতৰত সোমোৱা যেন হৈ পৰিছিল |অফিচ ঘৰ ,অফিচ ঘৰ|
অভিনাভৰ সংসাৰিক সহায় অবিহনে মানসীৰ সংসাৰ আগবাঢ়িছিল |কিন্তু সংসাৰৰ সৰু সৰু সুখবোৰ পোৱাৰ পৰা বঞ্চিত হৈ বিৰক্ত হৈ পৰিছিল তাই |জীৱনতো কি হোৱাৰ আশাত আগবঢ়াই ছিল কি হৈ পৰিছে .......|হয়তো ভগৱানো তাইৰ প্ৰতি নিদাৰুণ হৈ পৰিছিল|শহু শাহুৰৰ মানসিক অতা্চাৰ বোৰেওঁ তাইক প্ংগু কৰি তুলিছিল|এটা বিদ্ৰোহী মন লৈ তাই আতৰি আহিছিল অফিচৰ কাষৰ ভাড়াঘৰ এটালৈ|অভিনাভে বাধা দিছিল কিন্তু তাই তাৰ বাধা মনা নাছিল|
অভিনাভৰ প্ৰকৃতি প্ৰেমে সিঁহতৰ মাজৰ আত্মিক সৰ্ম্পকটোক বহুত ফাট মেলাই তুলিছিল|অভিনাভ ও হয়তো বহুত পৰিমাণে অপৰাগ হৈছিল প্ৰকৃতিক ভাল পোৱাৰ সমান্তৰাল কৈ পত্নীৰ মৰমৰ সহাৰি জনাবলৈ|বুকুত অলেখ অযুত অভিমান,খং,দুখ লৈ মানসীৰ মনটো চ'তৰ শেষৰ বৰদৈচিলাৰ দৰে বলিয়া হৈ পৰিছিল|উদণ্ড কাৰোৰ বাধা নমনা বতাহ জাকে পৃথিৱী কপাই থকাৰ দৰে অভিমান সনা তাইৰ মনৰ আবেগিক খং বোৰে তাইক জোকাৰি থাকিছিল বাৰে বাৰে|
নেদেখা এজন বাৰু আছে নে?যদি আছে তেনেহলে তেওঁক অকল আমিয়ে নেদেখো নে তেওঁ আমাৰ দুখ সুখ বোৰ নেদেখে?বহুত অভিমান হয় নেদেখা জনৰ ওপৰত তাইৰ|বহুত আপত্তি আছে তেওঁৰ ওচৰত তাইৰ কিন্তু নেদেখা জনে জানো শুনিব আপত্তিবোৰ ???
বসন্ত ঋতুৰ আগমনত বলিয়া হৈ পৰা মেঘবোৰ আকাশত লৰিছিল |কজল মেঘবোৰ ক্ৰমে ক্ৰমে দৈত্য ৰূপ লৈ আহিছিল এই যেন গোটেই পৃথিৱীখনক গিলি থব মূৰ্হুত্বতে|বিষন্ন আবেলিটোত খিৰিকিৰ কাষত বহি মানসীয়ে আকাশ খনলৈ চাই আছিল |ফৰকাল আকাশ খনৰ মোহনীয়া ৰূপটো আজি ভয়াবহ হৈ পৰিছে|তাইৰো সেই একেই হৈছে ভাল লগা জীৱনটো ক্ৰমে ক্ৰমে বেয়া লগা হৈ পৰিছিল|নিৰস হৈ পৰিছে ....|আজি প্ৰায় দুমাহৰ ওপৰ হ'ল অভিনাভ নাই |সি কেৰেলাত আছে গৈ|বান ত ডুৱা কেৰেলাত সিহতৰ সংগঠনটোৰ কামত সি ব্যস্ত|তাই নাজানে কেৰেলাৰ কোন খন হাবি কোন কেইটা জন্তুক সি আপদাল ধৰিছে |প্ৰকৃতি তাইও ভাল পায় ,প্ৰকৃতিৰ প্ৰতি ইকাটি সিকাটিতে নিজস্ব সৌৰ্ন্দয্য আছে |তথাপি প্ৰকৃতিৰ বাবে পত্নীক এৰিব পৰা অভিনাভ কি আদ্ভুদ প্ৰাণী|
আন্ধাৰৰ সৈতে তাল মিলাই বৰষুণ জাক নামি আহিছিল |অহেতুক থৌকি বাথৌত মানসীৰ মনটো উগুল থুগুল হৈ পৰিছিল|হঠাত্ কলিং বেলৰ শব্দত মানসী য়ে আন্ধাৰত বৰষুণৰ কণিকা গণিবলৈ কৰা ব্যৰ্থ প্ৰচেস্টাক এৰি দৰ্জাৰ দিশত আগবাঢ়িছিল|
অনাহুত পৰিস্থিৰ সৃস্টি হৈছিল অভিনাভক দৰ্জাৰ সন্মুখত দেখি|বৰষুণৰ টুপাল বোৰ তাৰ গাৰ পৰা বাগৰি বাগৰি পকাত পৰি বৈ গৈছিল|মানসী বহু সময় অভিনাভলৈ চাই ৰৈছিল |ভাগৰুৱা অভিনাভৰ শৰীৰটো,খীনাই যোৱা তাৰ দেহাটো...|...."মানসী" ....তাইৰ গাত ধৰি অভিনাভে জোকাৰি দিছিল..."মোৰ ঠাণ্ডা লাগিছে..ভিতৰত সোমাব দিয়া...." তাইক দে দি সি ভিতৰ সোমাইছিল |পোনে পোনে সি বাথৰূমত সোমাইছিল ,মানসীয়ে বাথৰূমৰ সন্মুখৰ চকীখনত অভিনাভৰ বাবে কাপোৰ থৈ কীটচে্নত সোমাইছিল|দুকাপ গৰম কফি আৰু অলপ স্নেক্চ লৈ তাই পুণৰ কোঠাটোলৈ আহিল |তাইৰ দুকোঠাৰ ঘৰ ...ভাড়া ঘৰ এইটো..|অভিনাভ বাথৰূমৰ পৰা উলাই আহিল |মানসীয়ে তাক কফি কাপ আগবঢ়াই দিলে |"মানু মোৰ ভোক লাগিছিল" তাই একো নামাতি পুণৰ কীটচেনত সোমাল|বুকুত তাইৰ ক্ষোভৰ বুৰবুৰণি ,চকুত এই সৰি পৰো সৰি পৰো কৈ থকা চকু পানী.......|অভিনাভৰ প্ৰতি তাইৰ ক'ত যুগৰ ক্ষোভ...ক'ত অভিমান....কিয় আহিল সি হঠাত্ আজি....|পুৰি বনাই তাই অভিনাভক খাবৰ বাবে যাচিলে|
বৰষুণৰ লৰা ঢপৰা বোৰ লাহে লাহে কমি আহিছিল|অভিনাভ খিৰিকিৰ কাষত বহিছিল |মানসীয়ে কামবোৰ সামৰি অভিনাভৰ কাষত বহিছিল| অভিমানে উন্দোলাই থকা তাই বুকুখন ঠিক বাহিৰৰ আকাশৰ দৰে .....|অভিমান বোৰ সামৰি লব পৰা নাছিল তাই |তথাপি তাই অভিনাভৰ কাষত বহিছিল |খং আৰু অভিমানত তাই মুখেৰে জোৰতেই শব্দবোৰ বাহিৰ হৈছিল "..কিয় আহিছা "?
কিয় আহিছা মানে ? মই কাৰ ওচৰত যাম তোমাৰ ওচৰলৈ নাহি?
ইমান দিন ক'ত আছিলা অভিনাভ ?
তুমি জানাই মই কি কৰো,তুমি তো বুজা মানু|
;মই কি বুজিম ?তোমাৰ পত্নী হৈ মই অকলে থাকো...|প্ৰতিটো দীঘল ৰাতি তুমি অবিহনে...|প্ৰতিটো ৰাতি পুৱাক আদৰো তুমি অবিহনে কেতিয়াবা ৰ'দে ফেহুজালি দিয়া পুৱা ,কেতিয়াবা বৰষুণত তিতা ,কেতিয়াবা মেঘে আৱৰা গোমা আকাশ ,কেতিয়াবা কোঁৱলিৰ ঘন শুকুলা....|মোৰ পুৱাটো কোনো দিন ব্যস্ত নহয় আন দহজনী বিবাহিতাৰ দৰে,নিজৰ কাম কৰি স্বামীক জগোৱা হেঁপাহটো মোৰ বুকুতো জাগে|তুমি বিহীন বসন্তৰ ক্ষণবোৰ বনৰ কেতেকী শুকুৱাৰ দৰে শুকাই যায়...|তুমি একো নোবোজা|বিবাহিতা হৈ ও এই অকলশৰীয়ী জীৱন কটোৱাতকৈ আমি বেলেগ হৈ যাও সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াই .....|
;মই তোমাৰ পৰা বেলেগ হব নোৱাৰো...|
:কিন্তু কিয়?মই এই বান্ধোন আৰু নিবিচাৰু,মোক মুক্ত কৰি দিয়া ,প্লিজ..|
:তোমাক মই এৰি থাকিব নোৱাৰো,তুমি আছা বাবেই তো মোৰ এই নিচা ....সকলোৰ শেষত মোৰ ভাগৰুৱা দেহ টো তোমাৰ কোলাতে জিৰণী লব বিচাৰে |
:স্বাৰ্থত বিচাৰা মোক
:স্বাৰ্থ ৰ কথা নাজানো...|কিন্তু তোমাৰ অবিহনে মই ঠিকনা বিহীন...|
:মোক এৰি কিয় বাৰে বাৰে গুচি যোৱা ?
:সেইয়া মোৰ নিচা|
:আৰু মই?
:তুমি মোৰ জীৱন,তুমি বুজা মানু ,নিজৰ এই বলিয়া মানুহজনৰ বাবে তুমি অকন ত্যাগ স্বীকাৰ কৰা .....|
:কিমান ত্যাগ স্বীকাৰ কৰিম অভি,সংসাৰ সুখ বোৰৰ পৰা কিমান বঞ্চিত থাকিম|মোক সংসাৰৰ সুখ লাগে,মই আমাৰ যুগ্ম জীৱনতো আগবঢ়াবলৈ বিচাৰিছো....|
বাহিৰৰ উত্তাল বতাহজাকে কলিয়া মেঘবোৰৰ ঘন ঘোৰ আলিংগনক ছেদ কৰি টুকুৰা টুকুৰ কৰিছিল ...মেঘৰ টুকুৰাৰ ফাকে দি দশমীৰ জোনৰ আধা মৰা পোহৰ আহি খিৰিকিত পৰিছিল|দেহা শিহৰিত কৰা বতাহে কপাই থকা চৌপাশ,উত্তাল মেঘৰ গৰ্জত স্তিমিত আকাশ ,জীৱনৰ নিচাত নিম্মজিত এজন পুৰুষ আৰু সাংসাৰিক সুখ বিচাৰি বাউলী এজনী স্ত্ৰী ......|কোনেও নাজানে সেই দম্পতীৰ ভৱিয্যত....|কাৰণ নিজেই সিদ্ধান্ত লোৱা মূৰ্হুত্বত দুয়োৱে দুটা বিপৰীত মুখী জীৱন ধাৰা.......এজনৰ সুখত এজনৰ দুখ.... অথচ আতৰিও থাকিব নোৱাৰা এডাল প্ৰেমৰ শিকলিয়ে বান্ধি ৰাখিছে দুয়োক.....|
Thursday, June 27, 2019
Sukh
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment