.....................বৰষা নামে লাহে লাহে........(মনৰ অনুভূতি)
জিৰ্ জিৰ্ বতাহজাকে বেঙুণীয়া আজাৰৰ পাহি বোৰত খুন্দা খাই খাই ঘূৰিছিল....হুৰমুৰ কৈ ৰাঙলী কৃষ্ণচূড়াৰ পাহিবোৰ বতাহত সৰি পৰিছিল|বেঙুণীয়া বিষাদক আচাৰি আজুৰি বৰষুণ এজাক নামি আহিছিল|এই যে বৰষুণ নামিছিল তাতে নামিছিল নতুন প্ৰতিশ্ৰুতিৰ বতৰা ,আবাহন নতুনৰ ,প্ৰেৰণা নতুনৰ ....গানৰ কলিয়ে .......
......" বৰষা ঋতু ভাল পাও মই
প্ৰতিশ্ৰুতি আছে তাৰ
সেউজী ৰহন ইয়ে সানে
শুকান গছৰ গাত......"
বৰষাই কঢ়িয়াই নতুনৰ গানৰ গুণ গুণ, সেউজীয়াত ডুবি যায় বসন্তই জগায় যোৱা প্ৰকৃতি|.....
বৰষুণৰ নাচোনৰ লগে লগে নীলা আকাশৰ তলত মুৰ দাঙি উঠে হাজাৰখন নীলা আকাশ |ৰঙা ,নীলা ,হালধীয়া .....|বৰষুণ দিলে ,ছাতিবোৰ মেলি আহা যোৱা ব্যস্ত মানুহবোৰ ,স্কুল কলেজৰ প্ৰাণোচ্ছল হাঁহিয়ে যুৱতী ,ছোৱালীবোৰ যি সৃষ্টি কৰে আকাশৰ তলত হাজাৰখন আকাশ |
আকাশ,মেঘক ,পথাৰ ,নৈ ক লৈ লিখা কবিতা বোৰে বাৰে বাৰে কৈ যাব খোজে বাৰিষাৰ মাদকতাৰ কথা ..শাওনৰ মেঘে উপচাই দিয়া বৰষুণৰ টোপালৰ গাঁথা.....
"শাওণী মেঘে সোণপানীৰে পথাৰ ধোৱাই লৈ/সোণ বৰষে দুপৰ নিশা টুপুৰ টুপুৰ কৈ..... ."
সোণাৰুৰ হালধীয়াত হেৰুৱা দুপৰীয়াৰ ৰিব্ বিৰ্ বতাহ জাকত নাচি ফুৰা পখিলা জনী পুণৰ ৰৈ যায় বিলত ফুলি ৰোৱা পদুম পাহিৰ সুগন্ধত মতলীয়া হৈ.....
"বিলত নাচে থৌকি বাথৌ ভেঁট পদুমৰ পাহি"
প্ৰেমত শতদল ফুলে ,প্ৰেমত ভূ মণ্ডল ঘূৰে ...এই প্ৰেমতে প্ৰেমিক বলিয়া হয়.....বাৰিষাৰ ৰাতি নিসংগতাক মেৰাই নিজৰ প্ৰেমিকাক প্ৰশ্ন কৰে .....
"বাৰিষা ৰাতি তোমাৰ কবিক
মনত পৰে নে অৰুন্ধিতী?
বৰষুণ সপোনৰ হয় যি প্ৰেৰণা আনে,বৰষুণ হেপাঁহৰ হয় যি ভাল পোৱাৰ অণুৰন আনে কোমল কলিজাত...
."বৰষুণ বৰষুণ নামি আহা বৰষুণ/মেঘৰ মাদল বজায়/সেউজ ধৰণী সজায়............"
বৰষুণ ক'ৰ পৰা নামি আহে যি শুকান ধৰণীক সেউজীয়ী কৰে ........|
"ক'ৰ এজাক সপোন যেন বৰষুণ
নামি আহে ,নামি আহে
ধূলিৰ ওৰণি ঠেলি........"
বৰষুণে কলিজা তিয়াই যায়,বৰষুণ আনাবিল সুখ
"টুপাল টুপালে বৰষুণে
তিয়ালে হি মোৰ....."ll
বৰষুণত মইনা মটৰত নুঠে,বৰষুণত কাগজৰ নাওত আশা বোৰ এৰি দিয়ে বৈ যাবলৈ দুৰলৈ ,নেদেখা সীমনাত ঠিকনা বিচাৰিবলৈ ...
আজাৰ বুলীয়া বেঙুণীয়া বৰষাই কৃষকৰ দুচকুলৈ সপোন আনে ,নাঙলৰ মুঠিত ধৰি পথাৰখন সেউজীয়া কৰিব যি আঘোণত সোণালী হৈ ভঁৰাল ত লখিমী হৈ ৰবহি...... .....
সেয়ে বৰষা আহে লাহে লাহে,শীতে শুকোৱা ধৰাক জীপাল কৰিবলৈ,সেউজীয়াত নতুন সপোন গাঁথিবলৈ,প্ৰাচুৰ্যতাৰ নতুন প্ৰেৰণা লৈ....|
Thursday, June 27, 2019
বৰষা নামে লাহে লাহে
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment