"অপেক্ষাৰ শেষত...."
খালী চ্লিণ্ডাৰটো ডিক্ৰিৰ পৰা উলিয়াই নিওতে মাধৱে তাইলৈ মেগাজিন এখন দলিয়াই গ'ল ..."তোমালৈ আনিছিলো "কথাষাৰ কৈ সি লৰালৰিকৈ ৰাস্তাটো পাৰ হ'ল খালী চিলিণ্ডাৰটো কান্ধত লৈ|ৰাস্তাৰ সিটো পাৰে L.P.G. ৰ ভৰ্ত্তি চিলিণ্ডাৰ পোৱা দোকান|তাই চাওঁ নাচাও কৈ মেগাজিন খন চালে" বিচ্ছুৰিত বৰ্ণালী",পৃ়্ষ্ঠাবোৰ তাই লাহে লাহে লুটিয়াব ধৰোতেই মাধৱ আহি ডাইভিং চিটত বহিল হি|:চিলিণ্ডাৰ পালা?ৰিজুৱে প্ৰশ্ন কৰিলে|:ওমমম,পিছ বেলা লৈ যাম ,নিচাক পইচা দি আহিছো|:অ,তাই সৰুকৈ শলাগ ললে|মানুহজন সিহঁতৰ গাঁৱৰ,গতিকে নিচা বুলি সম্বন্ধতো ধৰা যায়|ইতিমধ্যে মাধৱে গাড়ী ড্ৰাইভ কৰিল|তাই ধীৰ গতিয়ে মেগাজিন খনৰ পাত লুটিয়াবলৈ ধৰিল|
:মাধৱ!!হঠাত্ তাইৰ আনন্দত মৰা চিঞৰটোৱে মাধৱক গাড়ীৰ বেক্ ধৰিবলৈ বাধ্য কৰালে|
:কি হল' চিঞৰিছা যে?
:এইয়া চোৱা মোৰ গল্প প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায় বাচনিত নাম উলাইছে!
:সঁচা,বাহঃ মোৰ মানুহজনী ৰাইটাৰ হৈ গ'ল..|
:সঁচা অ' বিশ্বাস কৰা না,তুমি সদায় উপলুঙা কৰা মোক|
:ওমম,বিশ্বাস কৰিছো ,পিছে প্ৰাইজটো পালে মোক পাৰ্টিটো দি দিবা|
:এতিয়া প্ৰাইজ নাপাও আৰু বাচিব ,পালে নিশ্চয় দিম,11000হাজাৰ পালে 1000তোমাৰ.....পিছত সিহঁত হালে বহুত কথা পাতিলে,মনৰ আনন্দত ৰিজুৰ মনটো ভৰি থাকিল |
ৰিজুৰ আনন্দৰ বহুত কাৰণ |মুখ্য কাৰণ তাইৰ অকাল পৰোতে" বৰ্ণালী "খন কিনিছিল ,শিক্ষকৰ চাকৰি ,বাজেট নাই ,দুয়োটাই দুমাহ দৰমহা নাই,অকালতে ধাৰ লৈছিল স্কুল অহা যোৱা কৰিবলৈ|কাৰণ ঘৰৰ পৰা 110কিলোমিটাৰ অহা যোৱা তাতে গাড়ীৰ সুবিধা নাই ,দৈনিক 500খৰচ|তেনে সময়তে পেপাৰৰ দোকানখনত গুণোত্সৱ ৰ বিষয়ে উলোৱা বাতৰিটো পঢ়িবলৈ পেপাৰ এখন লওতে "বৰ্ণালী"খন লুটিয়াই চাইছিল|হঠাত্ তাইৰ চকু পৰিল শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ শইকীয়া চাৰৰ সোঁৱৰণিত চুটী গল্প প্ৰতিযোগিতা.... সেই যে গজেনক" ক' বুলি লিখা আখৰটোত সোমাই যোৱা এজনী ভৰ যৌৱনৰ বাসনাত আকণ্ঠ ডুৱা গাভৰুৰ বুকুৰ বেথা...."অন্তৰীপ" ত সকলো দি ,সংসাৰৰ পূৰ্ণতাৰ পাছতো সতিনীৰ সৈতে স্বামীক আদিম সুখত নিৰ্ম্মজিত হোৱা যান্ত্ৰণা সহি সহি প্ৰতিশোধৰ বাসনাত দিন গণা মেনকা......অহ্ চাৰৰ সোঁৱৰণত গল্প প্ৰতিযোগিতা| হঠাত্ তাইৰ গল্প প্ৰতিযোগিতাত বিজয়ী প্ৰাৰ্থীয়ে পাৱ লগা মাননী বোৰত চকু পৰিল: অহ্ 11000হাজাৰ টকা!! এই যেন তাই গল্পটো লিখাৰ লগে লগে টকাটো পাব তেনে এটা ভাৱতে তাই" বৰ্ণালী" খন কিনি ললে| অভাৱ টকাৰ অভাৱ তাই বুজে বুজে ....তাই বা নোবোজিব কিয়?যিটো চাকৰি তাই কৰে মাহত 20,000টকা ইনকাম,এখন ফাইভ স্টাৰত এসাজ খাব নোজোৰিব অথচ তাই মাহটোৰ ৰেচন পাটিৰ পৰা আহা যোৱা খৰচলৈ সকলো মিলাব লাগে এই টকা কেইটাই....|
ভাত পানী ৰান্ধি ,খোৱাই বোৱাই তাই টেবুলত বহিছিল |আধা বনোৱাকৈ থকা T.L.M.বোৰ আতৰাই তাই বহি এখন লৈ কলমটো কামোৰি কামোৰি এটা গল্পৰ পল্টৰ সন্ধান কৰিছিল|টিক্ টিক্ কৈ আগবাঢ়ি গৈ থকা ঘডী়ৰ কাটা কেইডাল চাই তাইৰ এনে লাগিছিল যেন ঘড়ীটো আজি ইমান পেট কুলি হৈ পৰিছে |গোটেই ৰাতি সাৰে থাকি গল্পৰ পল্টৰ পিছত দৌৰিব নোৱাৰে| কাৰণ তাই সোনকালে উঠিব লাগিব আকৌ 7বজাতে কামলৈ যাব লাগিব|সময়বোৰ পাঁচ দহ মিনিট কৈ গৈ আছে,ৰাতি আগুৱাই গৈ আছে....|তাইৰ টেবুলত থকা মানৱৰ ম'বাইলটোতএটা মেচেজ আহিল|মানৱহঁতৰ স্কুলৰ গ্ৰুপটোত ,হোৱাট্ আপত,তাই কি ভাৱি জানো মেচেজটো খোলি চালে....এটা ফ'ৰৱাদেড মেচেজ.....দুটা গোচৰত দুটা শুনানি দেশৰ সৰ্ব্বোচ্চ ন্যায়লয়ৰ|তাই পঢ়ি চালে |অহ্ তাই সেই শুনানি দুটাকে মেৰাই লৈ এহাল প্ৰেমিক প্ৰেমিকাৰ জীৱনৰ আধাৰত এটা গল্পৰ পল্ট বিচাৰিলে|খোলা খিৰিকিয়ে তেতিয়া কাতি মাহৰ জোনাকে হাঁহিছিল|গল্পৰ প্লটটো বিচাৰি পোৱাৰ আনন্দত তাইৰ ওঁঠৰ কোণে নিগৰি পৰা হাঁহিটোৰ প্ৰতি যেন সঁহাৰি হে জনাইছিল জোনাক বিধৌত চৌপাশে|সময় কিমান হৈছিল তাই নাজানে,কাতি মাহৰ পাতলীয়া ঠাণ্ডাৰ পৰশত সেমেকি থকা নিশাটোৰ নিস্তব্ধতাক লগৰী কৰি তাই উকা কগজত নীলা চিয়াহীৰে এটা গল্প লিখিছিল,প্ৰতিযোগিতাৰ বাবে এটা গল্প.....|
স্পীড্ প'ষ্ট কৰি তাই উহ্ কৰি উশাহ এৰি মনতে কৈছিল প্ৰভু একালৰ দিনত চল্লিশ টকা ভাঙিছো ,এক কেজি বন্ধা কবিৰ দাম গৈছে,প্লিজ প্ৰভু প্ৰাইজ পালেই হয়....|
দিনবোৰ গৈছিল,তাই কিন্তু প্ৰতি মাহতে "বৰ্ণালী" কিনা নাছিল,চাইছিল সুচীপাত টো পুণৰ এৰি আহিছিল,সৰুতে মাক দেউতাকে সঁফুৰা ,মৌচাক কিনি দিছিল আৰু বৰ্তমান তাই এখন আলোচনী কিনি পঢ়িব ইচ্ছা নকৰে বাজেট নিমিলাৰ ভয়ত|কিন্তু হঠাত্ যে মানৱে আলোচনী খন আনিব আৰু ইয়াতে যে তাইৰ নামটো প্ৰথম পৰ্যায় বাচনিত আহিব তাই ভৱায়ে নাছিল| এক সুখৰ লহৰে তাইক কঁপাই গৈছিল|
মাকক ফোন কৰি খবৰটো দিছিল|সৰুতে প্ৰতিদিনৰ' ওমলা ঘৰত' আৰু 'অকণিৰ অগ্ৰদূত' তাই লিখিছিল|খবৰটোৱে মাককো আনন্দিত কৰিছিল|
সন্ধ্যাৰ চাহকাপ দি তাই ভাতৰ যোগাৰ কৰিবৰ বাবে পাকঘৰত সোমাইছিল|সৰিয়হ বাটি লৈ চজিনাৰ লগত কণ বিলাহী দি বনাম,মাছ আছেই তাতে দি দিম ,মনতে পাঙি থাকোতে মানৱে চিঞৰিছিল :মন(তাইক মানৱে মৰমত "মন" বুলি মাতে)ফোন আহিছ|:ধৰা না প্লিজ,মই ভাজি মাৰো....|:এই ধৰিলে ধৰাহি ,মই নোৱাৰো..|সি টিভিৰ নিউজটোৰ পৰা চকু নতৰোৱা কৈ কলে|:কি যে মানুহ এটো অ বুলি কৈ তাই ফোনটো ধৰিল হি|সিফালৰ ব্যক্তিজনে হেল্ল' কোৱাৰ লগে লগে কলে 'বিচ্ছুৰিত বৰ্ণালী'ৰ পৰা কোৱা বুলি |কথা বতৰাৰ হলত গম পালে 5এপিলত মাছখোৱা আই আই টি প্ৰকল্পত প্ৰগাম আছে সিদিনাই ৰিজাল্ট দিব গল্প প্ৰতিযোগিতাৰ,অহ পাঁচ এপিল!তাইৰ যে ব্যক্তিগত ল'নটোৰ বাবাদ ছয় হেজাৰ টকা কাটিব,নাই তাই যাব নোৱাৰে ,তাতে c.l.লব লাগিব|তাই পোণে পোণেই যাব নোৱাৰিম কলে|কাৰণ গুৱাহাটী মন গলেই যাব পৰা হলে দেখুন তাইৰ pcodৰ চিকিত্সাৰ বাবে প্ৰতিশাৰ জুলি বুঢ়াগোঁহাই মেমৰ ওচৰৈ এসপ্তাহৰ পিছত মাতোতে গ'ল হয়,একমাত্ৰ টকাৰ অভাৱত যাব নোৱাৰিল|তাই তিনি বছৰীয়া সন্তানহীন যুগ্মজীৱনটোৰ সৰ্ম্পূণতা আনিবলৈ দিছপুৰ পলিক্লি্নিকৰ শ্ৰুতিমালা বৰদৈলৈৰ ওচৰত গ'ল হয়|বাৰ বছৰৰ পিছত সন্তান পাই তাইক শ্ৰুতিমালা বৰদৈলৈৰ ওচৰলৈ যাবলৈ উপদেশ দিয়া ককায়েকৰ বন্ধুজনক চাও বাৰু বুলি কৈ গা এৰা দিছিল|কাৰণ কিমান কব তাইৰ আৰ্থিক অৱস্থাটোৰ কথা?!
ফোনটোৰ কটাৰ পিছত মানৱে সুধিলে :কোন অ'মন ?
:বৰ্ণালীৰ পৰা কৈছিল,মাতিছে পাঁচ এপিলত|
:যাব নে?
:নাই ,নাযাও, পিছত মাহৰ শেষৰ কঙালী আহিব, তেতিয়া ধাৰ লব লাগিব|
:বলা নহলে যাঁও,মোৰো ফুৰা হ'ব|
:নাই,প্ৰাইজ পালে পাম,ডাকতে পঠাব ছাগে|
:যাঁওতে নোযোৱা আকৌ প্ৰাইজ লাগে,তুমি ক'ত পাবা,নোপোৱা |
:শাও দিচা...
:নাই..
সিঁহতৰ মাজত সৰু সুৰা ৰ্তকা তৰ্কি এখন হৈ গল|
তাই আশা নেৰিল,মে' মাহলৈ আশাৰে বাট চালে|
চাৰি মে' ফণীৰ আতংকত ত্ৰস্তমান সকলো,একে ধাৰে পেৰ পেৰ কৰি থকা বৰষুণ জাকক নেওচি তাই "বাতৰি প্ৰতিষ্ঠান" নামৰ দোকানখনৰ পৰা বৰ্ণালী খন ললে,পাত লুটিয়া লুটিয়াই বেঙেনাখোৱা পাওতে ৰিজাল্টৰ পৃষ্ঠাটো দেখি কলে:অই,মোৰ আশাত চেঁচা পানী পৰিল| 11000টকা নাপালো|
:হ'ব দিয়া,পিছত পাবা |
:ওমমম,তাই বেগটোৰ পৰা চল্লিশ টকা এটা দি কলে ৰেল কছিং পাৰ হৈ "বনজালুক" আৰু "খৰিকা "পাও নহয়,কোনোৱা এখনৰ পৰা লেগ পিচ্ লবা প্ৰাইজ নোপোৱাৰ পাৰ্টি|
তেতেলিতল পাৰ হৈ কোঁচ গাঁৱৰ ৰাস্তা,ঐতিহ্য মণ্ডিত কোটোহুা গুৰি থান লৈ যোৱা ৰাস্তা,গাড়ীখন কোঁচ গাৱলৈ যোৱা ৰাস্তাত ৰখাই মানৱে লেগ পিচ্ টোত চাটনি লগালে,কলা পিচ্ ৰাস্তাটোৰ দুকাষে থকা পথাৰবোৰত মানুহৰ ঘৰ হৈছে,তথাপিও পথাৰৰ সৌৰ্ন্দয্য অটুট আছে নেৰানেপেৰা বৰষুণ জাক পথাৰত জমা হোৱা বগা বগা ঘোলা পানীৰ ওপৰত নাচিছিল,সিঁহতৰ মৰমৰ এলটু 800খনৰ গ্লাচত বৰষুণৰ টুপাল খহিছিল,যদিও ৱাইপাৰ দুডাল অনবতে পানী অতৰুৱাত ব্য স্ত আছিল ..চাটনি সানি তাইলৈ আগবঢ়াই দিয়া লেগ পিচটো একামোৰ মাৰি তাই ভাবিছিল যিদৰে নেৰা নেপেৰা বৰষুণে সকলোকে আমুৱালেও বৰষুণৰ বুকুতে নতুন সৃস্টিৰ আশ্বাস সেইদৰে তাইৰ এই অ প্ৰাপ্তি যেন প্ৰাপ্তি ৰ বাট মুকলি কৰা নতুন প্ৰেৰণা হওঁক...
|
Thursday, June 27, 2019
অপেক্ষাৰ শেষত
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment