Thursday, June 27, 2019

বিদ্ৰোহ

     ........      বিদ্ৰোহ...
দিশিতাই  বাথৰূমত সোমাই শ্বাৱাৰটো খোলি দিলে ,পানীবোৰ তাই মুৰ স্পৰ্শ কৰি ভৰিলৈ বৈ গ'ল|তাই আশা কৰিলে তাইক মুৰৰ পৰা ভৰিলৈ কঁপাই যোৱা প্ৰচণ্ড খং টো এই পানীৰ অবিৰত ধাৰাটোৱে কমাই তোলক |কিন্তু তাই হৃদয় চুই যোৱা নিষ্ঠুৰ কথাবোৰ তাই কাণে দি সোমাই মগজু পাই শৰীৰৰ প্ৰতি ডাল সিৰা উপসিৰাত প্ৰবাহিত হৈ আছিল |সেই প্ৰবাহক পানীৰ্ এই অৰ্নগল ধাৰাই ৰুধিব নোৱাৰিলে|হঠাত্ তাইৰ মনত পৰিল  আজি বৃহস্পতি বাৰ!অহ!তাই বাথৰূমৰ পৰা ওলোৱাৰ লগে লগে  শাহুৱেকে চিঞৰিব আজি গুৰুবাৰ কিয় মুৰ ধোলি?নিজেই গুৰু গোঁহাই নামানে কিন্তু তাইক বৰকৈ আইন কানুন মনাবলৈ যায়|এহ যি হয় হ'ব যা মোৰ মুৰ মই ধুম তাত তোমাৰ কি আপত্তি তেনে ভাৱতে  তাই মুৰটো ওপৰে ভৰিলৈ একেৰাহে পানী বাগৰি যাবলৈ দিলে|
            খপজপকৈ তাই ভাত কেইটা নাকে মুখে গুজি বেচিনতে কাঁহীখন ধুলে |শাহুৱেকৰ টেলেকা টেলেক চাৱনিক আঁওকাণ কৰি ৰূমত সোমাল |মানুহজনে কোটটো পিন্ধি নিজকে আইনত চেক্ কৰি আছিল আগফাল পিছফাল|তাই নিজৰ আচুতীয়া আলনাখনৰ পৰা শাৰীখন টানি আনিল |মানুহজনেতো আলনাত কাপোৰ নথয় ৱাৰড্ৰত হে থয়|বাহিৰত কাপোৰ থলে লেতেৰা হ'ব|হায়!কি যে চিন্তা! মানুহৰ আৰ্থিক অৱস্থা ভেদে জীৱন ধাৰণৰ মান পৰিৰ্বতন হয়|কিন্তু পৰিৰ্বতন নহয় আদিম চিন্তাবোৰ ,পাৰস্পৰিক হিংসা ,আত্মকেন্দ্ৰিকতা ইত্যাদি ইত্যাদিবোৰৰ পৰিৰ্বতন কেতিয়াও নহয়|তাই শাৰী খনৰ কোঁচবোৰ দি থাকোতে ৰক্তিমে কলে(তাইৰ স্বামী ৰক্তিম বৰুৱা):খৰকৈ উলোৱা মই বাছ স্টেণ্ডৰ ওচৰত নমাই যাম....|কথাষাৰ কৈ তাইৰ উত্তৰলৈ বাট নাচায় ৰক্তিম ৰূমটোৰ পৰা উলাই গ'ল |তাই বুজিলে সি মাকৰ ওচৰলৈ গৈছে এই দুই সপ্তাহৰ খৰচৰ নামত মাকৰ হাতত সি টকা দিব,পুত্ৰ আৰু মাতৃৰ মাজত কিবা বিষয়ত আলোচনা হ'ব|তাই এইবোৰৰ ভাগ নাপায় আৰু ভাগ ল'বৰ বাবে ও চেষ্টাও নকৰে |তাই খৰধৰকৈ উলাই ৰূমটোত থকা লাইট ,কুলাৰ আৰু প্ৰয়োজনীয় চুইচ বোৰ অফ্ কৰিলে | বাথৰূমৰ দৰ্জাখন খুলি চেক কৰিল কিবা কৰিব লগা ,ধুব লগা বাকী থাকিল নেকি ?নাই এভি থিকচ্ আৰ্ অ'কে....|তাই ৰূমৰ পৰা উলাল |ৰূমৰ দৰ্জা তাই বন্ধ কৰিব নোৱাৰে কাৰণ প্ৰথম বোৱাৰী হৈ আহা পিছত কামলৈ যাওঁতে যেতিয়া দৰ্জা বন্ধ কৰি গৈছিল |তাৰ বাবে বহুত কৰ্কথনা শুনিব লগা হৈছিল|ঘৰৰ ভিতৰতে কিহৰ দৰ্জা মাৰি যোৱা স্বভাৱ ?এইবোৰকে মাৰে বাপেৰে শিকাই পঠিয়াইছিল নেকি?ঘৰৰ ভিতৰত বহুত কাম থাকিব পাৰে....|নাই তাই একো মতা নাছিল ,মাতিবই পৰা নাছিল ...দেউতাকৰ মৰমৰ আইজনী জনীয়ে যে এনে কটু কথা শুনি গালি খোৱাই নাছিল জীৱনত আজিলৈকে!তাই কোঠাত সোমাই কামৰ পৰা অহা কাপোৰ সাজ খোলোতে চাদৰৰ আচলে বৈ পৰা চকু পানী বোৰ হেঁচুকি নিজকে কৈ উঠিছিল ...বি বেভ  ,বি বেভ...এইখন ঘৰলৈ তই নতুন কৈ আহিছ,ইয়াত নিয়ম কানুন বোৰ তোৰ ঘৰৰ লগত প্ৰভেদ হোৱাতো স্বাভাৱিক|চ্ ডন'ট  বি ইমচ'নেল ,বি প্ৰেকটিকেল |তাই উচুপি থকা মূৰ্হুত্বত মাকে ফোণ কৰিছিল|কাৰণ চাৰি বাজি যোৱাৰ পিছত মাকে সদায় ফোণ কৰে ,আগতে ৱাৰনিং আছিল মাকৰ ফোণটো ,কাৰণ চাৰি বাজিল আন্ধাৰ হ'ব যতে আছা নিজৰ কাম সামৰি আহা সোনকালে.....|কাৰণ দেউতাকে ছয় বজাৰ লগে লগে সদায় খবৰ লৈছিল মাজনী আহিল নাই?বাবু ক'ত?গতিকে মাকে সিহঁতক সোনকালে ঘৰ আহি পাবলৈ চাৰি বজাত ফোন কৰি আগতীয়া জাননী দি দিছিল|কিবা কাৰণত যদি তাইৰ দেৰি হৈছিল তাই আগতীয়াকৈ মাকক জনাইছিল আৰু দেউতাক গৈ টেম্পু ৰখোৱা চাৰি আলিটোত অপেক্ষা কৰি ৰৈছিল|কাৰণ তেওঁৰ একমাত্ৰ ছোৱালী ,তেওঁৰ মৰমৰ মাজনীয়ে আন্ধাৰ হ'লে ভয় কৰিব|দেউতাকৰ সেই মৰমৰ উদ্বিগ্নতাৰ বাবে তাহাতি ল'ৰা ছোৱালী হালে  কলেজৰ ক্লাচ শেষ হোৱাৰ পাছত ৰৈ থকা নাছিল কোনো কামত,যদি কামটো একান্ত প্ৰয়োজনীয় নাছিল|
       কামৰ আগ পাছ চাই তাই ঘড়ীটো চালে, চেহ: তাইৰ দেৰি হ'ব এতিয়া | অলপ সংকোচৰ ভাৱ মনলৈ আহিলেও তাই তাক আওকাণ কৰি ৰক্তিমক মাত লগালে|
:আহা,মোৰ উলাই হ'ল|
:ৰবা গৈছো.....|
  গাড়ীৰ গ্লাচ নমাই বাহিৰৰ বতাহ  লবলৈ তাইৰ ভাল লাগে|কিন্তু ৰক্তিমৰ বিপৰীত সুখে তাইৰ ভাল লগা বেয়া লগাবোৰক কোনো প্ৰাধান্য নিদিয়ে| যদি গ্লাচ নমাই সি অলপ ৰূক্ষ কণ্ঠৰ ক'ব :এ.চি. দিয়া আছে কিহৰ বাবে ধূলি খাবলৈ গ্লাচ নমাইছা??মোৰ ধূলি বালি একেবাৰে হজম নহয়|তাই আচৰিত হয় আজিৰ পৰা সাত আঠ বছৰৰ আগতে এইটো ৰক্তিমে তাইৰ বাবে ঘণ্টা ঘণ্টা বাচ স্টপেজত ৰৈ আছিল|আজি ৰক্তিমৰ চাকৰি হ'ল,মান বাঢ়িল ,আৰ্থিক স্বচ্চলতা আহিল তাৰ সমান্তৰালকৈ বাঢ়িল তাৰ অহংকাৰ ,বাঢ়িল চৌখিনতা আৰু এটা পদমৰ্যদাক দোহাই দি দেখোৱা অভিযাত্য|দিশিতাই এইবোৰ ভাল নাপায় তাই বিচাৰে জীৱনৰ সৰু সৰু সুখবোৰ ধৰি ৰাখি,হাঁহি আৰু আনন্দৰ সজীৱ মূৰ্হুত্বই জীৱন উপচাব| কিন্তু তাইৰ জীৱনত ক'ত আৰু এইবোৰ...|তাইৰ ভাল লগা সুখবোৰ বলুকাত হেৰাই যোৱা বালিচন্দা হৈ পৰিছে এইখন ঘৰৰ জীৱন ধাৰণাৰ উচচাকাংশাৰ বাবে|সেই তাহানিৰ দিনবোৰে মনোৰম আছিল |তাই আহিব বুলি বহুত আগৰ পৰাই ৰক্তিম বাচ স্টেপজত ৰৈ থাকিছিল |দুৰৰ পৰাই তাই তাক দেখা পাইছিল|এক অবুজ শিহৰণে তাইৰ দেহত ঢৌ তুলিছিল,শিহৰিত দেহৰ প্ৰতি ডাল সিৰা উপসিৰাই বৈ যোৱা আবেগৰ লহৰক ঢাকিবলৈ ব্যৰ্থ প্ৰচেষ্টা কৰি তাই বুকুৰ ওপৰত পৰি থকা ইউণিৰ্ফমৰ ঊৰণা খন বাৰে বাৰে টানিছিল আন্দোলিত বুকুৰ ওপৰত|অৱশেষত তাই বাচ স্টপেজত ৰৈছিল গৈ মুখত বিন্দু বিন্দু ঘাম বিৰিঙিছিল ৰক্তিমলৈ চাই তাই পুণৰ তল মুৰ কৰিছিল|উশাহবোৰ ঘন হৈ পৰিছিল তাইৰ, নাতি দুৰত ৰৈ যোৱা ৰক্তিম কাষ চাপি আহিছিল, সি লাহে কৈ সুধিছিল ..:গৰম লাগিছে?ব'লা পাৰ্কত বহি কুল কফি খাম...|তাই সংকোচত উত্তৰ দিছিল ...:মোৰ দেৰি হ'লে দেউতাই চিন্তা কৰি থাকিব |
:দেউতা লৈ ফোণ এটা কৰি দিয়া|
:কিন্তু...
:কৰা না দিশি মোৰ বাবে প্লিজ আৰু এসপ্তাহ লগ নাপাও..প্ৰজেক্টৰ কাম থাকিব,কালিলৈ আমি তাৰ বাবে গিবন যাম. ..|
:ওমম.....
তাই বেগৰ পৰা ফোন উলিয়াই ফোন কৰিছিল  ..হেল্ল' ,মা ,মোৰ অকন দেৰি হ'ব ,লগৰীয়াৰ লগত পাৰ্ক যাম,অকন গ্ৰুপ ডিচকাচন আৰু চেমিনাৰৰ কাম আছে |
ৰক্তিমৰ বাবে তাই মিছা মাতিছিল ,পাৰ্কত তাৰ লগত বহা সময় কণত অনুশোচনাত তাই একো সহজ হৈ কথা পাতিব পৰা নাছিল|আইচক্ৰীমটোত শেষৰ কামোৰটো দিয়াৰ আগতেই তাই কৈ উঠিছিল: ব'লা না মোৰ দেৰি হ'ব....|তাইক পাই ভৱিয্যতৰ সংসাৰত কি কৰিব তাক লৈ ব্যস্ত  হৈ কথা কৈ থকা  ৰক্তিম থমকি ৰৈছিল,তাৰ মুখমণ্ডল কেঁহেৰাজ বৰণীয়া হৈ পৰিছিল |তাৰ ইচ্ছা নাছিল প্ৰেমিকাক ইমান সোনকালে কাষৰ পৰা যাবলৈ দিয়াৰ|তাৰ মুখেৰে তাৰে অভিব্যক্তি ঘটিছিল...:যোৱা নে?সোনকাল হৈ আছে দেখুন|:নাই যাওঁ ,বেলি লহিয়ালে,বেছি দেৰি হ'লে দেউতাই চিন্তা কৰিব|ৰক্তিমৰ হেঁপাহ নপলাই দিশিতাৰ কাষত ৰৈ,কিন্তু উপায় নাই তাইক যাবলৈ দিব লাগিব|সি পাৰ্কৰ বেঞ্চ খনৰ পৰা উঠে|:খৰখেদা লগাই দিশিতাই কৈ উঠে বলা যাওঁ....|
টেম্পুৰ পৰা নামি দেউতাকক প্ৰত্যক্ষ কৰে তাই|তাই যে দেৰি হ'ব এই কথা জনালত দেউতাক আহি ৰৈ আছিল হি চাৰি আলিত |যত সিঁহতৰ টেম্পু ৰখাইসেই টেম্পু আস্থানৰ পৰা সিঁহতৰ ঘৰলৈ মাত্ৰ পাঁচশ মিটাৰ দুৰ |তথাপি তো দেউতাক তাইৰ বাবে ৰৈ আছিল| টেম্পুৰ পৰা নামি তাই দেউতাকৰ চকুলৈ চাব পৰা নাছিল|অপৰাধৰ ভাৱে তাইক জোকাৰি গৈছিল |ৰক্তিমক দেখি যি দেহত আনন্দৰ হিল্লোল উঠিছিল সেই দেহত অবুজ দুখে ঘৰ বান্ধিছিল|ৰক্তিমৰ সৈতে অলপ সময় কটোৱা সুখৰ বাবে তাই যে মাক দেউতাকক মিছা কৈছে সেই অপৰাধে তাইক  দহিছিল বৰকৈ|দেউতাকে তাইক ইটো সিটো প্ৰশ্ন কৰিছিল..তাই হা না উত্তৰ দিছিল:|মাজনী আজি কিহৰ গ্ৰুপ ডিচকানৰ বাবে প্ৰস্তুতি কৰিছিলা?:নাই দেউতা অলপ ক্লাচতে পাতিব...|তাই চমু উত্তৰ দি আবেলিতেকোৱা মিছা কথাটো ঢাকিবলৈ প্ৰচেস্টা কৰিছিল |মিছা ঢাকিবৰ বাবে পুণৰ মিছাৰ আশ্ৰয়!!!দেউতাকেও বিশেষ প্ৰশ্ন কৰা নাছিল|ইতিমধ্যে তাই ঘৰৰ বাৰাণ্ডাত উঠিছিল |মাকে বাট চায় আছিল |মাকে তাইক দেখি লৰালৰিকৈ পাকঘৰলৈ গৈছিল  কাৰণ ৰাতিপুৱা উলাই যোৱা জীয়ৰীয়ে বা কি খাইছে কৰিছে তাইক খাবলৈ দিবৰ বাবে আগতীয়াকৈ যতনাই থোৱা জলপান লৈ হাত মুখ ধোৱলৈ যোৱা দিশিতাৰ বাবে মাকে ডাইনিংত অপেক্ষা কৰিছিল|
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ জীয়ৰী হৈ তাই একো অভাৱ অনুভৱ নকৰাকৈ সুখী হৈ আছিল|হয়তু সিঁহত লৰা ছোৱালী কেইটাৰ অভাৱ অভিযোগবোৰ কম আছিল|সীমিত সম্পদেৰে সুখী হব পৰাকৈ সিঁহত মিতব্যয়ী আছিল|এই ক্ষেত্ৰত দেউতাক মাকৰ ভুমিকা বহুত গুৰুত্ব পূৰ্ণ আছিল|সময়ানুবৰ্তীতা,সহিষ্ণতাৰ পাঠ দেউতাকৰ পৰাই পাইছিল সিঁহতি|হয়তু দেউতাকেই বুজাইছিল তেওঁৰ কৰ্মৰ দ্বাৰা যে অতি উচ্চাংকাক্ষা বেয়া বস্তু বুলি|কিন্তু যিখন ঘৰলৈ তাই বিয়া হ'ল তাত যেন পাৱোৰ পিছতো আৰু আশা কৰা ব্যক্তিবোৰৰ মাজত তাই অহৰ্নিশে উঠা বহা কৰিব লাগে|কিয় জানো তাইৰ ৰক্তিমটো  এনেদৰে বস্তুবাদী হৈ পৰিল|
তাইক বাচ স্টেপজত নমাবৰ সময়ত ৰক্তিমে তাইক  উদ্দেশ্যি কলে...:কথাটো ভাবি চাবা ঘৰ খনৰ সন্মানৰ কথা,মোৰ একমাত্ৰ মামাৰ লৰা ,মোৰ দৰমহা দুদিন মান দেৰি হব ,দৰমহা হলে মই তোমাৰ সমস্যাটোৰ কথা চিন্তা কৰিম,আই মিন আমি ঘৰলৈ যাম....|তাই একো নামাতিল,বৈ আহিব বিচৰা চকু পানীকো বাধা দিলে|তাই দুৰ্বল হ'ব নিবিচাৰিলে এটা স্থিৰ সিদ্ধান্তত উপনীত হ'বৰ বাবে তাই নিজক প্ৰস্তুত কৰিব লাগিব|গাড়ীৰ পৰা তাই নামিল,ৰক্তিমে পুনৰ একো নকলে,তাৰ্ গাড়ীয়ে শিৱসাগৰ অভিমুখে গতি কৰিলে|
নিৰ্দিস্ট বাচখন আহিলত তাই বাচত উঠিল|ভাগ্য যেনিবা তাই চিট এটা পালে |বাচ খনে আৰু মানুহ উঠাব ,ভিৰ বাঢ়িব ,বাঢ়ি,বাঢ়ি শেষত ভৰি থবলৈ জেগা নোহোৱা হ'ব গৈ|এই ভিৰৰ মাজত এঘণ্টা যাত্ৰা কৰি তাই নিজৰ গন্তব্য স্থান পাব গৈ|তাই দুচকু মুদি দি চিটোত আউজি দিলে|বুকুত খোচা বিন্দা কৰি থকা হাজাৰটা দুখৰ হুমুনিয়াহ বুকু ভেদি উলাই অহিব নোৱাৰি তাইৰ বুকুতে গুজৰি গুমৰি থাকিল|তাইৰ অন্তৰে বাৰে বাৰে ভগৱানক কৈ থাকিল কিয় কিয় কিয় প্ৰভু মোক এনে কৰিছা?
বি.এ.ফাইনেল দিয়াৰপিছতে তাই সৰু চাকৰি এটা যোগাৰ হৈছিল |ব্লকৰ একাউণ্টন ৰূপে |কণ্টেকৰ চাকৰি তথাপি তাই জইন কৰিছিল |দেউতাকে সদায় বিচাৰিঠিল সিঁহত হাল নিজৰ ভৰিৰ ওপৰত থিয় দিয়াতো|সেই গতিকে তাইক চাকৰি কৰাত বাধা দিয়া নাছিল |এজন প্ৰাথমিক শিক্ষকৰ ছোৱালী আৰু আগবাঢ়ি পঢ়াত দেউতাকে ফাইনেনচিয়েল চাৰ্পট দি থাকিলে ভায়েকৰ পঢ়াত বিৰোপ প্ৰভাৱ পৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি তাই এই চাকৰিটো কৰিবৰ বাবে ৰাজি হৈছিল|ৰক্তিমৰ তেতিয়ালৈকে কোনো জব্ হোৱা নাছিল |সি struggleকৰিছিল|তাই সাজু হৈছিল ৰক্তিমৰ লগতে ঘৰৰ সকলোৱে জা জঞ্জাল বোৰ লৈ চাকৰি কৰিবলৈ
বুমনে বহুত আপত্তি কৰিছিল ৰক্তিম আৰু তাইৰ সৰ্ম্পকটো জনাৰ পাছত|সি প্ৰথমে উদণ্ড হৈ উত্পাত কৰিছিল পিছত সি শান্ত হৈ  তাইক বুজাইছিল :জিমি বা তই ৰক্তিমৰ প্ৰে মত  কিয় অন্ধ হৈ পৰিছ?সি বহুত স্বাৰ্থপৰ ল'ৰা|তই নাজান মই হে জানো  |বা সি কলেজৰ জি. এচ.হ'বৰ বাবে কি কি কৰিছিল সেইবোৰ মই জানো,চাইণ্স কলেজত তই নপঢ় মই হে পঢ়ো|ভায়েকৰ কথাবোৰে তাইক সৈমান কৰিব নোৱাৰিল,হয়তু  তাই ৰক্তিমৰ প্ৰতি ভালপোৱা পৰিসীমা ব্যাপক আছিল নতুবা তাই প্ৰেমত অন্ধ আছিল|সেয়ে তাই ৰক্তিমক পাহৰিব পৰা নাছিল,মনতে থিৰ কৰি পেলাইছিল ৰক্তিমৰ লগত বিয়া হ'লে হ'ব নহলে নহয়|দেউতাকৰ মৰমত আলফুলীয়া মাজনী জনী ভীষণ জেদী হৈ পৰিছিল|একমাত্ৰ ৰক্তিমৰ  বাবে তাই  নিজক দাম্ভিক কৰি তোলিছিল|
ৰক্তিম আহিছিল,সোণাৰু ফুলা আৱেলিত,গা শীতল কৰি বলি থকা বতাহ জাক জোৰকৈ বলিছিল ,আজাৰে আকাশত বিয়পোৱা বেঙুনীয়া বিষাদৰ দলিচাখনক সংকোচিত কৰিবলৈ ৰাঙলী কৃষ্ণচূড়া বোৰে মিছা প্ৰচেষ্টা কৰিছিল |কাৰণ আকাশৰ বুকুত দৌৰি ফুৰা মেঘবোৰেও বেঙুনীয়া বৰণ সানিছিল আজাৰৰ বেঙুনীয়াক সম্প্ৰসাৰিত কৰি ,হুৰমুৰ কৰি এজাক বৰষুণ  নামিছিল সোণাৰু বুলীয়া আবেলিটোক নিমিষতে বৰষুণ মুখৰ কৰি তোলিছিল|টুপ্ টুপ্ বৰষুণ সৰোতেই ৰক্তিম সিঁহতৰ বাৰাণ্ডাত উঠিছিল|
বৰষুণৰ ঝৰ্ ঝৰ্ শব্দত বৈঠকখানা আন্ধাৰে আগুৰিছিল|কোচাই থোৱা পৰ্দাই বাহিৰৰ বৰষুণ জাকৰ নাচোন মনিব নোৱাকৈ আন্ধাৰ হৈছিল|দেউতাকে বাহিৰ ভিতৰৰ লাইটবোৰ দি  পুণৰ ৰক্তিমৰ লগত বহিছিল|মাকে তাইক ভুমিকিয়াই চাই গ'ল|তাই পাকঘৰত পুৰী বনোৱাত ব্যস্ত হৈ পপিছিল|বৰষুণ সৰা দি তাইৰ হেঁপাহ সৰিছিল ...ঝৰ্ ঝৰ্ কৈ|কাৰণ তাইৰ প্ৰিয় পুৰুষ জনৰ বাবে   মনৰ হেঁপাহত  সকলোবোৰ বনাইছিল|সেই অদৰুৱা হেঁপাহৰ হেন্দোলনিৰ মা    জতো  অলপ শংকা ভয় ,উদ্গ্বিনতা আছিল|সেই উদ্বিগণতা বুমনৰ বাবে ,সি যে ক'ত গ'ল ...ৰক্তিম অহাৰ উমান পাই সি মষুলধাৰ বৰষুণজাকক মুৰৰ ওপৰত  লৈ ঘৰৰ পৰা  উলাই গল|ক'ত গল !কাকো নকলে সি!
ৰক্তিমৰ মাক দেউতাকো আহিছিল |আপত্তি বিহীন হৈ পৰিছিল সিঁহতৰ বিয়াখন|বুমনৰ মৃদু আপত্তিবোৰ লাহে লাহে নোহোৱা হৈ পৰিছিল|শব্দহীন হ'লেও যে মৌনতাৰ বোকোচাত বুমনে নেতিবাচক ইংগিত কঢ়িয়াইছিল ৰক্তিম আৰু তাইৰ বিয়াখনক লৈ সেইটো তাই বুজিল|কিন্ত ভালপোৱা মানুহজনক পোৱাৰ বাসনাত ভায়েকৰ প্ৰতি তাই যেন এক অন্যায় কৰিছিল,তাৰ মতামতক আওকাণ কৰি তাই বুমনৰ ইচ্ছাৰ প্ৰতি উদাসীন হৈ পৰিছিল|
ৰক্তিমৰ জয়সাগৰ ডেভলপমেণ্ট ব্লকত চাকৰি হৈছিল....BDo..ৰূপে| সিঁহতৰ বিয়াখনো বৰ ধুম ধামেৰে হৈছিল|কিন্তু বিয়াৰ পিছত তাইৰ শিক্ষক পিতৃয়ে দি পঠোৱা যৌতুক বোৰৰক লৈ যেতিয়া শাহুৱেকৰ ইতিকিং সূচক মন্তব্য শুনিছিল তেতিয়া তাই বুজিছিল তাইৰ হেঁপাহৰ নতুন ঘৰখনত প্ৰতি খোজতে কাঁইটৰ খোচা বিন্ধা আছে|ৰক্তিমৰ লগত নতুন জীৱনৰ হেঁপাহ বোৰ ,সুখবোৰ ,আশা বোৰ ,সপোনবোৰ ভগাই লওতেই তাইবুজি উঠিছিল ৰক্তিমক ধনৰ অহংকাৰে পৰিবৰ্তন কৰিছে ,তাৰ মাজত শুই থকা  অহংকাৰ ,স্বাৰ্থপৰতা পুণৰ এবাৰ সাৰ পাই উঠিছে |
বোকাখাত ,বোকাখাত...নামি লওক...,বাচৰ হেণ্ডিমেন জনে চিঞৰিলত তাই ভাৱনৰ ৰাজ্যৰ পৰা বাস্তৱ লৈ উভতিল|খৰধৰকৈ  তাই বাচৰ পৰা নামিবলৈ নিদিৰ্স্ট চিটতোৰ পৰা আগুৱাই আহিল|বাচখন নগাঁও যাব ,ইয়াত মানুহ উঠাব ,নমাব |তাই বাচৰ পৰা নামি  অফিচ যাব লৈ  ই ৰিক্সা এখনত উঠিল|
23 মে' ইলেকচনৰ ৰিজাল্টৰ ঢৌৱে সকলোকে বলিয়া কৰিছিল|অফিচতো মানুহবোৰ  ইউ টিউব,জিঅ' টিভি অথবা টাটা স্কাই আদি এপ্ বোৰত ইলেকচনৰ ৰিজাল্টৰ আপডেট্ চোৱাত ব্যস্ত আছিল |তাই মনটো পুৱাৰ পৰা লাগি থকা বিচাৰ বিবেচনাৰ যুঁজখনৰ বাবে অস্থিৰ হৈ আছিল|সকলোৱে উত্সাত ব্যস্ত থকোতেই তাই অলপ সোনকালে অফিচৰ পৰা উলাল|অস্থিৰ মনটোৱে তাই একো সঠিক সিদ্ধান্ত লব নোৱাৰি "মাই চই্চ" নামৰ বুক কেফে খনৰ চিৰিত ভৰি থলে|
তাই চিৰিটো মাজ পাওঁতে হুৰ মুৰকৈ কাণত হেড ফোন লৈ নামি অহা অভি নাভে তাইক দেখি থমকি ৰ'ল|বিস্ময়ত হত্ বাক হোৱাৰ দৰে কৰি সি তাইৰ বাহুত ধৰি জোকাৰি কৰি উঠিল:হেই দিশি হোৱাট এ প্লিজেণ্ট চাৰপ্ৰাইজ!তই মোক আচৰিত কৰি ইয়াত যে!
:তই মাতি থাক যে ... আহিবি মই তোৰ দৰে ভাৱনাত উটি ভাহি কল্পনাৰ সাগৰত সাতোৰা মানুহ বোৰৰ বাবে বুক কেফে খন খোলিছো বুলি, দিশিতাই উত্তৰ দিলে |
:তই কৈ থাক যে তোৰ বাবে এইটো বিলাসিতা|
: আজি বিলাসিতা কৰিব মন গ'ল |
:ব'ল,এই চ্যাম দিশিতা কে নাম|
:হ'ব দে চেলফিচ্,আজি মানুহ নাই যে চব্ ইলেকচনৰ ৰিজাল্টত বিজি..
: অ'ই মই চেলফিচ নহয়,চেলফিচ তোৰ ৰক্তিম বৰুৱা হে |তোৰ চইচ মই জানো তোৰ কাৰণে  মই এটা স্পিচিয়েল বুক কৰণাৰ ৰাখিচো বল....|তাই হাত ধৰি অভিনাভে কৈ উঠিল|
:অভি...দিশিতাৰ কণ্ঠত ফুটি উঠা অস্বত্বিয়ে,অভিনাভক সচকিত কৰি তুলিল....|
:অহ্ ,চৰি চৰি মাই লভলি বেবী|
:হে ,ড'নট কল মি বেবী,আই এম ন'ট ইউৰ বেবী,ধুৰন্ধৰ...|
:অহ্ ,ইমচনেল আহ্...|
অ'নাৰৰ মুখত থকা গাম্ভীয্য খিনি  লৈ অভিনাভ কেফেত সোমাই গ'ল|সি চেলফৰ পৰা এখন কিতাপ   তুলি আনিলে,নিদিৰ্সট কৰ্ণাৰটোলৈ সি আগুৱা গ'ল|
....হয়,কেফে ৰ সেই কৰ্ণাটো তাইৰ পচন্দৰ মতে আছিল,অভিনাভে তাইৰ বাবে লিঅ' টয়লেষ্টৰ "এ পিচ্ অফ্ ব্ৰেড" নামৰ  গল্প টো উলিয়াই গৈছিল|তাই গল্পটোৰ মাজত একাত্ম হ'ব বিচাৰিও হ'ব নোৱাৰিলে|অভিনাভ আহি তাইক কফি একাপ দি গলহি |তাই অভিনাভৰ ওচৰত নিজক প্ৰকাশ কৰিব নিবিচাৰিল| কাৰণ তাই জানে বুমনৰ প্ৰথম পচন্দ আছিল অভিনাভ আৰু  অভিনাভৰো তাইৰ বাবে চ'ফট কৰ্ণাৰ আছিল |গতিকে তাই হাজাৰ বাৰ ৰক্তিমক বেয়া পালেও ,ৰক্তিম ক আনৰ দৃষ্টিত বেয়া
কৰিব  নিবিচাৰিল|
        অশান্তিত ডুৱি থকা সময়বোৰ আগবাঢ়িল| তাই হাতৰ ঘড়ীটোলৈ চালে,বাৰে বাৰে তাই মনত পৰিল বুমনে ফোনত কাতৰতাৰে কৰা অনুৰুধতোৰ কথা ....:জিমি বা আহি যা না এপাক,দেউতাৰ একেবাৰে গা বেয়া ,কালিলৈ গুৱাহাটী লৈ যাম,তোৰ কথা বাৰে বাৰে কৈ আছে..|পাৰিলে ৰক্তিমকো কবি দেউতাই তাকো বিচাৰিছে...|
     নাই নাই তাই নোৱাৰে আৰু ৰব ৰক্তিম আহালৈ,সি আহিব ,মামাকৰ লৰাৰ বিয়াত যাব আৰু বিয়াৰ গিফটৰ বাবে তাই চেভিঙচৰ টকা কেইটা লাগে,মাকৰ একমাত্ৰ ভটিজা,গতিকে গিফটো......|ৰক্তিমৰ ঘৰলৈ অহা দিন  ধৰি তাই সিহতৰ আবদাৰ বোৰেই পুৰাই আছে আজি ইটো কালিলৈ সিটো....কিন্তু শলাগ জানো লৈছে কাহানিবা?আজি তাইৰ ঘৰৰ ইমান এটা ডাঙৰ সমস্যা অথচ সি  সহজে কৈ গল সকলো বোৰ চ্ট্ আউট হোৱাৰ পাছত যাব! আচৰিত সি!তাৰ চিন্তা!!কিন্তু তাই জানো পাৰিব ৰব?সেইজন দেউতাক ,যি তাইৰ আঙুলি ধৰি খোজ কাঢ়িব শিকালে তেওঁ অসুখৰ বতৰা পাই তাই আনে বেয়া পাব বুলি ৰৈ যাব?যি সময়ত ৰক্তিমে struggle কৰিছিল সেই সময়ত তাই সাহস দিছিল আন ছোৱালীৰ দৰে ঘৰৰ আপত্তিক দোহাই দি তাই বেলেগৰ লগত বিয়াত বহা নাছিল|তাই প্ৰতিটো কথাতে অন্ধ হৈ মানি লব বিচাৰা অভিনাভ তেতিয়া প্ৰতি্ষ্ঠিত ব্যৱসায় আছিল ....|আজি যেতিয়া তাইক তাৰ সমৰ্থনৰ প্ৰয়োজন সি পলাব বিচাৰিছে তাৰ পৰা পলাই যাওক সি কাপুৰুষ হৈ যাওক তাইৰ আপত্তি নাই|কিন্তু তাইক সি বাধা দি ৰাখিব নোৱাৰে ,তাইৰ বিবেকে তাইক নিজৰ জন্মদাতা এচৰত যাবলৈ বাৰে বাৰে কৈছে তাই যাৱ,কাৰো বাবে অপেক্ষা নকৰে|অহংকাৰ আৰু আত্মকেন্দ্ৰিকতাৰ  জালত মেৰ খাই থকা ৰক্তিমে তাইৰ আৱেগক নোবোজে...|
ৰক্তিমে কল কৰিছিল ,অলপ সময় বজাৰ পাচত তাই ৰিচিভ কৰিল....তাৰ প্ৰশ্ন  আদেশলৈ বাট নাচায় কলে  মই "মাই চইচত "আছো  অলপ পাছতে মই যোৰহাট যোৱা বাচত উঠিম ,মোৰ দেউতালৈ মনত পৰিছে মই দেউতাৰ ওচৰলৈ যাম,বুমন বৰ অকলশৰীয়া হৈ পৰিছে ,মোৰ মৰমৰ ভাইটীৰ ওচৰলৈ যাম মায়ে চাকে মোলৈ  ভাত ৰান্ধি থৈছে.....|তাই  আৱেগিক হৈ কথা কেইটা কলে|
:তুমি বুজা দিশি...ৰক্তিমে তাইৰ  অবুজন হৈ উঠা মনটোক বুজাবলৈ যত্ন কৰিল,কিন্তু দিশিতাৰ কোনো কথালৈ ভ্ৰুক্ষেপ নিদিল|তাই কৈ গল .....|ৰক্তিম মই এতিয়া এটা গল্প পঢ়ি আছো  ..."এ পিচ্ অফ্ ব্ৰেড"  ইয়াত জানা  নিচলা খেতিয়ক জনক ধনৰ অহংকাৰে শেষ কৰিলে ...যি নিজৰ নৈতিকতা হেৰুৱাই স্খলিত হৈ পৰিল..ভডকাৰ ৰাগিত মাতাল হৈ পৰিল......| ৰক্তিমৰ কথাৰ সহাৰি নিদি তাই  ফোন টো কাটি দিলে ,তাইৰ কাষলৈ পুণৰ আহিব ধৰা অভিনাভক একো সহাৰি নিদি তাই বহি থকাৰ পৰা উঠিল.... খৰকৈ তাই চিৰি কেইটা নামি বাচ স্টেণ্ডলৈ আগুৱাল যোৰহাট অভিমুখী বাচ বিচাৰি.........|










No comments:

Post a Comment