অক্ষমতা
তাইৰ মনটো বৰ উত্ফুল্লিত হৈ আছিল|পুৱা সোনকালে স্কুললৈ উলাইছিল|ৰন্ধা বঢ়া কামবোৰ সামৰি সোনকালে স্কুললৈ উলাব যত্ন কৰিছিল|কাৰণ যোৱা এসপ্তাহ ধৰি ফুল কৰি নিজেই বনাই লোৱা কাপোৰ সাজ তাই স্কুললৈ পিন্ধি আহিছিল|তাই বয়স নো কিমান!বাৰু বয়স বাদ তাইৰ যে আগতে ঘৰখনে আৰু এতিয়া মানুহজনে আলসুৱা কৰি থৈছে|গতিকে সৰু ছোৱালী এজনীৰ মনত থকা উত্সাহ,আনন্দবোৰ তাইৰ মনটো বিৰাজমান|
তাই স্কুললৈ আহোতে দুৰ হয় যথেষ্ঠ|তথাপি উত্সাহতে আহে|সকলো জঞ্জাল চিন্তা ভাৱনাবোৰক কাটি কৰি তাই স্কুললৈ উলাই আহে| তাইক বেৰি থকা দু চিন্তাৰ ভাৱনাবোৰক কাটি কৰি তাই ল'ৰা ছোৱালীবোৰৰ মাজত দিনটোৰ সময়ভাগ কটায় তাই মানসিক শান্তি লাভ কৰে|এই ব্যস্ততা দিনটোৰ বাবে তাইৰ নিৰস জীৱটোৱে গতি পাইছে|তাই এই কণ কণ ছাত্ৰ ছাত্ৰীবোৰৰ মাজতেই জীৱনৰ হেৰুৱা আনন্দ বিচাৰিবলৈ যত্ন কৰিছে|
তাই মানুহজনৰ লগতে স্কুল আহে |তাইক বাচ ত উঠাই তেওঁ অফিচলৈ যায় গৈ|বাচত আহোতে যথেষ্ট দুৰ বাট আহিব লাগে |কিন্তু আহি আহি যেন অভ্যাস হৈ পৰিছে|তাইৰ দৰে সাধাৰণ মানুহ বোৰে নিজৰ সুবিধাৰ ঠাইলৈ চাকৰি ও নিব নোৱাৰে !!
বাচখনৰ পৰা তাই তিনি আলিটোত নামিল আৰু এক ফালং মান বাট স্কুললৈ খোজ কাঢ়িব লাগিব|বাচৰ পৰা নামোতেই তিনি আলিৰ চকটোত বহা বুঢ়া মানুহজনে তাইলৈ চাই হাঁহি মাৰি মাত লগাল:
:বাইদেউ আহিল, আহক বহুত দিন তামোল খোৱা নাই মোৰ দোকানত ,তামোল খাব|
তাই ও হাঁহি মাৰি বুঢ়া জনৰ দোকানৰ ফালে আগবাঢ়ি গ'ল|পুৱাৰ পৰা তাই মনটো উতফুল্লিত হৈ আছিল,গতিকে মানুহজনৰ দোকানৰ তামোল খাই তাই বেয়া পাই যদিও বুঢ়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ বাবে তাই তামোল কিনাৰ কথা ভাবিল|তাইক ভাল তামোল দিম বুলি কৈ বুঢ়াজনে কাটি থোৱা তামোল বোৰ পানী ভৰ্ত্তি বাটিটোৰ পৰা উঠাবলৈ ধৰিল|তেওঁ তামোল দিয়া কামটো কৰি থকাৰ লগে লগে তাইত প্ৰশ্ন কৰি গল ...
:আপোনাৰ ঘৰ ক'ত?
:তাই ও লাহেকৈ উত্তৰ দিলে ,যোৰহাটত,
:অ, আপোনি তাৰ পৰা আহে
:অ
:ঘৰত কোন কোন আছে? :
:মই,মানুহজন ,মা ,পাপা
:অ,অ,আপোনাৰ ল'ৰা ছোৱালী নাই ?
:নাই|
:বিয়া পতাৰ কিমান দিন হল ?
:হ'ল দিন,লাহে লাহে তাইৰ খং এটা উঠি আহিল|
:তাৰ মানে......মানুহ জনে বিশেষ ভংগীমাত মুখখন বিকটালে....
তেওঁৰ ভাৱ ভংগীমাত ফুটি উঠা অৱহেলাৰ ভাৱটোৱে তাইক বাৰু কৈ মৰ্মাহত কৰিলে|তামোলৰ টোপোলাটো লৈ তাই পইচা দিলে|মানুহজনক যাওঁ থওঁ একো নকয় তাই খৰ খোজে স্কুল অভিমূখে বাট বুলিলে|পুৱাৰ পৰা তাইৰ উত্ফুল্লিত মনটো বিষাদৰ কলীয়া ডাৱৰে আৱৰি ধৰিল|খংত তাই তামোলৰ টোপোলাটো দুৰললৈ দলিয়াই দিলে |
যি বোৰ বিষয়ৰ পৰা আতৰি থাকিবৰ বাবে তাই ব্যস্ততা ভৰা জীৱনটো বিচাৰে সেইবোৰ বিষয়তে বাৰে বাৰে তাইৰ মনটো দুখত পৰে|ঘৰৰ পৰা বহুত দুৰ হলেও তাই স্কুল সলোৱা নাই কাৰণ তাই ভাল নাপায় বাৰে বাৰে একে বোৰ কথা শুনি থাকিবলৈ কিন্তু নুশুনিলে যে নহয় তেনে হৈ পৰিছে এইবোৰ কথা তাইৰ বাবে...| বিয়াৰ পাছত যেন ল'ৰা ছোৱালী হ'ব লাগিব আৰু যদি কিবা কাৰণত নহয় তেনেতে সি পাপী মানুহ তেনে ব্যৱহাৰ কৰে |
স্কুলত উপস্থিত হৈ তাই সকলোবোৰ কাম কৰি যায় কিন্তু তাৰ মাজতে যে তাই নিজৰ নথকাটোৰ বাবে আনৰ উপসাহৰ পাত্ৰ হৈ আহিছে সেই কথাটোৰ উপলব্ধিত চটফটাই থাকে......|
Thursday, June 27, 2019
অক্ষমতা
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment