#প্ৰেমৰ গল্প#
#"হৃদয়ত বৰষুণ"#
ক)
সিহঁতৰ মাজত হোৱা প্ৰচণ্ড কাজিয়াত ঘৰৰ বস্তুবোৰ ইফালে সিফালে হৈ পৰিল |খং ত অভিমানত দুখত তাই ৰুমৰ মজিয়াত পৰি কান্দি থাকিল|
কিমান সময়!! কিমান সময়!!
তাই নাজানে কিমান সময় বাগৰি গল দিনটোৰ বুকুৰ পৰা... |তাই টোপনী গল |টোপনী ৰ লগতে শুই পৰিল কান্দি থকা পাহি জনীৰ খং ,অভিমান ,বুকুত পানী মেটেকা হৈ বাঢ়ি অহা দুখৰ দৌলদুপ হেন্দুলদুপ ভৰ|
ছয় বছৰ ভাল পোৱাৰ পিছত বিয়া পাহি আৰু অনুজৰ |তথাপিতো কাজিয়া কৰে সিহঁতে|কাজিয়া.কিহৰ বাবে হয় সিঁহতেও নাজানে| অভিমান নে ভুল বুজা বুজি তাৰ এটা সংজ্ঞা নাই
:মোৰ বিয়া ঠিক কৰিছে নাকৰ পাহি দুটা ফুলাই দুগাল তিয়াই বৈ আহিব খোজা অশ্ৰুক বাধা দিছিল তাই... |
বৰষুণবোৰ পৰিছিল|পাৰ্ক বেঞ্চখনত বহি তিতি থকা ঘাহঁবোৰ চাই আছিল তাই কাষত থিয় দি থকা অনুজৰ মন মগজুত অনেক ভাবৰ অহা যোৱা কৰিছিল|পাৰ্কৰ মানুহবোৰ পাৰ্কৰ ভিতৰত থকা ৰেস্টুৰেণ্টত সোমাইছিল গৈ বৰষুণত তিতাৰ ভয়ত |কিন্তু অভাৱনীয় আৰু বুকুত দুখে দৌল সজা সময়কণত পাহি আৰু অনুজ বৰষুণত তিতিছিল..|. পাৰ্কৰ সন্মুখে বৈ যোৱা ব্ৰক্ষ্মপুত্ৰ নদীখন কালি পৰহিলৈ নীলা আকাশ বুকুত বান্ধি নিৰিবিলি কৈ বৈ গৈছিল অথচ আজি এবুকু ঘোলা পানী লৈ উফন্দি উঠিছিল|এটা স্থিৰ সিদ্ধান্ত লব নোৱাৰি সিহঁত হাল বৰষুণত তিতিছিল...তিতিয়ে আছিল!!!
অনুজৰ জীৱনটো অঘৰী হৈ আছিল |তাৰ যাযাবৰী জীৱনে থিতাপি লবলৈ এটা ঠিকনা লাগিছিল |সেই ঠিকনাৰ অন্য নাম পাহি হৈ আহিছিল তাৰ জীৱনলৈ |যি ঠিকনা হেৰুৱালে সি পুণৰ যাযাবৰী হৈ পৰিব|সেয়ে সি পাহি নামৰ ঠিকনাটো হেৰুৱাব নিবিচাৰে কোনো কাৰণতে....|
পখিলা খেদা লৰালিটোত সি ৰামধেনুৰ ৰং গণিবলৈ শিকিছিল মাত্র হঠাত্ অহা ধুমুহা জাকে তাক নিচলা কৰি গৈছিল|বিধস্ত সি আশ্ৰয়ৰ বাবে খুড়াকৰ আঙুলিত ধৰি এৰি আহিছিল তাৰ অতি কৈ মৰমৰ ঘৰ খন| কাৰণ কৰ্ম ক্ষেত্রৰ পৰা ঘৰ মুৰা হওঁতে তাৰ মাক দেউতাকৰ কাৰ এক্সিডেণ্ট হৈছিল|তেওঁ লোকে শান্তিৰ ঘুমটি মাৰিছিল মৃত্যুৰ কোলাত তাক নিঠৰুৱা কৰি|সি মাথো চাই ৰৈ ছিল বগা কাপোৰ টানি দিয়া নিঠৰ দেহ দুটালৈ |সিওঁ নিঠৰ হৈ পৰিছিল নিঠৰ ওঁঠ নিঠৰ চকু নিঠৰ সময়ৰ নিষ্ঠুৰতাত মাথোন বোবা যান্ত্রণাত ছট্ ফট্ কৰিছিল তাৰ বুকু |
খুড়াক খুড়ীয়েকৰ ব্যৱহাৰত সি আচৰিত হৈছিল|কেনে কৈ এনে ব্যৱহাৰ কৰিব পাৰিলে তেওঁলোকে!?! সৰুতে চাৰি বেৰৰ মাজত ডাঙৰ হৈ পখিলাৰ পিছত দৌৰিব পৰা হৈছিল |তাৰ পিছত খুড়াকৰ আঙুলিত ধৰাৰ লগে লগে যেন চাৰি বেৰৰ সংজ্ঞায়ে বেলেগ হৈ পৰিছিল!
:খুড়ী মই এইটো কৰো দিয়া |
:নাই নালাগে |
সি অভিমানত চিঞৰি উঠিছিল
:মোক তোমালোকে কিয় এনে কৰা? বুমনক নকৰা যে? সি মোক ভাল নোপোৱা হৈছে নোবুজা কিয়??
খুড়ীয়েকে তাক মৰমেৰে বুকুলৈ চপাই লৈছিল|বুমনকো ওচৰ চপাই আনিছিল |তেওঁ আবেগে কঁপাই যোৱা কণ্ঠস্বৰ
:তহঁত দুটাই মোৰ সকলো, তহতি কষ্ট পোৱাবোৰ মই মাক জনী থাকোতে কিয় দিম কৰিবলৈ?
এনেদৰে আলসত মৰমত সি গাৱঁৰ পৰিবেশত মিলি গৈছিল |বতাহ বোকা বৰষুণ আৰু আকাশৰ নীলাৰ সৈতে এখন সেউজীয়া পথাৰত সি লৰালিটো অতিবাহিত কৰিছিল |তাৰ সমান্তৰালকৈ আছিল বুমনৰ তাৰ প্ৰতি হিংসা |বুমনৰ অভিযোগ বোৰো যেন অমূল্যক নাছিল কোন সন্তানে বিচাৰিব তাৰ মাক দেউতাকে তাত কৈ আনক আদৰ সাদৰ কৰাটো |বুমনৰ হিংসা ৰ সৈতে সি খুড়াক খুড়ীয়েকৰ আদৰত ডাঙৰ হৈছিল|
হায়াৰচেকেণ্ডেৰি পৰীক্ষা দিয়ে সি কৈছিল
:খুড়া মই টাউনৰ ঘৰ খনলৈ যাঁও...
:কিন্তু তই যে সৰু হৈ আছ?
:নাই খুড়া ঘৰটো বহুত দিন অকলে পৰি আছে|
:ক'ত অকলে ভাড়াতীয়াবোৰ আছেই দেখোন|
:মই ভাবিছো মই কলেজ তাতে পঢ়িম|
:জানো তই কি ভাল দেখ|
খুড়ীয়েকৰ কান্দোন আৰম্ভ হৈছিল সি যাব গৈ বুলি গম পাই|
সি মনতে কৈ উঠিছিল কিয়? কিয়? মোক ইমান মৰম কৰা খুড়া খুড়ী? তোমালোকৰ এই মৰমৰ বাবে তো মই তোমালোকক এৰি যাব গৈ লগা হৈছে! কাৰণ মই আৰু কিমান বুমনৰ অপৰাধী হৈ থাকিম |সি তো মোক সদায় জগৰীয়া কৰে তাৰ মৰমবোৰ তোমালোকৰ পৰা কাঢ়ি ললো বুলি|নাই ...নাই... মই তাৰ অপৰাধী হৈ নাথাকো আৰু|মই যাম গৈ তাক তাৰ অধিকাৰ এৰি দিম |সি তোমালোকৰ সন্তান সি তোমালোকৰ মৰম পোৱাটো কাম্য|
সি বহুত পলম কৈ গম পাইছিল কথাটো |যেতিয়া স্কলাৰচিপৰ টকা কেইটা ঘৰৰ দুই এপদ বস্তু কিনোতে খৰচ কৰিবলৈ লৈছিল তেতিয়া খুড়াকে তাৰ হাতত তুলি দিছিল মাক দেউতাক হেৰাই যোৱাৰ পিছৰ পৰা ভাড়া ঘৰৰ টকাবোৰ জমা হোৱা পাচবুকখন|
:এতিয়াৰ পৰা এইখন তোৰ, তই এইবোৰ চম্ভালিব শিকিবি |স্কলাৰচিপৰ টকা কেইটা উলিয়াব নালাগে|
সি খুড়াকক সাৱটি ধৰি উচুপিছিল|খুড়াকে তাৰ পিঠিত হাত বুলাই দিছিল|হয়তু আবেগত তেওঁৰ দুচকু সেমেকিছিল|
সকলো থান থিত লগাই খুড়াক যাবলৈ উলাইছিল|সি বাৰাণ্ডাত থিয় দিছিল |খুড়াক জপনা ওচৰ পাইছিল গৈ |আবেগেৰে দুয়োখন হিয়াক দহিছিল |তথাপিতো দুয়়োজনে যেন নিজৰ নিজৰ লক্ষ্যকে প্ৰাধান্য দিছিল|জপনা পাৰ হৈ খুড়াকে তালৈ চাইছিল |সি একে জেগাতে ৰৈ আছিল |তেওঁ পুণৰ উভতি পদ পথত খোজ আগবঢ়াইছি|তাৰ মনটোৱে দৌৰি গৈ খুড়াকৰ আঙুলি ধৰিব বিচাৰিছিল সেই লৰালিতে ধৰা দৰে|নিৰাপত্তাৰ আশ্বাসে খুড়াকে তাৰ হাত খামুচি ধৰিছিল, সেই নিৰাপত্তাৰ হাত আজি সি নিজেই আচাৰি এৰুৱাই তেওঁক দুৰলৈ পঠাই দিছে|ইয়াৰ বাহিৰে সি ....নিৰুপায়!!.... সি ....নিৰুপায় ..!!কাৰণ বুমনৰ অভিমান, খং ,আক্ৰোশ ,দুখ ৰ সানমিহলি মুখখনৰ প্ৰতিচ্ছবি তাৰ সন্মুখত ভাহি আহিলেই সি নিজকে সংযত কৰি লয়|যত্নৰে তাৰ বুকুৰ আবেগ বোৰক হেঁচি থয়, ধৰ্য্যয়ে সি থিয় দিয়ে সি যে ডাঙৰ হৈছে তাক বুজাবলৈ, সি যে পাৰিব অকলে সকলো চম্ভালিব ,সি যে অকলে থাকিব বিচাৰে ...|
ওহ্ অভিনয়.... অভিনয় .....সি অভিনয় কৰিছিল বুমনক তাৰ মাক দেউতাকৰ পৰা বিচৰা মতে মৰম আদায় কৰি লব পৰাকৈ |এটা বিন্দুত খুড়াক হেৰাই গৈছিল |সি চকুৰে আৰু মনিব পাৰে নেকি জুমি চাব যত্ন কৰিছিল |ইমান সময়ে হেঁচি ৰখা আবেগকটোক বৈ আহিব দিছিল দুচকুলৈ, চকুলো হৈ.... সি চিঞৰি চিঞৰি কান্দিছিল সৰু লৰা এটাৰ দৰে বাৰাণ্ডাৰ খুটা এটাক সাৱটি |মৰমৰ স্পৰ্শ ই সজীৱ হৈ থকা ঘৰখনৰ সুঘ্ৰাণ তাৰ চৌপাশে বিচাৰি সি আতুৰ হৈছিল...খুড়ীয়েকৰ আদৰুৱা আবডাৰ বোৰ ,খুড়াকৰ মৰমৰ আদৰবোৰ....|তাৰ কান্দোনক ভাড়াতীয়াবোৰে উপসাহ্ কৰাৰ সুযোগ নিদি এজাক বৰষুণ সৰিছিল হুৰ মুৰ কৈ.... |ঝৰ্ ঝৰ্ কৈ.... |হয়... হয়...পাহিৰ বিয়াৰ প্ৰস্তাৱে আনি দিয়া দুমোজাৰ সময়ত সৰা্ বৰষুণ জাকৰ দৰে..... |সি তিতিছিল পাহি তিতিছিল |পুণৰ অপোনজনক হেৰুৱাই মৰ্মাহত হোৱাৰ আশংকাত সি কপিঁছিল|
পাহিৰ এহাত খমুচিছিল সি |তিয়াই থকা বৰষাৰ বৰষুণত যেন উত্তাপিত হৈ পৰিছিল সি| ঘৰৰ দৰ্জা খুলি সি পাহি ক ভিতৰলৈ লৈ গৈছিল | বৰষুণৰ পানীয়ে ভিজাই পেলোৱা দুটি দেহাৰ পৰা পানী বাগৰিছিল তাৰ সম পৰ্যায় কৈ বাগৰিছিল দুটা দেহৰ মাজেৰে আবেগ বহু আকাংশা, এৰি অহা আপোন সৰ্ম্পক বোৰৰ প্ৰতি হৃদয়ত ঠেলা হেঁচা লগাই থকা দুখবোৰক অচুতীয়াকৈ থৈ বৰষুণৰ পানীয়ে ভিজাই থকা দেহাটো পাহিয়ে অনুজৰ বুকুত হেৰুৱাই পেলাব বিচাৰিছিল ,আবেগৰ হৈ চৈ আৰু উষ্ণতাৰ আলিগংনত ভিজি থকা দুটি দেহা আদিম সুখানুভূতিৰ অনুভৱত বিলিন হৈ গৈছিল, বাহিৰৰ মষুলধাৰ বৰষুণ, বিজুলীৰ ধেৰেকণিৰ মাজতে জৈৱিক সুখানুভূতিত জীপাল হৈছিল অনুজ আৰু পাহি.... |
পিছতিয়াকৈ সকলো সৰ্ম্পকই সুস্থিৰ হৈছিল|পাহি নামৰ ঠিকনাটো তাৰ স্থায়ী ঠিকনা হৈ পৰিছিল|
হঠাত্ আগবঢ়োৱা পাহি ৰ প্ৰস্তাৱটোৱে তাক খঙাল কৰিছিল|খং কৰাৰ কথা নাছিল|তথাপি খং উঠিছিল |সকলো তচ্ নচ্ কৰি সি চিন্তা কৰিছিল পাহিৰ একো ভুল নাছিল|
সি ভয় কৰিছিল পুণৰ বুমনে তাক অপৰাধী সজাব বুলি |সেয়ে হয়তু সকলো জানিও সি খুড়াক খুজ়ীয়েকক কাষ চপাই আনিব পৰা নাছিল|পাহিয়ে তাকে কৈছিল তাক
:যিহেতু বুমনে বাংগালোৰুত লিভ্ টুগেডাৰত আছে সি আৰু উভতি নাহে, গাঁৱৰ ঘৰত অকলে থকা খুড়া খুড়ীক লৈ আনো আমাৰ ইয়ালৈ|
সেই কথাটোতে সি খঙাল হৈ পৰিছিল.. |
কিমান সময় পাহি শুই আছিল তাই নাজানে|দুচকু মেলি তাই নিজকে বিচনাত পালে |ৰুমটোৰ বস্তুবোৰ পুণৰ চিজিল হ'ল |তাৰ মানে অনুজ আহিল|
তাই অনুজক বিচাৰি সেই নিদিৰ্ষ্ট জেগা দখৰলৈ গল |তাৰ মৰমৰ ৰক্ গাৰ্ডেনৰ সেই বিশেষ কৰৰ্ণাৰ টো যত সি পেবুলচ বিলাক কালাৰ কৰি ৰাখে |একো সঠিক সিদ্ধান্ত লব নোৱাৰিলে সি সৰু সৰু শিলবোৰ ৰং কৰে |অনুজক পাহিয়ে খৰকৈ শিল গুটি এটাত ৰং দি থকা পালে তাই লাহে কৈ তাৰ কান্ধত হাত থলে, অনুজে প্ৰথমে উচাত মাৰি পাহিৰ হাতটো অতৰাই দিলে |
:জু ,এইবাৰ পাহিয়ে মাত লগালে |
সি ঘূৰিল, পেবুল টো টেবুলত ব্ৰাচ ডালৰ সৈতে থলে|নাতি দুৰত থকা পাহিক সি বুকুৰ মাজলৈ টানি নিলে...
:আমি খুড়া খুড়ীক লৈ আহিম পাহি.... |তাইক তাৰ বুকুৰ সমস্ত ভালপোৱায়ে বুকুত সামৰি কথাটো কলে....... |
No comments:
Post a Comment