Thursday, June 27, 2019

দায়িত্ব

#"দায়িত্ব"#   #(গল্প) #
: "মামী বহীবোৰ মই চায় দিম দিয়া"
ম'বাইল চাই চাই বিচনাত বাগৰি থকা  ৰিয়ালৈ চায় অৰ্পিতাই মিঁচিকি হাঁহি প্ৰতুত্ত্যৰ দিলে
:নালাগে দিয়া মই কামখিনি আজৰি কৰি চাম তুমি বাবুৰ লগতে শুই যোৱা  কথাখিনি কঁওতে অৰ্পিতাই বহী খিনি নুৰিয়াই থাকিল |
বহী খিনি নিৰ্দিষ্ট ৰেক্ ডালত থৈ  তাই ৰিয়ালৈ পুণৰ চালে |ম'বাইলত ব্যস্ত ৰিয়া! অহাৰ পৰা এনেদৰে আছে ম'বাইল টো পিটিকি পিটিকি|আজি কালি আকৌ বহুত নিয়ম হৈ গল নহয়.....ইউ টিউবত এনে কিছুমান চেনেল আছে যত পঢ়া শুনাৰ্ লগত জড়িত ভিডিঅ'বোৰ পোৱা যায়,এক্সটা কৈ কিছুমান এপ আছে যত পঢ়াৰ লগত জড়ডিত  কথাবোৰ জানিব পাৰি |গতিকে ক'ব নোৱাৰি কিয়  ম'বাইল টো লৈ থাক বুলি!সেয়ে বিচনা বাগৰি থকা একমাত্ৰ ভাগিনজনীক একো নকয় তাই পাকঘৰৰ ফালে আগবাঢ়িল|খেতিৰ দিন পথাৰত কাম কৰা মানুহবোৰ আহি পালেহি আবেলিৰ চাহ কাপ দিব লাগিব |গতিকে অলপ আগৰ পৰা যা যোগাৰ কৰা ভাল হ'ব ভাবিয়ে তাই পাকঘৰত সোমাল|
ৰিয়াৰ বয়স কিমান ?ষোল্ল বছৰ হ'ব |এই ষোল্ল বছৰীয়া ছোৱালীজনীয়ে যে তাইৰ কামৰ হেঁচাটো দেখি স্কুলৰ পৰীক্ষাৰ বহীখিনি চাই দিয়াৰ কথা কৈছে শুনি তাইৰ ভাল লাগিল |কিন্তু তাই এই কালি পৰহি মেট্ৰিক পাচ কৰা ছোৱালীজনীক বহী চাবলৈ দিব নোৱাৰে|
প্ৰথম যেতিয়া চাকৰি পাইছিল|তেতিয়া তাই ইমান অভিজ্ঞতা নাছিল |বছেৰীকা পৰীক্ষাৰ বহীবোৰ আনি টেবুলত থৈ তাই স্ব্তিৰ নিশ্বাস পেলাইছিল|ৰ'দত শুকাবলৈ দিয়া কাপোৰ বোৰ আনি জাপি জাপি আলনাত থৈ দিয়া মাকক উদ্দেশ্যি তাই কৈছিল ...
.:মা মোৰ বহী বোৰ তুমিয়ে চাই দিবা তোমাৰ বোৰৰ লগত....|তাই কথাটো কবলৈ হে পালে মাকে চকু টেলেকা কৰি ধমকিৰ সুৰত কৈ উঠিল.....
:নিজৰ কাম নিজেই কৰিবি |তোক মই কামত ফাঁকি মৰিবলৈকে পঢ়াই শুনায় চাকৰি কৰিলৈ যোগ্যতা পাব পৰা কৰিলো?যিতু কাম কৰিবলৈ লৈছ তাক সৰ্ম্পূণ নিষ্ঠাৰে পালন কৰিবলৈ শিকিবি তেতিয়া হে তোৰ পঢ়া শুনাৰৰ সৰ্থকতা আহিব "|
কথাখিনি কৈ কৈ কাম কৰি থকা মাকজনী কামটো সামৰি পুণৰ আন কাম কৰিবৰ বাবে ৰূমটোৰ পৰা উলাই গৈছিল |
কাষৰ ৰূমত থকা দেউতাক আহি তাই লৈ চাই কৈছিল
:মাৰক দেখা নাই কিমান কামৰ মাজত নিজৰ স্কুলৰ কামবোৰ কৰি যায় আৰু তই মাৰক কাম কৰিবলৈ কৈছ?
খং উঠিছিল তাইৰ ,কিন্তু নিশ্চুপে বহী আছিল |এসপ্তাহ স্কুল বন্ধ দিছে তাই ভাবিছিল ভালদৰে এনজয় কৰিব |কিন্তু ক'ত আৰু সেই সুযোগ |বহী চাব লাগিব ৰিজাল্ট বনাব লাগিব উহ্ কিহৰ গৰজত এতিয়াই চাকৰি কৰিবলৈ লৈছিল তাই|
:মাজনী চাহ খাবলৈ আহ |
অলপ আগতে খং কৰি  যোৱা মাকে তাই ক চাহ খাবলৈ মাতিল |হয়তু ঠাণ্ডাত স্কুটী চলাই আহিছে একাপ চাহৰ প্ৰয়োজন অনুভৱ কৰিছে তাইৰ শৰীৰটোৱে|তাই বহাৰ পৰা খৰধৰকৈ উঠিল |মাকে গৰম গৰম মালপোৱাৰ সৈতে ধোঁৱাই থকা চাহ কাপ তাইলৈ বুলি যতনাই ডাইনীঙতে থৈছিল|
পিছত তাই নিজেই উপলব্ধি কৰিব পাৰিছিল মাকৰ কথাষাৰৰ |টুপ্ টুপ্ নিয়ৰ সৰা এটা নিশা উজাগৰে থাকি তাই  বহীবোৰ চাই শেষ কৰিছিল |পিছৰ কেইদিন স্কুটী লৈ ডিচেম্বৰৰ ঠাণ্ডা দিন কেইটা উপভোগ কৰিছিল|এই  আজি মামা ঘৰ ,কালিলৈ খুড়াৰ ঘৰ,কেফে,পাৰ্ক ইত্যাদি..ইত্যাদি....|
নিয়ৰে সেমেকাই তুলা ৰাতি টো ত আহা ফোন কল টোৱে তাইৰ বাবে এটা নতুন প্ৰস্তাব আহিছিল|পেহীয়েকে ফোন কৰিছিল |দিনটোৰ ব্যস্ততাৰ শেষত মাকে বহী চাই আছিল|ঠাণ্ডাত লেপৰ তলত উম লগায় তাই নুৰিয়াই নুৰিয়াই টোপনী মাৰিবলৈ লৈছিল|কথা খিনি পাতি মাকে পুণৰ  নিজৰ কামত লাগিছিল |
তাই উপলব্ধি কৰিছিল মাকৰ কথা বোৰ |দিন পাৰ হৈ যোৱাৰ লগে লগে যেতিয়া স্কুলৰ ছাত্র ছাত্রীৰ লগত তাইৰ মনৰ সম্পৰ্ক স্থাপন হৈছিল তেতিয়া এনে লাগিছিল যেন তাই পঢ়োৱা ল'ৰা ছোৱালী কেইটাক তাই বুজে আনে সিহঁতক হয়তু ভালদৰে নোবোজে|গতিকে সিহঁতক কৰিবলৈ দিয়া কামবোৰৰ সঠিক নিৰূপন তাই হে কৰিব পাৰিব|
নিয়ঁৰত তিতা ৰাতিটোত অহা ফোন ক'ল টো প্ৰত্তুত্যৰত  তাই সাজি পাৰি দৰাৰ আগ উলাব লগা হৈছিল|সজোৰে তাই প্ৰতিবাদ কৰি কৈছিল
:মা এইবোৰ কৰিবলৈ মোক নকবি ,মই বিয়া নহওঁ
:বিয়া সংসাৰৰ নিয়ম ,তই নহওঁ বুলিলে হ'ব নে?
:তই বৰ নিষ্ঠুৰ মা!! খংত তাই  বুকুত সাৱটি থকা গাৰুটো দলিয়াই দি বাহিৰলৈ লৰিছিল |ডিচেম্বৰৰ ঠাণ্ডাত তাই স্কুটী লৈ উলাই গৈছিল |ঘন কোঁৱলী আৰু হাড় কঁপোৱা ঠাণ্ডা বতাহজাকক নেওচি তাই  নিৰ্দিস্ট পুলটোৰ ওচৰত স্কুটী ৰখাইছিল |কোঁৱালীয়ে আৱৰি থকা পহিলা পুহৰ পথাৰ ,আঘোণৰ ব্যস্ততা এই মাৰ গৈছে যদিও জীয়ৰী বোৱাৰীৰ হাঁহিবোৰ যেন এতিয়াও পথাৰখনৰ বুকুত খিল খিলাই আছে ,পাহোৱাল ডেকাৰ ঘামৰ গোন্ধ যেন এতিয়াও বিয়পি আছে পথাৰখনত কোঁৱলী বিয়পাৰ দৰে......|তাই দুহাত মেলি বহু সময় পথাৰখনৰ ফালে মুখ কৰি ৰৈ  দিলে চেঁচা স্পৰ্শই তাইক তিয়াই গ'ল|
তাইক যেতিয়া নীলাভৰঞ্জন নামৰ  দৰাজনৰ লগত চিনাকী কৰি দিছিল তাই পোণে পোণে সুধি়ছিল...:
:আপোনি কি কৰে?
:কি কৰে মানে?
:কাম বন?নহ'লে মোক বিয়া পাতি কি খোৱাব?
:অহ্ , ব্যৱসায় কৰো মই|
:মই বেপাৰী ভাল নাপাওঁ
:নাপালে নাই ,মোৰ কিন্তু তোমাক ভাল লাগিছে ,মই তোমাক বিয়া পাতিমেই......|
:চিহঃ বৰ অসভ্য আপোনি ......|তাই উচাত মাৰি  বহাৰ পৰা উঠি আহিছিল|
তাই নাজানে কিমান সময় আছিল নীলাভৰঞ্জন সিহঁতৰ বৈঠকখানাত |তাই চৰম অভদামী কৰি উলাই গৈছিল স্কুটীখন লৈ|তাইৰ মুক্ত বিহংগম হৈ থকা জীৱনটো এজন বেপাৰীৰ শাসনৰ শিকলিত বান্ধ খোৱাই ডেউকা ভঙা পখী হ'ব নোৱাৰে |যি যান্ত্ৰনাত চটফট কৰিব কিন্তু আকাশত ডেউকা মেলি উৰাটো এটা সপোন হৈ পৰিব|
ঘৰখনে কি দেখিছিল নীলাভৰঞ্জৰ গাত??মাক দেউতাকৰ আচৰিত সিদ্ধান্ত!!তাইক নীলাভৰঞ্জৰ লগত বিয়া দিয়াৰ কথা চিন্তা কৰিছিল |চিন্তা মানে বিয়া এক প্ৰকাৰৰ ঠিক কৰিছিল |বিয়াৰ দিন ঠিক কৰিবৰ বাবে যি আঙুঠি পিন্ধোৱা পৰ্ব হয় তাৰ বাবে তাইক নীলাভৰঞ্জনৰ মাক দেউতাকে মাতিছিল |কিন্তু তাই পোণে পোণে সেই প্ৰস্তাৱ নাকচ কৰিছিল|বাৰে ফোন কৰা নীলাভৰঞ্জনৰ প্ৰতি তাইৰ বিৰাট খং উঠি আহিছিল|মাকে যাবলৈ যোৰ দিলত মাকক তাই চিঞৰি উঠিছিল ...
তই যা না মোক কিয় ক'!!!ভাগ্য যেনিবা ভায়েক সেই সময়ত তাইৰ কাষত থিয় দিছিল |
:তাই নাযায় তহতি যা না|মোৰো এই বিয়াখনত একেবাৰে সন্মতি নাই|দৰাটোৰ মাক বাপেক বৰ ৰক্ষণশীল ,এইটো হাফ্ পেণ্ট পিন্ধি স্কুটী চলাই থকা মানুহ ,কেনেকৈ তাই সিহঁতৰ ঘৰত থাকিব গৈ!!!?
সিহঁতৰ প্ৰতিবাদৰ প্ৰতি কোনো সহাৰি নিদি মাক দেউতাক উলাই গৈছিল|হয়তু অৰ্পিতা নোযোৱাটো কিবা এটা বাহানাও কৰিছিল ......|
শীতে গচকি যোৱা পৃথিৱীখন পুণৰ এবাৰ চঞ্চলা  হৈ পৰিছিল| বলি থকা উনমনা উতনুৱা বতাহজাকত তাই নিজক এৰি দিবলৈ মন গৈছিল|কফি কাপ হাতত লৈ তাই বেলকণিত ৰৈছিল গৈ| সুমুথিৰা  হৈ পৰা গাঁৱৰ তিনি আলিটো চুকত থকা পলাশ জোপা ...তাই দুচকু মুদি ফাগুনৰ সুঘ্ৰাণ লবলৈ যত্ন কৰিছিল|হঠা্ত খোজৰ শব্দ শুনি তাই কৈ উঠিছিল
:বুমন মোক ফুচুলাব নাহিবি ,মই সেই বেপাৰীটোৰ লগত বিয়া নহও |সি মোক কি বুজিব ?মই ফুল তৰা আকাশ ভাল পোৱা মানুহ আৰু সি টকা ভাল পোৱা মানুহ .....|
:ফুল তৰা আকাশ সকলোৱে ভাল পায় |বেপাৰী হলো বুলি হৃদয়হীন নহয়|কিন্তু তোমাৰ দৰে ইমান আবেগিকো নহয় যে কাষত কোন আছে নেদেখাকৈ  অনুমানত কথা কম|
তাই চকু মেলি খপজপকৈ উঠিছিল ....নীলাভৰঞ্জন তাইৰ সন্মূখত থিয় দি আছিল|খংত তাই যোৰেৰে আতৰি গৈছিল তাৰ পৰা|
তাই ভাব হৈছিল স্কুল কলেজত প্ৰেমৰ প্ৰস্তাৱ দিয়া কাৰোবাৰ প্ৰেম ৰ প্ৰস্তাৱক মানি লোৱা হলে |এই বেপাৰীটোৰ লগত বিয়া হোৱা পৰা ৰক্ষা পালে হয়|কিন্তু প্ৰেমত পৰি অনবতে মান অভিমানত ডুবি থকা তাইৰ লগৰ কিজনীক দেখি তাই প্ৰেম কৰিবলৈ মন নগল|তাতকৈ স্কুটী খন লৈ পথাৰ খন নদীখনৰ পাৰত সময় কটাবলৈ তাই ভাল পাইছিল |কিন্তু এতিয়া তাই নিৰুপায়|তাই নিজকে শাঁও দিলে....
:মৰ মৰ এতিয়া ,বেপাৰীক বিয়া পাতি
যিমান যি নহলেও তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়া ল'ৰা বোৰৰ মুখবোৰ মনলৈ আনিলে নাই... তাই এটাকো ভাল নালাগে দেখোন!!
নীলাভৰঞ্জন সিদিনা সিহঁতৰ ঘৰত আছিল |ইতিমধ্যে বুমন তাৰ লগত আত্মীয় হৈ পৰিছিল| অকলে তাই ৰৈছিল  তাৰ প্ৰতি অভিযোগ দিয়া মানুহ!!
বিয়াখন ইতিমধ্যে থিক কৰি পেলাইছিল|ব'হাগৰ দহ তাৰিখে বিয়া |বিয়াৰ যোগাৰবোৰ ইতিমধ্যে আৰম্ভ হৈছিল |তাই উচুপিছিল |খং ত দুখত ,অভিমানত |জন্ম দি সৰুৰ পৰা তুলি তালি ডাঙৰ কৰা মাক বাপেক হালে কিয় বাৰু নোবোজিলে তাইৰ আপত্তিক ???তাইও বিচাৰে বিয়া হ'ব কিন্তু তাই বিচৰা দৰে এজন ল'ৰা পোৱা নাই তাইৰ মুক্ত বিহংগমৰ দৰে উৰি ফুৰা জীৱনটোক শিকলিৰ পৰিবৰ্তে মৰমৰ জৰীৰে বান্ধি  পাৰিবলৈ|
বিয়াৰ দিনাই জোৰণ দিব ,আগতে সময় থিক কৰিব পৰা নগল|তাইও জোৰণৰ মানুহ আহাৰ সময়ত সাজি পাৰি আছিল|তাইৰ এনে লাগিছিল যেন হাজাৰ চিঞৰিলেও মাক বাপেকে তাইৰ চিঞৰ নোশুনে |তাইক বিয়া দি তেওঁলোকৰ দায়িত্ব সামৰিব  পাৰিলেই যেন ৰক্ষা পৰে তেনে কৰাৰ দৰে লাগিল|তাই মাকক চিঞৰি চিঞৰি সুধিব মন গ'ল
:ক'ত গ'ল মোৰ সেইজনী মা যি ল'ৰাৰ সমানে ছোৱালীৰো অধিকাৰ থাকে বুলি কোৱা?ভাইটীৰ সমানে মোকো সকলো সুবিধা দিয়া ?ক'ত গল মোৰ সেইজনী মা যি মোক নিজৰ ভৰিৰ ওপৰত নিজেই থিয় দিবলৈ ধৰ্য্য সাহস উত্সাহ দিছিল যি মোক  নিজৰ কাম নিজেই কৰি যাবলৈ উপদেশ দিছিল|
বুমনৰ বাইক একচিডেন হৈছে....|হঠাত্ হৈ চৈ লাগিছিল |কেইটামান লাগতীয়াল বস্তুৰ বজাৰ কৰিবৰ বাবে সি বাইকত টাউনলৈ গৈছিল|তেনে সময়তে নীলাভৰঞ্জনৰ ফোন আহিছিল |তাই কিং কৰ্তব্য বিমুৰ হৈ পৰিছিল |ফোন তো ৰিচিভ কৰি তাই উচুপিছিল  ,অস্ফুট মাতেৰে কৈছিল ...
:ভাইটীৰ ...বুমনৰ এক্সিডেন হৈছিল !! পুণৰ তাই উচুপিছিল....
:তুমি চিন্তা নকৰিবা মই গৈ আছো|
ইতিমধ্যে জোৰণ আহি পাইছিল হি|দেউতাক আৰু তাই উচুপিছিল মাথোন উচুপিছিল |মাকে সকলো থিক কৰিছিলটজোৰণ আদৰা পৰা বুমনৰ ওচৰলৈ যাবলৈ  মামাকৰ ল'ৰা আৰু পেহীয়েকৰ ল'ৰাটোক পঠাইছিল |
বুমন ক'ত? কি ? একো তাই খবৰ পোৱা নাছিল মাথোন দৰা ঘৰৰ মানুহ বোৰে তাইক সজাইছিল ,তাই কন্যা হৈছিল |তাই হিকতিয়াই হিকতিয়াই উচুপি আছিল |দৰা ঘৰৰ মানুহবোৰেও বিশেষ একো কোৱা নাছিল ,কৰা নাছিল |হয়তু তেওঁ লোকেও জানিছিল  এক্সিডেনটৰ কথা|
দিনটো বিয়া খাবলৈ অহা মানুহবোৰক তামোল দি দি তেওঁলোকে দিয়া উপহাৰ বোৰ  নি নি ভিতৰত জমা দিয়া কামটো কৰিছিল তাই|বিয়াখনৰ প্ৰতি তাই আপত্তি আছিল তাতে ভায়েকৰ এনে অৱস্থা তাইৰ অকনো ভাল লগা নাছিল|তাতে নীলাভৰঞ্জনক তাই ফোনত ভায়েকৰ এক্সিডেনটৰ কথা কৈছিল ,কিন্তু সি এবাৰো ফোন এটা নাই কৰা কি স্বাৰ্থপৰ মানুহ অ' এইটো অকনো দয়া মমতা নাই নিজৰ বিয়া এনজয় কৰিছে......|
দৰা .....আহিল .... দৰা ...আহিল ...|বেৰ তলৰ পৰা তাইক নোৱাই আনি সজাইছিল ,তেনেতে দৰা আহিল|বাহিৰত গান ,ফটকাৰ আৱাজ আৰম্ভ হ'ল ,তাইক আগুৰি থকা ছোৱালীবোৰ তাইক এৰি আতৰি গ'ল| মামাকৰ ল'ৰা অমল সোমাই আহিল তাইৰ ওচৰলৈ ...
:অমল ...বুমনৰ কি হ'ল ? তাক দেখাৰ লগে লগে তাই প্ৰশ্ন কৰি উঠিল |
:ৰহ্ অধৰ্য্য নহবি তোক বুমনৰ কথা কবলৈ মই আহিছো.সি মুৰত দুখ পাইছে,এতিয়া থিকেই, দুদিনমান ৰাখিব|
:অহ্ ভগবান |
:ভগবানৰ লগতে থেংকচ নীলাভৰঞ্জনকো দিবি| আজি সি নহা হলে বুমনৰ কি অৱস্থা হল হয় থিক নাই|আমি গৈ পোৱাৰ আগতে সি বুমনক হস্পিতেল পোৱাল গৈ | যাৱতীয় সকলো কাম  কৰি দিছিল|আচৰিত কি জান  নীলাভৰঞ্জন  হস্পিতেলৰ পৰা দৰা সাজি আহিছে |কাৰণ, বুমনৰ কেইটামান ৰিৰ্পট দেৰিকৈ দিছে |সি ডাক্তৰৰ লগত কথা পাতি কৰিব লগা খিনি কৰোতে দৰা সজা সময় আহি পালেহি |গতিকে ঘৰৰ পৰা সোনকালে দৰাৰ সাজ লৈ হস্পিতেল  আহিবলৈ কলে আৰু তাৰ দৰা গাড়ীতে মইও আহিছো |মাধৱ বুমনৰ ওচৰত আছে|
অৰ্পিতাই একো নামাতিল |নিৰ্দিষ্ট  সময়ত তাইক ৰভা তললৈ উলিয়াই নিয়া হল|বিয়াৰ বিধি বিধানৰ মাজত যেতিয়া নীলাভৰঞ্জনৰ  হাতত তাই হাত থলে তেতিয়া তাই সেই বিশেষ পুৰুষজনৰ স্পৰ্শ অনুভৱ  কৰিবলৈ  যত্ন  কৰিলে যি তাইক বিয়া  পতাৰ  আগতে তাইৰ ঘৰৰ মানুহবোৰৰ  প্ৰতি  নিজৰ দায়িত্ব পালন কৰিবৰ বাবে তাৰ জীৱনৰ  অতি বিশেষ  দিনটোৰ আনন্দকণ ত্যাগ  কৰিলে|অথচ তাইয়ে সামাজিক  নিয়মক দোহাই দি গোটেই দিনটো  কন্যা সাজি থাকিল|তাই নিজকে অপৰাধী যেন লাগিল মাক দেউতাকৰ  ওচৰত ,নীলাভৰঞ্জনৰ ওচৰত.... |
বাহি বিয়া দিনা তাই ফোনত বুমনৰ খবৰ ললে |সি  ঠিকেই আছে |নিয়ম বোৰ ইটোৰ পাছত সিটো কৰি কৰি আবেলি চাহৰ সময়ত  নীলাভৰ মাকে কলে
:তহত দুটা ভাইটীৰ ওচৰৰ পৰা আহ গৈ |
:কিন্তু মা আজি ঘৰৰ পৰা কতো নাযায় কয়|তাই কলে
:একো নহয় দে, ইমান ডাঙৰ  বিপদত ঘৰৰ মানুহ যাব লাগিবই|
বুমনৰ ওচৰত তাই আবেগিক হৈছিল|তাই মৰমৰ ভায়েকটো তাইৰ বিয়া খন নাপালে আৰু এতিয়াও এনেদৰে বিচনাত পৰি আছে|
হস্পিতেলৰ পৰা আহোতে নীলাভৰঞ্জনে তাইক কৈছিল
:অৰ্পিতা তুমি কান্দি নাথাকিবা, তুমি  কান্দিলে মোৰ বেয়া লাগে |
তাই একো মতা নাছিল  |বহু সময় নিৰবে গাড়ী চলাই আহা নীলাভৰঞ্জনে  আইচক্ৰীম পাৰ্লাৰ সন্মুখত গাড়ী ৰখাইছিল |
:বলা আইচ ক্ৰীম  খাঁও|
আইচক্ৰীম  খাই গাড়ী বহোতেই তাই মাত লগাইছিল
:চ'ৰী, আপোনাক  মই বৰ বেয়া কৈ ভাবিছিলো
:কিন্ত এতিয়াতো ভাল বুলি গম পালা
:ওমম, তাই মুৰ দুপিয়াইছিল|
নীলাভৰঞ্জনে  জোৰেৰে হাঁহিছিল |সি হাঁহি কৈছিল :
:মোৰ দন্দুৰী কইনাজনী, অকণমানী ছোৱালী  হ'ল চা |
এইবাৰ  তাইও হাঁহিছিল |
এজন মনে নিবিচৰা পুৰুষ  এতিয়া তাইৰ প্ৰিয় পুৰুষ হৈ পৰিছে |বৈবাহিক  জীৱনৰ প্ৰথম যুগ্ম নিশাটোত তাই সহজ হব পৰাকৈ নীলভৰঞ্জনৰ প্ৰতি তাইৰ বুকুত অনুৰাগ বাঢ়িচে..... |
     হঠাত্ পিছ ফালৰ  পৰা তাইক কোনোবাই  সাবটি ধৰিল | তাই বুজিল  নীল ৰ বাহিৰে কোনো  নহয় এইয়া,....
:মানুহ বোৰ পথাৰৰ পৰা আহিল নেকি? আপোনি কিবা খাব??
:এইয়া কি তা? খং নাই যে পথাৰৰ পৰা ঘামত আহি  বোকাত আহি পাকঘৰত কাম কৰি থকা মানুহজনীক দিগদাৰ দি কাম বঢ়াইছো..... |
:আপোনি চৰ্বত খাঁওক,মই বনাই দিওঁ|কেতিয়াবা  আমনিবোৰ ভাল লাগে |চৰ্বত খাই গা ধুই  চাফা  হব কিন্তু.. |
:অকে হুকুম....
চৰ্বত বনাবলৈ লোৱা অৰ্পিতাই ভাবিলে কেনেকৈ সিহঁতৰ সম্পৰ্ক ইমান মধুৰ হৈ আগবাঢ়ি যে তাই নীলাভৰঞ্জক" নীল "আৰু তাইক "তা" বুলি মাতিব পৰা হ'ল... |
       অসমৰ পৰা বাহিৰত চেটল হোৱা  অসমীয়া  মানুহবোৰক থলুৱা খাদ্য  যোগান ধৰা  এজেঞ্চি আছে  নীলভৰঞ্জনৰ | IIM ত মেনেজমেণ্ট কৰা সি |সম্পূৰ্ণ  নীতি নিয়মৰ মাজেদি  সি তাৰ এক্সপৰ্ট এজেঞ্চিটো খুলিছে|বতৰ্মান সময়ত তাৰ এই ব্যৱসায় টো এটা ভাল ব্যৱসায়|তথাপি সি নিজৰ  দেউতাকৰ  ইচ্ছা  মতে পৈতিক মাটি কেইডৰাত খেতি কৰে |খেতিকৰা মানুহবোৰৰ লগত সি নিজেও খেতিৰ কাম কৰে|তাৰ মতে বোকাত নমা কামটো বিনা টকাত কৰা মাড "স্পা" যি ফিউচাৰত আৰু প্ৰফিট দিয়ে... |
  ৰক্ষণশীল শহুৰ শাহু  মানে... দুয়োটাৰ  বাবে বিয়া পতা মানুহ বুলি কিছুমান নীতি নিয়ম আছে ঘৰত থাকিলে তাই চাদৰ মেখেলা  পিন্ধিব লাগে  ,ডাঙৰ  জন আহিলে ওৰণি লব লাগে  |তাই বেয়া নাপায় এই নিয়মবোৰ মানি  |বাহিৰত যেতিয়া নীলৰ লগত হলি ডেত  ফুৰিব যায় তেতিয়া তাই মনৰ ইচ্ছা ত কাপোৰ পিন্ধিব  পাৰে |একো নকয় তাইক কোনেও |ঘৰত নীতি বোৰ মীনিবলৈ তাইক কোৱা নাছিল  মাথো শাহুৱেকে কৈছিল  পৰম্পৰা ৰক্ষা  কৰিলে ভাল  পাব |তাই মানি লৈছিল|নীলৰ দায়িত্বশীল  ব্যক্তিত্ব, তাইক মাকে নিজৰ কৰ্তব্যৰ  প্ৰতি  নিষ্ঠাৱান  হবলৈ শিকোৱা পাঠ বোৰ যি তাইক হাজাৰতা কামৰ হেঁচাটো নিজৰ  কৰ্তব্যবোৰ নিষ্ঠাৰে  পালন  কৰিবলৈ সাহস দিছিল|ঘৰুৱা কামৰ বাবে  যেতিয়া  তাইৰ চাকৰিটো কৰা নকৰা প্ৰশ্ন আহিছিল তেতিয়া  শাহুৱেকে কৈছিল 
:তাই কিয় নিজৰ পৰিচয়টো এৰিব? ঘৰৰ কাম হৈ থাকিব |
       এনেদৰে অৰ্পিতাৰ জীৱন নীলাভৰঞ্জনৰ লগত আগবাঢ়ি  গৈ  আছে বাবু সিহঁতৰ  যুগ্ম  জীৱনৰ   মৰমৰ সাক্ষী|পুণৰ তাইৰ দায়িত্ব  বাঢ়িছে ৰিয়াক লৈ|নীল ৰ একমাত্র বায়েকৰ একমাত্ৰ  সন্তান ৰিয়া সিহঁতৰ ঘৰত থাকি  পঢ়িবলৈ  আহিছে|তাইক লৈ অৰ্পিতাই  টীন ager চাইক'লজিকেল চেঞ্জ্ ৰ ওপৰত দৃষ্টি ৰাখি ৰিয়াৰ পঢ়া শুনা তদাৰক কৰিছে|বাবু ৰ কাষত ম'বাইল টিপি টিপি বাগৰি থকা ৰিয়াজনী ছাগৈ টোপনী গল|সন্ধ্যাৰ আগে আগে সিহঁত দুটাক উঠাই পঢ়া টেবুলত তাই বহাব লাগিব |স্কুটী লৈ লৈ ঘূৰি ফুৰা অৰ্পিতা জনী দায়িত্ব আৰু কৰ্তব্য ৰ মাজত এনেদৰে বান্ধ খায় গৈছে| হাজাৰতা দায়িত্ব  আৰু কৰ্তব্যৰ  মাজতো অৰ্পিতাৰ  ৰ'দ ফুল  নদী আকাশ ভালপোৱা মনটোক নীলে বুজে, সেয়ে সি হাজাৰ কামৰ মাজতো তাই লৰালিতে এৰি অহা নদীখনৰ কাষলৈ লৈ যায়, লৈ যায় হেঁপাহৰ পথাৰখনলৈ য'ত ৰৈ দুয়োটা  ডুব যায় এখন বিশাল আকাশৰ তলত নেদেখা  মাথো অনুভৱ কৰিব পৰা বুকু ভৰা অনুৰাগত..... |













No comments:

Post a Comment