Thursday, June 27, 2019

গল্প

#প্ৰেমৰ গল্প#
#)হৃদয়ত বৰষুণ |#
(খ)
ঠিক সোঁ মাজতে আকাশখন ফালি এচমকা বিজুলী জিলিকিছিল,এখন্তেকৰ বাবে আৰু লগে লগে ঘুৰুং কৈ ডাঙৰ শব্দ এটা হৈ গাজনি এচাট মাৰিছিল |কাণ তাল মাৰি যোৱা শব্দ|যেন গোটেই  পৃথিৱীখন কঁপি গৈছিল থৰ্ থৰ কৈ| এজাক বৰষুণ পথাৰৰ পানীবোৰৰ ওপৰত পৰি এক মনটোক মোহিত কৰা সুৰ বিয়পাইছিল|টুপালৰ পিছত টুপাল বৰষুণে চুটি চুটি হাজাৰ তংৰগৰ সৃষ্টি  কৰিছিল  পথাৰখনৰ বুকুত|তংৰগৰ পিছত তংৰগ বাগৰিছিল পথাৰ খনৰ ওপৰে, বতাহৰ হুৰ হুৰ শব্দই চৌপাশ আগুৰি ধৰিছিল|পানীত খবং খবং শব্দৰ সৃষ্টি কৰি জগতে কোৰ মাৰিছিল |যিমান পাৰে খৰকৈ কোৰ মাৰিছিল সি| পানীৰ ওপৰত মাটি ঢুকি  পোৱাকৈ কোৰৰ চাব বঢ়াইছিল, যাতে কোৰ খনত লাগি আহা মাটি খিনি কহাই থোৱা আলিটোৰ ওপৰত দি আলি টো নতুন কৈ টনকীয়াল কৰিব পাৰি|আলি দিয়া কামটোৰ লগে লগে সি সময়ৰ ওমান বুজিছিল|
  বেলিটো  নৈ কেঁকুৰীটো ঘুৰি নৈ সোঁমাজতে হেৰাই যায়, সেই সময়তে সি পথাৰৰ পৰা উঠে|ফেঁহুজালি দিয়া আকাশত নিমাত হৈ ৰ' লাগি থকা পুৱতী তৰাটোক চাই সি কান্ধত হাল লৈ আহে |পুণৰ উভতি যায় চাৰিও ফালে ৰ'দ শিপালে|পদুমীয়ে তাৰ বাবে ৰৈ থাকে |ল'ৰা ছোৱালী  হালক  ইতিমধ্যে  খোৱাই বোৱাই স্কুল লৈ  পঠাই |সি যোৱাৰ লগে লগে তাই  পানী আৰু তিয়নী কাপোৰ যতনাই দিয়ে|তাৰ গা ধুই  হয় মানে  তাই ভাত বাঢ়ে |সি ভাত খায়, পদুমীয়ে তামোলৰ বটাটো আগবঢ়াই দি নিজে ভাত খাবৰ বাবে পাকঘৰত সোমায়|তামোলৰ মুহুদি  কৰি সি পাটিত গা এৰি দিয়ে|পুৱাৰ পৰা বোকা পানী  ফালি ফালি গৰু হালৰ পাছত গৈ থকা তাৰ ভগৰুৱা দেহাটোৱে  নিমিষতে টোপনীৰ কোলাত হেৰাই যায়|পদুমীয়ে আখাল সামৰে, গৰু হালৰ কষ্ট আৰু ভাগৰক অনুভৱ কৰি তাই সিহঁতক দেনা পানী দিয়ে, গিয়েকে এৰি অহা বোকা ভৰ্তি কাপোৰ বোৰ ধোৱে... মুৰত পাগ মৰা গামোচা, চুৰিয়া, গাত পিন্ধি থকা গেঞ্জিটো ইত্যাদি  ইত্যাদি... |এনেদৰে ৰ'দে গা ধোৱা  দুপৰীয়াটো খেদাই |পদুমীয়ে এখন্তেক  ৰৈ কঁকালটো পোনাও ভাবিলেও পোনাব নোৱাৰে|কাৰণ ঘৰৰ গিৰিহঁত শুই থকা অৱস্থাত তাই শুব নোৱাৰে কোনোবা যদি আলহী আহে কি বুলি ভাবিব!!গতিকে কাম বনৰ মাজতে  ৰ'দে  গা ধোৱা দুপৰীয়াটো গুচি যায়|
  বেলিটোৰ ভমক  ভমক কৈ ধৰা চোক্ টো কমিলেই জগত উঠে| পদুমীয়ে আবেলিৰ জলপান যতনাই দিয়ে,কোমল চাউলৰ জলপান হয় কঁঠাল ফোটাৰ লগত নহয় ভীম কলৰ লগত এই দুটা নহলে পুৰা গৈৰৈ   মাছটোৰ লগত বেঙেনা আৰু  আলুৰ পিটিকা থাকিব, আদা অকণ, নিমখ অকন................ পি খোৱা চাউলৰ পানীখিনিয়ে দেহাটো শীতল কৰি তুলে|স্কুলৰ পৰা অহা ল'ৰা ছোৱালী  হালকো পদুমীয়ে খোৱা বোৱা যোগাৰ ধৰিবৰ বাবে  ব্যস্ত হৈ পৰে|
সেই  বেলি ঘূৰা উমান লৈ অহা জগত নদীখনৰ কেকুঁৰিটো ঘূৰি নদীৰ মাজত ডুব যোৱা বেলিটো দেখিলেই পথাৰৰ পৰা উঠে|আবেলি  হও নহওতে তাৰ কান্ধত উঠি অহা অক্লান্ত কোৰ খন বেলি ডুবাৰ লগে লগেই ক্লান্ত হৈ তাৰ কান্ধত উঠে|সি পথাৰৰ পৰা উঠি বোকা বোৰ জাৰি জোকাৰি  লয়, অলপ চাফা পানী যেন দেখা পথাৰদৰাৰ পানীত ভৰি হাত পখালে ,কোৰখনো ধোৱে  ভালদৰে ,পুণৰ সি নতুন কৈ দিয়া কেঁচা আলিবোৰৰ পৰিপক্কতাৰ উমান লৈ খৰকৈ খোজ কাঢ়ে|এটা দিনৰ অৱসাদ  আতঁৰে,এটা দিনৰ ব্যস্ততা সামৰে, নদীৰ বুকুত বেলিটো হেৰাই যায়.... |
আন্ধাৰে ডেউকা মেলে কাণিমুণি সময়কণত|ব্যস্ত পথাৰৰ পৰা ঘৰ মুৱা হোৱা দুই একক লগ পাই  সি|খপজপক কৈ পথাৰ খন পাৰ হৈ সি তিনি আলিটোত উঠি এক নিশ্বাস  এৰে, ভাগৰ, স্বত্বিৰ, উত্সাহ, হেঁপাহ সকলোৰে সংমিশ্ৰণত এৰা এক নিশ্বাস!!
  তিনি আলিটোৰ এটা আলি তাৰ গাঁৱ খনলৈ গৈছে | আনটো  বেলেগ এখন গাঁৱ লৈ আৰু এটা আলি চহৰলৈ গৈছে|চহৰৰ লৈ যোৱা আলিটোৱে এখন বাচ আহে |প্ৰায় কাণিমুণি সময়ত পাই হি | তিনি আলিটোতে  বাচখন ৰাখে|তাৰ পৰা  কলেজলৈ যোৱা লৰাছোৱালী বোৰ নামে|গাঁৱৰ মানুহবোৰ বৰ কম কৈ চহৰ লৈ যায়|গলেও তাৰ দৰে মটা মানুহবোৰে  চাইকেলতে যায়|গতিকে কলেজত পঢ়া ল'ৰা ছেৱালী কেইটাৰ বাহিৰে বিশেষ মানুহ নাথাকে বাচ খনত |
তিনি আলিত নমা ল'ৰা ছোৱালীবোৰৰ প্ৰায় বোৰ ইখন গাৱঁৰ |বাচখনে ল'ৰা ছোৱালীবোৰ নমাই পুণৰ চহৰ অভিমুখে উভতনি যাত্রা আৰম্ভ কৰে|
একা বেঁকা পথটোত তেতিয়া সন্ধ্যাৰ শূণ্যতা নামে, ছাঁ পোহৰৰ সন্ধিক্ষণৰ সময় কণত মানুহবোৰে ঘৰুৱা কামৰ অৱসাদ খেদি নেদেখাজনক কাকূতি কৰে, ধূপ চাকি ধূণাৰ গোন্ধবোৰ বতাহ মিলি যায়|দশমীৰ জোনটো তাৰ মূৰৰ ওপৰত ৰইহি,|ৰাস্তাটোত  তাৰ ছাঁটো জিলিকি উঠে কান্ধৰ কোৰখনৰ ভাৰসাম্যতা  বজায়  ৰাখি এক বিশেষ  ভংগীত কোচাই লোৱা হাত খনৰ সৈতে|সি আগে বাঢ়ে,,ছাঁ টোৱে যেন তাক বাট দেখুৱাই  আগবাঢ়ে|
:আহিলি ?
:ওমম ...
খৰকৈ যাবলৈ লোৱা সোণপাহিৰ দুভৰিৰ গতিবেগ কমি যায়|কান্ধত কোৰ লৈ খোজ দিয়া জগতক দেখি |তাৰ প্ৰশ্নৰ প্ৰতি মৃদু সহাৰি দি আগত পৰি থকা বাট ডখৰ জগতৰ লগত যাবলৈ তাই লাহেকৈ খোজ দিয়ে|
সোণপাহি এটা সপোন... |
সোণপাহি আকাশৰ জোন... |
গাঁৱৰ মহাজনৰ জী সোণপাহি|বাচত উঠি কলেজ যায়, বাচত উঠি ঘৰলৈ আহে|কাণিমুণি সময়কণত জগতে তাইক লগ দিয়ে|
সোণপাহি বোকাৰ পদুম... |
সোণপাহি ৰ দুভৰিৰ গচকত দুৱৰি নমৰে বৰঞ্চ দুৱৰিয়ে মুকুতা পিন্ধে, তাই হাঁহিত শেৱালি ফুলে, স্নিগ্ধ,... শুকুলা পৱিত্রতা নামে.. জগতৰ বুকুত অনুৰাগ পানী মেটেকা হৈ বাঢ়ে লহপহ লহপহ..... |
পদূলি মুখত ৰৈ সোণপাহিয়ে কয়
:তই যাবি জগত কাই|
:অ' যা যা....
মৃদু গততি সোণপাহিৰ লগত খোজ দিয়া তাৰ ভৰি হাললৈ  জোৱাৰ আহে, সি খৰকৈ খোজ দিয়ে জপক্ জপক্ খটপ খটপ.... |
ঘৰৰ  সকলো কাম আজৰি কৰি তাৰ বাবে আগ্ৰহে ৰৈ থকা পদুমিক সি অনাদৰ কৰে|হাজাৰটা দুখ যেন তাইৰ প্ৰতিটো কথাত, প্ৰতিটো  কামত|
ৰ্াতি ভাত সাজ  দি কিবা লাগিলে যতনাই দিবলৈ ৰৈ থকা পদুমিলৈ সি চাই... |তাহানিতে নৈ ঘাটতত তাক লগ কৰিবলৈ অহা যৌৱনে তগ্ বগাই থকা পদুমৰ দেহত  সময়ৰ অলেখ আচোঁৰ|তাৰ ভাব হয়... পদুমী চোবাই চোবাই ৰস্ শুহি খায় পেলাই দিয়া শুকান কুঁহিয়াৰ  যোথা...|
তাৰ বুকুত বঢ়া অনুৰাগৰ অনুৰণ...যি গুটি গজা দি গজি ডাল পাত মেলিছে, পোখাইছে শিপাইছে, তাৰ শৰীৰটোক  নীচাসিক্ত কৰি তুলিছে|সেই নীচা, সেই পানী মেটেকা বাঢ়নৰ সমাজৰ দৃষ্টিত অন্য এক নাম. .....অব্যধতা.... অব্যধতা... |হয়... হয়.... সোণপাহিৰ প্ৰতি যি অনুৰাগে পদুমী ৰ বিকৰ্ষণ বঢ়াইছে সেই অনুৰাগ অব্যধ... চিৰ অপৰাধ্য... |
বৰষুণৰ হোন্দোলনি ৰ ভৰতে সি এক সময়ৰ অনুমান কৰিল |বৰষুণে  ধোৱাই থকা মানুহটো পথাৰৰ আলি পানী একাকাৰ কৰি জপং জপং কৈ তিনি আলিটোত উঠিবৰ বাবে খোজ দিলে |
বাচখন পাৰ হৈ গ'ল|সি অলপ পৰ তাতে ৰ'ল |ওহো ...সোণপাহি নানামিল |এটা হুমুনিয়াহ  পেলাই সি ভিজি থকা গা টোৱে খোজ দিলে |গাৰ তিতা কাপোৰ বোৰে প্ৰতি খোজতে জপলক জপলক কৈ এটা শব্দৰ সৃষ্টি কৰিলে|
তিতা কাপোৰ বোৰ গাত লিপিট খাই  ধৰিছিল |গোহালীৰ নিৰ্দিষ্ট  ঠাই ডোখৰ ত সি কোৰখন থলে|ভাগৰে হেঁপাহ পলুৱাই  তাৰ শৰীৰটোক  বেৰি ধৰিছিল |সেই ভাগৰক আৰু অকন প্ৰশয় দিবৰ মন কৰি সি পীৰালিত বহিব খুজিল...
সোণপাহিৰ সোণসেৰীয়া  সপোন...
তাৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
ভিজা মাটি ভিজাৰ দৰে অনুৰাগত ভিজিচে তাৰ দেহ...
ধূলিয়ৰি ফাগুনৰ শেষৰ যেন এজাক তৃপ্তিৰ বৰষুণ....
শুকান ধূলি জীপাল কৰি নতুনৰ অনুৰণৰ থেও ধৰা নাচোন ....থুনুক থানাক ...থূপুক থাপাক...|
তাৰ ভাগৰুৱা  শৰীৰটোক কোজা কৰি লৈছিল মাত্র ছোৱালীজনীয়ে চিঞৰি উঠিল
:দে'তা নবহিবা নবহিবা, ৰাতিপুৱা মায়ে ৰঙা মাটিৰে  লিপি থৈছে|তিতা গায়ে বহিলে  বেয়া হৈ যাব|
জীয়েকৰ কথাত সি বহিব নোৱাৰিলে |বহো বহো কৰা তাৰ শৰীৰটোক  পুণৰ পোণাই ললে|সি সোধো নোশুধোকৈ সুধিলে...
: মাৰে কলৈ গল
:মা...|মা  মহাজনৰ  ঘৰলৈ গৈছে |বৰমা খুড়ী সকলো আহিছিল|মহাজন দেউতাৰ ছোৱালী  সোণপাহি  দৰা লগত গুচি গল|সবেই কৈছে  সোণপাহিয়ে বৰ বেয়া কাম কৰিলে... |দেউতা, মা য়ে কৈ গৈছে তোমাৰ গা ধোৱা  সকলোবোৰ গাধোৱা ঘৰত যতনোৱা আছে বুলিবলৈ |এইয়া চুৰীয়া আৰু গামোচা লোৱা |
জগতে দুনাই একো নামাতে |সি গা ধুবলৈ  যাওতে দেখে কোবা কোবি কৈ পদুমী আহিছে|তাক দেখি তাই সংকোচেৰে জপনাখন খোলে
:আকলে আহিলি যে
:নবৌ হতঁৰ দেৰি হব |
তাই একো নামাতি  ভিতৰ সোমাই  |জগত গা ধোৱা ঘৰত  সোমাই |
গা ধোৱা ঘৰত এখন ভগা আইনৰ এটা টুকুৰা আছিল |সি আইনাৰ টুকুৰাটো লৈ নিজকে জুপি জুপি চাবলৈ যত্ন কৰিলে|পদুমীৰ মুখৰ লগত তাৰ মুখত পৰা বয়সৰ আঁচোৰ বোৰৰ সাদৃশ্যতা বিচাৰি সি থমকি ৰয় |তাৰ চুলি শুকুলা হব বিচাৰিছে ...|পদুমীৰ দৰে সি ও বয়সৰ ভৰত হাউলি পৰিছে |সি আইনাখন ত তাৰ বুকুৰ প্ৰতিবিম্ব  চালে একালৰ পাহোৱাল বুকুখনত ঘনকৈ গিজ গিজাই থকা কলা কলা অৰণ্যখনো সংকোচিত হৈছে.... য'ত মুৰ থৈ পদুমীৰ হাজাৰটা ঘুমটি ভাগিল, যত মুৰ খৈ সিহঁতৰ সংসাৰৰ সাক্ষী এমা দিমা কেইটা বাঢ়িল|
আ .... হা.... সোণপাহি তাৰ সপোন
চিক্ মকি দুৰৰ পুৱতী তৰা
সোণপাহি তাৰ  অচেতন মনৰ অবৈধ্য সংজ্ঞা
এক অপৰাধৰ উকমুকণি
হঠাত্ হোৱা চপক চাপাক্ শব্দত তাৰ চিন্তাৰ ঘুমটি সৰে|
পদুমী.  ....তাই নাতি দুৰৰ পৰা তাক চাই
:কি হ'ল....সি তাইক উদ্দেশ্যি  প্ৰশ্ন কৰে
:আপোনাৰ গা ধুই  হ'ল নেকি চাইছো|, সংকোচৰ আদ্ৰৰ্তাই গধুৰ এক কণ্ঠ..|যানোচা আকৌ কি ভুল হয়, কিহৰ দোষত জগত আকৌ খঙাল হৈ উঠে|
কেনেকৈ গজি উঠিল এই সংকোচ??
কেনেকৈ আউল লাগিল??
কেনেকৈ শিপালে সোণপাহি তাৰ সপোনত??
সিতো সংসাৰাৰ সুখে আৱৰা
সিতো সংসাৰৰ সকলো পাই পৰিতৃপ্ত
যৌৱনৰ প্ৰেমেতো তাৰ জীৱন
তথাপি কিয় গজি উঠিল সোণপাহিৰ অনুৰাগ ৰ পদুম তাৰ বুকুত.....???
.যি অনুৰাগ অবধ্য
যি অনুৰাগ নিন্দনীয়........|
:আজি বৰকৈ বৰষুণত তিতিলো, পিঠিত খজুতি বাঢ়িছে, ভোলৰ জাল এটা লৈ পিঠি টো পিহি দে
পদুমীয়ে মেখেলাখন কোঁচাই  গাধোৱা ঘৰটোত সোমাল, গিয়েকৰ কথা মানি তাই তাৰ পিঠিত হাত দিলে.......
....আ.... হা...কি এই স্পৰ্শ.... যৌৱনৰ প্ৰেম বতৰ্মান ৰ জীৱন..... যি স্পৰ্শত সপোন সৰিছিল সি আজি বিশ্বাসৰ এক সম্পৰ্কত  বান্ধ খায় আছে..... পতি পত্নী  সম্পৰ্ক  
চি ৰ শ্বাশত...
চিৰ শ্বাশত...
তাৰ বাহিৰত সকলো অবধ্য.....
সোণপাহিৰ সপোন ...
সোনপাহি দৰালৈ গ'ল .. .
  তাৰ বুকুত গজি উঠা অবধ্যতাৰ আদি পাঠ  সি আৰু নাৰুৱাই .....নেমেলে তাৰ পাতনি.... পুৰণাবোৰক সাৱটি সি পুণৰ মানুহ হৈ উঠিব খোজিলে. ...সভ্য মানুহৰ ধাৰণাটো ক তাৰ মন মগজুত,পুণৰ বুকুত সি  ৰুই ললে.... |









|

No comments:

Post a Comment