Thursday, June 27, 2019

মনৰ ভাৱ

মনৰ ভাববোৰ গল্প বা কবিতা কৰি লিখোতে অনুগল্প লিখাৰ অভ্যাস নাই|কিন্তু নিৰ্মালি কাশ্যপ(ঠাকুৰীয়া)মোৰ সহকৰ্মী তথা আপোন বান্ধবী গৰাকীয়ে fb খোলিবলৈ যোৰ দি" অৰ্দ্ধ আকাশ "ত add  কৰি দিয়াৰ পৰা অনুগল্প সৰ্ম্পকে এটা ধাৰণা হ'ল|এই খিনিতে নিৰ্মালিক বহুত বহুত ধন্যবাদ লগতে মোৰ লিখাবোৰ অৰ্দ্ধ আকাশৰ যোগ্য বুলি  বিবেচনা কৰাৰ বাবে admin সকলক বহুত বহুত বহুত ধন্যবাদ| অনুগল্পৰ ধাৰণা লৈ মই ও অনুগল্প লিখিবলৈ যত্ন কৰিছো,আশা ৰাখিছো প্ৰকাশৰ যোগ্য বিবে্চিত হ'ব........
                
                 #     "   সৰ্ম্পক"#
বিষয়টো এটা মীমাংসালৈ আনিবলৈ কৰা  প্ৰচেষ্টা টোৱে যে বিপৰীত মুৰ লব তাই ভাবিবই পৰা নাছিল |ননদ জনীক বুজাবলৈ তাই বহুতেই চেষ্টা কৰিছিল এয়া সৰুৱে সৰুৱে ধেমালিতে কৰা কাজিয়া|সিহঁত অবোধ শিশু ,তাহাতৰ কাজিয়াক ডাঙৰে প্ৰশয় দি লাভ নাই.....|কিন্তু হিতে বিপৰীত হে হ'ল ননদ জনীয়ে নোবুজিলেই বাকীবোৰেও তাইক হে হুমকি দিলে|শেষত সদায় অনুভৱ কৰাৰ দৰে অয়নাই এটাকথাই অনুভৱ কৰিলে বিয়া হৈ নতুন কৈ গঢ়া ..এই যে তাইক আবৰি থকাসৰ্ম্পকবোৰ বৰ অদ্ভুদ ....যি মৰম ,ভালপোৱাৰ আদৰ নোবুজে বোজে মাথোন নিজৰ স্বাৰ্থ পুৰণৰ ইপ্সাক.....|
                ##     মনোবল#
          মায়া ,মোহ,কামনাৰ শামুকীয়া খোলাটোৰ ভিতৰতে মানুহৰ জীৱন....|তেওঁ লাগিলে যিমানে শিক্ষিত অথবা অভিজ্ঞতাৰে পুষ্ট ব্যক্তি নহওঁক কিয়|হয়তু সেয়ে মানুহে জীৱন ক্ষন্তেকীয়া জানিও নিজৰ থকাটোক লৈ গৌৰৱ আৰু আনৰ নথকাটোক লৈ হাঁহিবলৈ নেৰে|অলিয়ে জানে  তাই নথকাটোক লৈ তাইক চৌপাশৰ মানুহে হাঁহে,আঘাত দিয়ে,চকুত চকু পানী দিয়ে...|হয়তু অলপ সময়ৰ বাবে তাই বিচলিত হয়,ভগৱানক গোচৰ দি কান্দে,কিন্তু পুণৰ তাই মনোবল গোটায় কাৰণ পোৱা নোপোৱা  বোৰৰ হিচাপ কৰি কৰি কি কৰিব???মৃত্যুৰ লগে লগে সকলোৱেৰ দেহ টো মাটিতে মিলি যাব......|
       # প্ৰতু্ত্ত্যৰ#
কথাখিনি কৈ অনিতা ফোঁপাবলৈ ধৰিলে|ঘৰৰ সকলো আচৰিত হ'ল আৰে নিবুকীৰ মুখত কি যে আখৈ ফুটা মাত ওলাল....|সদায় নিবুকী অনিতা,বিয়াৰ দহ বছৰৰ পাছতে নিবুকী তাই|কিন্তু আজি পুৱাতে জীয়েকক ভাব বহলাই দিয়াটো লিখিবলৈ সহায় কৰোতে বুজিলে হয়তু "হলা গছ দেখিলে সকলোৱে বাগী কোঠাৰ মাৰে"......|

বিষয়টো এটা মীমাংসালৈ আনিবলৈ কৰা  প্ৰচেষ্টা টোৱে যে বিপৰীত মুৰ লব তাই ভাবিবই পৰা নাছিল |ননদ জনীক বুজাবলৈ তাই বহুতেই চেষ্টা কৰিছিল এয়া সৰুৱে সৰুৱে ধেমালিতে কৰা কাজিয়া|সিহঁত অবোধ শিশু ,তাহাতৰ কাজিয়াক ডাঙৰে প্ৰশয় দি লাভ নাই.....|কিন্তু হিতে বিপৰীত হে হ'ল ননদ জনীয়ে নোবুজিলেই বাকীবোৰেও তাইক হে হুমকি দিলে|শেষত সদায় অনুভৱ কৰাৰ দৰে অয়নাই এটাকথাই অনুভৱ কৰিলে বিয়া হৈ নতুন কৈ গঢ়া ..এই যে তাইক আবৰি থকা 
সৰ্ম্পকবোৰ বৰ অদ্ভুদ ....যি মৰম ,ভালপোৱাৰ আদৰ নোবুজে বোজে মাথোন নিজৰ স্বাৰ্থ পুৰণৰ ইপ্সাক.....|
               

No comments:

Post a Comment