*ধাৰনা* মানুহ গৰাকীয়ে অৰ্নগল কথা কই আছিল |তেওঁৰ অতীত বৰ্তমান আৰু পোৱা নোপোৱা বহুত কথা| মানুহ বোৰ তাই একো চিনি নাপাই ক'ত কি ?কিন্তু তাই শুনিবলৈ বাধ্য|কাৰণ মানুহ গৰাকীৰ ড্ৰয়িং ৰূমত তাই বহি আছে| গতিকে তাই নিৰূপায়|ক'ত গল বাৰু তাইৰ শাহু?মানুহ ঘৰলৈ ফুৰাব আনি শাহু মা ভিতৰত সোমাল|তাই অস্বস্তিত পৰিল |তথাপি তাই শুনিবলৈ বুজিবলৈ যত্ন কৰিলে কি কই মানুহ গৰাকীয়ে কি বা তেওঁৰ অভিযোগ|
মানুহ গৰাকীয়ে কৈ কৈ ভাগৰী নপৰা হৈ থাকোতেই শাহু মা আহি উলাল হি|আহি পাই তেওঁ চিঞৰি উঠিল "ঐ কাকু বাই তই ইয়াত বহিলি হি ,যা যা নিজৰ কাম কৰ গৈ,অৰূপে গা ধোই আছে তাৰ কাপোৰ বোৰ ধোই দিবি যা" মানুহ গৰাকী কথা কৈ কৈ উঠি গল| শাহু মায়ে আদৰে পৰিক সোধিলে ..."দিগদাৰ দিছিল নেকি ?" তাই নাই সূচক কৰি মুৰ দূপিয়ালে |"বলা মামী পাকঘৰত আছে তাতে বহি বা"|তাই একো আপত্তি নকৰি শাহু মাৰ পিছে পিছে গ'ল|
পাকঘৰত টুল এখনত তাই বহি ৰ'ল|মামীয়েকে ইটো সিটো সুধিছিল ,তাই হয় ,নহয় ,অ ,আ,ইত্যাদি উত্তৰ দি দি ইফালে সিফালে চাই আছিল|নতুন ঠাই ,নতুন পৰিবেশ ,নতুন ঘৰ ,নতুন সম্বন্ধ কিবা এটা কবলৈ ভয়,সংকোচ লাগে| যদি নগৰত জগৰ লাগে কেনেবাকৈ...|
মামী,মামা ৰ ঘৰৰ পৰা আহি ও তাই এই বিলাক একো কথা উলিয়াব নোৱাৰিলে |কোন কাকু বা? ইয়াত কি কৰে ?কিয় তাই শাহু মায়ে মানুহ গৰাকীক কাম কৰিবৰ বাবে উঠাই পঠালে ইত্যাদি ইত্যাদি.....:|
কাকু বাৰ কথা তাই সুধিল হয় যদি নিয়ৰৰ লগত তাইৰ প্ৰেম বিবাহ হল হয়|কিন্তু ঘৰৰ পৰা চাই চাই চৰকাৰী অফিচত কাম কৰা দৰা বাছিচে|গতিকে প্ৰতিটো কথা কামত তাই ভয় সংকোচ |নিয়ৰ বা কেনে মানুহ ?কি ভাল পায় ?কি বেয়া পাই একো নাজানে|বিয়া খনো বৰ সেনকালে হল|তাইক চাব যাওঁতে নিয়ৰ দিল্লী আছিল |নিয়ৰৰ মাক দেউতাকৰ পচন্দ তাই |গতিকে নিয়ৰ বিষয়ে তাই নাজানে বৰ বিশেষ|মাক দেউতাকৰ পচন্দত জীৱন সংগী বাচি লোৱা লৰাটো ৰ মনটো বা কিমান আধুনিক?গতিকে তাই মনে মনে থাকিল |
এই কম সময়ৰ যুগ্ম জীৱনত তাই নিয়ৰক যিমান দুৰ বুজি পাইছে নিয়ৰ ল'ৰাটো ইমান বেয়া নহয়...|মানে আনৰ কথা বুজিব পৰাকৈ তাৰ মনটো বহল|এই কথা তাই খোৱা খুবুনী ৰ দিনা ৰাতিয়ে গম পাইছিল|ভাগৰী পৰা পৰি(তাই)নতুন মানুহ জনৰ কাষত ভয়,সংকোচত জয় পৰি গৈছিল|নিয়ৰে মাথো কৈছিল "ভাগৰ লাগিছে?দিনটো মেৰো বৰ পৰিশ্ৰম হল |বৰ টোপনী আহিছে |শুই যাওঁ|গুড নাইট"|নিয়ৰ শুই পৰিছিল| সি পুণৰ তাই লৈ চাই কৈছিল "টোপনী নাই নেকি তোমাৰ?""টোপনী আহিলে ড্ৰীম লাইট টো জ্বলাই শুবা|"মোৰ আন্ধাৰত ভয় লাগে"|;হু..তাই হাঁহিছিল|হাহিঁলা কিয়?তাৰ প্ৰশ্নত তাই একো উত্তৰ দিবলৈ ভাবি পোৱা নাছিল|নিয়ৰৰ প্ৰশ্নটো প্ৰশ্ন হৈ থাকিবলৈ দি ফুলশয্যাৰ সাজযোৰ সলাই টোপনী যাবলৈ যত্ন কৰিছিল তাই|
গতিকে তাই যি ধাৰণা হ'ল নিয়ৰ ইমান বেয়া ল'ৰা নহয়|মানে আনৰ আবেগক সি বুজি পাই|খোবা খুবুনীৰ পিছদিনা ৰাতিপুৱা বিচনা পৰা চলেৰেসোমাই আহা মাহী পেহীৰ সকলো ফালৰ ননদ কেইজনীৰ পিটিপিটাই ঘূৰা চকু কেইটা ,মুখ চেপি হঁহা হাঁহিবোৰ দেখি .....তাই হে হাঁহি উঠিছিল|কাৰণ সিহঁতি ভবাৰ দৰে তাই একো কাৰ্যত লিপ্ত হোৱা নাছিল..|তেনে সময়তে নিয়ৰ বাথৰূমৰ পৰা আহি সিহঁত কেইজনী দেখি চিঞৰি উঠিছিল" ক'ত সোমালি তহঁত,যা যা মোৰ অফিচ যাব লাগিব মই উলাও এতিয়া" |" কি আপোনি অফিচ যাব??আ 'মা মই উঠিলো বুলি,তাই লৰা লৰি কৈ উঠি বাথৰূমত সোমাইছিল|
অফিচলৈ উলাই যাব সময়ত নিয়ৰে তাই কাষত ৰৈ কৈছিল :সাত মান বজাত পাম হি...|
:হু,তাইৰ চমু শলাগ |
:সেই এইজনী মোক মিচ নকৰা?
:হু,তাইৰ পুণৰএকেই মাত.......
নিয়ৰ তাইৰ আৰু কাষলৈ আহিছিল,ইমান কাষলৈ যে তাইৰ উশাহবোৰ চুটি হৈ পৰিছিল আৰু শৰীৰত এক অবুজ শিহৰণে খোজ দিছিল ..এখোজ দুখোজ কৈ সেই শিহৰণ তাইৰ শৰীৰত দৌৰিবলৈ লৈছিল...| তাইৰ সেই আবেগৰ মুৰ্হুত্বত সি কাণৰ কাষত ৰৈ কৈছিল "আহোতে মাংস আনিম,বনাব জানা?"
: ঠেইট আপোনিও আৰু ...
তাই কথাষাৰ শেষ নহওঁতে নিয়ৰে তাই ৰ ওঁঠত টপকৈ এটা চুমা আকি কৈ উঠিছিল "বাই".....
:এক অবুজ শিহৰণৰ সৈতে তাই বুকুৰ উঠা নমাবোৰক সাবটি নিয়ৰ উলাই যোৱাৰ ফালে চাই ৰৈছিল...| বহু সময় একে ঠাইতে ৰৈ থাকি তাই ড্ৰেচিং আইনাৰ সন্মুখত বহি নিজকে চাইছিল|দুই ওঁঠত চুই চাই অনুভৱ কৰিব বিচাৰিছিল এজন আচিন পুৰুষৰ স্পৰ্শক ...|যি আচিন পুৰুষৰ লগত তাইৰ জীৱনক বিবাহ নামৰ বন্ধনটোৱে সাঙোৰি দিছে|এই আচিন পুৰুষেই তাই সকলো ...ওৰে জীৱনটোৰ তাইৰ সহযোগী....|
তাই বুকুত ভয় ভয় ভাব এটা লৈ নিয়ৰ লৈ ফোন লগাই ছিল:হেল্লো
:ও কোৱা...
:মায়ে কৈছে মামী ঘৰৰ পৰা আহো গৈ বুলি...|
:যোৱা যোৱা...|
:বাই
:বাই...|
মামীৰ ঘৰৰ পৰা আহি তাই নিয়ৰ আহি পাই চাহ লগত খাব পৰাকৈ পকৰী বনাইছিল |মগুৰ দালি পিহি মান ধনীয়া কাটি বেচনৰ লগত পকৰী বনাই থাকোতেও অৰ্নগল কথা কৈ থকা কাকু বা জনী লৈ তাইৰ মন পৰিছিল|তথাপি তাই শাহু মাক একো নোসোধিল|নিয়ৰ কো একো নোসোধে কাৰণ তাৰ বা কি প্ৰতিক্ৰিয়া হয় এই বিষয়ত...|
নিয়ৰ আহি পাই কামত বহিছিল ,টেবুলত বহি কামত মন দি থকা নিয়ৰক তাই একো দিগদাৰ দিব মন নগল |বেচেৰা দিন টোৰ কামৰ শেষত আকৌ কাম...|তাই চাহ কাপ ৰূম লৈ নি দিলে|নিয়ৰে কাম কৰা টেবুলৰ কাষৰ খিৰিকিয়ে তেতিয়া এখিৰিকি ফাগুনৰ আবেলিৰ মুকলি আকাশ দেখা গৈছিল|নাতি দুৰত থকা পলাশ জোপাই সুমুথিৰা ৰঙৰ চাদৰ খন হে পিন্ধি যেন ৰৈ আছিল প্ৰেমিক পচোৱা জাকৰ বাবে, এই আহিব আৰু আলসতে গাঁথি থোৱা এখিনি সুমুথিৰা উৰুৱাই লই যাব প্ৰেমৰ শিহৰণে চৌপাশ উদ্বেলিত কৰি...|ফাগুনে জুই জ্বলোৱা আবেলিতো ঠেলি সন্ধ্যা আহিবৰ বাবে বেছি পৰ বাকী নাছিল|তাই খিৰিকি খন বন্ধ কৰিবলৈ লওঁতে নিয়ৰে মাত লগালে থাকিব দিয়া পৰি,মোৰ খোলা খিৰিকিৰ কাষত বহি কাম কৰি ভাল লাগে..|তাই মাথো এটা মিচিকি হাঁহি দি নিয়ৰ ইচ্ছা মতেই খিৰিকি খন খোলা ৰাখি কোঠা টোৰ পৰা উলাই গল|
সন্ধ্যা গোঁহাই চাকি দি ধূনা বিচি তাই নিয়ৰ লৈ চালে ..নাই সি কামৰ পৰা উঠাই নাই|
সন্ধ্যা শহুৰ শাহু আৰু ননদক চাহ দিয়াৰ সময়তে নিয়ৰক পুণৰ একাপ চাহ দিলে|আবেলি আহি সি মেগী খাব বিচাৰোতেই তাই মই বনাই দিম বুলি কৈ ততাতৈয়াকৈ মেগী বনাইছিল|সেইয়া যি খোৱা আৰু নাই খোৱা একো...|
চাহৰ জঞ্জাল সামৰি তাই পাকঘৰত সোমাল|কুকুৰাৰ মাংস নিয়ৰে লৈ আহিছিল |তাই কুকুৰাৰ মাংস খাই ভাল পাই কিন্ত নিয়ৰে হাঁহৰ মাংস ভাল পাই বুলিহে কৈছিল শাহু মায়ে|যি নহওঁক তাই হৃদয়ৰ সমস্ত ভালপোৱা ঢালি নিয়ৰৰক সুখী কৰিবৰ বাবে ভাত ৰন্ধা কামত লাগিল| পুৱাতে নিয়ৰৰ দুই ওঠঁৰ আলিংগনে জীপাল কৰি যোৱা তাই ওঠঁ যোৰৰ পৰা যেন মৰমৰ বোৰ তাই সমগ্ৰ দেহত বৈ পৰিছে|জীৱনত পুৰুষৰ ওঁঠৰ প্ৰথম স্পৰ্শ|সামাজিক ভাৱে স্বীকৃত এটা সম্পৰ্ক যাক আগুৱাই নিবৰ বাবে মৰম ভালপোৱাত ডুবিব ধৰা মধুৰত্ম মুহুৰ্ত্বৰ একান্তই প্ৰয়োজন|তাই কুকুৰা মাংস গোটা আৰু জুলীয়া,আলু জলফাই পিটিকা আৰু গাজৰ বিলাহী চাটনি বনালে|শাহু মায়ে ভাত হ'ল নে সোধোতেই তাই ভাত বাঢ়িবৰ বাবে সাজু হ'ল|ইতিমধ্যে নিয়ৰো উঠি আহিছিল|
ভাতৰ জঞ্জাল সামৰি নিজৰ কোঠালৈ যাওঁতে নিয়ৰ বিচনাত বাগৰি আছিল|খোলা খিৰিকিয়ে এখিৰিৰি জোনাক আহি উথ্পথপ কৰি সিহঁতৰ বিচনাত পৰিছিল|ফাগুনৰ জোনাক........ মায়া সনা জোনাক...হীৰুদাৰ ভাষাৰে ফাগুনে মায়া জানে......তাই পুণৰ খিৰিকি খন বন্ধ কৰিবলৈ লওঁতে নিয়ৰে মাতিছিল :পৰি..তুমি কি ছোৱালী জোনাক ভাল নালাগে ?তুমি ভাল পাবা বুলিয়ে মই খিৰিকি খন খোলি থৈছো|তাই একো নামাতি নিয়ৰ কাষত বহিল|শুই থকা নিয়ৰো পৰিৰ কাষ চাপি বহিল |বহু সময় মৌনাতাৰে পৰিৱেশটো সাবটি থাকিল|মৌনতাৰ সময়বোৰ গধুৰ হবলৈ লওতে নিয়ৰে মাত লগালে...: ঃপৰি
ঃকওক...|
ঃকাকু বা ঘৰলৈ যাওঁতে কাকু বা লৈ কি নিলা?
ঃমায়ে মামা মামী আৰু অন্তৰাৰ কথা হে কলে ...|পিছত আপোনাৰ লগত গলে কাকু বা লৈ কিবা লৈ যাম...|
ঃপৰি তুমি একো নাজানা,তুমি নতুন কৈ এই সম্বন্ধ বোৰৰ মাজত সোমাই চা|কাকু বা আনক দি দি আজি সকলোৰে ওচৰত অনাদিতা |কাকু বা মোৰ জেঠাই সৰুৰ পৰাই কাকু বা ক আনক মৰম উপহাৰ আদৰ দিয়া দেখিলো আৰু আজি সকলোৱে কাকু বা ক আনাদৰ কৰা দেখিছো |নিয়ৰে কথাখিনি কৈ দীঘল কৈ উশাহ ললে.|
জোনাকে হিল্লোল তোলা কোঠাটোৰ বিচনা খনত পুণৰ মৌনতাক সাৱটি বহি ৰল পৰি আৰু নিয়ৰ...|ফাগুনৰ অশান্ত পচোৱাজাকে ৰাতিৰ জোনাক খিনিক মহটিয়াই ঘূৰি ফুৰিছিল ধূলি আৰু সৰা পাতবোৰক সাৱটি...|মৌনতাৰ বোকোচাত আগবঢ়া সময়বোৰক শব্দময় কৰি নিয়ৰে কৈছিল..ঃজানা পৰি কাকু বা ঘৰৰ বাবে সকলো কৰিব পৰা ছোৱালী আছিল|কিন্ত আনৰ সুখত নিজৰ সকলো ত্যাগ দিয়া মানুহজনীৰ কপালত ভগবানে সুখ নিলিখিল|ঘৰৰ সন্মত বিয়া হোৱা কাকু বা যেতিয়া নিজৰ স্বামীৰ লগত ফুলশয্যা নিশা দেখা হৈছিল তেতিয়া গম পাইছিল সেই নিদাৰুণ সত্যক ...কাকু বাৰ স্বামী আগতে বিয়া পতা ,জাত কুলক দিহাই দি ঘৰৰ মানুহে তেওঁক কাকু বা ৰ লগত বিয়া কৰাই দিলে..কিন্তু স্বামীয়ে প্ৰথম পত্নীক কেতিয়াও নেৰে..|কাকু বা য়ে কি কৰিব ভাবি পোৱা নাছিল...কিন্ত তেওঁ যাৰ লগত বিয়াত বহিছিল সি যে কাপুৰুষ তাক গম পাইছিল|তেওঁ যাক পত্নী মানে তাক সমাজত চিনাকী নিদি তেওঁক বিয়া পতাৰ কোনো প্ৰয়োজন নাছিল|মৌন হৈ ৰোৱা কাকু বা জনীয়ে আঘাতৰ বোজা সহিব নোৱাৰি মানসিক সন্তোলন হেৰুৱাই পেলাইছিল|কাকু বাৰ অসুখৰ সুযোগ লৈ কাকু বাৰ চাকৰি টো আৰূপ মামাই পাইছিল|মৌন হৈ ৰোৱা কাকু বা জনী কথকী হৈ পৰিছিল|আজি তুমি যেনে দৰে পালা তেনেকৈ কথা পতা হৈছিল ....সংগতিহীন কথা ...নিৰবিচ্ছিন্ন ভাৱে...|
তুমি ভাবি আছা তুমি মোৰ মা দেউতাৰ পচন্দ..কিন্তু নহয়.. তুমি মোৰ পচন্দ|তোমাক দেখি পচন্দ কৰি তোমাৰ বিষয়ে সকলো জনাৰ পিছত তোমাক বিচাৰি মা দেউতাক তোমাৰ ঘৰলৈ পঠাইছিলো..|তোমাৰ কোনো ভাল লগা ব্যক্তি আছে নেকি?সেইটো কথাও মই জানি লৈছিলো |যেতিয়া গম পালো তুমি চিংগল তেতিয়া হে মই খোজ আগবঢ়াই ছিলো|
:কালিলৈ মোৰ লগত উলাবা|
:ফুৰিব যাব?
:নাযাওঁ,কৰ্ট যাম|
:কিয়?
:কিয় মানে তুমি llb কৰা ছোৱালী ,এনেদৰে ঘৰত বহি থাকিবা নে ?কালিলৈ যিমান পাৰো ফৰ্মেলিটিচ পুৰাই আহিম তাৰ পিছতে তুমি কামটো কনটিনিউ কৰিব পাৰিবা|এনেদৰে ঘৰত বহি থাকিলে মন বেয়া হব ,তাতে বিপদত মানুহক সহায় বিচৰাতকৈ তুমি নিজৰ ভৰিত থিয় দিয়াতো বিচাৰো|তুমি যিহেতু মোৰ অৰ্ধাংগিনী তোমাৰ ভাল টো মোৰ কাম্য|
পুণৰ মৌনতাৰ ঘোঁৰাই চেঁকুৰ দিবলৈ লওঁতে নিয়ৰে পৰিক বুকুৰ মাজলৈ চপাই আনিলে|নিয়ৰৰ বিষয়ে সঠিক সিদ্ধান্ত এটা লব পৰাকৈ তাই নিয়ৰক বুজি উঠিল| এবুকু নিৰাপত্তাৰ আলিংগনত তাই দুচকু মুদি নিয়ৰৰ বুকুৰ মাজত এক অনাবিল আবেগত ডুবিব ধৰিল.....|