সৰাপাতৰ বুকুত
এটা ভালপোৱাৰ
সুহুঁৰি।
সেউজীয়া সপোনটো
বিয়পি পৰে
দীঘলীয়া পদূলিত…|
নিস্তৱতাক সাৱতি
দীঘল ধূলিয়ৰি
নিশাবোৰ বগোৱাবাই
তোমাৰ বুকুত ফাগুন…|
হালধীয়া সপোনক প্ৰাণ
দিয়া তুমি…
শুকান বতাহতো কামনা
জগোৱা তুমি,।
কাৰোবাৰ কবিতা ত ধৰা দিয়ে
তোমাৰ বুকুৰ কোমল জোনাক…|
নগ্ন বিৰিখত কেতেকীৰ অমিয়া মাত।
মদাৰত মাদকতা,পলাশত হেপাহঁ
ফুলু নুফুলো নাহৰৰ কলিত গাথি দিলো
যৌৱনৰ হেপাঁহ…|
নিৰ্জন দুপৰীয়া যেতিয়া
তোমাক অনুভৱ কৰো
শুকান ৰাতি বোৰক দুখক সাৱতি যেতিয়া
তোমাৰ সৈতে সহবাস কৰো
নিস্তৱতাত শব্দৰ নৈ হৈ তুমিয়ে
মোৰ বুকুত অনুৰিত হোৱা।
ফাগুন তোমাৰ সৈতে মোৰ ভাল পোৱা
হালধীয়াত সেউজীয়া সপোনৰ আশা… ।
ধূলিময় বতাহত জীৱনৰ হেৰুৱা মাদকতা…|
তোমাক ভালপোৱাতে মোৰ জীৱনৰ সেউজীয়া…|
ফাগুন তোমাৰ বুকুতে প্ৰৱাহিত মোৰ সত্বা…|
(বিঃদ্ৰঃ_কবিতাতো D.K.D. কলেজত M.A. কৰোতে ২০১১ চনত প্ৰাচীৰ পত্ৰিকাত লিখা)
No comments:
Post a Comment