Thursday, November 19, 2015

কাজিৰঙা অৰ্কিডৰ বাগিচাত এদিনৰ-One Day in Kaziranga Orchid Garden

               কাজিৰঙা অৰ্কিডৰ বাগিচাত এদিন
  যোৱা ইংৰাজী ১৫/১১/২০১৫ তাৰিখে ৰবিবাৰে আমাৰ স্কুলৰ শিক্ষয়িত্ৰী কেইগৰাকী লগতে আমাৰ সকলোৰে পৰিয়ালৰ দুই এজন সদস্য লগত লৈ কাজিৰঙাত কৃষক নেতা অখিল গগৈয়ে পতা অৰ্কিড গাৰ্ডেন খন চাবলৈ গলো।প্ৰায় ১০৺৪৫ মানত তাত উপস্থিত হলো।তাত উপস্থিত হৈ প্ৰথমে টিকত কাউনণ্টাৰৰ পৰা টিকত ললো।ভিতৰত সোমাই প্ৰথমতে অৰ্কিড বিলাকক  বিশেষ ভাৱে সংৰক্ষণ কৰা ঘৰত সোমালো তাতে মণিপুৰৰ ছফিয়া নামৰ যুৱতী গৰাকীয়ে মোক আৰু মোৰ স্বামীক গাইড দিলে।ছফিয়াৰ কথাকোৱা ভংগী আৰু সপ্ৰতিভ ব্যক্তিত্ব মোৰ ভাল লাগিছিল।মই বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তুলিলত তাই  oh my God! आप इतने सबाल करती हो কই গৈছিল। আদিৰ পৰা অন্তলৈ অৰ্কিড বাগিচা খন মোৰ ভাল লাগিছিল।তাত থকা সময়চোৱাত মোৰ মনত হোৱাএকান্তই ব্য ক্তিগত অনুভৱ বোৰক লিখিছো।
        প্ৰথম অৱস্থাত অৰ্কিড গাৰ্ডেন খনৰ সন্মুখত থকা নামফলক কেইখন য'ত অকল ইংৰাজী ভাষাত লিখা আছে।এচিয়াৰ দুখন দেশ জাপান আৰু চীনৰ কথা সদায় শুনো যে তাত নিজৰ মাতৃ ভাষাত সদায় ওপৰত লিখা থাকে তাৰ পৰাহে L2 or L3 ৰ ব্যৱহাৰ কৰে।তেনেদৰে অসমত বাস কৰা অসমীয়া ৰূপে অসমীয়া ভাষাতোক সদায় আগ স্থান দিলে ভাল পাওঁ|
দ্বিতীয়তে প্ৰৱেশ মূল্যৰ প্ৰসংগত কওঁ যে এজন চহা কৃষকে যদি তেওঁলোকৰ প্ৰতিনিধি নেতা জনে পতা বাগিচা খন নিজৰ পৰিয়ালক  দেখুৱাবলৈ যায় তেতিয়া হলে প্ৰৱেশ মুল্যতো সাধাৰন কৃষক জনৰ বাবে বেচি হ'ব বুলি ভাৱো।কাৰণ কৃষকৰ ছোৱালি যেতিয়া  এই কথাতো মই অনুভৱ কৰিব পাৰো।
   তৃতীয়তে অৰ্কিড ঘৰত প্ৰতিজোপা অৰ্কিডৰ নামফলক দিয়াৰ ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰী বেছি লাভবান হ'ব। কাৰণ প্ৰতিজোপা অৰ্কিডৰ নাম তথা বৈজ্ঞানিক নামৰ লগতে সেই প্ৰজাতিৰ অৰ্কিড ক'ত পোৱা যায় প্ৰতিজন বিদ্যাৰ্থীয়ে মনত ৰাখিব নৱাৰিব কাৰণ  প্ৰতিজন বিদ্যাৰ্থীৰ I.Q. ইমান প্ৰখৰ নহয়।
চতুৰ্থতে অৰ্কিডৰ ফটো ৰখা ঠাইতো অৰ্কিডৰ নামটো ফটোৰ তলত অকল ইংৰাজীতহে দেখা পালো।
বীজৰ ভঁৰালতো অসমীয়া মানুহে কৰা আৰু শস্যৰ গুটি সংৰক্ষন কৰি ভৱিষ্যতে ডাঙৰ কৰিব বুলি আশা ৰাখিলো।
খাদ্যৰ ক্ষেত্ৰত নিৰামিষ অসমীয়া খাদ্যৰ প্ৰচলন কৰিব পাৰিলে ভাল বুলি ভাবো।কাৰণ স্থানীয় মাছ বা অন্য প্ৰাণী বধ কৰি খাদ্য পৰিৱেশন কৰাতৈ প্ৰাণী বধৰ বিৰূদ্ধে সজাগতাৰ প্ৰচেষ্টা এটা আৰম্ভ কৰিলে কেনে হয়?
ব'টিংৰ ব্যৱস্থাৰ আৰু উন্নতি হ'ব ভৱিষ্যতে কিন্ত তাত যেন পৰম্পৰাগত নৌকাৰ ব্য ৱস্থাতো সদায় থাকে ।ইয়াৰোপৰি তাত এটা পুখুৰীত অসমীয়া মানুহৰ পুখুৰী পথাৰত পোৱা আমাৰ চিনাকী মাছ পুঠি টোৰা বটীয়লা ইত্যাদি পুহিবৰ ব্যৱস্থাকৰিব পৰাযায়।
তদুপৰি এটা চুইমিং প'লৰ ব্যৱস্থা কৰি তাত অসম বা উত্তৰ পূবৰ কোনো এজন ভাল কিন্ত  অখ্যাত সাতুৰিবদক ৰাখিব পৰা যায়।
     শিলৰ যিখন বাগিচা আছে তাত থকা নামফলক খনো ইংৰাজীতে আছিল।কিন্ত তাত প্ৰাকৃতিক শব্দটো ব্যৱহাৰ কৰিলে ভাল লাগিব কাৰণ শিলৰ বাগিচাখন প্ৰাকৃতিক শব্দটো ব্যৱহাৰ কৰিলে ভাল লাগিব কাৰণ শিলৰ বাগিচাখন প্ৰাকৃতিকভাৱে আগৰ পৰা তেনে ৰূপতে আছে।
     অখিল গগৈৰ এই পদক্ষেপ প্ৰসংশনীয়।তেওঁৰ অৰ্কিড গাৰ্ডেনৰ পদেক্ষপটোৱে আৰু এটা কথাতো সুফল আনিছে।তাত আমাক গাইড দিয়া চুফিয়া আছিল মনিপুৰৰ দুহিতা ।তাই কৈছিল নৰ্থ ইস্টত থকা কিছুমান প্ৰজাতিৰ অৰ্কিড আনিব পৰা হোৱা নাই কাৰণ সেইবোৰৰ বাবে শীতল পৰিৱেশৰ প্ৰয়োজন যিবোৰ ইয়ালৈ আনিলে মৰি যোৱাৰ সম্ভাৱনা আছে।তাত আমেৰিকাৰ Dancing girl  নামৰ অৰ্কিডতো দেখি ভাল লাগিছিল।মই যেতিয়া কেনেকৈ ডেন্সিং গাৰ্ল লাগিছে মোৰ নাই লগা কলো তেতিয়া তাই বুজাই দিছিল ফুল পাহ  এটা অংশ  কেনেকৈ ছোৱালিৰ ফ্ৰকৰ আকৃতি লৈছে এটা অংশ হাত ইত্যাদি।মোৰ ভাল লগা কথাটো আছিল তাত যে এজনী মনিপুৰৰ যুৱতীয়ে কাম কৰিছে আৰু ইমান সুন্দৰকৈ হাঁহি কথা কৈছে,তাইৰ দৰে অন্য  ৰাজ্যৰ যুৱতী যুৱক ইয়াত নিয়োজিত হৈ আছে যিটোৰ জৰিয়তে সাত ভনীৰ সম্পৰ্কৰ মধুৰতাৰ পুণৰটনকিয়াল হব।
           তাত থকামহিলাসকলে যি  পৰম্পৰাগত সাজপাৰ পৰিধান কৰিছিল তাক  মোৰ ভাল লাগিছিল।কাৰণ আমাৰ জনজাতিয় আৰু পৰম্পৰাগত সাজপাৰত তাত বিভিন্ন কামত নিয়োজিত হোৱা যুৱতী তথা বোৱাৰী সকলক বৰভাল লাগিছিল।সেই মহিলাসকলে নিজৰ  পৰম্পৰাটোক কেনেদৰে নিজৰ কামত নিয়োজিত থকা অৱস্থাতো অক্ষুন্ন ৰাখিছিল।
          তাত কাৰ্বি চাং ঘৰ এ টা আছিল য'ত চাৰিফালে অৰ্কিড ওলমাই ৰাখিছিল আৰু তাত বহি বৃদ্ধ পৰা যুৱক যুৱতী সকলে গীত নৃত্য পৰিৱেশন কৰিছিল আৰু ইংৰাজীত সেই নৃত্য ৰ কথা তাৰ উৎপত্তিৰ কথা কৈছিল। তাত বছি সময় ৰোৱা নাছিলো যদিও স্নেপ দুটামান লোল।
           ঠাইয়ে ঠাইয়ে মানুহ বহিব পৰাকৈ বেঞ্চ আছিল ওপৰলৈ বগাওতে মই বহি লৈছিলো।
       বৰ্তমান নিৱনুৱা  সমস্যা বাবে অৰ্থনৈতিকভাৱে পিছপৰি যোৱা আমাৰ উত্তৰ পূব অঞ্চলটোত যে এই অৰ্কিড গাৰ্ডেন খনত নিয়োজিত যুৱক যুৱতী সকলে নিয়োজনৰ এক পথ পাইছে।অৰ্কিড গাৰ্ডেন খনে নিয়োজনৰ এক নতুন পথ মুকলি কৰিছে।
        অৰ্কিড গাৰ্ডেন খন চাবলৈ যাওতে আৰু এটা দিশ মন কৰিছিলো,অৰ্কিড গাৰ্ডেন খনে ওচৰ চুবুৰিয়া মানুহৰ বাবে জীৱিকাৰ এক নতুন পথ মুকলি কৰি তুলিছে। কাৰণ এখন গাড়ী পাৰ্কিং কৰাৰ বাবদ তেওঁ লোকে ₹২০ কৈ পাইছিল।ইয়াৰোপৰি তাত সচৰাচৰ অসমত পোৱা থলুৱা ফলমূল বজাৰ এখনে তাত গা কৰি উঠা দেখা পাইছিলো।বা গিচা ৰ বাহিৰত আৰু ভিতৰত থলুৱাভাৱে উৎপাদিত পোছাকৰ দোকান দেখা পাইছিলো। বাগিচাৰ চৌপাশৰ মানুহবোৰৰ বাবে বাগিচা খনে এক নতুন আশাৰ  দিগন্ত মুকলি কৰিছে।কাৰণ বাগিচা চাবলৈ আহা মানুহক যোগান ধৰা নিৰ্দিস্ট সেৱাৰ বিনিময়ত তেওঁলোকে নিৰ্দিস্ট মূল্য আহৰণ কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment