তেওঁ নিজেই নাজানে তেওঁ কোন ?
তেওঁ বীণাৰ সেই তাৰ
যি ছিগি গলে নুঠে সংগীতৰ
অমিয়া লহৰ…।
তেওঁ সেই গছি চাকিৰ শলিতা
যাৰ পোহৰে দূৰ কৰে শত হ্ৰস্বজনৰ প্ৰজ্ঞাৰ তৃষ্ণা……।
যাৰ অবিহনে মাথোন তমসা দশোদিশ।
শতজন হৈপৰে মৰুৰ মাজত মৰিচিকা
খেদা উদ্ভান্ত তৃষ্ণা তুৰ পথিক।
তেওঁ……তেওঁএডাল মমবাতি
যি জ্বলি জ্বলি পোহৰ বিলাই……|
নাশি নিয়ে কাল আন্ধাৰ…
তেওঁ এডাল ধূপকাঠি
যাৰ জীৱনৰ উৰ্চগিত আৰতিৰ বাবে…|
তেওঁ সেইউদাৰ আকাশ
যাৰ বিশালতাই সামৰি লয় আমাক।
তেওঁৰ অবিহনে ৰিক্ত জীৱন
ৰিক্ত আমাৰ জীৱন সাধনা…|
প্ৰজ্ঞাৰ সাধক শাশ্বতৰ পূজাৰী
তোমাৰ অবিহনে নিৰৰ্থক আমি…|
সময়ক তুমি নতুনত্ব দিয়া
নাশি নিয়া জীৱন বাটৰ আন্ধাৰ…|
উৰ্চগিত কৰা তুমি নিজক
প্ৰজ্ঞাৰ জ্যোতি বিলাই।
সেই নমস্ব্য,হে শ্ৰদ্ধাৰ আমাৰ
পূজনীয় শিক্ষা গুৰু
শিক্ষক দিৱসৰ এই পৱিত্ৰ ক্ষণত
তোমাৰ চৰণত শতকোটি প্ৰণিপাত জনাওঁ…|
(বিঃদ্ৰঃ _কবিতাতো ২০০৯ ত স্নাতক ৩য় বৰ্ষত থাকোতে শিক্ষক দিৱসৰ দিনা পাঠ কৰিবৈল লিখা হৈছিল।)
Sent via Micromax
No comments:
Post a Comment