তেওঁৰ উশাহত উশাহ এৰি দিছিলো,,,
বুকুত বুকু থয়
ডুব গৈছিলো মৰমৰ মাজত;
সেউজীয়াৰ প্ৰত্যশাত তেওঁ হাতত ধৰি নেওচি
আহিছিলো হালধিয়া ফাগুনক
বসন্ত যে তেতিয়া ৰিঙ এটাৰ বাট।
বিশ্বাসৰ আঘোণক তেওঁবাৰিষাৰ বানে প্লাৱিত কৰিছিল
বুকুত গুজি দিছিল বিষাদৰ ঝাওঁ বন।
জোখি চাব নোৱৰা
মনৰ মৰমবোৰ বনৰ কেতেকী হৈ
মৰহি পৰিছিল।
দুৰলৈ সুগন্ধি আতৰি গৈছিল,
নেদেখা ৰাতিৰ বুকুত মই পৰি ৰইছিলো
প্ৰতুষ্য চোৱাৰ হেপাহঁত…।
No comments:
Post a Comment