Wednesday, November 4, 2015

পথাৰৰ কবিতা

হেমন্তৰ সোনগুটি বোৰে
ভৰাঁল উপচি পৰে…|
ৰিক্ত হৈ পৰে উদং পথাৰখন
এলাগী নৰাবোৰক সাৱতি।
উদং আকাশৰ তলত সিহঁত
পুৱা আৰু আবেলি নিয়ৰত তিতে আৰু
শীতত কপিঁ কপিঁ
ৰাতিতোৰ বুকুত একেদৰে আকাশলৈ
মুৰ দাঙি ৰয়…|
ৰ'দত লেৰেলে ৰ'বাব টেঙাৰ বাকলি ।
দুদিন আগতে যি হয়তো
এফেৰা নিমখ আৰু দুটা খুদ জলকীয়াৰ
সৈতে নিগৰাইছিল কাৰোৱাৰ জিভাৰ পানী
কালিলৈ কে হাঁহি ত উপঙি ফুৰা পথাৰখনত
ৰ'দটোৱে অকলে গা ধোৱে।
দুপৰীয়া কান্ধত ডাঙৰি ভাৰ বৈ অনা কোনো পাহুৱাল
ডেকাৰ ঘামত তিতি নুঠে দেহা
কোনো গাভৰুৱে মুৰৰ পৰা
গামোচা খহাই গছৰ ছাঁ জিৰাই মুৰ তুলি আকাশল চাই
অচিনা শিহৰণত পুলকিত নহয়…|
নাভাৱে গধূলি ঘৰমুৱা হওঁতে
ধূলিয়ৰি বাটত লগ পাম তেওঁক
অনাহুত বৰষুণ জাকত অকলে তিতে
পথাৰখন নিৰৱে ।
দুখবোৰ ভগাই লবলৈ কাষলৈ কোনো নাহে এতিয়া…
কেতিয়াবা উদং এলগী পথাৰখনত নৰাবোৰ
গচকি বতাহত উশৃংখলতাৰ চিঞৰ বিয়পাই…|
লেচেৰি বুটলাৰ নামত এজাক উদন্দ শিশুৱে…|
সিহঁতৰ সুহুৰিত বতাহে কঢ়িয়াই নিয়ে
দুৰ দিগন্ত লৈ…|

কঁপি উঠে শীতৰ আচোৰত  আড বয়সীয়া আহঁতৰ পাত
খিল খিল শব্দৰ অনুৰনে দুপৰীয়াৰ মলয়াত…|
এতিয়া আঘোণ ভৰাঁল ত আৱদ্ধ
মনত আৱদ্ধ ৰং
উৰুকালৈ আৰু আঙুলি মুৰত দিন
বিষাদত তিতা পথাৰখনে পুনৰ উল্লাহত উথলিব…|

No comments:

Post a Comment