Thursday, August 22, 2019
#সন্ধান(কবিতা) সুখে যেতিয়া হেৰুৱাই পেলাই সংজ্ঞা দুখে মোৰ বুকুত ঘৰ বান্ধে... উশাহ বোৰ গধুৰ হয় দুখৰ হুমুনিয়াহত সুখ শেৱালি, ৰাতি হাঁহে জোনাকত উদঙাই পাট গাভৰু দেহা ভৰুণ বুকুত খামুচি শীতল নিয়ঁৰে গাই প্ৰেমৰ গান, আবেগৰ গান , আদিমতাৰ গান, নিৰ্ল্লজতাৰ গান সমৰ্পণৰ গান..... বতাহে বিয়পাই সেই সুখৰ গোন্ধ যি সুখৰ মই উন্মাদ প্ৰেমিক... যি সুখ মৰিচিকা হৈ আহে মোৰ বাবে প্ৰতি পুৱতী যেতিয়া নিয়ৰে উদ্ভাসিত সুৰুয দেখি খামুচি থকা গছপাত খিলা এৰি মাটি বিলিন হৈ পৰে... তেতিয়াই মই আহত হওঁ মোৰ দুচকু ৱে সুখত খিল্ খিলা্ই প্ৰেমত নিমজ্জি শেৱালি পাহক বিচাৰে বুকুৱে বিচাৰে সেই আটোল টোল নিভাজ মৰমৰ স্পৰ্শ য'ত বিলনি আছিল শেৱালি জোনাকত তিতি, নিয়ৰ সৈতে মিতিৰালি পাতি মোৰ আঙুলিয়ে স্পৰ্শ কৰিব বিচাৰ সেই সুখক যাৰ স্পৰ্শত মই উন্মাদনাৰ দিকভ্ৰান্ত পথৰ পৰা শীতলতা শুভ্ৰতাত হেৰাব বিচাৰো পৰিতৃপ্ত হব খোজো শ্বাশতাৰ অনুভৱেৰে..... |
Sunday, August 18, 2019
#অনুগল্প #আপোন ঘৰ বিয়া হোৱাৰ দিনা সকলোৱে তাইক বুজালে এতিয়াৰ পৰা ৰক্তিমৰ ঘৰখনেই তোৰ ঘৰ, তাৰ মাক বাপেক তোৰ নিজৰ মা দেউতা,সেই ঘৰখনৰ মংগলৰ বাবে তই কাম কৰিবি|সেই কথাবোৰকে মানি তাই বাহি বিয়াৰ দিন ধৰি সেই ঘৰৰ বাবে দেহে কেহে কৰি গল |কিন্ত এদিন যেতিয়া সামান্য কথাতে শাহুৱেকে তাইক খঙত কলে "এইখন তোৰ ঘৰ বুলি ভাবিছ নেকি? বেছি ফৰ ফৰ কৰিবি বাপেৰক মাতি মাৰৰ ঘৰলৈ পঠিয়াই দিম!|!" তেতিয়াহে তাই বিবুধিত পৰিল প্ৰকৃততে তাইৰ ঘৰ কোনখন?? এই প্ৰ শ্নটোৰ উত্তৰ বিচাৰি তাইৰ মনটোৱে হাহাকাৰ কৰি উঠিল!!!
#কবিতাৰ শিৰোনামা :"আশা" উন্দোলাই আনা আকাশৰ তলত এপথাৰ সেউজীয়া শিপাইছে.... | যি সেউজীয়া ই প্ৰতিহত কৰিব এদিন দুখ আৰু কপালৰ ঘামৰ অব্যক্ত মালিতা| হে আকাশ.... তই তিমিৰৰ আলিংগনক বাঢ়িব নিদিবি মোৰ বুকুত..| অ' আনামী বতাহ, উন্মনা নহবি. ..নহবি উন্মনা| মোৰো বুকুত শিপাব দে সেউজীয়া বাঢ়িব দে আবেগৰ বোকোচাত... | হুৰ ...হুৰ... হুৰ.... কৈ খেদাই দে খেদাই দে... অ'বতাহ কলীয়া মেঘ খেদাই দে..... | শুকুলাৰ আবাহন কৰি দে... | ফুলক শেৱালি, ফুলক কহুঁৱা শুভ্ৰতাৰ দলিচা পাৰি বিয়পক ৰূপালী জোনাক মোহনীয়া... | উন্দোলাই অনা আকাশত হওক শুকুলাৰ আগমন....! দুখৰ হুমুনিয়াহ মোৰ শুভ্ৰ হওক শুভ্ৰ হওক মোৰ অপ্ৰাপ্তিৰ বেদনা মোক বধিৰ কৰি তোলা হতাশা মোৰ নিৰাশাৰ বালিচৰত সজীৱ হৈ উঠা অফলতাবোৰ শুভ্ৰ হওঁক শুভ্ৰ হওঁক সকলো ৰঙ হেৰাই যাওঁক এই শুভ্ৰতাত সকলো একাকাৰ হওঁক এই শুভ্ৰতাত.... |
Tuesday, August 13, 2019
#অনুগল্প #অনুভৱ ছোৱালীজনী মাকৰ লগত নিচাকৰ ঘৰলৈ আহিল|নিচাকৰ(মামা ক)ঘৰ সকলোৰে বাবে বৰ হেঁপাহৰ |কিন্তু ছোৱালীজনী অহাৰ পৰা আপাক জনীয়ে তাইৰ বিষয়ে মাকৰ আগত ইটোৰ পিছত সিটো আপত্তি দিবলৈ লাগিল|আপত্তি মানে ছোৱালী মানুহ আমুকটো কৰে তাই, ছোৱালী মানুহ আমুকটো পিন্ধে, আমুকৰ লগত যায়..... ওহ্ এশ এবুৰি আপত্তি!! ছোৱালীজনী ৰ খং উঠিল, বাৰে বাৰে নৌৱোয়েকৰ কথাবোৰৰ উত্তৰ দি দি তাইৰ নিৰ্দোষীতাৰ কথা কবলৈ যোৱা মাক জনীৰ প্ৰতি তাইৰ বেয়া লাগিল|খং ত তাই আপাকক উদ্দেশ্যি কৈ উঠিল.... "আপোনী এজনী মাকৰ ছোৱালী কিন্তু এজনী ছোৱালীৰ মাক নহয়, গতিকে আপোনী অনুভৱ কৰিব নোৱাৰে গোটেই পৃথিৱীখনক মিছা কলেও জীয়েকে মাকক মিছা নকয়, কাৰণ তাই জানে তাই মাকৰ গৌৰৱ আৰু অহংকাৰ"|
Tuesday, July 9, 2019
# গল্প #সিদ্ধান্ত শৰতৰ অবেলিটোত পাইন ৰঙৰ সেউজীয়া চুৱেটাৰ পিন্ধা হৃদয় আহি তাইৰ বুকুত সোমাইছিল |অফিচৰ ব্যস্ততা বোৰক অঁতৰাই তাই হৃদয়ৰ কাষলৈ দৌৰি আহিছিল|কি জুন কি জুলাই কি ছেপ্তেম্বৰ চেৰাপুঞ্চীৰ আকাশৰ সেমেকা শুকুলাৰ সৈতে তাৰ পাইন ৰঙী চুৱেটাৰটো সদায় গাত আছিল|কাৰণ হৃদয়ৰ স্কুলৰ এইটো ইৰ্উনিফম আছিল|তাই হৃদয় ক গাড়ীত উঠাই চিট বেলট ডাল লগায় দিয়ে |গাড়ীৰ স্টেৰিঙত হাত থৈ তাই হৃদয়ক সোধে :পৰীক্ষা কেনে হ'ল? :গুড, মম :তুমি মোক মা কবা, কিমান কম মম মম নকবা বুলি | :অ'কে মম হৃদয়ে হাঁহে, সুৰভীয়েও হাঁহে, তাই জানে পিতেকে তাইৰ ৰং চাই খং তুলাই...| হৃদয়ৰ ক লৈ তাইৰব্যস্ততা বোৰ শেষ নহওতে ৰক্তিম আহে |পুণৰ তাক লৈ ব্যস্ততা বাঢ়ে সুৰভীৰ |ব্যস্ততা যেন সীমা বিহীন |ইটোৰ পাছত সিটো, সিটোৰ পাছত ইটো| ৰক্তিমো ব্যস্ত ,তাৰো বৰ সময়ৰ আজৰি নথকা জীৱন..... এই শ্বিলং, এই গুৱাহাটী ,অফিচৰ কামৰ হেঁচা বোৰ বাঢ়ে তাৰ ..| হৃদয়ৰ বাবে গাড়ী লৈ Thomas john school of mission ৰ সন্মুখত ৰওতেই ৰওতেই হৃদয় ডাঙৰ হৈ গৈছিল |গীটাৰৰ সৈতে সি একাত্ম হ'বলৈ শিকিছিল|ছবি আঁকিছিল সি পাইনৰ সেউজীয়াৰ মাজত হেৰাই যোৱা ডাৱৰৰ |সুৰভীয়ে শিল্পী বেয়া পোৱা নাছিল |কিন্তু নিজৰ শিল্পী সত্বাক প্ৰকাশ কৰিবলৈ গৈ অতিৰঞ্জিত আচৰণ কৰাতো বেয়া পাইছিল |হৃদয় ঠিকেই আছিল তাই আৰু ৰক্তিমৰ বুকুতে আছিল সি. ,সিহঁতৰ আদৰুৱা পুত্ৰ হৈ | শাৰদীয় জোনটো সাৰ পাব হৈছিল |পাহাৰীয়া ঠাই |সন্ধ্যাৰ লগে লগে জনজীৱনৰ গতিৰ স্থিৱিৰতা আহি পৰে|সুৰভীয়ে প্ৰয়োজনীয় বজাৰ কৰি অলপ খৰখেদাকৈ ঘৰলৈ গাড়ী দৌৰাইছিল|পাহাৰীয়া ৰাস্তা, নিৰ্দিষ্ট নিয়মৰ বাহিৰত থাকি গাড়ীও চলাব নোৱাৰি| গাড়ীখন গেৰেজত ভৰাই আকাশ লৈ চাইছিল তাই |চিৰিলি চিৰিলি পাইনৰ পাতৰ ফাঁকে ফাঁকে জোন টো আকাশত ৰৈছিল |শৰতৰ আগমনে চেৰাপুঞ্জীলৈ বহুত ঠাণ্ডা নমাইছিল |এঢলীয়া পাহাৰত জোনাকে গা ধোৱা শাৰদী নিশা.... |পাহাৰৰ প্ৰতি থকা উন্মাদ প্ৰেমৰ বাবে ৰক্তিমে তাইক লৈ আহিছিল মেঘালয়ৰ এই বিশেষ ঠাই খনলৈ|সি ইয়াৰ পৰা ইচ্ছা কৰিলে বদলি হব পাৰে কিন্তু সুৰভীৰ বাবে সি ইতয়াতে আছে|ৰক্তিমেও ভাবে সুৰভীৰ হেঁপাহ পলাওক |পাহাৰৰ প্ৰতি তাইৰ প্ৰীতি অহেতুক হৈ বাঢ়ে... নকমে কিন্তু.... | হৃদয় আহিল|খোলা ৰ্দজা দেখি সুৰভীয়ে বুজিলে|তাই বজাৰ কৰি অনা বস্তুবোৰ নিৰ্দিষ্ট ঠাইত ৰাখি গা ধোৱৰ বাবে বাথৰূমত সোমাল|সুৰভীৰ এইটো নিয়ম ক'ৰবাৰ পৰা আহি গা ধোৱা টো|ঠাণ্ডা গৰম সেইটো নাচায়, নিজৰ পালন কৰিব লগা নীতি নিয়মবোৰ তাই মাথো নিয়াৰিকৈ কৰি ভাল পায়| গীটাৰৰ মৃদু সুৰৰ লগত ভাহি থক Alen walker " lily was a little girl " গানটো কোঠাতো হোৱা পোহৰে স্তব্ধ কৰি পেলাইছিল | হিম সৰা শৰত.. | জোনাকে ৰূপোৱালী মায়াৰ চাদৰ পিন্ধোৱা শৰত... | পাইনৰ ফাঁকে ফাঁ কে অবুজ আৱেগৰ সুৰ বিয়পোৱা শৰত.. | সুৰভীৰ বাবে সকলোবোৰৰ মধুৰতা নিমিষতে ধূলি হৈ পৰিছিল | ধূলি হৈ পৰিছিল তাইৰ পাহাৰ প্ৰীতি..... | ড্ৰীম লাইটৰ নীলা ৰঙৰ সাগৰত ডুৱি থকা, এলেনৰ গানৰ সুৰে সুহুৰিয়াই থকা হৃদয়ৰ কোঠাটো চি এফ এলৰ হালধীয়া পোহৰে পৰিবৰ্তিত কৰিছিল বাস্তৱৰ পৃথিৱীৰ অনাকাংক্ষিত মূহুত্বতোলৈ... :মম!!! অপ্ৰস্তুত হৈ থিয় দিয়া হৃদয়ৰ মাতত এক অদ্ভুত ধৰফৰণি.... |তাৰ কান্ধত মুৰ পেলাই সুৰৰ লহৰত হেৰাই যোৱা কিশোৰীজনীও খপজপাই থিয় হয়..... :মম, মিট মাই ফ্ৰেণ্ড এৰিণা... |পৰিস্থিতি টো সহজ কৰি হৃদয়ে ছোৱালীজনীৰ লগত সুৰভীক চিনাকী কৰাই দিয়ে :হাই আণ্টি.... এৰিণাই সুৰভীলৈ সোঁ হাতটো আগবঢ়াই দিয়ে |যন্ত্ৰৱত্ সুৰভীয়ে তাইৰ হাত টো এৰিণাৰ হাতটো স্পৰ্শ কৰিব পৰাকৈ আগবঢ়াই দিয়ে| :তুমি পালাহি যেতিয়া মই এৰিণাক অলপ আগবঢ়াই আহো|হৃদয়ে তাইক এৰি এৰিণাৰ সৈতে ঠাণ্ডা ৰাতি উলাই গৈছিল |এৰিণাক আগবঢ়াবৰ বাবে!!! কিমান দুৰ আগবঢ়াব সি তাইক!!? অলপ আগতে পোহেৰে উদ্ভাসিত কৰা কোঠাটোত সুৰভীয়ে দেখাবোৰ যেন তেনেই সাধাৰণ | একো নাই.. তেনেই সাধাৰণ.. এহাল কৈশোৰৰ দেওনা দেউ দেউ থকা ল'ৰা ছোৱালী... যৌৱন আহো আহো কৈ আছে সিহঁতৰ শৰীৰত, মনত... | সুৰভী প্ৰস্থৰ মূৰ্তি হৈ পৰিছে.. | য'ত ৰৈ এৰিণাক কৰ্মদন কৰিছিল তাতে তাই ৰৈ আছিল... | এৰিণাৰ দেহত যৌৱনৰ তেজাল ঘোঁৰাৰ চেকুৰৰ যেন উকমুকণি|একোচা দীঘল চুলি য়ে তিৰবিৰাই থকা এহাল চকুৱে ...এৰিণা লাস্যময়ী|হৃদয়ৰ কান্ধত তাৰ মুৰ থৈছে, পৰ্দা কোঁচাই জোনাকত ডুৱা চেৰাপুঞ্জীৰ আকাশ চাই হৃদয়ে যেন এৰিণাৰ বাবে গুণ গুণাইছে" lily was a..... "সুৰভীৰ বুকুখন অজান আকাংক্ষাত চটফটাই উঠিল| বহুত কষ্টৰ মূৰত এইমচত এপণ্টমেণ্ট পাইছিল|ৰক্তিমে সুৰভীৰ কাষত ৰৈছিল পাহাৰ ভাল পোৱা সুৰভীৰ আশা বোৰ শুকান মেপলৰ পাত হৈ শুকাই গৈছিল |ডাক্তৰৰ চেম্বাৰত সোমাই যাওঁতে সুৰভীয়ে তাৰ হাতত খামুচি ধৰিছিল.. কিমান আৰু কিমান?? এনেদৰে সুৰভীক সি দৈত্যকায় মেচিন বোৰৰ মাজলৈ ঠেলি দিব ? নালাগে দিয়া সুৰভী, আমি দুটাই দুটাৰ বাবে আৰু কিয়?? কথাষাৰ কৈ সি সুৰভীলৈ চাব নোৱাৰে তাই দুচকুৰ কাতৰতায়ে তাক চেপি খুন্দি পাগল কৰি তুলিব বিচাৰে |সি কাতৰতায়ে প্ৰাৰ্থনা কৰে :হে প্ৰভু সুৰভীৰ প্ৰাৰ্থনা শুনা .....| কিমান বাৰ Tvs কিমান বাৰ আলট্ৰা চাউণ্ড কৰিব??কিমান বাৰ হৰ্মনেল টেষ্ট, সুৰভীৰ শৰীৰটোৰ ওপৰত ডাক্তৰে কৰা পৰীক্ষা নিৰীক্ষা বোৰ চাই চাই তাৰ অশান্তি লাগে| এইমচৰ পৰা অহাৰ পিছত ন মাহ ন দিন সুৰভী বেড ৰেষ্ট আছিল |খোৱা বোৱা সকলো বিচনাৰ ওপৰত!!! কিমান কষ্ট!!! কিমান যাতনাৰ দিন ৰাতি পাৰ কৰি সুৰভীয়ে নিজৰ গৰ্ভত হৃদয়ক ডাঙৰ কৰিছিল সেইয়া বৰ্ণনাব পৰা নাযায় |ৰক্তিমে দেখিছে সুৰভীৰ যাতনাবোৰ|কেনেদৰে সন্তানৰ সুখ ৰ বাবে তাই নিজৰ জীৱনক তুচ্ছ কৰি তুলিছিল|.........আজি সেই সুৰভীয়ে তাৰ বুকুত সোমাই হিকতিয়াই কান্দিছে|এৰিণা নামৰ খাচীয়া ছোৱালীজনীৰ প্ৰতি থকা তাৰ একাত্ম দেখি সুৰভীৰ মাতৃ হৃদয়ে অনিশ্চয়তাত ধৰফৰাই উঠিছে|ৰক্তিমৰ বুকুত সোমাই তাই অভিযোগ কৰি উঠিছে... ...সেই খাচীয়া ছোৱালীজনীয়ে যদি হৃদয়ক মোৰ পৰা লৈ যায়....? ৰক্তিম নিবিকাৰ কেনেকৈ বুজাব সুৰভীক? তাই নোবোজে তাইৰ মাতৃ হৃদয়ে নামানে একো বুজনি... | :ৰক্তিম মই হৃদয়ক অসম লৈ লৈ যাম ,সি তাত থাকি পঢ়িব|নিজৰ মানুহ বোৰৰ মাজত থাকি নিজৰ পৰম্পৰা শিকিব | ৰক্তিমে সুৰভীলৈ চালে এইজনী সেই সুৰভীয়ে নে যি পাহাৰৰ প্ৰেমত পৰি তাৰ লগত গুচি আহিছিল নিজৰ আপোন মানুহক এৰি|এইজনী সেই সুৰভীয়ে যি সিহঁতৰ সন্তানহীন জীৱনটোক লৈ কথা কোৱা আপোন মানুহবোৰৰ ওচৰলৈ ঘূৰি নাযাও বুলি শপত লৈছিল|অথচ আজি এই সুৰভীয়ে পুণৰ অসম লৈ উভতি যাব বিচাৰিছে|ৰক্তিমৰ পিতৃ হৃদয়ে পুত্র হৃদয়ৰ প্ৰতি কান্দি উঠিল... |সি জানো পাৰিব সৰুৰে পৰা ডাঙৰ হোৱা ঠাই খন এৰি নতুন এখন ঠাইত হঠাত্ সহজ হ'ব? তাৰ এই কৈশোৰ যৌৱনৰ সন্ধিক্ষণত থকা জীৱনটোৱে কেনকৈ নিজক সমযোজন ঘটাব প্ৰতি মূহুৰ্তত? যাব জানো হৃদয় একেবাৰে অসম লৈ? সুৰভী ও অবুজ তাইকো পুত্র স্নেহে অন্ধ কৰি তুলিছে... |কি কৰিব নকৰিব একো সিদ্ধান্ত লব নোৱাৰি ৰক্তিমে বৰ অসহায় অনুভৱ কৰিলে|
Sunday, July 7, 2019
#)এটা গল্প # ফেচবুকৰ গ্ৰুপ টোত কিবা এটা পোষ্ট দি ভাল লাগে|কাৰণ তাত দিয়া পোষ্ট বোৰত তাইৰ মনৰ ভিতৰ চ'ৰাত হৈ থকা ভাব বোৰৰ বহিয় প্ৰকাশ ঘটে|মনৰ অলেখ অযুত ভাব বোৰ চিয়াঁহীৰ সহায়ত শব্দ ৰূপ নিদিলে মনতে হেৰাই যায়| আগৰ দৰে গৰম বন্ধ ত উৎসাহ নাই যদিও গৰম বন্ধ আহিলে ভাল লাগে|কাৰণ তাই প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে|গতিকে তাৰ ল'ৰা ছোৱালী বোৰে বন্ধ ঘোষণা কৰা দিনটোত ফুলৰ মালা, ফুলৰ থোপা ইত্যাদি বোৰে বিদ্যালয়ৰ চাৰ বাইদেউ সকলক উপচাই পেলাই|তাই ভাবিলে বন্ধটো হৈ যাওক,বন্ধ দিনা আয়োজন কৰা ফাংচনত অলপ লাগি ভাগি দিব| যিহেতু সৰু লৰা ছোৱালী অলপ তদাৰকৰ দৰকাৰ| নিৰ্দিষ্ট দিনত বন্ধটো আহিল |ফুল মালা গামোচা ফুলৰ থোপায়ে ছাত্র ছাত্রী সকলে চাৰ বাইদেউ সকলক উপচাই পেলালে|নৃত্য গীতৰ অনুষ্ঠান হ'ল |সকলোবোৰ হোৱাৰ পিছত সিহঁত টিচিং স্টাফটো মিলি ৰেষ্টুৰেণ্ট ত গৈ কফি খাল |মনত একখিনিমান আশা লৈ তাই ঘৰলৈ আহিল | আজি শণিবাৰে বন্ধ দিলে |এটা দিন বেচি কৈ পাইছে |ৰবিবাৰ এটা বেচি হৈছে|সময় বেছি হলে ভালে হয় |কম চে কম তাই এটা আশা পুৰণ হ'ব|ঘৰৰ কামৰ লগতে লিখা কামটো আজৰি কৰিব| দেওবাৰে ৰাতিপুৱাৰ লগে লগে তাই ব্যস্ত হ'ল ঘৰৰ কামত |ইটোৰ পাছত সিটো |বাহি চোতালৰ পৰা পাকঘৰলৈ|প্ৰথম মানুহজনক উলিয়াই পঠালে তাৰ পিছত শহুৰ|শাহুৱে বুলে তুমি থাকা মই নামঘৰত নাম লোৱা যো যা চলিছে তাৰ পৰা আহো|শাহু যোৱাৰ পাছত তাই বাথৰূমত থকা কাপোৰবোৰ ধোবলৈ লাগিল | মনটো ৰিলেক্স কৰি লও বুলি ভাবি টি ভি টো খোলোতেই বাহিৰত শহুৰ মাত শুনিলেই | :চেহ ...টিভি চাবা আৰু, তাই স্বগতোক্তি কৰি উঠিল | শহুৰ দেউতা কামৰ পৰা অহাৰ উমান লৈ শাহু মা আহিল |দুয়ো বাহিৰৰ বাৰাণ্ডাত বহি কথা পতা আৰম্ভ কৰিলে তাই বুজিলে মানে আজি শাহুৱে কাম নকৰে তেওঁ আৰাম ল'ব !!ঠিক্ আছে আজি তাই কাম কৰিব লিখা কামটো কালিলৈ পৰা আৰম্ভ কৰিব| আবেলিৰ আহাৰ খায় শহুৰ শাহু ফুৰিবলৈ গ'ল |তাই আবেলিৰ কাপোৰ ভৰুৱা পৰা বাকী ৰোৱা কাম বোৰ কৰোতে সন্ধ্যা হল|মানুহজন কামৰ পৰা আহিল তেওঁকো সকলো কৰি দিয়াৰ পাছত তাই গাটো ধুই গোসাঁই চাকি দিবৰ বাবে গোসাঁই ঘৰত সোমাল | যেতিয়া বাচন বৰ্তন বোৰ সামৰি তাই বাকী কামবোৰ কৰি বিচনা লৈ গৈছিল তেতিয়া আৰু একো কাম কৰা ইচ্ছা নাছিল |তাই ইতিমধ্যে গম পাইছিল কামৰ মাজত সুৰুঙা উলিয়াই নিজৰ চখ পুৰাব লাগিব|যিদৰে তাই স্কুল থকা দিনবোৰত ঘৰলৈ আহি অলপ সময় জিৰণি লওতে লিখে তেনে কৈ লিখিব লাগিব৷ |কিবা এটা ভালদৰে লিখিম বুলি উপযুক্ত পৰিবেশ পোৱালৈ ৰৈ থাকিলে নহ'ব, নিজেই পৰিবেশটোৰ ৰচনা কৰি লব লাগিব |কাৰণ বোৱাৰী জীৱন ছোৱালী জীৱনৰ পৰা বহু খোজ নিলগত.... |
Thursday, June 27, 2019
বৰদৈচিলা
#বৰদৈচিলা
(19/3/19,মংগলবাৰ)
মই বৰদৈচিলা....
বাউলী হৈ ওলালো...~
আইৰ বুকুত এখন্তেক জিৰাবলৈ|
চেনেহৰ উমবোৰ বুকু ভৰি পুৱাবলৈ~
বহুদিনৰ বিৰতিৰ মূৰত
মাৰ কোলাত সুখৰ এঘূমটি মাৰিবলৈ|
মাৰ নিচুকণিত টোপনীয়ে হেচুকিব মোৰ দুচকু~
মাৰ কল্পনা বোৰ দুকুলৈ শিপাব|
নিজৰ "জী "ক অচিন দেশৰ
শুকুলা ঘোৰাত উঠি আহা ৰাজকুমাৰে লৈ যোৱা
সপোন দেখি শিহৰিব|
মই আতুৰ হ'ম মাক এৰি যোৱা দুখত...|
পুণৰ এবাৰ মই ওমলিম লৰালিতে
ওমলা চোতালত
যৌৱনে থৌকি বাথৌ কৰা
নঙলা মুখত........|
বাউলী বৰদৈচিলা মই
আইৰ ঘৰলৈ যাওঁ
দিন মাহ গণি গণি
চ'তৰ শেষত হে
সময় পাওঁ
চোতালত নাৰাখিবা আৰ্চী,ফণী...
নাৰাখিবা পীৰা পাৰি...
আইয়ে মোৰ বাবে ৰাখিছে
সযতনে মাধৈ ফুল গাথ#বৰদৈচিলা
(19/3/19,মংগলবাৰ)
মই বৰদৈচিলা....
বাউলী হৈ ওলালো...~
আইৰ বুকুত এখন্তেক জিৰাবলৈ|
চেনেহৰ উমবোৰ বুকু ভৰি পুৱাবলৈ~
বহুদিনৰ বিৰতিৰ মূৰত
মাৰ কোলাত সুখৰ এঘূমটি মাৰিবলৈ|
মাৰ নিচুকণিত টোপনীয়ে হেচুকিব মোৰ দুচকু~
মাৰ কল্পনা বোৰ দুকুলৈ শিপাব|
নিজৰ "জী "ক অচিন দেশৰ
শুকুলা ঘোৰাত উঠি আহা ৰাজকুমাৰে লৈ যোৱা
সপোন দেখি শিহৰিব|
মই আতুৰ হ'ম মাক এৰি যোৱা দুখত...|
পুণৰ এবাৰ মই ওমলিম লৰালিতে
ওমলা চোতালত
যৌৱনে থৌকি বাথৌ কৰা
নঙলা মুখত........|
বাউলী বৰদৈচিলা মই
আইৰ ঘৰলৈ যাওঁ
দিন মাহ গণি গণি
চ'তৰ শেষত হে
সময় পাওঁ
চোতালত নাৰাখিবা আৰ্চী,ফণী...
নাৰাখিবা পীৰা পাৰি...
আইয়ে মোৰ বাবে ৰাখিছে
চোসযতনে মাধৈ ফুল গাথিঁ
চেনেহৰ আইক ,মৰমৰ আইক
বছৰ দিয়েকৰ মুৰত পাম
মন ভৰি ,বুকু ভৰি আইৰ কোলাত জিৰাম
চেনেহৰ আইক ,মৰমৰ আইক
বছৰ দিয়েকৰ মুৰত পাম
মন ভৰি ,বুকু ভৰি আইৰ কোলাত জিৰাম
ধাৰণা
*ধাৰনা* মানুহ গৰাকীয়ে অৰ্নগল কথা কই আছিল |তেওঁৰ অতীত বৰ্তমান আৰু পোৱা নোপোৱা বহুত কথা| মানুহ বোৰ তাই একো চিনি নাপাই ক'ত কি ?কিন্তু তাই শুনিবলৈ বাধ্য|কাৰণ মানুহ গৰাকীৰ ড্ৰয়িং ৰূমত তাই বহি আছে| গতিকে তাই নিৰূপায়|ক'ত গল বাৰু তাইৰ শাহু?মানুহ ঘৰলৈ ফুৰাব আনি শাহু মা ভিতৰত সোমাল|তাই অস্বস্তিত পৰিল |তথাপি তাই শুনিবলৈ বুজিবলৈ যত্ন কৰিলে কি কই মানুহ গৰাকীয়ে কি বা তেওঁৰ অভিযোগ|
মানুহ গৰাকীয়ে কৈ কৈ ভাগৰী নপৰা হৈ থাকোতেই শাহু মা আহি উলাল হি|আহি পাই তেওঁ চিঞৰি উঠিল "ঐ কাকু বাই তই ইয়াত বহিলি হি ,যা যা নিজৰ কাম কৰ গৈ,অৰূপে গা ধোই আছে তাৰ কাপোৰ বোৰ ধোই দিবি যা" মানুহ গৰাকী কথা কৈ কৈ উঠি গল| শাহু মায়ে আদৰে পৰিক সোধিলে ..."দিগদাৰ দিছিল নেকি ?" তাই নাই সূচক কৰি মুৰ দূপিয়ালে |"বলা মামী পাকঘৰত আছে তাতে বহি বা"|তাই একো আপত্তি নকৰি শাহু মাৰ পিছে পিছে গ'ল|
পাকঘৰত টুল এখনত তাই বহি ৰ'ল|মামীয়েকে ইটো সিটো সুধিছিল ,তাই হয় ,নহয় ,অ ,আ,ইত্যাদি উত্তৰ দি দি ইফালে সিফালে চাই আছিল|নতুন ঠাই ,নতুন পৰিবেশ ,নতুন ঘৰ ,নতুন সম্বন্ধ কিবা এটা কবলৈ ভয়,সংকোচ লাগে| যদি নগৰত জগৰ লাগে কেনেবাকৈ...|
মামী,মামা ৰ ঘৰৰ পৰা আহি ও তাই এই বিলাক একো কথা উলিয়াব নোৱাৰিলে |কোন কাকু বা? ইয়াত কি কৰে ?কিয় তাই শাহু মায়ে মানুহ গৰাকীক কাম কৰিবৰ বাবে উঠাই পঠালে ইত্যাদি ইত্যাদি.....:|
কাকু বাৰ কথা তাই সুধিল হয় যদি নিয়ৰৰ লগত তাইৰ প্ৰেম বিবাহ হল হয়|কিন্তু ঘৰৰ পৰা চাই চাই চৰকাৰী অফিচত কাম কৰা দৰা বাছিচে|গতিকে প্ৰতিটো কথা কামত তাই ভয় সংকোচ |নিয়ৰ বা কেনে মানুহ ?কি ভাল পায় ?কি বেয়া পাই একো নাজানে|বিয়া খনো বৰ সেনকালে হল|তাইক চাব যাওঁতে নিয়ৰ দিল্লী আছিল |নিয়ৰৰ মাক দেউতাকৰ পচন্দ তাই |গতিকে নিয়ৰ বিষয়ে তাই নাজানে বৰ বিশেষ|মাক দেউতাকৰ পচন্দত জীৱন সংগী বাচি লোৱা লৰাটো ৰ মনটো বা কিমান আধুনিক?গতিকে তাই মনে মনে থাকিল |
এই কম সময়ৰ যুগ্ম জীৱনত তাই নিয়ৰক যিমান দুৰ বুজি পাইছে নিয়ৰ ল'ৰাটো ইমান বেয়া নহয়...|মানে আনৰ কথা বুজিব পৰাকৈ তাৰ মনটো বহল|এই কথা তাই খোৱা খুবুনী ৰ দিনা ৰাতিয়ে গম পাইছিল|ভাগৰী পৰা পৰি(তাই)নতুন মানুহ জনৰ কাষত ভয়,সংকোচত জয় পৰি গৈছিল|নিয়ৰে মাথো কৈছিল "ভাগৰ লাগিছে?দিনটো মেৰো বৰ পৰিশ্ৰম হল |বৰ টোপনী আহিছে |শুই যাওঁ|গুড নাইট"|নিয়ৰ শুই পৰিছিল| সি পুণৰ তাই লৈ চাই কৈছিল "টোপনী নাই নেকি তোমাৰ?""টোপনী আহিলে ড্ৰীম লাইট টো জ্বলাই শুবা|"মোৰ আন্ধাৰত ভয় লাগে"|;হু..তাই হাঁহিছিল|হাহিঁলা কিয়?তাৰ প্ৰশ্নত তাই একো উত্তৰ দিবলৈ ভাবি পোৱা নাছিল|নিয়ৰৰ প্ৰশ্নটো প্ৰশ্ন হৈ থাকিবলৈ দি ফুলশয্যাৰ সাজযোৰ সলাই টোপনী যাবলৈ যত্ন কৰিছিল তাই|
গতিকে তাই যি ধাৰণা হ'ল নিয়ৰ ইমান বেয়া ল'ৰা নহয়|মানে আনৰ আবেগক সি বুজি পাই|খোবা খুবুনীৰ পিছদিনা ৰাতিপুৱা বিচনা পৰা চলেৰেসোমাই আহা মাহী পেহীৰ সকলো ফালৰ ননদ কেইজনীৰ পিটিপিটাই ঘূৰা চকু কেইটা ,মুখ চেপি হঁহা হাঁহিবোৰ দেখি .....তাই হে হাঁহি উঠিছিল|কাৰণ সিহঁতি ভবাৰ দৰে তাই একো কাৰ্যত লিপ্ত হোৱা নাছিল..|তেনে সময়তে নিয়ৰ বাথৰূমৰ পৰা আহি সিহঁত কেইজনী দেখি চিঞৰি উঠিছিল" ক'ত সোমালি তহঁত,যা যা মোৰ অফিচ যাব লাগিব মই উলাও এতিয়া" |" কি আপোনি অফিচ যাব??আ 'মা মই উঠিলো বুলি,তাই লৰা লৰি কৈ উঠি বাথৰূমত সোমাইছিল|
অফিচলৈ উলাই যাব সময়ত নিয়ৰে তাই কাষত ৰৈ কৈছিল :সাত মান বজাত পাম হি...|
:হু,তাইৰ চমু শলাগ |
:সেই এইজনী মোক মিচ নকৰা?
:হু,তাইৰ পুণৰএকেই মাত.......
নিয়ৰ তাইৰ আৰু কাষলৈ আহিছিল,ইমান কাষলৈ যে তাইৰ উশাহবোৰ চুটি হৈ পৰিছিল আৰু শৰীৰত এক অবুজ শিহৰণে খোজ দিছিল ..এখোজ দুখোজ কৈ সেই শিহৰণ তাইৰ শৰীৰত দৌৰিবলৈ লৈছিল...| তাইৰ সেই আবেগৰ মুৰ্হুত্বত সি কাণৰ কাষত ৰৈ কৈছিল "আহোতে মাংস আনিম,বনাব জানা?"
: ঠেইট আপোনিও আৰু ...
তাই কথাষাৰ শেষ নহওঁতে নিয়ৰে তাই ৰ ওঁঠত টপকৈ এটা চুমা আকি কৈ উঠিছিল "বাই".....
:এক অবুজ শিহৰণৰ সৈতে তাই বুকুৰ উঠা নমাবোৰক সাবটি নিয়ৰ উলাই যোৱাৰ ফালে চাই ৰৈছিল...| বহু সময় একে ঠাইতে ৰৈ থাকি তাই ড্ৰেচিং আইনাৰ সন্মুখত বহি নিজকে চাইছিল|দুই ওঁঠত চুই চাই অনুভৱ কৰিব বিচাৰিছিল এজন আচিন পুৰুষৰ স্পৰ্শক ...|যি আচিন পুৰুষৰ লগত তাইৰ জীৱনক বিবাহ নামৰ বন্ধনটোৱে সাঙোৰি দিছে|এই আচিন পুৰুষেই তাই সকলো ...ওৰে জীৱনটোৰ তাইৰ সহযোগী....|
তাই বুকুত ভয় ভয় ভাব এটা লৈ নিয়ৰ লৈ ফোন লগাই ছিল:হেল্লো
:ও কোৱা...
:মায়ে কৈছে মামী ঘৰৰ পৰা আহো গৈ বুলি...|
:যোৱা যোৱা...|
:বাই
:বাই...|
মামীৰ ঘৰৰ পৰা আহি তাই নিয়ৰ আহি পাই চাহ লগত খাব পৰাকৈ পকৰী বনাইছিল |মগুৰ দালি পিহি মান ধনীয়া কাটি বেচনৰ লগত পকৰী বনাই থাকোতেও অৰ্নগল কথা কৈ থকা কাকু বা জনী লৈ তাইৰ মন পৰিছিল|তথাপি তাই শাহু মাক একো নোসোধিল|নিয়ৰ কো একো নোসোধে কাৰণ তাৰ বা কি প্ৰতিক্ৰিয়া হয় এই বিষয়ত...|
নিয়ৰ আহি পাই কামত বহিছিল ,টেবুলত বহি কামত মন দি থকা নিয়ৰক তাই একো দিগদাৰ দিব মন নগল |বেচেৰা দিন টোৰ কামৰ শেষত আকৌ কাম...|তাই চাহ কাপ ৰূম লৈ নি দিলে|নিয়ৰে কাম কৰা টেবুলৰ কাষৰ খিৰিকিয়ে তেতিয়া এখিৰিকি ফাগুনৰ আবেলিৰ মুকলি আকাশ দেখা গৈছিল|নাতি দুৰত থকা পলাশ জোপাই সুমুথিৰা ৰঙৰ চাদৰ খন হে পিন্ধি যেন ৰৈ আছিল প্ৰেমিক পচোৱা জাকৰ বাবে, এই আহিব আৰু আলসতে গাঁথি থোৱা এখিনি সুমুথিৰা উৰুৱাই লই যাব প্ৰেমৰ শিহৰণে চৌপাশ উদ্বেলিত কৰি...|ফাগুনে জুই জ্বলোৱা আবেলিতো ঠেলি সন্ধ্যা আহিবৰ বাবে বেছি পৰ বাকী নাছিল|তাই খিৰিকি খন বন্ধ কৰিবলৈ লওঁতে নিয়ৰে মাত লগালে থাকিব দিয়া পৰি,মোৰ খোলা খিৰিকিৰ কাষত বহি কাম কৰি ভাল লাগে..|তাই মাথো এটা মিচিকি হাঁহি দি নিয়ৰ ইচ্ছা মতেই খিৰিকি খন খোলা ৰাখি কোঠা টোৰ পৰা উলাই গল|
সন্ধ্যা গোঁহাই চাকি দি ধূনা বিচি তাই নিয়ৰ লৈ চালে ..নাই সি কামৰ পৰা উঠাই নাই|
সন্ধ্যা শহুৰ শাহু আৰু ননদক চাহ দিয়াৰ সময়তে নিয়ৰক পুণৰ একাপ চাহ দিলে|আবেলি আহি সি মেগী খাব বিচাৰোতেই তাই মই বনাই দিম বুলি কৈ ততাতৈয়াকৈ মেগী বনাইছিল|সেইয়া যি খোৱা আৰু নাই খোৱা একো...|
চাহৰ জঞ্জাল সামৰি তাই পাকঘৰত সোমাল|কুকুৰাৰ মাংস নিয়ৰে লৈ আহিছিল |তাই কুকুৰাৰ মাংস খাই ভাল পাই কিন্ত নিয়ৰে হাঁহৰ মাংস ভাল পাই বুলিহে কৈছিল শাহু মায়ে|যি নহওঁক তাই হৃদয়ৰ সমস্ত ভালপোৱা ঢালি নিয়ৰৰক সুখী কৰিবৰ বাবে ভাত ৰন্ধা কামত লাগিল| পুৱাতে নিয়ৰৰ দুই ওঠঁৰ আলিংগনে জীপাল কৰি যোৱা তাই ওঠঁ যোৰৰ পৰা যেন মৰমৰ বোৰ তাই সমগ্ৰ দেহত বৈ পৰিছে|জীৱনত পুৰুষৰ ওঁঠৰ প্ৰথম স্পৰ্শ|সামাজিক ভাৱে স্বীকৃত এটা সম্পৰ্ক যাক আগুৱাই নিবৰ বাবে মৰম ভালপোৱাত ডুবিব ধৰা মধুৰত্ম মুহুৰ্ত্বৰ একান্তই প্ৰয়োজন|তাই কুকুৰা মাংস গোটা আৰু জুলীয়া,আলু জলফাই পিটিকা আৰু গাজৰ বিলাহী চাটনি বনালে|শাহু মায়ে ভাত হ'ল নে সোধোতেই তাই ভাত বাঢ়িবৰ বাবে সাজু হ'ল|ইতিমধ্যে নিয়ৰো উঠি আহিছিল|
ভাতৰ জঞ্জাল সামৰি নিজৰ কোঠালৈ যাওঁতে নিয়ৰ বিচনাত বাগৰি আছিল|খোলা খিৰিকিয়ে এখিৰিৰি জোনাক আহি উথ্পথপ কৰি সিহঁতৰ বিচনাত পৰিছিল|ফাগুনৰ জোনাক........ মায়া সনা জোনাক...হীৰুদাৰ ভাষাৰে ফাগুনে মায়া জানে......তাই পুণৰ খিৰিকি খন বন্ধ কৰিবলৈ লওঁতে নিয়ৰে মাতিছিল :পৰি..তুমি কি ছোৱালী জোনাক ভাল নালাগে ?তুমি ভাল পাবা বুলিয়ে মই খিৰিকি খন খোলি থৈছো|তাই একো নামাতি নিয়ৰ কাষত বহিল|শুই থকা নিয়ৰো পৰিৰ কাষ চাপি বহিল |বহু সময় মৌনাতাৰে পৰিৱেশটো সাবটি থাকিল|মৌনতাৰ সময়বোৰ গধুৰ হবলৈ লওতে নিয়ৰে মাত লগালে...: ঃপৰি
ঃকওক...|
ঃকাকু বা ঘৰলৈ যাওঁতে কাকু বা লৈ কি নিলা?
ঃমায়ে মামা মামী আৰু অন্তৰাৰ কথা হে কলে ...|পিছত আপোনাৰ লগত গলে কাকু বা লৈ কিবা লৈ যাম...|
ঃপৰি তুমি একো নাজানা,তুমি নতুন কৈ এই সম্বন্ধ বোৰৰ মাজত সোমাই চা|কাকু বা আনক দি দি আজি সকলোৰে ওচৰত অনাদিতা |কাকু বা মোৰ জেঠাই সৰুৰ পৰাই কাকু বা ক আনক মৰম উপহাৰ আদৰ দিয়া দেখিলো আৰু আজি সকলোৱে কাকু বা ক আনাদৰ কৰা দেখিছো |নিয়ৰে কথাখিনি কৈ দীঘল কৈ উশাহ ললে.|
জোনাকে হিল্লোল তোলা কোঠাটোৰ বিচনা খনত পুণৰ মৌনতাক সাৱটি বহি ৰল পৰি আৰু নিয়ৰ...|ফাগুনৰ অশান্ত পচোৱাজাকে ৰাতিৰ জোনাক খিনিক মহটিয়াই ঘূৰি ফুৰিছিল ধূলি আৰু সৰা পাতবোৰক সাৱটি...|মৌনতাৰ বোকোচাত আগবঢ়া সময়বোৰক শব্দময় কৰি নিয়ৰে কৈছিল..ঃজানা পৰি কাকু বা ঘৰৰ বাবে সকলো কৰিব পৰা ছোৱালী আছিল|কিন্ত আনৰ সুখত নিজৰ সকলো ত্যাগ দিয়া মানুহজনীৰ কপালত ভগবানে সুখ নিলিখিল|ঘৰৰ সন্মত বিয়া হোৱা কাকু বা যেতিয়া নিজৰ স্বামীৰ লগত ফুলশয্যা নিশা দেখা হৈছিল তেতিয়া গম পাইছিল সেই নিদাৰুণ সত্যক ...কাকু বাৰ স্বামী আগতে বিয়া পতা ,জাত কুলক দিহাই দি ঘৰৰ মানুহে তেওঁক কাকু বা ৰ লগত বিয়া কৰাই দিলে..কিন্তু স্বামীয়ে প্ৰথম পত্নীক কেতিয়াও নেৰে..|কাকু বা য়ে কি কৰিব ভাবি পোৱা নাছিল...কিন্ত তেওঁ যাৰ লগত বিয়াত বহিছিল সি যে কাপুৰুষ তাক গম পাইছিল|তেওঁ যাক পত্নী মানে তাক সমাজত চিনাকী নিদি তেওঁক বিয়া পতাৰ কোনো প্ৰয়োজন নাছিল|মৌন হৈ ৰোৱা কাকু বা জনীয়ে আঘাতৰ বোজা সহিব নোৱাৰি মানসিক সন্তোলন হেৰুৱাই পেলাইছিল|কাকু বাৰ অসুখৰ সুযোগ লৈ কাকু বাৰ চাকৰি টো আৰূপ মামাই পাইছিল|মৌন হৈ ৰোৱা কাকু বা জনী কথকী হৈ পৰিছিল|আজি তুমি যেনে দৰে পালা তেনেকৈ কথা পতা হৈছিল ....সংগতিহীন কথা ...নিৰবিচ্ছিন্ন ভাৱে...|
তুমি ভাবি আছা তুমি মোৰ মা দেউতাৰ পচন্দ..কিন্তু নহয়.. তুমি মোৰ পচন্দ|তোমাক দেখি পচন্দ কৰি তোমাৰ বিষয়ে সকলো জনাৰ পিছত তোমাক বিচাৰি মা দেউতাক তোমাৰ ঘৰলৈ পঠাইছিলো..|তোমাৰ কোনো ভাল লগা ব্যক্তি আছে নেকি?সেইটো কথাও মই জানি লৈছিলো |যেতিয়া গম পালো তুমি চিংগল তেতিয়া হে মই খোজ আগবঢ়াই ছিলো|
:কালিলৈ মোৰ লগত উলাবা|
:ফুৰিব যাব?
:নাযাওঁ,কৰ্ট যাম|
:কিয়?
:কিয় মানে তুমি llb কৰা ছোৱালী ,এনেদৰে ঘৰত বহি থাকিবা নে ?কালিলৈ যিমান পাৰো ফৰ্মেলিটিচ পুৰাই আহিম তাৰ পিছতে তুমি কামটো কনটিনিউ কৰিব পাৰিবা|এনেদৰে ঘৰত বহি থাকিলে মন বেয়া হব ,তাতে বিপদত মানুহক সহায় বিচৰাতকৈ তুমি নিজৰ ভৰিত থিয় দিয়াতো বিচাৰো|তুমি যিহেতু মোৰ অৰ্ধাংগিনী তোমাৰ ভাল টো মোৰ কাম্য|
পুণৰ মৌনতাৰ ঘোঁৰাই চেঁকুৰ দিবলৈ লওঁতে নিয়ৰে পৰিক বুকুৰ মাজলৈ চপাই আনিলে|নিয়ৰৰ বিষয়ে সঠিক সিদ্ধান্ত এটা লব পৰাকৈ তাই নিয়ৰক বুজি উঠিল| এবুকু নিৰাপত্তাৰ আলিংগনত তাই দুচকু মুদি নিয়ৰৰ বুকুৰ মাজত এক অনাবিল আবেগত ডুবিব ধৰিল.....|
দফাৰ গল্প
*এক দফাৰ গল্প*
ক) ...উত্চৰ্গা......
যি প্ৰেমিকে নিজৰ অতীত টোক ঢাকি নাৰাখি নিজৰ প্ৰেমিকাক সকলো কই সেইয়া ই আচল প্ৰেমিক|"মোৰ অতীত অতীতেই মোৰ বৰ্তমান আৰু ভৱিয্যত তুমি"বিবুধি আৰু আবেগৰ হেঁচাত বিপাঙত পৰা নীলাভে এলিটাক বুজাবলৈ যত্ন কৰিলে|উচুপি থকা এলিটা আৰু থিয় দি থকা নীলাভ|দুয়োৱে পৰস্পৰক ভাল পায়, কিন্ত নীলাভে এলিটাক তাৰ জীৱনৰ পাৰ হৈ যোৱা কাহিনী বোৰ কৈছিল|কাকলি আৰু তাৰ মাজত হৈ যোৱা অতীত তোৰ কথা|নিৰৱতাৰ বহু ক্ষণ ,সাক্ষী মাথো নদী খন আৰু এই বহাগ আহো আহো হৈ থকা চ'তৰ ৰ'দে চেকুৰী থকা দুপৰীয়াটো|জিলি টোৱে নিৰৱতা ভাঙি চিঞৰি উঠিল|দুপৰৰ ভকভকীয়া ৰ'দ আৰু অসহ্যকৰ জিলিৰ মাতত নীলাভৰ আশান্তি লাগিল|সি ওচৰ চাপি এলিটাক জোকাৰি কৈ উঠিল..."এই নদী খনৰ ওচৰলৈ তোমাক লৈ আহিছো মোৰ অতীতক এই নদীখনত উটাই দিবলৈ আৰু মোৰ বৰ্তমান আৰু ভৱিয্যতক তোমাৰ নামত উত্চৰ্গা কৰিবলৈ..|এলিটাই নীলাভৰ চকুলৈ চালে,সঁচাকৈ নীলাভৰ দুচকুয়ে তাইৰ প্ৰতি থকা সীমাহীন মৰমকে ব্যক্ত কৰি তিৰ্ বিৰা্ই থকা অলেখ অযুত প্ৰতিশ্ৰুতি দেখা পালে...|
খ) ****আন্দোলন****
47 ত দেশ স্বাধীন হ'ল|আহোমৰ শাসনৰ পতনত ইংৰাজৰ দুশ বছৰীয়া শাসনৰ শিকলি চিঙি অসম ভাৰতৰ অংগ ৰাজ্য হ'ল|পুণৰ 62ৰ বিভিষিকা,72আৰু 82ৰ আন্দোলন...|পুৱাৰ বেলিৰ পাতলীয়া আভাৰ বোৰ গাত লৈ হৰেশ্বৰ ডেকাই ধোঁৱা বলা চাহ কাপৰ সৈতে খবৰ কাগজৰ খবৰবোৰত নিমগ্ন হৈ আছিল|পুণৰ আকৌ আন্দোলন নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধে আন্দোলন|এটা জাতিয়ে কিমান আৰু আন্দোলন কৰিব নিজৰ অস্বিত্ব ৰক্ষাৰ বাবে...?ভাষাৰ বাবে ,মাটিৰ বাবে,ভেটিৰ বাবে...??বদনে মান আনিলে..মানক খেদিবলৈ ইংৰাজ আহিল |কুটুমে কুটুমক খে দা মৰা কৰাৰ আগতে বুজিব লাগে অসমীয়া এনে এক জাতি যাৰ ধোদেও আলি বাধে,কবিৰ ভাষায়ে এজন অসমীয়া ৰণুৱা ,বণুৱা,বিহুৱা সকলো|পুণৰ অসমীয়াক জাগ্ৰত কৰাৰ সময় আহিল..আন্দোলনে কিমান আৰু এটা জাতিৰ অস্বিত্ব ৰক্ষা কৰিব?অসমীয়াই নিজৰ ভৰিত নিজেই থিয় দিব হ'ল|স্বাৱলম্বীতাই অস্বিত্ব ৰক্ষাৰ মূলমন্ত্ৰ এই কথা অসমীয়াই বুজিব হল|হৰেশ্বৰ ডেকাই পঢ়ি থকা পেপাৰ খন সামৰি চশমা যোৰ খোলি চকুৰ কোণ দুটা মুচি ললে|তেওঁ আবেগিক হৈছিল কিন্তু তেওঁ সংকল্প ললে বহুত দিনতে সামৰি থোৱা কলমতো হাতত লবলৈ|কলমেৰে তেওঁ জনতাক জগাব অস্বিত্ব ৰক্ষাৰ নতুন আন্দোলনৰ বাবে কৰ্মসংস্কৃতিৰ আন্দোলনৰ বাবে....|
গ়) **/**জীৱন এক সংগ্ৰাম*****
বৰ খং উঠিছিল নিকিতাৰ ..|খং তাইৰ প্ৰায়ে উঠে অৰুণাভৰ ওপৰত|কাৰণ দুয়োটা কামলৈ যায় কিন্ত অৰুণাভে পুৱা একো কাম নকৰিও তাইকে গালি দিয়ে তাই দেৰি কৰে বুলি|খঙতে তাই স্কুল পালেগৈ|ক্লাচ কেইটা কৰি জিৰণী সময়ত কমন ৰূমত বহোতেই মানুহ এজন ওলালহি লগত ছোৱালী এজনী,এডমিচন লব|ছোৱালী জনীৰ মাক নাই|দেউতাক জনেও চকুৰে নেদেখে,কাণৰে ভাল কৈ নোশুনে|ছোৱালী জনীৰ লগত তেওঁ অকলে থাকে|তাই আৰু অৰণাভ অকলেই থাকে |তথাপিতো কাজিয়া বোৰ ...|এই সৰুছোৱালী জনী অথচ এতিয়াৰ পৰা জীৱনৰ ইমান ডাঙৰ সন্ধিক্ষণ ত...|তাই ভগৱানক ইমান অভিযোগ দি থাকে তাৰ তুলনাত এই ছোৱালী জনীৰ জীৱনৰ সংগ্ৰাম বহুত জটিল...|
মনৰ ভাৱ
মনৰ ভাববোৰ গল্প বা কবিতা কৰি লিখোতে অনুগল্প লিখাৰ অভ্যাস নাই|কিন্তু নিৰ্মালি কাশ্যপ(ঠাকুৰীয়া)মোৰ সহকৰ্মী তথা আপোন বান্ধবী গৰাকীয়ে fb খোলিবলৈ যোৰ দি" অৰ্দ্ধ আকাশ "ত add কৰি দিয়াৰ পৰা অনুগল্প সৰ্ম্পকে এটা ধাৰণা হ'ল|এই খিনিতে নিৰ্মালিক বহুত বহুত ধন্যবাদ লগতে মোৰ লিখাবোৰ অৰ্দ্ধ আকাশৰ যোগ্য বুলি বিবেচনা কৰাৰ বাবে admin সকলক বহুত বহুত বহুত ধন্যবাদ| অনুগল্পৰ ধাৰণা লৈ মই ও অনুগল্প লিখিবলৈ যত্ন কৰিছো,আশা ৰাখিছো প্ৰকাশৰ যোগ্য বিবে্চিত হ'ব........
# " সৰ্ম্পক"#
বিষয়টো এটা মীমাংসালৈ আনিবলৈ কৰা প্ৰচেষ্টা টোৱে যে বিপৰীত মুৰ লব তাই ভাবিবই পৰা নাছিল |ননদ জনীক বুজাবলৈ তাই বহুতেই চেষ্টা কৰিছিল এয়া সৰুৱে সৰুৱে ধেমালিতে কৰা কাজিয়া|সিহঁত অবোধ শিশু ,তাহাতৰ কাজিয়াক ডাঙৰে প্ৰশয় দি লাভ নাই.....|কিন্তু হিতে বিপৰীত হে হ'ল ননদ জনীয়ে নোবুজিলেই বাকীবোৰেও তাইক হে হুমকি দিলে|শেষত সদায় অনুভৱ কৰাৰ দৰে অয়নাই এটাকথাই অনুভৱ কৰিলে বিয়া হৈ নতুন কৈ গঢ়া ..এই যে তাইক আবৰি থকাসৰ্ম্পকবোৰ বৰ অদ্ভুদ ....যি মৰম ,ভালপোৱাৰ আদৰ নোবুজে বোজে মাথোন নিজৰ স্বাৰ্থ পুৰণৰ ইপ্সাক.....|
## মনোবল#
মায়া ,মোহ,কামনাৰ শামুকীয়া খোলাটোৰ ভিতৰতে মানুহৰ জীৱন....|তেওঁ লাগিলে যিমানে শিক্ষিত অথবা অভিজ্ঞতাৰে পুষ্ট ব্যক্তি নহওঁক কিয়|হয়তু সেয়ে মানুহে জীৱন ক্ষন্তেকীয়া জানিও নিজৰ থকাটোক লৈ গৌৰৱ আৰু আনৰ নথকাটোক লৈ হাঁহিবলৈ নেৰে|অলিয়ে জানে তাই নথকাটোক লৈ তাইক চৌপাশৰ মানুহে হাঁহে,আঘাত দিয়ে,চকুত চকু পানী দিয়ে...|হয়তু অলপ সময়ৰ বাবে তাই বিচলিত হয়,ভগৱানক গোচৰ দি কান্দে,কিন্তু পুণৰ তাই মনোবল গোটায় কাৰণ পোৱা নোপোৱা বোৰৰ হিচাপ কৰি কৰি কি কৰিব???মৃত্যুৰ লগে লগে সকলোৱেৰ দেহ টো মাটিতে মিলি যাব......|
# প্ৰতু্ত্ত্যৰ#
কথাখিনি কৈ অনিতা ফোঁপাবলৈ ধৰিলে|ঘৰৰ সকলো আচৰিত হ'ল আৰে নিবুকীৰ মুখত কি যে আখৈ ফুটা মাত ওলাল....|সদায় নিবুকী অনিতা,বিয়াৰ দহ বছৰৰ পাছতে নিবুকী তাই|কিন্তু আজি পুৱাতে জীয়েকক ভাব বহলাই দিয়াটো লিখিবলৈ সহায় কৰোতে বুজিলে হয়তু "হলা গছ দেখিলে সকলোৱে বাগী কোঠাৰ মাৰে"......|
বিষয়টো এটা মীমাংসালৈ আনিবলৈ কৰা প্ৰচেষ্টা টোৱে যে বিপৰীত মুৰ লব তাই ভাবিবই পৰা নাছিল |ননদ জনীক বুজাবলৈ তাই বহুতেই চেষ্টা কৰিছিল এয়া সৰুৱে সৰুৱে ধেমালিতে কৰা কাজিয়া|সিহঁত অবোধ শিশু ,তাহাতৰ কাজিয়াক ডাঙৰে প্ৰশয় দি লাভ নাই.....|কিন্তু হিতে বিপৰীত হে হ'ল ননদ জনীয়ে নোবুজিলেই বাকীবোৰেও তাইক হে হুমকি দিলে|শেষত সদায় অনুভৱ কৰাৰ দৰে অয়নাই এটাকথাই অনুভৱ কৰিলে বিয়া হৈ নতুন কৈ গঢ়া ..এই যে তাইক আবৰি থকা
সৰ্ম্পকবোৰ বৰ অদ্ভুদ ....যি মৰম ,ভালপোৱাৰ আদৰ নোবুজে বোজে মাথোন নিজৰ স্বাৰ্থ পুৰণৰ ইপ্সাক.....|
অক্ষমতা
অক্ষমতা
তাইৰ মনটো বৰ উত্ফুল্লিত হৈ আছিল|পুৱা সোনকালে স্কুললৈ উলাইছিল|ৰন্ধা বঢ়া কামবোৰ সামৰি সোনকালে স্কুললৈ উলাব যত্ন কৰিছিল|কাৰণ যোৱা এসপ্তাহ ধৰি ফুল কৰি নিজেই বনাই লোৱা কাপোৰ সাজ তাই স্কুললৈ পিন্ধি আহিছিল|তাই বয়স নো কিমান!বাৰু বয়স বাদ তাইৰ যে আগতে ঘৰখনে আৰু এতিয়া মানুহজনে আলসুৱা কৰি থৈছে|গতিকে সৰু ছোৱালী এজনীৰ মনত থকা উত্সাহ,আনন্দবোৰ তাইৰ মনটো বিৰাজমান|
তাই স্কুললৈ আহোতে দুৰ হয় যথেষ্ঠ|তথাপি উত্সাহতে আহে|সকলো জঞ্জাল চিন্তা ভাৱনাবোৰক কাটি কৰি তাই স্কুললৈ উলাই আহে| তাইক বেৰি থকা দু চিন্তাৰ ভাৱনাবোৰক কাটি কৰি তাই ল'ৰা ছোৱালীবোৰৰ মাজত দিনটোৰ সময়ভাগ কটায় তাই মানসিক শান্তি লাভ কৰে|এই ব্যস্ততা দিনটোৰ বাবে তাইৰ নিৰস জীৱটোৱে গতি পাইছে|তাই এই কণ কণ ছাত্ৰ ছাত্ৰীবোৰৰ মাজতেই জীৱনৰ হেৰুৱা আনন্দ বিচাৰিবলৈ যত্ন কৰিছে|
তাই মানুহজনৰ লগতে স্কুল আহে |তাইক বাচ ত উঠাই তেওঁ অফিচলৈ যায় গৈ|বাচত আহোতে যথেষ্ট দুৰ বাট আহিব লাগে |কিন্তু আহি আহি যেন অভ্যাস হৈ পৰিছে|তাইৰ দৰে সাধাৰণ মানুহ বোৰে নিজৰ সুবিধাৰ ঠাইলৈ চাকৰি ও নিব নোৱাৰে !!
বাচখনৰ পৰা তাই তিনি আলিটোত নামিল আৰু এক ফালং মান বাট স্কুললৈ খোজ কাঢ়িব লাগিব|বাচৰ পৰা নামোতেই তিনি আলিৰ চকটোত বহা বুঢ়া মানুহজনে তাইলৈ চাই হাঁহি মাৰি মাত লগাল:
:বাইদেউ আহিল, আহক বহুত দিন তামোল খোৱা নাই মোৰ দোকানত ,তামোল খাব|
তাই ও হাঁহি মাৰি বুঢ়া জনৰ দোকানৰ ফালে আগবাঢ়ি গ'ল|পুৱাৰ পৰা তাই মনটো উতফুল্লিত হৈ আছিল,গতিকে মানুহজনৰ দোকানৰ তামোল খাই তাই বেয়া পাই যদিও বুঢ়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ বাবে তাই তামোল কিনাৰ কথা ভাবিল|তাইক ভাল তামোল দিম বুলি কৈ বুঢ়াজনে কাটি থোৱা তামোল বোৰ পানী ভৰ্ত্তি বাটিটোৰ পৰা উঠাবলৈ ধৰিল|তেওঁ তামোল দিয়া কামটো কৰি থকাৰ লগে লগে তাইত প্ৰশ্ন কৰি গল ...
:আপোনাৰ ঘৰ ক'ত?
:তাই ও লাহেকৈ উত্তৰ দিলে ,যোৰহাটত,
:অ, আপোনি তাৰ পৰা আহে
:অ
:ঘৰত কোন কোন আছে? :
:মই,মানুহজন ,মা ,পাপা
:অ,অ,আপোনাৰ ল'ৰা ছোৱালী নাই ?
:নাই|
:বিয়া পতাৰ কিমান দিন হল ?
:হ'ল দিন,লাহে লাহে তাইৰ খং এটা উঠি আহিল|
:তাৰ মানে......মানুহ জনে বিশেষ ভংগীমাত মুখখন বিকটালে....
তেওঁৰ ভাৱ ভংগীমাত ফুটি উঠা অৱহেলাৰ ভাৱটোৱে তাইক বাৰু কৈ মৰ্মাহত কৰিলে|তামোলৰ টোপোলাটো লৈ তাই পইচা দিলে|মানুহজনক যাওঁ থওঁ একো নকয় তাই খৰ খোজে স্কুল অভিমূখে বাট বুলিলে|পুৱাৰ পৰা তাইৰ উত্ফুল্লিত মনটো বিষাদৰ কলীয়া ডাৱৰে আৱৰি ধৰিল|খংত তাই তামোলৰ টোপোলাটো দুৰললৈ দলিয়াই দিলে |
যি বোৰ বিষয়ৰ পৰা আতৰি থাকিবৰ বাবে তাই ব্যস্ততা ভৰা জীৱনটো বিচাৰে সেইবোৰ বিষয়তে বাৰে বাৰে তাইৰ মনটো দুখত পৰে|ঘৰৰ পৰা বহুত দুৰ হলেও তাই স্কুল সলোৱা নাই কাৰণ তাই ভাল নাপায় বাৰে বাৰে একে বোৰ কথা শুনি থাকিবলৈ কিন্তু নুশুনিলে যে নহয় তেনে হৈ পৰিছে এইবোৰ কথা তাইৰ বাবে...| বিয়াৰ পাছত যেন ল'ৰা ছোৱালী হ'ব লাগিব আৰু যদি কিবা কাৰণত নহয় তেনেতে সি পাপী মানুহ তেনে ব্যৱহাৰ কৰে |
স্কুলত উপস্থিত হৈ তাই সকলোবোৰ কাম কৰি যায় কিন্তু তাৰ মাজতে যে তাই নিজৰ নথকাটোৰ বাবে আনৰ উপসাহৰ পাত্ৰ হৈ আহিছে সেই কথাটোৰ উপলব্ধিত চটফটাই থাকে......|
গল্প
#প্ৰেমৰ গল্প#
#"হৃদয়ত বৰষুণ"#
ক)
সিহঁতৰ মাজত হোৱা প্ৰচণ্ড কাজিয়াত ঘৰৰ বস্তুবোৰ ইফালে সিফালে হৈ পৰিল |খং ত অভিমানত দুখত তাই ৰুমৰ মজিয়াত পৰি কান্দি থাকিল|
কিমান সময়!! কিমান সময়!!
তাই নাজানে কিমান সময় বাগৰি গল দিনটোৰ বুকুৰ পৰা... |তাই টোপনী গল |টোপনী ৰ লগতে শুই পৰিল কান্দি থকা পাহি জনীৰ খং ,অভিমান ,বুকুত পানী মেটেকা হৈ বাঢ়ি অহা দুখৰ দৌলদুপ হেন্দুলদুপ ভৰ|
ছয় বছৰ ভাল পোৱাৰ পিছত বিয়া পাহি আৰু অনুজৰ |তথাপিতো কাজিয়া কৰে সিহঁতে|কাজিয়া.কিহৰ বাবে হয় সিঁহতেও নাজানে| অভিমান নে ভুল বুজা বুজি তাৰ এটা সংজ্ঞা নাই
:মোৰ বিয়া ঠিক কৰিছে নাকৰ পাহি দুটা ফুলাই দুগাল তিয়াই বৈ আহিব খোজা অশ্ৰুক বাধা দিছিল তাই... |
বৰষুণবোৰ পৰিছিল|পাৰ্ক বেঞ্চখনত বহি তিতি থকা ঘাহঁবোৰ চাই আছিল তাই কাষত থিয় দি থকা অনুজৰ মন মগজুত অনেক ভাবৰ অহা যোৱা কৰিছিল|পাৰ্কৰ মানুহবোৰ পাৰ্কৰ ভিতৰত থকা ৰেস্টুৰেণ্টত সোমাইছিল গৈ বৰষুণত তিতাৰ ভয়ত |কিন্তু অভাৱনীয় আৰু বুকুত দুখে দৌল সজা সময়কণত পাহি আৰু অনুজ বৰষুণত তিতিছিল..|. পাৰ্কৰ সন্মুখে বৈ যোৱা ব্ৰক্ষ্মপুত্ৰ নদীখন কালি পৰহিলৈ নীলা আকাশ বুকুত বান্ধি নিৰিবিলি কৈ বৈ গৈছিল অথচ আজি এবুকু ঘোলা পানী লৈ উফন্দি উঠিছিল|এটা স্থিৰ সিদ্ধান্ত লব নোৱাৰি সিহঁত হাল বৰষুণত তিতিছিল...তিতিয়ে আছিল!!!
অনুজৰ জীৱনটো অঘৰী হৈ আছিল |তাৰ যাযাবৰী জীৱনে থিতাপি লবলৈ এটা ঠিকনা লাগিছিল |সেই ঠিকনাৰ অন্য নাম পাহি হৈ আহিছিল তাৰ জীৱনলৈ |যি ঠিকনা হেৰুৱালে সি পুণৰ যাযাবৰী হৈ পৰিব|সেয়ে সি পাহি নামৰ ঠিকনাটো হেৰুৱাব নিবিচাৰে কোনো কাৰণতে....|
পখিলা খেদা লৰালিটোত সি ৰামধেনুৰ ৰং গণিবলৈ শিকিছিল মাত্র হঠাত্ অহা ধুমুহা জাকে তাক নিচলা কৰি গৈছিল|বিধস্ত সি আশ্ৰয়ৰ বাবে খুড়াকৰ আঙুলিত ধৰি এৰি আহিছিল তাৰ অতি কৈ মৰমৰ ঘৰ খন| কাৰণ কৰ্ম ক্ষেত্রৰ পৰা ঘৰ মুৰা হওঁতে তাৰ মাক দেউতাকৰ কাৰ এক্সিডেণ্ট হৈছিল|তেওঁ লোকে শান্তিৰ ঘুমটি মাৰিছিল মৃত্যুৰ কোলাত তাক নিঠৰুৱা কৰি|সি মাথো চাই ৰৈ ছিল বগা কাপোৰ টানি দিয়া নিঠৰ দেহ দুটালৈ |সিওঁ নিঠৰ হৈ পৰিছিল নিঠৰ ওঁঠ নিঠৰ চকু নিঠৰ সময়ৰ নিষ্ঠুৰতাত মাথোন বোবা যান্ত্রণাত ছট্ ফট্ কৰিছিল তাৰ বুকু |
খুড়াক খুড়ীয়েকৰ ব্যৱহাৰত সি আচৰিত হৈছিল|কেনে কৈ এনে ব্যৱহাৰ কৰিব পাৰিলে তেওঁলোকে!?! সৰুতে চাৰি বেৰৰ মাজত ডাঙৰ হৈ পখিলাৰ পিছত দৌৰিব পৰা হৈছিল |তাৰ পিছত খুড়াকৰ আঙুলিত ধৰাৰ লগে লগে যেন চাৰি বেৰৰ সংজ্ঞায়ে বেলেগ হৈ পৰিছিল!
:খুড়ী মই এইটো কৰো দিয়া |
:নাই নালাগে |
সি অভিমানত চিঞৰি উঠিছিল
:মোক তোমালোকে কিয় এনে কৰা? বুমনক নকৰা যে? সি মোক ভাল নোপোৱা হৈছে নোবুজা কিয়??
খুড়ীয়েকে তাক মৰমেৰে বুকুলৈ চপাই লৈছিল|বুমনকো ওচৰ চপাই আনিছিল |তেওঁ আবেগে কঁপাই যোৱা কণ্ঠস্বৰ
:তহঁত দুটাই মোৰ সকলো, তহতি কষ্ট পোৱাবোৰ মই মাক জনী থাকোতে কিয় দিম কৰিবলৈ?
এনেদৰে আলসত মৰমত সি গাৱঁৰ পৰিবেশত মিলি গৈছিল |বতাহ বোকা বৰষুণ আৰু আকাশৰ নীলাৰ সৈতে এখন সেউজীয়া পথাৰত সি লৰালিটো অতিবাহিত কৰিছিল |তাৰ সমান্তৰালকৈ আছিল বুমনৰ তাৰ প্ৰতি হিংসা |বুমনৰ অভিযোগ বোৰো যেন অমূল্যক নাছিল কোন সন্তানে বিচাৰিব তাৰ মাক দেউতাকে তাত কৈ আনক আদৰ সাদৰ কৰাটো |বুমনৰ হিংসা ৰ সৈতে সি খুড়াক খুড়ীয়েকৰ আদৰত ডাঙৰ হৈছিল|
হায়াৰচেকেণ্ডেৰি পৰীক্ষা দিয়ে সি কৈছিল
:খুড়া মই টাউনৰ ঘৰ খনলৈ যাঁও...
:কিন্তু তই যে সৰু হৈ আছ?
:নাই খুড়া ঘৰটো বহুত দিন অকলে পৰি আছে|
:ক'ত অকলে ভাড়াতীয়াবোৰ আছেই দেখোন|
:মই ভাবিছো মই কলেজ তাতে পঢ়িম|
:জানো তই কি ভাল দেখ|
খুড়ীয়েকৰ কান্দোন আৰম্ভ হৈছিল সি যাব গৈ বুলি গম পাই|
সি মনতে কৈ উঠিছিল কিয়? কিয়? মোক ইমান মৰম কৰা খুড়া খুড়ী? তোমালোকৰ এই মৰমৰ বাবে তো মই তোমালোকক এৰি যাব গৈ লগা হৈছে! কাৰণ মই আৰু কিমান বুমনৰ অপৰাধী হৈ থাকিম |সি তো মোক সদায় জগৰীয়া কৰে তাৰ মৰমবোৰ তোমালোকৰ পৰা কাঢ়ি ললো বুলি|নাই ...নাই... মই তাৰ অপৰাধী হৈ নাথাকো আৰু|মই যাম গৈ তাক তাৰ অধিকাৰ এৰি দিম |সি তোমালোকৰ সন্তান সি তোমালোকৰ মৰম পোৱাটো কাম্য|
সি বহুত পলম কৈ গম পাইছিল কথাটো |যেতিয়া স্কলাৰচিপৰ টকা কেইটা ঘৰৰ দুই এপদ বস্তু কিনোতে খৰচ কৰিবলৈ লৈছিল তেতিয়া খুড়াকে তাৰ হাতত তুলি দিছিল মাক দেউতাক হেৰাই যোৱাৰ পিছৰ পৰা ভাড়া ঘৰৰ টকাবোৰ জমা হোৱা পাচবুকখন|
:এতিয়াৰ পৰা এইখন তোৰ, তই এইবোৰ চম্ভালিব শিকিবি |স্কলাৰচিপৰ টকা কেইটা উলিয়াব নালাগে|
সি খুড়াকক সাৱটি ধৰি উচুপিছিল|খুড়াকে তাৰ পিঠিত হাত বুলাই দিছিল|হয়তু আবেগত তেওঁৰ দুচকু সেমেকিছিল|
সকলো থান থিত লগাই খুড়াক যাবলৈ উলাইছিল|সি বাৰাণ্ডাত থিয় দিছিল |খুড়াক জপনা ওচৰ পাইছিল গৈ |আবেগেৰে দুয়োখন হিয়াক দহিছিল |তথাপিতো দুয়়োজনে যেন নিজৰ নিজৰ লক্ষ্যকে প্ৰাধান্য দিছিল|জপনা পাৰ হৈ খুড়াকে তালৈ চাইছিল |সি একে জেগাতে ৰৈ আছিল |তেওঁ পুণৰ উভতি পদ পথত খোজ আগবঢ়াইছি|তাৰ মনটোৱে দৌৰি গৈ খুড়াকৰ আঙুলি ধৰিব বিচাৰিছিল সেই লৰালিতে ধৰা দৰে|নিৰাপত্তাৰ আশ্বাসে খুড়াকে তাৰ হাত খামুচি ধৰিছিল, সেই নিৰাপত্তাৰ হাত আজি সি নিজেই আচাৰি এৰুৱাই তেওঁক দুৰলৈ পঠাই দিছে|ইয়াৰ বাহিৰে সি ....নিৰুপায়!!.... সি ....নিৰুপায় ..!!কাৰণ বুমনৰ অভিমান, খং ,আক্ৰোশ ,দুখ ৰ সানমিহলি মুখখনৰ প্ৰতিচ্ছবি তাৰ সন্মুখত ভাহি আহিলেই সি নিজকে সংযত কৰি লয়|যত্নৰে তাৰ বুকুৰ আবেগ বোৰক হেঁচি থয়, ধৰ্য্যয়ে সি থিয় দিয়ে সি যে ডাঙৰ হৈছে তাক বুজাবলৈ, সি যে পাৰিব অকলে সকলো চম্ভালিব ,সি যে অকলে থাকিব বিচাৰে ...|
ওহ্ অভিনয়.... অভিনয় .....সি অভিনয় কৰিছিল বুমনক তাৰ মাক দেউতাকৰ পৰা বিচৰা মতে মৰম আদায় কৰি লব পৰাকৈ |এটা বিন্দুত খুড়াক হেৰাই গৈছিল |সি চকুৰে আৰু মনিব পাৰে নেকি জুমি চাব যত্ন কৰিছিল |ইমান সময়ে হেঁচি ৰখা আবেগকটোক বৈ আহিব দিছিল দুচকুলৈ, চকুলো হৈ.... সি চিঞৰি চিঞৰি কান্দিছিল সৰু লৰা এটাৰ দৰে বাৰাণ্ডাৰ খুটা এটাক সাৱটি |মৰমৰ স্পৰ্শ ই সজীৱ হৈ থকা ঘৰখনৰ সুঘ্ৰাণ তাৰ চৌপাশে বিচাৰি সি আতুৰ হৈছিল...খুড়ীয়েকৰ আদৰুৱা আবডাৰ বোৰ ,খুড়াকৰ মৰমৰ আদৰবোৰ....|তাৰ কান্দোনক ভাড়াতীয়াবোৰে উপসাহ্ কৰাৰ সুযোগ নিদি এজাক বৰষুণ সৰিছিল হুৰ মুৰ কৈ.... |ঝৰ্ ঝৰ্ কৈ.... |হয়... হয়...পাহিৰ বিয়াৰ প্ৰস্তাৱে আনি দিয়া দুমোজাৰ সময়ত সৰা্ বৰষুণ জাকৰ দৰে..... |সি তিতিছিল পাহি তিতিছিল |পুণৰ অপোনজনক হেৰুৱাই মৰ্মাহত হোৱাৰ আশংকাত সি কপিঁছিল|
পাহিৰ এহাত খমুচিছিল সি |তিয়াই থকা বৰষাৰ বৰষুণত যেন উত্তাপিত হৈ পৰিছিল সি| ঘৰৰ দৰ্জা খুলি সি পাহি ক ভিতৰলৈ লৈ গৈছিল | বৰষুণৰ পানীয়ে ভিজাই পেলোৱা দুটি দেহাৰ পৰা পানী বাগৰিছিল তাৰ সম পৰ্যায় কৈ বাগৰিছিল দুটা দেহৰ মাজেৰে আবেগ বহু আকাংশা, এৰি অহা আপোন সৰ্ম্পক বোৰৰ প্ৰতি হৃদয়ত ঠেলা হেঁচা লগাই থকা দুখবোৰক অচুতীয়াকৈ থৈ বৰষুণৰ পানীয়ে ভিজাই থকা দেহাটো পাহিয়ে অনুজৰ বুকুত হেৰুৱাই পেলাব বিচাৰিছিল ,আবেগৰ হৈ চৈ আৰু উষ্ণতাৰ আলিগংনত ভিজি থকা দুটি দেহা আদিম সুখানুভূতিৰ অনুভৱত বিলিন হৈ গৈছিল, বাহিৰৰ মষুলধাৰ বৰষুণ, বিজুলীৰ ধেৰেকণিৰ মাজতে জৈৱিক সুখানুভূতিত জীপাল হৈছিল অনুজ আৰু পাহি.... |
পিছতিয়াকৈ সকলো সৰ্ম্পকই সুস্থিৰ হৈছিল|পাহি নামৰ ঠিকনাটো তাৰ স্থায়ী ঠিকনা হৈ পৰিছিল|
হঠাত্ আগবঢ়োৱা পাহি ৰ প্ৰস্তাৱটোৱে তাক খঙাল কৰিছিল|খং কৰাৰ কথা নাছিল|তথাপি খং উঠিছিল |সকলো তচ্ নচ্ কৰি সি চিন্তা কৰিছিল পাহিৰ একো ভুল নাছিল|
সি ভয় কৰিছিল পুণৰ বুমনে তাক অপৰাধী সজাব বুলি |সেয়ে হয়তু সকলো জানিও সি খুড়াক খুজ়ীয়েকক কাষ চপাই আনিব পৰা নাছিল|পাহিয়ে তাকে কৈছিল তাক
:যিহেতু বুমনে বাংগালোৰুত লিভ্ টুগেডাৰত আছে সি আৰু উভতি নাহে, গাঁৱৰ ঘৰত অকলে থকা খুড়া খুড়ীক লৈ আনো আমাৰ ইয়ালৈ|
সেই কথাটোতে সি খঙাল হৈ পৰিছিল.. |
কিমান সময় পাহি শুই আছিল তাই নাজানে|দুচকু মেলি তাই নিজকে বিচনাত পালে |ৰুমটোৰ বস্তুবোৰ পুণৰ চিজিল হ'ল |তাৰ মানে অনুজ আহিল|
তাই অনুজক বিচাৰি সেই নিদিৰ্ষ্ট জেগা দখৰলৈ গল |তাৰ মৰমৰ ৰক্ গাৰ্ডেনৰ সেই বিশেষ কৰৰ্ণাৰ টো যত সি পেবুলচ বিলাক কালাৰ কৰি ৰাখে |একো সঠিক সিদ্ধান্ত লব নোৱাৰিলে সি সৰু সৰু শিলবোৰ ৰং কৰে |অনুজক পাহিয়ে খৰকৈ শিল গুটি এটাত ৰং দি থকা পালে তাই লাহে কৈ তাৰ কান্ধত হাত থলে, অনুজে প্ৰথমে উচাত মাৰি পাহিৰ হাতটো অতৰাই দিলে |
:জু ,এইবাৰ পাহিয়ে মাত লগালে |
সি ঘূৰিল, পেবুল টো টেবুলত ব্ৰাচ ডালৰ সৈতে থলে|নাতি দুৰত থকা পাহিক সি বুকুৰ মাজলৈ টানি নিলে...
:আমি খুড়া খুড়ীক লৈ আহিম পাহি.... |তাইক তাৰ বুকুৰ সমস্ত ভালপোৱায়ে বুকুত সামৰি কথাটো কলে....... |