Sunday, August 18, 2019
#কবিতাৰ শিৰোনামা :"আশা" উন্দোলাই আনা আকাশৰ তলত এপথাৰ সেউজীয়া শিপাইছে.... | যি সেউজীয়া ই প্ৰতিহত কৰিব এদিন দুখ আৰু কপালৰ ঘামৰ অব্যক্ত মালিতা| হে আকাশ.... তই তিমিৰৰ আলিংগনক বাঢ়িব নিদিবি মোৰ বুকুত..| অ' আনামী বতাহ, উন্মনা নহবি. ..নহবি উন্মনা| মোৰো বুকুত শিপাব দে সেউজীয়া বাঢ়িব দে আবেগৰ বোকোচাত... | হুৰ ...হুৰ... হুৰ.... কৈ খেদাই দে খেদাই দে... অ'বতাহ কলীয়া মেঘ খেদাই দে..... | শুকুলাৰ আবাহন কৰি দে... | ফুলক শেৱালি, ফুলক কহুঁৱা শুভ্ৰতাৰ দলিচা পাৰি বিয়পক ৰূপালী জোনাক মোহনীয়া... | উন্দোলাই অনা আকাশত হওক শুকুলাৰ আগমন....! দুখৰ হুমুনিয়াহ মোৰ শুভ্ৰ হওক শুভ্ৰ হওক মোৰ অপ্ৰাপ্তিৰ বেদনা মোক বধিৰ কৰি তোলা হতাশা মোৰ নিৰাশাৰ বালিচৰত সজীৱ হৈ উঠা অফলতাবোৰ শুভ্ৰ হওঁক শুভ্ৰ হওঁক সকলো ৰঙ হেৰাই যাওঁক এই শুভ্ৰতাত সকলো একাকাৰ হওঁক এই শুভ্ৰতাত.... |
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment