Sunday, July 7, 2019
#)এটা গল্প # ফেচবুকৰ গ্ৰুপ টোত কিবা এটা পোষ্ট দি ভাল লাগে|কাৰণ তাত দিয়া পোষ্ট বোৰত তাইৰ মনৰ ভিতৰ চ'ৰাত হৈ থকা ভাব বোৰৰ বহিয় প্ৰকাশ ঘটে|মনৰ অলেখ অযুত ভাব বোৰ চিয়াঁহীৰ সহায়ত শব্দ ৰূপ নিদিলে মনতে হেৰাই যায়| আগৰ দৰে গৰম বন্ধ ত উৎসাহ নাই যদিও গৰম বন্ধ আহিলে ভাল লাগে|কাৰণ তাই প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে|গতিকে তাৰ ল'ৰা ছোৱালী বোৰে বন্ধ ঘোষণা কৰা দিনটোত ফুলৰ মালা, ফুলৰ থোপা ইত্যাদি বোৰে বিদ্যালয়ৰ চাৰ বাইদেউ সকলক উপচাই পেলাই|তাই ভাবিলে বন্ধটো হৈ যাওক,বন্ধ দিনা আয়োজন কৰা ফাংচনত অলপ লাগি ভাগি দিব| যিহেতু সৰু লৰা ছোৱালী অলপ তদাৰকৰ দৰকাৰ| নিৰ্দিষ্ট দিনত বন্ধটো আহিল |ফুল মালা গামোচা ফুলৰ থোপায়ে ছাত্র ছাত্রী সকলে চাৰ বাইদেউ সকলক উপচাই পেলালে|নৃত্য গীতৰ অনুষ্ঠান হ'ল |সকলোবোৰ হোৱাৰ পিছত সিহঁত টিচিং স্টাফটো মিলি ৰেষ্টুৰেণ্ট ত গৈ কফি খাল |মনত একখিনিমান আশা লৈ তাই ঘৰলৈ আহিল | আজি শণিবাৰে বন্ধ দিলে |এটা দিন বেচি কৈ পাইছে |ৰবিবাৰ এটা বেচি হৈছে|সময় বেছি হলে ভালে হয় |কম চে কম তাই এটা আশা পুৰণ হ'ব|ঘৰৰ কামৰ লগতে লিখা কামটো আজৰি কৰিব| দেওবাৰে ৰাতিপুৱাৰ লগে লগে তাই ব্যস্ত হ'ল ঘৰৰ কামত |ইটোৰ পাছত সিটো |বাহি চোতালৰ পৰা পাকঘৰলৈ|প্ৰথম মানুহজনক উলিয়াই পঠালে তাৰ পিছত শহুৰ|শাহুৱে বুলে তুমি থাকা মই নামঘৰত নাম লোৱা যো যা চলিছে তাৰ পৰা আহো|শাহু যোৱাৰ পাছত তাই বাথৰূমত থকা কাপোৰবোৰ ধোবলৈ লাগিল | মনটো ৰিলেক্স কৰি লও বুলি ভাবি টি ভি টো খোলোতেই বাহিৰত শহুৰ মাত শুনিলেই | :চেহ ...টিভি চাবা আৰু, তাই স্বগতোক্তি কৰি উঠিল | শহুৰ দেউতা কামৰ পৰা অহাৰ উমান লৈ শাহু মা আহিল |দুয়ো বাহিৰৰ বাৰাণ্ডাত বহি কথা পতা আৰম্ভ কৰিলে তাই বুজিলে মানে আজি শাহুৱে কাম নকৰে তেওঁ আৰাম ল'ব !!ঠিক্ আছে আজি তাই কাম কৰিব লিখা কামটো কালিলৈ পৰা আৰম্ভ কৰিব| আবেলিৰ আহাৰ খায় শহুৰ শাহু ফুৰিবলৈ গ'ল |তাই আবেলিৰ কাপোৰ ভৰুৱা পৰা বাকী ৰোৱা কাম বোৰ কৰোতে সন্ধ্যা হল|মানুহজন কামৰ পৰা আহিল তেওঁকো সকলো কৰি দিয়াৰ পাছত তাই গাটো ধুই গোসাঁই চাকি দিবৰ বাবে গোসাঁই ঘৰত সোমাল | যেতিয়া বাচন বৰ্তন বোৰ সামৰি তাই বাকী কামবোৰ কৰি বিচনা লৈ গৈছিল তেতিয়া আৰু একো কাম কৰা ইচ্ছা নাছিল |তাই ইতিমধ্যে গম পাইছিল কামৰ মাজত সুৰুঙা উলিয়াই নিজৰ চখ পুৰাব লাগিব|যিদৰে তাই স্কুল থকা দিনবোৰত ঘৰলৈ আহি অলপ সময় জিৰণি লওতে লিখে তেনে কৈ লিখিব লাগিব৷ |কিবা এটা ভালদৰে লিখিম বুলি উপযুক্ত পৰিবেশ পোৱালৈ ৰৈ থাকিলে নহ'ব, নিজেই পৰিবেশটোৰ ৰচনা কৰি লব লাগিব |কাৰণ বোৱাৰী জীৱন ছোৱালী জীৱনৰ পৰা বহু খোজ নিলগত.... |
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment