#David Rocco ,Rosemary ,বনজালুক,দুপৰীয়াৰ শুকান ভাজি😎🙏
দেওবাৰৰ দিনা মানুহজনে কলে আজি দুপৰীয়া সাজত বনজালুকৰ লগত সৰু আলুৰ শুকান ভাজিখন ৰান্ধিবা।ৰাতিপুৱাৰ প্ৰত্যাহিক কামবোৰৰ সমাপ্তি ঘটাৰ লগে লগে সৰু খৰাহি এটা লৈ পথাৰলৈ লৰ মাৰিলোঁ।পথাৰৰ শুকান নৰানিৰ মাজে মাজে শিপাব ধৰা সেউজীয়া মানিমুনি,মাটিকাঁদুৰি আৰু অচিন অজান বনবোৰৰ মাজত মাটিত বগুৱা বনজালুকবোৰ বিচাৰি চিকুটি চিকুটি বুটলিলোঁ।দুপৰীয়াৰ শুকান ভাজিখন ৰাান্ধি ভাত খাই উঠিলোঁ।এওঁ T.V. চাই আছিল তেতিয়াহে মনত পৰিল David Rocco লৈ।ক'ৰ পৰা যে কি হ'ল ন?প্ৰথমে বনজালুকৰ শুকান ভাজি পিছতে David Rocco।ক'ৰ বনজালুক ক'ৰ কানাডাৰ David Rocco?তাতে আকৌ western celebrity হয়।হয়,পিছে কথাটো আমাৰ চ'তমহীয়া পথাৰৰ বনজালুকহে য'ত কুটৰ ঘাই।মানে মূল culprit । না বনজালুকৰ দুপৰীয়াৰ ভাজি না David Rocco ৰ Rosemary ।কানাডাৰ food blogger, chef,National geographic, TravelXp ত হাঁহি হাঁহি খাদ্য ৰান্ধি Rosemary দি Gurnish কৰি থকা David Roccoলৈ মনত পৰিল হয়।বনকালুকৰ বাবে মনত পৰিল David Rocco ৰ Rosemary লৈ।David Roccoৱে যি dish নাৰান্ধক কিয় সবতে Rosemary দিবই আনকি তেওঁৰ common dish /favorite dish pasta টোত Rosemary add কৰিব।এই Rosemary যেন আমাৰ বনজালুক ।পিছে মোৰ চকুৰেহে বনজালুকক ৰ'জমেৰীৰ ককাই ভাই যেন লাগে।আমাৰ বনজালুক আৰু শীতকালৰ শাক আনহাতে ৰ'জমেৰী মচলা।ককাই_ ভাই ,বাই _ভনীৰ কথা নাহে ।পিছে লাহি পাহি দুইজোপা গছ একেই বাবে মনটোৱে কলে।flipkart ,Amazon খুলি চালোঁ ।বেঙুনীয়া ফুলৰ Rosemary ৰ দৰ দাম।পিছে এইখিনিতে মধ্যবিত্তৰ মনটোৱে সাৰ পাই উঠিল।এতিয়া ৰ'জমেৰী নালাগে চ'তৰ পথাৰৰ বনজালুক থাকে মানে DaVid Rocco ৰRosemary ক পিছে পৰে কিনিম আৰু………|
No comments:
Post a Comment