Sunday, March 30, 2025
#GHIBLI STUDIO,LOCKDOWN AND MY NEIGHBORS TOTORO:অলপতে ফাকুৱাৰ বন্ধত ঘৰলৈ আহোঁতে আমাৰ অকণি ভতিজাটোৰ Japanese শিকাৰ চখ বাঢ়িছিল।খুৰাকক চুচি[sushi]খোৱাৰ কথা কৈ আছিল।তেতিয়া সি "Ghibli studio"ৰ কথা কৈছিল।মই ইমান ধ্যান দিয়া নাছিলোঁ কাৰণ সি খুৰাকৰ লগতে কথা পাতি বেছি ভালপাই।কিছুমান কথা মোৰ উত্তৰ দিবলৈও টান হয়।আছলতে OTTৰ বাবে এইবোৰ চাই থকা ল'ৰা ছোৱালীবোৰে বহুত কথা জানে। এইটো OTTৰ ধনাত্মক দিশ ।লগতে ইয়াৰ ঋনাত্মক দিশ বহুত।যিবোৰৰ পৰা আমি অকণিহঁক আতৰত ৰাখিব লাগে।covid _19ৰ বাবে LOCKDOWN হৈ থকা সময়ত OTT ৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়িছিল ।তেতিয়াই চাইছিলো" MY NEIGHBORS TOTORO ".অকণমানি 'মে'ৰ ল'ৰালিৰ কাহিনী।চিকিৎসালয়ত থকা অসুখীয়া মাক ,চাকৰিত দিনটো ব্যস্ত দেউতাক,গাওঁৰ নতুন পৰিৱেশত নতুন ঘৰ ,নতুন চিনাকি ঠাই লগতে নতুন চুব্বুৰীয়া আৰু তাইৰ অভিভাৱক ৰূপে তাইতকৈ সামান্য ডাঙৰ বাইয়েক।মে' ৰ মাকলৈ মনত পৰা ।মাকৰ ওচৰলৈ যাব বিচৰা ।মান অভিমানৰ মাজতে হঠাৎ লগপোৱা টটৰ'[TOTORO]মেকুৰী দৰে মুখখনৰ সৈতে পেটুৱা অদ্ভুত প্ৰাণীটো।এতিয়া ল'কডাউন ৰ পিছৰ পৰা বৰষুণ দি পথাৰবোৰ পানীৰে উপচি পৰিলে জাপান গৈ 'মে' ৰ দৰে TOTORO ক লগ পাব মন যায়।ইয়াৰ পিছতে চাইছিলোঁ"only yesterday" ,"Arriety",whisper of heart","kiki's Delivery service","when Marnie was there","A whisker Away" দৰে জাপানীজ এনিমেচনবোৰ।পৰিয়ালৰ সকলোৰে লগত মিলি জুলি চাব পৰা এই সুন্দৰ এনিমেচনবোৰৰ পুণৰ এবাৰ চাবৰ মন গৈছে ফেচবুকত চলি থকা" Ghibli photo"ৰ বাবে।১৯৯১ চনৰ আগে পিছে বনোৱা এই বিশ্ব বিখ্যাত এনিমেচন বোৰ যদি নাই চোৱা চাব পাৰে।"Doremon " ৰ উপৰিও আমাৰ অকণিহঁতক চাবলৈ দিব পাৰে এই জাপানীজ এনিমেচনবোৰ।যিবোৰ "Netflix"ত উপলব্ধ।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment