Sunday, March 30, 2025

#GHIBLI STUDIO,LOCKDOWN AND MY NEIGHBORS TOTORO:অলপতে ফাকুৱাৰ বন্ধত ঘৰলৈ আহোঁতে আমাৰ অকণি ভতিজাটোৰ Japanese শিকাৰ চখ বাঢ়িছিল।খুৰাকক চুচি[sushi]খোৱাৰ কথা কৈ আছিল।তেতিয়া সি "Ghibli studio"ৰ কথা কৈছিল।মই ইমান ধ্যান দিয়া নাছিলোঁ কাৰণ সি খুৰাকৰ লগতে কথা পাতি বেছি ভালপাই।কিছুমান কথা মোৰ উত্তৰ দিবলৈও টান হয়।আছলতে OTTৰ বাবে এইবোৰ চাই থকা ল'ৰা ছোৱালীবোৰে বহুত কথা জানে। এইটো OTTৰ ধনাত্মক দিশ ।লগতে ইয়াৰ ঋনাত্মক দিশ বহুত।যিবোৰৰ পৰা আমি অকণিহঁক আতৰত ৰাখিব লাগে।covid _19ৰ বাবে LOCKDOWN হৈ থকা সময়ত OTT ৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়িছিল ।তেতিয়াই চাইছিলো" MY NEIGHBORS TOTORO ".অকণমানি 'মে'ৰ ল'ৰালিৰ কাহিনী।চিকিৎসালয়ত থকা অসুখীয়া মাক ,চাকৰিত দিনটো ব্যস্ত দেউতাক,গাওঁৰ নতুন পৰিৱেশত নতুন ঘৰ ,নতুন চিনাকি ঠাই লগতে নতুন চুব্বুৰীয়া আৰু তাইৰ অভিভাৱক ৰূপে তাইতকৈ সামান্য ডাঙৰ বাইয়েক।মে' ৰ মাকলৈ মনত পৰা ।মাকৰ ওচৰলৈ যাব বিচৰা ।মান অভিমানৰ মাজতে হঠাৎ লগপোৱা টটৰ'[TOTORO]মেকুৰী দৰে মুখখনৰ সৈতে পেটুৱা অদ্ভুত প্ৰাণীটো।এতিয়া ল'কডাউন ৰ পিছৰ পৰা বৰষুণ দি পথাৰবোৰ পানীৰে উপচি পৰিলে জাপান গৈ 'মে' ৰ দৰে TOTORO ক লগ পাব মন যায়।ইয়াৰ পিছতে চাইছিলোঁ"only yesterday" ,"Arriety",whisper of heart","kiki's Delivery service","when Marnie was there","A whisker Away" দৰে জাপানীজ এনিমেচনবোৰ।পৰিয়ালৰ সকলোৰে লগত মিলি জুলি চাব পৰা এই সুন্দৰ এনিমেচনবোৰৰ পুণৰ এবাৰ চাবৰ মন গৈছে ফেচবুকত চলি থকা" Ghibli photo"ৰ বাবে।১৯৯১ চনৰ আগে পিছে বনোৱা এই বিশ্ব বিখ্যাত এনিমেচন বোৰ যদি নাই চোৱা চাব পাৰে।"Doremon " ৰ উপৰিও আমাৰ অকণিহঁতক চাবলৈ দিব পাৰে এই জাপানীজ এনিমেচনবোৰ।যিবোৰ "Netflix"ত উপলব্ধ।

Rosemary

#David Rocco ,Rosemary ,বনজালুক,দুপৰীয়াৰ শুকান ভাজি😎🙏
               দেওবাৰৰ দিনা মানুহজনে কলে আজি দুপৰীয়া সাজত বনজালুকৰ লগত  সৰু আলুৰ শুকান ভাজিখন ৰান্ধিবা।ৰাতিপুৱাৰ প্ৰত্যাহিক কামবোৰৰ সমাপ্তি ঘটাৰ লগে লগে সৰু খৰাহি এটা লৈ পথাৰলৈ লৰ মাৰিলোঁ।পথাৰৰ শুকান নৰানিৰ মাজে মাজে শিপাব ধৰা সেউজীয়া মানিমুনি,মাটিকাঁদুৰি আৰু অচিন অজান বনবোৰৰ মাজত মাটিত বগুৱা বনজালুকবোৰ বিচাৰি চিকুটি চিকুটি বুটলিলোঁ।দুপৰীয়াৰ শুকান ভাজিখন  ৰাান্ধি ভাত খাই উঠিলোঁ।এওঁ T.V. চাই আছিল তেতিয়াহে মনত পৰিল David  Rocco  লৈ।ক'ৰ পৰা যে কি হ'ল ন?প্ৰথমে বনজালুকৰ শুকান ভাজি পিছতে David Rocco।ক'ৰ বনজালুক ক'ৰ কানাডাৰ David Rocco?তাতে আকৌ western  celebrity হয়।হয়,পিছে কথাটো আমাৰ চ'তমহীয়া পথাৰৰ বনজালুকহে য'ত কুটৰ ঘাই।মানে মূল culprit । না বনজালুকৰ দুপৰীয়াৰ ভাজি না David Rocco ৰ Rosemary ।কানাডাৰ food blogger, chef,National geographic, TravelXp ত হাঁহি  হাঁহি খাদ্য ৰান্ধি Rosemary  দি Gurnish কৰি থকা David Roccoলৈ মনত পৰিল হয়।বনকালুকৰ বাবে মনত পৰিল David Rocco ৰ Rosemary লৈ।David Roccoৱে যি  dish নাৰান্ধক কিয় সবতে  Rosemary দিবই আনকি তেওঁৰ  common dish /favorite  dish  pasta টোত Rosemary add কৰিব।এই Rosemary যেন আমাৰ বনজালুক ।পিছে মোৰ চকুৰেহে বনজালুকক ৰ'জমেৰীৰ ককাই ভাই যেন লাগে।আমাৰ বনজালুক আৰু শীতকালৰ শাক আনহাতে ৰ'জমেৰী মচলা।ককাই_ ভাই ,বাই _ভনীৰ কথা নাহে ।পিছে লাহি পাহি দুইজোপা গছ একেই বাবে মনটোৱে কলে।flipkart ,Amazon   খুলি চালোঁ ।বেঙুনীয়া ফুলৰ Rosemary  ৰ দৰ দাম।পিছে এইখিনিতে মধ্যবিত্তৰ মনটোৱে সাৰ পাই উঠিল।এতিয়া ৰ'জমেৰী নালাগে চ'তৰ পথাৰৰ বনজালুক থাকে মানে DaVid Rocco  ৰRosemary ক পিছে পৰে কিনিম আৰু………|