বৰষা:হেঁপাহ বাখৰুৱা(অনুগল্প)
বৰষা:অভিমানবোৰ যেতিয়াৰ পৰা তেওঁ শাসন বুলি ধৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াৰ পৰা তেওঁৰ প্ৰতি অভিমানৰ লগতে অধিকাৰো কমি গৈছিল।কথাবোৰ পাহৰি যোৱাৰ বাহানা কৰি যেতিয়াৰ পৰা বাহানা দিবলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰা তেওঁৰ ওপৰত বিশ্বসো কমি গৈছে।
নীৰদ: কিন্তু বৰষা!
বৰষা: ওহোঁ!নীৰদ!কোনো কিন্তু নাই।বৰষাক সকলোৱে অজুহাত দিয়ে।সকলোৱে ঠগি যায়।তুমি!তেওঁ!সকলোৱে।
নীৰদ:অহ্ বৰষা!
বৰষা:পাৰ্থক্য মাথোন এটাই তুমি মোৰ পচন্দৰ।আকাশ ঘৰৰ পচন্দৰ।দুয়োজনে যিমানেই সোণাৰুবুলীয়া সপোন দেখোৱাবলৈ যত্ন নকৰা কিয় দুয়োজনে মোৰ প্ৰেমৰ সমাধিটো আজাৰবুলীয়া বিষাদ বগুৱা সন্ধ্যাটোৰ বুকুতে আঁকি দিলা।