Saturday, July 13, 2024
###যৌৱনৰ কবিতাটো: হে শ্যামল!কি চাই আছা?ব'লা না মোৰ অকণ বজাৰৰ ফালে যাব লগা আছে।:ৰ'বা ।এই সোণাৰু হালধীয়া আৰু ৰাধাচূড়াৰ মাজত উমলি থকা কবিতাটো উপভোগ কৰিছোঁ।:ক'ত কবিতা বিচাৰিছা?ডিৰ্পাটমেণ্টলৈ অহা বাটত?:অ' ইয়াতে বিচাৰিছোঁ মনৰ কবিতা,জীৱনৰ ঠিকনা! এইয়ে শেষ কবিতাৰ উৎস বিচৰাৰ বিলাসিতাৰ।ইয়াৰ পিছত জীৱিকাৰ পথ বিচাৰিব লাগিব ।মোৰ ভাল লগা ছোৱালীজনীক মোৰ মানুহজনী কৰিব লাগিব ।সেয়েহে চাই লওঁ দিয় কৃষ্ণচূড়াৰ ফাঁকে নীলাভ আকাশ।সোণাৰুৰ হালধীয়াত উন্মুখ হৈ পৰিব বিচৰা বাৰিষাৰ বিষাদ গধুৰ নীৰদ,শীতৰ সেমেকা কুঁৱলীবোৰক বাট এৰি দি কুঁচি মুচি শুই পৰা দিনমণিক।:অহ্!, সেই বুলিয়েই মানুহে দেখাকে মোৰ গালত চিকুটি দিছা? তোমাক মই বান্দৰ………|:সেই…সেই… ৰাধিকা ।নুভুকুৱাবা। সকলোৱে চাইছে।অহা! দুখ পাইছোঁ।:পা।বান্দৰ। মই হ'বলা নাপাওঁ?এইদৰে চিকুটি দিলে?:ছ'ৰী।:ছ'ৰী বুলি কৈ কিয় বান্দৰৰ দৰে হাঁহিছা?:তুমিয়ে কৈছা দেখোন মই বান্দৰ বুলি।(?):হ'ব বান্দৰ।অলপ ভঁৰলু ফালৰ পৰা আহোঁগৈ ব'লা আৰু অকণ বজাৰো কৰিম।:ব' লা……………………………………………:হে শ্যামল নহয় নে?:হয়। ৰাধিকা?:অ':অকস্মাৎ,এনেদৰে থেমছৰ পাৰত(Thampes)?:অ' মানুহজনৰ চেমিনাৰ আছে।লগতে আহিলোঁ।মই ফুৰিছোঁ।তেওঁ নিজৰ কামত গ 'ল।:অ'। তোমাৰ খবৰ কোৱা?:ভালেই ।ইয়াৰ পৰা কানাডা লৈ যাম ।ল'ৰা কানাডাত থাকে।;অ।:তোমাৰ খবৰ? তোমাৰ পৰিয়াল?:খবৰ ভালেই।পৰিয়াল গোটাব নোৱাৰিলোঁ।বাকী সকলো গোটালোঁ।বেংক বেলেঞ্চ,ঘৰ,গাড়ী,ভাল চাকৰি…সকলো…|কিন্তু পৰিয়াল গোটাব নোৱাৰিলোঁ।হয়তো মোৰ দৰে মানুহবোৰে পৰিয়ালটোক বস্তু বুলি গণ্য নকৰোঁ।সেইবাবে হাৰি গ'লোঁ|পৰিয়াল গোটাব নোৱাৰিলোঁ।:শ্যামল তুমি তাৰ মানে?!?:ৰাধিকা! যৌৱনত শ্যামল নামৰ ডেকাজনে যিজনী ছোৱালীক নিজৰ সৰ্বস্ব সঁপি দিছিল তাইক নিজৰ মানুহজনী কৰিব নোৱাৰিল ।তেনে এজন অসফল মানুহে কি পৰিয়াল গোটাব?:শ্যামল!! প্লিজ্।!:ৰাধিকা !ভালপোৱা ছোৱালীজনীক পি.জি. ৰ পিছত তিনিটা বছৰ বিচাৰিছিলোঁ।কিন্তু ,সাত সাগৰ ,তেৰ নদীৰ দুৰত থকা এই অচিন দেশখনত নিজাকে এটা ঠিকনা গঢ়ি সম্পূৰ্ণ এটা বছৰৰ আগতে গৈও নিজৰ প্ৰেমিকাজনী আনৰ অৰ্ধাংগিনী হোৱাৰ কথা গ'ম পালোঁ।সেই যে শূণ্য হৈ গুচি আহিলোঁ আজিও শূণ্য হৈ ৰৈ গলোঁ।পৰিয়াল গোটাব নোৱাৰিলোঁ ,ৰাধিকা…|: শ্যামল !তোমাক মই কেনেকৈ বুজাওঁ।!: নালাগে দিয়া বুজাব।কিছুমান সাঁথৰ সাঁথৰ ভাগেই থাকিলে ভাল লাগে।সেই সাঁথৰ নভগা প্ৰহেলিকাৰ মাজত পাকঘূৰণি খাই এই শ্যামল আজি জীৱনৰ বিয়লি বেলাত ৰ'লোহি।এতিয়া আৰু আওৰাব নাযাওঁ যৌৱনত দেখা কৃষ্ণচূড়াৰ ফাঁকে ফাঁকে সেই নীলাভ আকাশৰ কবিতা।এতিয়া মই এই থেমছৰ সোঁতৰ লগত মোৰ ল'ৰালিৰ কপিলী পাৰৰ হেৰুৱা সুৰ বিচাৰিম।তোমাক নিবিচাৰোঁ ,ৰাধিকা।তুমি কোনো কালে মোৰ নাছিলা ।কোনোকালে মোৰ নোহোৱা।যৌৱনৰ মাতাল ৰাগিত ভুলতে আওৰুৱা তুমি মোৰ জীৱনৰ এটা অপৈণত কবিতা।:শ্যামল!!!:সুখী হোৱা ,ৰাধিকা। মই যাওঁ।…………………………°°……………………
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment