Thursday, July 11, 2024

#বৰষুণৰ গদ্য:বৰষুণজাক এৰিবলৈ মন নকৰা হ'ল যে ?:তই এনেকে বৰষুণজাক অহাৰ বাবে বেয়া পাইছ?:অ'।:কিয়?:অ' কটা কিয় বুলি সুধিছে চা।বৰষুণজাক নহা হ'লে মোৰ মাটি ডৰা ৰুই হৈ যায় আৰু আপোনিও আৰু দুডৰামান মাটিত কঠীয়া বুলাব পাৰিল হয়।সেই ৰেডিঅ'ত বজা গানটোৰ দৰে………"এইয়াতো নহয় অহাৰ সময় অ' বৰষা কিয় আহিলা"……"মোৰ যে মাটিডৰা ৰুবলৈ থকিব এতিয়া…।":হয় নেকি?:অ' :পিছে মালা মই বৰষুণজাক অহাৰ বাবে ভাল পাইছোঁ।:কিয় ?কাম কৰিবলৈ মন নাই আপোনাৰ?:ওহোঁ:পিছে?;পিছে মানে এই সুবৰ্ণ সুযোগকণ।:সুবৰ্ণ সুযোগ?:অ' সুবৰ্ণ সুযোগ।তই জানো বৰষুণজাক অকস্মাতে নহা হ'লে মোৰ জাপিৰ তলত ল'ৰি আহি সোমালিহি হয়? এইদৰে ইমান কাষলৈ আহিলি হয়?উশাহে উশাহ ঢুকি পোৱাকৈ।:আও! কলেজলৈ দুশ্ৰেণীমান পঢ়িল বুলিয়ে কি কথাৰ পাক লগাইছে চা।:হয় নেকি?:হয় নেকি নহয় অলপ আঁতৰি দিয়ক।কোনোবাই দেখিব।অ'মা………!!!:সেইয়া দেখিছ ইন্দ্ৰ দেৱতাই বিচাৰিছে তই মোৰ কাষলৈ অহাটো।সেয়েহে ব্ৰজ মাৰি পঠাইছে।:বুঢ়া: আঁতৰি গ'লি যে?বৰষুণত তিতি বেমাৰ গোটাব খুজিছ নেকি?:হওঁক বেমাৰ।আপোনাৰ পৰকিতি লৰা এই স্বভাৱৰ বাবে কোনোবাই দেখিলে কি হ'ব? যদি সোণমইনায়ে গ'ম পাই।: সোণমইনায়ে গ'ম পালে কি হ'ব??সোণমইনায়ে এদিন মোৰ দৰে কাৰোবাক জাপিৰ তলত সোমোৱাব বিচাৰিব।তই দেখা নাই আমাৰ ল'ৰা ডেকা হৈছে।তাৰো কাৰোবাক ভাল লাগিব মোৰ দৰে সিওঁ বিয়া পাতি।:হ'ব দিয়ক কিবোৰ যে বকিছে।বাপেক হৈ নিজৰ ল'ৰাৰ কথা এইবোৰ ক'বলৈ……|: এইয়া জীৱন মালা।:তথাপিতো……|: এই বৰষুণ।এই পথাৰ। বেছি বৰষুণ হ'লে আমাৰ কষ্টৰ পথাৰৰ সেউজীয়াবোৰ নষ্ট হোৱাৰ ভয়!সংশয়!দু:চিন্তুা!তাৰে মাজতে হাঁহি ,ভাল পোৱা,এইবোৰেই জীয়াই থকা আশা।আপোনজনৰ প্ৰতি বুকুত থকা টানে আমাক সকলো দুখ সহি সহি হাঁহি থাকিবলৈ শিকাই।:হয় দিয়ক।কাষ চাপি আহিলি যে?:এই বৰষুণত এটা জাপিৰ তলত থিয় হৈ থাকিবলৈ অহা নাই ব'লক ঘৰলৈ যাওঁ।বৰষুণ নকমে।সোণ আহিলে যদি অকলে অকলে নিমাও মাও পাব।:ব'ল।কাষে কাষে খুপনি পুতি ব'ল ন'হলে পিছলি পৰিবি। #পূৱালী গগৈ।

No comments:

Post a Comment