Saturday, July 6, 2024
#ভালপোৱা# ৰৌদ্ৰজ্জ্বল পুৱতি বেলাটো ক্ৰমাৎ বিবৰ্ণ হৈ পৰিল।দুপৰীয়াটোলৈ গতি কৰোঁতে আকাশখন গোমাহৈ আহিল।মেঘৰ গৰ্জন আৰু বিজুলীৰ চকু চাট মাৰি ধৰা পোহৰৰ সৈতে কলহৰ কাণেৰে পানী ঢলাৰ দৰে বৰষুণ এজাক হুৰহুৰাই আহিল।পুৱাৰ কামবোৰ শেষ হওঁতে অনাহুত বৰষুণজাকৰ বাবে বাহিৰত মেলি থোৱা কাপোৰবোৰ পুণৰ ভৰাব লগাত পৰিল।আজি তাইৰ কাপোৰবোৰ প্ৰত্যেকৰ ভাগে ভগে জাপি তিঁতা কাপোৰবোৰ পুণৰ ৰচীত ক্লিপ লগাই বাৰাণ্ডাখনত মেলি থবলৈ মন নগ'ল।তাতকৈ এই বৰষুণজাকে হিল্লোল তোলা বাহিৰৰ প্ৰকৃতিৰ মনোৰম পৰিৱেশটোৰ মাদকতা উপভোগ কৰিবৰ বাবে একাপ গৰম কফি কৰি খোলা খিৰিকীৰ কাষত বহি থাকিবলৈ মন গ'ল। পুৱাতে অফিচলৈ যোৱা মানুহকেইটাতকৈ আগতে উঠি গা_পা ধুই ভাতৰ পৰা টিফিনৰ যোগাৰ কৰি দি শহুৰেকক কোমল চাউলৰ জলপান আৰু মধুমেহ ৰোগী বুলি শাহুৱেকক শুকান ৰুটি আৰু সেউজীয়া পাচলিৰ চবজিখন যোগাৰ ধৰালৈ অলেখ কাম।সহায় কৰোঁতা নাই।একেখন ঘৰৰ বোৱাৰী যদিও অফিচলৈ যায় বাবে শুই উঠি গা_পা ধুই ভাত খাই কাঁহীখন তাইলৈ এৰি যোৱা নৱৌয়েকজনীলৈ তাইৰ খং এটা উঠে।শাহুৱেকজনীও কাম কৰিব পৰা হৈ আছে।অথচ আগতে তেওঁ বোৱাৰী হওঁতে কিমান কাম কৰিছিল তাৰ বিৱৰণ দি দি বহি থাকে।একো নকয় তাই।ক'বলৈ একো নাই।সোনকালে ৰিজাল্ট দিলে।এম.এ. কৰিবৰ বাবে গুচি যোৱাৰ কথা ভাবে।বিয়াৰ আগতে উৎপলৰ সন্মতি আদায় কৰি থৈছে।এম.এ. নকৰাকে বিয়া নকৰাওঁ ভাবিছিল।কিন্তু মাক দেউতাকৰ কি হ'ল নাজানে তাই।উৎপলে তাইলৈ বিয়াৰ প্ৰস্তাৱলৈ আলহী ঘৰত বহাৰ পৰা বিয়া পাত ,বিয়া পাত কৰি বিয়া দি দিলে।কফি কাপলৈ পিছফালৰ বাৰাণ্ডাত বহিল।বৰষুণজাক কমিব বিছৰা নাই।গাজনি বিজুলীৰ নাচোন একেই আছে। পুৱাতে নামলৈ উলাই যোৱা শহুৰেক।অলপ কাম আছে আমুকৰ ঘৰত বুলি কৈ উলাই যোৱা শাহুৱেক।বৰজনাক ,বৌয়েক আৰু উৎপল পুৱাতে নিজ নিজ কামলৈ উলাই গ'ল।অকলশৰে আছে নয়না।এই বিয়াৰ পিছৰ ডেৰমাহ দিন প্ৰাহ্ন পৰা অপৰাহ্ন লৈ অকলশৰে থকাটো এটা অভ্যাসত পৰিণত হৈছে তাইৰ বাবে।কেতিয়া বৰষুণজাকৰ সৈতে একাত্ম হৈ পৰিল তাই নিজৰ অজ্ঞাতে গমকে নাপালে।মাথোন শৰীৰত বৰষুণৰ পানীবোৰে চেঁচা স্পৰ্শৰ এক অজান অনুভূতি দি গ'ল।পানী আৰু পানী ।আকাশৰ বুকুৰ পৰা খহি পৰা নীৰদৰ সীমাহীন টুকুৰা|প্ৰতিটো টুকুৰাৰ আঘাতে দিয়া বুজাব নোৱাৰা শিহৰণ!বান্ধি থোৱা চুলিবোৰ তাইৰ খুলি গ'ল।গাত লিপিট খাই পৰিল ৰিহাখন।বৰষুণে বাউলি কৰা নয়নাৰ হঠাৎ উৎপলৰ মুখখন চকুৰ আগতে ভাঁহি আহিল।হঠাৎ এখিনিমান কৃষ্ণচূড়া ৰঙীন তেজ তাইৰ দেহত তাৰণ্বিত হৈ পৰিল।ছেহ!কি?যে!ভাবনা।এইবোৰ!উৎপলতো কোনো দিনেই তাৰ সপোনৰ ৰূপহ কোঁৱৰ নাছিল।বিচৰা নাছিল উৎপলৰ দৰে বয়সৰ ব্যৱধান থকা পুৰুষ এজন স্বামী ৰূপে।বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ বন্ধুবোৰৰ মাজত কোনোৱে দুৰ্বলতা প্ৰকাশ কৰিলেও প্ৰশ্ৰয় দিয়াৰ কথা ভবা নাছিল।নিজকে আত্মনিৰ্ভশীল কৰি গঢ় দিয়াৰ হেঁপাহত প্ৰেম নামৰ অনুভূতিটোৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিছিল তাই|কিন্তুউৎপল নামৰ পুৰুষজনৰ আগমনে সকলো ওলট পালট লগাই দিলে।বিয়া নামৰ সাংসাৰীক বান্ধোনত বন্ধী হৈ পৰিল নয়না"মই আপোনাৰ ছোৱালীক পচন্দ কৰিছোঁ।বিয়া পাতিব বিচাৰোঁ আপোনাৰ ছোৱালী নয়নাক।"…আলহী কোঠাত বহি দেউতাকৰ আগত কোৱাঁ উৎপলৰ এই কথাষাৰে মাক দেউতাকক কি যাদু কৰিছিল তাই নাজানে ।বিয়া পাত।বিয়াপাত ,কৰি তাইক পাগল কৰিছিল।নয়নাৰ আকোঁৰগোজ স্বভাৱৰ বাবে উৎপলে তাই দিয়া প্ৰতিটো চৰ্ত মানি লৈছিল।তথাপিতো শান্ত হোৱা নাছিল নয়নাৰ মনৰ সংশয়।বিয়াত বহিবলৈ ৰাজি হোৱা নাছিল তাই।মাক দেউতাকৰ নেৰানেপেৰা কৈ লাগি থকা কাৰ্য আৰু উৎপলৰ সঘন আহ যাহত অতিষ্ঠ হৈ বিয়া হ'বৰ বাবে মান্তি হৈছিল তাই।"তোমাক দেখি মোৰ ভাল লাগিল।তেতিয়াৰ পৰা তুমি বিহীন জীৱনটো কল্পনাৰ আগোচৰ হৈ পৰিল নয়না।"__বিয়াৰ নিশা উৎপলে নয়নাক কথাষাৰ কৈ বুকুলৈ চপাই নিবলৈ উদ্বত হওঁতে নয়নাই এক প্ৰকাৰৰ উৎপলক ঠেলা মাৰি আঁতৰি গৈছিল।"নয়না"__উৎপলৰ মাতত কাতৰতা।খঙত কঁপিছিল নয়না।"তোমাৰ যদি কিবা ক'ব আছিল………………।"_উ্ৎপলে কথাষাৰ সম্পৰ্ণ কৰিবলৈ পোৱাৰ আগতে নয়নাই চিঞৰি উঠিছিল…………"ইম'চনেল ড্ৰামা ক্ৰিয়েট নকৰিব।মোৰ আপোনাক ,আপোনাৰ পৰিয়ালক জানিবলৈ বুজিবলৈ সময় লাগিব।তাৰ আগতে মই আত্মসমৰ্পণ কৰি আপোনাৰ দাসী হৈ যাব নিবিচাৰোঁ।""আত্মসমৰ্পণ"……শব্দটো আতঁৰাই মিচিকিয়াই হাঁহিছিল উৎপলে।"যোৱা কাপোৰ সলাই লোৱা কালিলৈ পুৱাৰ পৰা আকৌ সামাজিক নিয়মবোৰ আৰম্ভ হ'ব।গতিকে এতিয়া টোপনি যোৱাটো যুগুত।"_কথাষাৰ কৈ উৎপলে বিচনাত বাগৰ দিছিল।টোপনি অহা নাছিল নয়নাৰ বহু ৰাতিলৈ।বিচনাত এজন অচিনাকি পুৰুষ ।তেওঁৰ নিশ্বাসবোৰ ঘনে ঘনে আহি তাইৰ গাত পৰিছে ।যৌৱনৰ চঞ্চলতাবোৰ যে মুক্ বধিৰ হৈ পৰিছে নয়নাৰ বুকুত ।উশাহত আন্দোলিত বুকুত উঠা নাই কোনো লহৰ;য'ত তাই দিকভ্ৰান্ত হৈ হেৰুৱাব নিজক।খং! অসহায়! পৰিস্থিতিয়ে তাইক খেলা কৰি জীৱনটো সাঙোৰি দিলে এই অচিন পৃথিৱীত।শেষ ৰাতিলৈ খিৰিকীৰ কাষত বহিল তাই।পৰ্দা কোঁচাই আকাশত দিকভ্ৰান্ত্ৰ হৈ ওপঙি থকা জোনবাইজনীক চাই ৰ'ল।নিজৰ অজ্ঞাতে দুগালে বাগৰি চকুলোবোৰ কেনিবা পৰি ৰ'ল।:নয়না_কঠিন হাতৰ উমাল স্পৰ্শত সাৰ পালে তাই।কেনেদৰে তাই খিৰিকীৰ কাষৰ চকীখনত বহি টেবুলত মুৰ থৈ টোপনি গ'ল বাৰু?(।)"যোৱা ফ্ৰেচ হৈ লোৱা ।আজি দিনটো ৰেষ্ট নাপাবা।খঙ উঠিলে মোকে কৰিবা ;কিন্তু আনক নকৰিবা আকৌ।নিজৰ কথাত নিজেই ৰঙ পাই উৎপলে মৃদু হাঁহি মাৰিল।নয়নাই একো নকলে।বিচনা পত্ৰ পাৰি ধূৰ্তি পাঞ্জাবী পিন্ধি থকা উৎপলৰ ফালে চালে।গ্ৰেজুৱেচন কৰি চাকৰি পোৱা উৎপল তাইতকৈ পাঁচবছৰ ডাঙৰ।বৰ বেছি ডাঙৰ নহয় সি।সেয়েহে টো নয়নাৰ প্ৰেমত পৰি তাইক নিজৰ কৰাৰ জেদ ৰাখিব পাৰিলে সি।ডেকা বয়স!যি বয়সত মানুহে ভাল লগা ,ভালপোৱাবোৰ নিজৰ,একান্তই নিজৰ কৰিব বিচাৰে।বাথৰূমৰ পৰা উলাই আহি তাইৰ বাবে অপেক্ষা কৰি থকা উৎপললৈ চালে।:মাৰ পৰা গম পাইছিলো তুমিও কফি খাই ভালপোৱা।সেয়ে দুকাপ কফি বনাই আনিছোঁ।তাই একো নামাতিলে।ৰূমটোলৈ চকু ফুৰালে।ইতিমধ্যে উৎপলে ৰূমটো পৰিপাটি কৰিছে।উৎপলে আগবঢ়াই দিয়া কফি কাপ হাত পাতি ল'লে।ট্ৰেখনত কফি কাপ দুটা উঠাই উৎপলে নয়নাক উদ্দেশ্যি কলে "তুমি ৰেডী হোৱা।অলপ পাছত মানুহবোৰ আহিব।":নয়না!:ও: প্লিজ,তুমি খঙ উ ঠিলে মোক কৰিবা;ৰূমলৈ মাতি আনি,আনৰ আগত নকৰিবা।নয়না নিমাতে ৰ'ল।তাইৰ উত্তৰলৈ অপেক্ষা কৰি উৎপল নিৰাশ হৈ হাতত ট্ৰেখন লৈ ৰূমৰ পৰা উলাই গ'ল।দিনটোৰ ব্যস্ততাৰ শেষত কোঠাত সোমাই তাই কেতিয়া টোপনি গ'ল গম নাপালে।উৎপলৰ মাতত সাৰ পাই দেখে পুণৰ দুকাপ কফি লৈ সি সাজু: ব্ৰাছ কৰা যোৱা ।কফি কাপ খায় গা ধোবা।আলহী অহা ,ফুৰা,মাকৰ ঘৰলৈ যোৱা কামবোৰ সামৰি তাই নিজেই সোনকালে উঠিবলৈ ললে ।উৎপলে অনাৰ দৰে কফি কাপ আনি তাক দিয়ে।অকণ বহি লৈ কফি কাপ খায়।পুণৰ পাকঘৰৰ কামত লাগে গৈ।কোঠাটো পৰিপাটি কৰাৰ পৰা অফিচৰ কাপোৰ সাজকে ধৰি বাথৰুমত পেলাই অহা তিঁয়নি কাপোৰ সাজ ধুই উৎপল ভাতৰ টেবুলত বহে।খৰখেদাকৈ ভাত পানী দি তাই উৎপলক গাড়ীত টিফিন আৰু অফিচৰ বেগটো দিয়া কামটো কৰাৰ শেষত গেটখন খুলি দি তাক হাত জোকাৰি বাই কোৱাটো এটা এৰাব নোৱাৰা কাম হৈ পৰিছে তাইৰ বাবে।পুণৰ পাকঘৰ জঞ্জাল সামৰি সি ধুই যোৱা কাপোৰবোৰ বাহিৰত মেলি থৈ আহে।ঘৰখন অলপ পৰিপাটি কৰি দুপৰৰ জনশূন্য ঘৰখনত ভাগৰুৱা শৰীৰৰটো বিচনাত এৰি দি লগত লৈ অনা কিতাপবোৰ পঢ়ে ।আজিকালি পি.জি. ত প্ৰায়ে এন্ট্ৰেচ হয়।বিয়াৰ পিছতো পঢ়াৰ ইচ্ছা শেষ হৈ নাযায় নয়নাৰ।উৎপলে মানি লোৱা প্ৰথম চৰ্তটোৱে তাইক পি. জি. কৰিবলৈ দিয়াটো।লাঞ্চ্ টাইমত উৎপলে ভিডিঅ’ ক'ল কৰে।ৰিচিভ নকৰে তাই।নিজেই অডিঅ' ক'ল কৰে।কি কৰিছা? ভাত খালা?ৰাতি একেলগে ভাত খাম কিন্তু।আজি কি খাবা?কিবা নিব লাগিব নেকি?তাৰ আৱেগৰ উমে সিক্ত আদৰুৱা প্ৰশ্ন কেইটাৰ সদায় নঞৰ্থক উত্তৰ দিয়ে তাই।কিন্ত উৎপলে সদায় আবেলিৰ চাহ কাপৰ লগত খাবলৈ তাইৰ পচন্দৰ কিবা এটা লৈ আনে।ৰাতি দেৰিলৈ তাইৰ লগত ভাত খাবৰ বাবে ৰৈ থাকে ।ধোৱা, বাচনবোৰ সামৰাত সহায় কৰি দিয়ে।পুণৰ ৰাতিটোক সাক্ষী কৰি দুটা অচিনাকি মানুহ হৈ বিচনাত টোপনি যাবৰ যত্ন কৰে তাই।উৎপল টোপনি যায়।বেচেৰা!দিনটোৰ কাম।আকৌ তাইক পাকঘৰত কৰা সহায়।তাই উফাল মাৰি আঁতৰি অহা দিন ধৰি আৰু সি যত্ন কৰা নাই তাইক বুকুত চপাই লবৰ বাবে।ক্ৰমাৎ বৰষুণৰ টুপালবোৰ শান্ত হৈ আহিল।নয়না বাথৰূমত সোমাই কাপোৰ সাজ সলাই ল'লে।চুলিবোৰ ড্ৰাই কৰি আজৰি হওঁতে এক দুই কৈ ঘৰৰ মানুহবোৰ আহিল ।আনদিনাৰ দৰে তাই উলাই নগ'ল।বন্ধ খিৰিকীৰ পৰ্দাখন কোঁচাই দুৰলৈ চাই পঠালে ।শান্ত প্ৰকৃতি।ডাৱৰৰ মাজেদি জিলিকিছে প্ৰান্তত ৰান্ধনী বেলি।উৎপলে সোমাই আহিলত তাই উচপ খাই উঠিল।:আপোনি!:ও,বজাৰত অকণ তিতিলোঁ।কাপোৰ সলাই লওঁ।উৎপল বাথৰুমত সোমালত তাই লৰালৰিকৈ চাহকাপ কৰি আনিবৰ বাবে পাকঘৰলৈ গ'ল।:তোমাৰ চাহ?:মই নাখাওঁ।দুপৰীয়া খালোঁ।:যোৱানা একাপ কৰি আনা একেলগে খাওঁ।আজি তুমি বৰষুণত তিতিছা বুলি জানিছোঁ।কাৰণ দুপৰীয়া মোৰ এটাও ফোনৰ ৰিপ্লাই দিয়া নাছিল প্ৰথমতে চিন্তা হৈছিল।পিছত গম পালোঁ আৰু ছিক্স চেনছৰ জৰিয়তে।সেয়েহে KFC ত চিকেন পকৰা অৰ্ডাৰ দিলোঁ।নয়নাই উৎপললৈ চালে।অফিচৰ কাপোৰ সলাই টি_ চাৰ্ট টো পিন্ধিবলৈ লোৱা উৎপলৰ নিভাৰণ বুকু! হঠাৎ নয়নাৰ কি হ'ল নাজানে তাই !উৎপলৰ পুৰুষ কঠিন উমাল প্ৰশস্ত বুকুত নিজকে প্ৰশমিত কৰি সমপৰ্ণৰ সীমা নেওচা দি যাবৰ মন গ'ল।কোনো কথা চিন্তা নকৰি তাই উৎপলৰ বুকুত মুখ গুজি উচুপি উঠিল।হঠাৎ নয়নাৰ এনে আচৰণত আচৰিত হৈ উৎপলে তাইক আলফুলে সাবটি ধৰি মৰমে সুধিলে: কিবা হ'ল নয়না ?কোনোবাই কিবা দুখ লগা কথা কলে ?:ওঁহো:তেতিয়া?:মই আপোনাক ভালপাব বিচাৰিছোঁ।আপোনাৰ দৰে ।মইও আপোনাৰ অবিহনে জীৱনটো কল্পনা কৰিব নোৱাৰাকৈ আপোনাৰ হৈ পৰিব বিচাৰিছোঁ।উৎপলে নয়নাক সজোৰে সাবটি ধৰিল।কুচিমুচি নয়না উৎপলৰ বুকুত হেৰাই যাব বিছাৰিলে।যিদৰে বেলিটো হেৰাই যাব লৈ উদ্যত হৈছে অচিন দিগন্তৰ সিপাৰে এটা ৰাতিৰ সাকোঁ ডাল মাজত পাৰি দি। #পূৱালী গগৈ।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment