Saturday, July 13, 2024

###যৌৱনৰ কবিতাটো: হে শ্যামল!কি চাই আছা?ব'লা না মোৰ অকণ বজাৰৰ ফালে যাব লগা আছে।:ৰ'বা ।এই সোণাৰু হালধীয়া আৰু ৰাধাচূড়াৰ মাজত উমলি থকা কবিতাটো উপভোগ কৰিছোঁ।:ক'ত কবিতা বিচাৰিছা?ডিৰ্পাটমেণ্টলৈ অহা বাটত?:অ' ইয়াতে বিচাৰিছোঁ মনৰ কবিতা,জীৱনৰ ঠিকনা! এইয়ে শেষ কবিতাৰ উৎস বিচৰাৰ বিলাসিতাৰ।ইয়াৰ পিছত জীৱিকাৰ পথ বিচাৰিব লাগিব ।মোৰ ভাল লগা ছোৱালীজনীক মোৰ মানুহজনী কৰিব লাগিব ।সেয়েহে চাই লওঁ দিয় কৃষ্ণচূড়াৰ ফাঁকে নীলাভ আকাশ।সোণাৰুৰ হালধীয়াত উন্মুখ হৈ পৰিব বিচৰা বাৰিষাৰ বিষাদ গধুৰ নীৰদ,শীতৰ সেমেকা কুঁৱলীবোৰক বাট এৰি দি কুঁচি মুচি শুই পৰা দিনমণিক।:অহ্!, সেই বুলিয়েই মানুহে দেখাকে মোৰ গালত চিকুটি দিছা? তোমাক মই বান্দৰ………|:সেই…সেই… ৰাধিকা ।নুভুকুৱাবা। সকলোৱে চাইছে।অহা! দুখ পাইছোঁ।:পা।বান্দৰ। মই হ'বলা নাপাওঁ?এইদৰে চিকুটি দিলে?:ছ'ৰী।:ছ'ৰী বুলি কৈ কিয় বান্দৰৰ দৰে হাঁহিছা?:তুমিয়ে কৈছা দেখোন মই বান্দৰ বুলি।(?):হ'ব বান্দৰ।অলপ ভঁৰলু ফালৰ পৰা আহোঁগৈ ব'লা আৰু অকণ বজাৰো কৰিম।:ব' লা……………………………………………:হে শ্যামল নহয় নে?:হয়। ৰাধিকা?:অ':অকস্মাৎ,এনেদৰে থেমছৰ পাৰত(Thampes)?:অ' মানুহজনৰ চেমিনাৰ আছে।লগতে আহিলোঁ।মই ফুৰিছোঁ।তেওঁ নিজৰ কামত গ 'ল।:অ'। তোমাৰ খবৰ কোৱা?:ভালেই ।ইয়াৰ পৰা কানাডা লৈ যাম ।ল'ৰা কানাডাত থাকে।;অ।:তোমাৰ খবৰ? তোমাৰ পৰিয়াল?:খবৰ ভালেই।পৰিয়াল গোটাব নোৱাৰিলোঁ।বাকী সকলো গোটালোঁ।বেংক বেলেঞ্চ,ঘৰ,গাড়ী,ভাল চাকৰি…সকলো…|কিন্তু পৰিয়াল গোটাব নোৱাৰিলোঁ।হয়তো মোৰ দৰে মানুহবোৰে পৰিয়ালটোক বস্তু বুলি গণ্য নকৰোঁ।সেইবাবে হাৰি গ'লোঁ|পৰিয়াল গোটাব নোৱাৰিলোঁ।:শ্যামল তুমি তাৰ মানে?!?:ৰাধিকা! যৌৱনত শ্যামল নামৰ ডেকাজনে যিজনী ছোৱালীক নিজৰ সৰ্বস্ব সঁপি দিছিল তাইক নিজৰ মানুহজনী কৰিব নোৱাৰিল ।তেনে এজন অসফল মানুহে কি পৰিয়াল গোটাব?:শ্যামল!! প্লিজ্।!:ৰাধিকা !ভালপোৱা ছোৱালীজনীক পি.জি. ৰ পিছত তিনিটা বছৰ বিচাৰিছিলোঁ।কিন্তু ,সাত সাগৰ ,তেৰ নদীৰ দুৰত থকা এই অচিন দেশখনত নিজাকে এটা ঠিকনা গঢ়ি সম্পূৰ্ণ এটা বছৰৰ আগতে গৈও নিজৰ প্ৰেমিকাজনী আনৰ অৰ্ধাংগিনী হোৱাৰ কথা গ'ম পালোঁ।সেই যে শূণ্য হৈ গুচি আহিলোঁ আজিও শূণ্য হৈ ৰৈ গলোঁ।পৰিয়াল গোটাব নোৱাৰিলোঁ ,ৰাধিকা…|: শ্যামল !তোমাক মই কেনেকৈ বুজাওঁ।!: নালাগে দিয়া বুজাব।কিছুমান সাঁথৰ সাঁথৰ ভাগেই থাকিলে ভাল লাগে।সেই সাঁথৰ নভগা প্ৰহেলিকাৰ মাজত পাকঘূৰণি খাই এই শ্যামল আজি জীৱনৰ বিয়লি বেলাত ৰ'লোহি।এতিয়া আৰু আওৰাব নাযাওঁ যৌৱনত দেখা কৃষ্ণচূড়াৰ ফাঁকে ফাঁকে সেই নীলাভ আকাশৰ কবিতা।এতিয়া মই এই থেমছৰ সোঁতৰ লগত মোৰ ল'ৰালিৰ কপিলী পাৰৰ হেৰুৱা সুৰ বিচাৰিম।তোমাক নিবিচাৰোঁ ,ৰাধিকা।তুমি কোনো কালে মোৰ নাছিলা ।কোনোকালে মোৰ নোহোৱা।যৌৱনৰ মাতাল ৰাগিত ভুলতে আওৰুৱা তুমি মোৰ জীৱনৰ এটা অপৈণত কবিতা।:শ্যামল!!!:সুখী হোৱা ,ৰাধিকা। মই যাওঁ।…………………………°°……………………

Thursday, July 11, 2024

#বৰষুণৰ গদ্য:বৰষুণজাক এৰিবলৈ মন নকৰা হ'ল যে ?:তই এনেকে বৰষুণজাক অহাৰ বাবে বেয়া পাইছ?:অ'।:কিয়?:অ' কটা কিয় বুলি সুধিছে চা।বৰষুণজাক নহা হ'লে মোৰ মাটি ডৰা ৰুই হৈ যায় আৰু আপোনিও আৰু দুডৰামান মাটিত কঠীয়া বুলাব পাৰিল হয়।সেই ৰেডিঅ'ত বজা গানটোৰ দৰে………"এইয়াতো নহয় অহাৰ সময় অ' বৰষা কিয় আহিলা"……"মোৰ যে মাটিডৰা ৰুবলৈ থকিব এতিয়া…।":হয় নেকি?:অ' :পিছে মালা মই বৰষুণজাক অহাৰ বাবে ভাল পাইছোঁ।:কিয় ?কাম কৰিবলৈ মন নাই আপোনাৰ?:ওহোঁ:পিছে?;পিছে মানে এই সুবৰ্ণ সুযোগকণ।:সুবৰ্ণ সুযোগ?:অ' সুবৰ্ণ সুযোগ।তই জানো বৰষুণজাক অকস্মাতে নহা হ'লে মোৰ জাপিৰ তলত ল'ৰি আহি সোমালিহি হয়? এইদৰে ইমান কাষলৈ আহিলি হয়?উশাহে উশাহ ঢুকি পোৱাকৈ।:আও! কলেজলৈ দুশ্ৰেণীমান পঢ়িল বুলিয়ে কি কথাৰ পাক লগাইছে চা।:হয় নেকি?:হয় নেকি নহয় অলপ আঁতৰি দিয়ক।কোনোবাই দেখিব।অ'মা………!!!:সেইয়া দেখিছ ইন্দ্ৰ দেৱতাই বিচাৰিছে তই মোৰ কাষলৈ অহাটো।সেয়েহে ব্ৰজ মাৰি পঠাইছে।:বুঢ়া: আঁতৰি গ'লি যে?বৰষুণত তিতি বেমাৰ গোটাব খুজিছ নেকি?:হওঁক বেমাৰ।আপোনাৰ পৰকিতি লৰা এই স্বভাৱৰ বাবে কোনোবাই দেখিলে কি হ'ব? যদি সোণমইনায়ে গ'ম পাই।: সোণমইনায়ে গ'ম পালে কি হ'ব??সোণমইনায়ে এদিন মোৰ দৰে কাৰোবাক জাপিৰ তলত সোমোৱাব বিচাৰিব।তই দেখা নাই আমাৰ ল'ৰা ডেকা হৈছে।তাৰো কাৰোবাক ভাল লাগিব মোৰ দৰে সিওঁ বিয়া পাতি।:হ'ব দিয়ক কিবোৰ যে বকিছে।বাপেক হৈ নিজৰ ল'ৰাৰ কথা এইবোৰ ক'বলৈ……|: এইয়া জীৱন মালা।:তথাপিতো……|: এই বৰষুণ।এই পথাৰ। বেছি বৰষুণ হ'লে আমাৰ কষ্টৰ পথাৰৰ সেউজীয়াবোৰ নষ্ট হোৱাৰ ভয়!সংশয়!দু:চিন্তুা!তাৰে মাজতে হাঁহি ,ভাল পোৱা,এইবোৰেই জীয়াই থকা আশা।আপোনজনৰ প্ৰতি বুকুত থকা টানে আমাক সকলো দুখ সহি সহি হাঁহি থাকিবলৈ শিকাই।:হয় দিয়ক।কাষ চাপি আহিলি যে?:এই বৰষুণত এটা জাপিৰ তলত থিয় হৈ থাকিবলৈ অহা নাই ব'লক ঘৰলৈ যাওঁ।বৰষুণ নকমে।সোণ আহিলে যদি অকলে অকলে নিমাও মাও পাব।:ব'ল।কাষে কাষে খুপনি পুতি ব'ল ন'হলে পিছলি পৰিবি। #পূৱালী গগৈ।

Wednesday, July 10, 2024

#সোণটিৰ সুখীপুৱাৰ পৰা ৰিব্ ৰিব্মলয়া বতাহ বলি আছে।মনৰ সুখত সোণটিয়ে ৰুণজুনক নানা কথাকৈ আছে।ৰুণজুন যে আজি পুৱাতেআহি পালে।আইতাকে দুয়োকে তেতিয়াকঁঠাল আৰু সান্দহৰ মিঠৈ দিলে।দুপৰীয়া পুৰা গৰৈ মাছ লগতআলুৰ পিটিকাপাতত দিয়া মচুৰ দাইলআৰু মিঠা মৰাৰগাঁঠি দিয়া আগ ভজা,আইতাকে আদৰে যতনাই দিয়াপঁইতা ভাতৰ জুঁতিয়ে সুকীয়া।খাই বৈ গোটাই ল'লেৰুবিক কিউব,কাট এণ্ড পেষ্ট আৰুদেউতাকে আনি দিয়া ৱাটাৰ কালাৰৰ টোপোলা।ককাকে আনি দিলে নানা গছৰ পাতলগতে কঁঠালৰ আঠা।সৰু সৰু মাৰি সুন্দৰ কৈ দিলে কাটিলাহেকৈ লগাবলৈ আঠা।এক বাজিলে অকণমান শুব ।দুই বাজিলে উঠি গাখীৰ বিস্কুট খাব।ইয়াৰ পিছত বাৰীৰ কাষৰ খালতৰুণজুনৰ লগত বৰশী বাব।ৰুণজুন যে চহৰীয়া ।পেহা পেহীয়ে চহৰত চাকৰি কৰে।চৰকাৰী কোৰ্ৱাটাৰত পেহা পেহীৰলগত ৰুণজুন থাকে।বৰশী তাই বাব নাজানে।কিমান যে কাম আছে!কিমান যে কথা আছে!ৰুণজুনক শিকাবলে।ককাৰ লগত সোণটিয়ে আলচ কৰে।ৰুণুজুনক শিকাব লাগিব নজনা বহু কথা।আমাৰ গাৱঁৰ বিষয়েএতিয়াৰে পৰা। #পূৱালী গগৈ।

#প্ৰচেষ্টা:শুনিছা, তিনিটা টিফিন ৰেডী কৰা।:কিয়?:কিয় বুলি প্ৰশ্ন নকৰিবা ।আজিৰ পৰা তুমি আমাৰ লগতে ওলাবা।:মই আকৌ ক'ত যাম?:কামত যাবা।:এই বয়সত কোনে মোক কাম দিব ?: বিচাৰিলে বহুত কাম ওলাব।ঘৰত বহি থাকিলে ক'ত কাম পাবা?:বিচাৰি যাবলৈ মই সময় ক'ত সময় পাওঁ ?:হয় নেকি?:অ':পিছে টি.ভি. ৰ ছিৰিয়েলবোৰ চাবলৈ,ছচিয়েল মিডিয়ত অনলাইন থাকিবলৈ বহুত সময় পোৱা।:তুমি কি ক'ব বিচাৰিছা?:একো ক'ব বিচৰা নাই ।চুপচাপ ভাত খোৱা আৰু তিনিটা টিফিন ৰেডী কৰি আমাৰ লগত ওলাবা।:নাজানো তোমাৰ কি হ'ল ?মিছাকৈ মোক সন্দেহ কৰিছা যে?:নাই কৰা সন্দেহ ।লগত ওলাবলৈ কৈছোঁ।:ক'ত যাম?:মই লৈ যাম নহয়।:ভগৱানেহে জানে কি দিন দেখোৱাবলৈ লৈছা মোক ।ঘৰত যেন মই বহি শুই আমাৰ কৰিহে খাবলৈ পাওঁ।:এইবোৰ পিছত বকিবা ।যোৱা ৰেডী হোৱা ।টিফিন মই পেক কৰিম।অ' কাপোৰ পেচ্ কৰি আলনাত থোৱা আছে।সোনকাল কৰিবা ,নহ'লে দেৰী হৈ যাব।:এইবাৰ শেনৰ এজাত।ঘৈণীৰ কমনি নহ'লে নহয়।তাৰ বাবে হাইঠা মাটিত পৰিব পাৰিছে।টিফিন পেক কৰিছে।কাপোৰ ইস্ত্ৰি কৰিছে আৰু বা কি নকৰিব!।:কি বকিছা?:নাই,একো নাই।ড্ৰেছ কৰিবলৈ লৈছোঁ।…………………………°…………………………………………:এতিয়া নামা যোৱা।: এইখন স্কুল হয় ।ইয়াত মোৰ কাম।?:বহুত কাম আছে।:মই মেট্ৰিক ফেইল নহয় ,আকৌ স্কুলত পঢ়িম নেকি?:নালাগে পঢ়িব।তুমি পঢ়াবা যোৱা।:কি পঢ়াম?:কিয় "ফাইন আৰ্ট" ৰ গ্ৰেজুৱেট মোৰ মানুহজনীয়ে ধুনীয়া ছবি আঁকে;মই কিবা নাজানো নেকি?:কিন্তু !:কোনো কিন্তু নাই।এইখন বিদিশাৰ স্কুল।তোমাক ইয়াত আৰ্ট টিচাৰ ৰূপে নিযুক্তি দিছে।:তুমি তাৰ মানে?:ওহোঁ; নাই কৰা বিদিশাক অনুৰোধ।পেপাৰত এড্ উলাইছিল।ফোন কৰি চাকৰি ফিক্স কৰিছোঁ।তথাপি তোমাৰ ইৰ্ণ্টাৰভিউ আছে।বিদিশাই নাজানে নীতা মই ফোন কৰিছিলোঁ বুলি আৰু চাকৰি কৰিবৰ বাবে তুমি আহিছা বুলি।এতিয়া যোৱা নহ'লে মোৰ অফিচৰ বাবে দেৰী হ'ব।:কিন্তু অৰ্ণৱ , ইমানদিন ঘৰত থাকি মই জানো !?!:পাৰিবা।যোৱা।নিমিতা ডাঙৰ হ'ল।এতিয়া ঘৰত থাকিলে বাহিৰৰ পৃথিৱীখনৰ পৰা আঁতৰি আচুতীয়া প্ৰাণী হৈ ঘৰতে বুঢ়ী হ'বা।বাই দা ৱে নিমিতাই মোক আপত্তি কৰিছিল তুমি ফোনটো ভালদৰে চলাব নাজানা ।ছচিয়েল মিডিয়া দুৰৰে কথা।তেতিয়া মই ভাবিছিলোঁ হয়তো মোৰ মানুহজনীক ঘৰত কাম কৰিবলৈ দি দি বাহিৰৰ জগতৰ পৰা আঁতৰাই ৰাখিছোঁ।যিটো বহুত অন্যায় কাম।আজিকালি ল'ৰা ছোৱালী ডাঙৰ কৰিবলৈ নিজেও যুগৰ লগত আপডেট থাকিব লাগিব নীতা।নহ'লে আমি 'জেনেৰেচন গ্ৰেপ' নামৰ শব্দ দুটাৰ চাকনৈয়াত দিকভ্ৰান্ত হৈ পৰিম।এতিয়া যোৱা নিমিতাৰ বাবে নিমিতাৰ মাকজনী যুগৰ লগত সলনি হ'বৰ বাবে , বাহিৰৰ পৃথিবীখনৰ লগত মিলিবৰ বাবে যত্ন কৰা।:হ'ব দিয়া;মই বুজিছোঁ।অকল নিমিতাৰ বাবে নহয় নিমিতাৰ দেউতাকৰ বাবেও মই বাহিৰৰ পৃথিৱীৰ লগত খোজ মিলাই চলিবৰ বাবে প্ৰচেষ্টা কৰিম।🤗

# আলাপ:টোপনি গ'লি নেকি?: নাই যোৱা।কিবা ক'বলৈ আছে নেকি আপোনাৰ? :নাই।জুইকুৰাৰ ওচৰত বহোঁতে কিবা কিবি চিন্তা বোৰ আহি আছিল।:এতিয়া চিন্তা কৰিব নালাগে।শুই থাকক।ৰাতিপুৱা সোনকালে উঠিব লাগিব ।কালিলৈ বজাৰ আছে।কুকুৰা কেইজনী আৰু ডাকোৱাটো কিবা খাবলৈ দি সজাত ভৰুৱাৰ পৰা শাক তুলা, মোৰো বহুত কাম আছে।দিনটোেৰ বাবে যাব যেতিয়া ভাত কেইটামানো খাই যাব লাগিব।:অ।: হেৰি নহয় শুনিছে।:কি? শুবলৈ কৈ আকৌ তোৰ কি কথা ওলাল।: অনিলৰ গাড়ীত গোটেই কেইটা লগলাগি যাব নেকি?:অ' ভাবিছোঁ।বতৰ বেয়া হ'লে চাইকেলত বস্তু নিবলৈ কষ্ট হয়।:যদি গাড়ীত যায় তেতিয়া গাখীৰৰ চুঙা কেইটা লৈ যাব।মই এৱা গাখীৰ অকণো দিম।ক'লি গাই জনী খীৰাই দিম ।তাইৰ গাখীৰ ডাঠ হয়; বাকী দুজনীৰ তুলনাত।:হ'ব দিবি বাৰু।পিছে আজি বৰ ঠাণ্ডা পৰিছে।পানী বতাহজাকো মাৰিছে পশ্চিমলৈ।কি? বা হয়!সঁৰিয়হৰ খেতিৰ বাবে বৰষুণজাক লাগে। কিন্ত পথাৰখনৰ ধানবোৰ কলাপকা দিছে।বৰষুণজাক আহিলে পথাৰৰ ধানবোৰ নষ্ট হ'ব।এইবাৰ পিছতীয়া বৰষুণজাক বেছিকৈ আহিল বাবে পথাৰৰ পানীবোৰ শুকুৱা নাই ।পানীৰ খুবুং বোৰত ভাল পুঠি, চেলেকণা মাছ আছে।পিছে পিটপিটাই থকা চেঙেলীয়া ল'ৰাবোৰে পথাৰত মাছ ধৰি পকা ধানবোৰ মহতিয়াই বুলিহে ভয়।:মই বাৰু পিছবেলা পাক এটা মাৰিম।ধানবোৰ দাই আনি ভঁৰালত নেপেলোৱালৈকে চিন্তা নমৰিব আৰু।: অ' যাবি পাৰিলে ।এই হৰেশ্বৰটোৱে ছাগলী কেইজনী বাৰ মাহে নাবান্ধে।তাৰোপৰি হাঁহ কুকুৰা কেইটা আছে।কিবা ক'লেওঁ তাৰ ঘৈণীয়েকে হুটা মাত দিয়ে।মই মাইকী মানুহৰ লগত তৰ্ক কৰি বেয় পাওঁ।: বুজিছোঁ।মই যাম বাৰু আপোনি চিন্তা নকৰিব।: বতাহজাক জোৰে বলিছে।মোৰ চিন্তা বাঢ়ে জানিছ।: কিয়?:নহয় মানে এইবাৰ পথাৰখন চাই সুখ পাইছোঁ।ধান ভাল হৈছে।সেইদৰে সঁৰিয়হখিনিও লহপহ কৰি উঠিছে।কিন্তু ,তেৰাৰ কি ইচ্ছা নাজানো।ভাবিছোঁ ,বলীনক দি থোৱা বাম মাটি তিনি বিঘাৰ বন্ধকী খোলিম।মাজনীৰ কলেজ শেষ হ'ব যেতিয়া কিবা এটা হ'ব।ৰত্নেশ্বৰ চাৰে কৈছিল তাইৰ নম্বৰ ভাল।কিবা এটা হ'ব।আজিকালি ভালদৰে পঢ়িলে চাকৰি পাই।ঘোচ দিব নালাগে।সেয়েহে তেৰাক খাতিছোঁ যেনতেন পোন্ধৰ দিন মান পাৰ কৰি দিয়ক আৰু…।খেতিটো চপাব পাৰিম।:তাকেহে পাই।কি কৰে বিধাতাই!মাজনীৰ কিবা এটা গতি লাগিলে বৰ সুখ পাম।: পিছে বৰ ঠাণ্ডা পৰিছে।জোৰা টাপলি মাৰিব পাৰিলেই মই ডাঠকৈ নিহালী দুখন বনাম।এতিয়া তই মোৰ বিচনালৈকে আহ বেছিকৈ ঠাণ্ডা পালে তোৰ আকৌ হাঁপানী বেমাৰটো উক্ দিব।খেতিৰ ভৰপক দিনত গাঁঠিৰ ধন ভাঙিব লগা হ'লে কথা বিষম হ'ব।:হ'ব দিয়ক জোৰা টাপলিবোৰ নমৰালৈকে আমি এনেদৰে জোৰা মাৰি চলিম আৰু…| #পূৱালী গগৈ।

Saturday, July 6, 2024

#ভালপোৱা# ৰৌদ্ৰজ্জ্বল পুৱতি বেলাটো ক্ৰমাৎ বিবৰ্ণ হৈ পৰিল।দুপৰীয়াটোলৈ গতি কৰোঁতে আকাশখন গোমাহৈ আহিল।মেঘৰ গৰ্জন আৰু বিজুলীৰ চকু চাট মাৰি ধৰা পোহৰৰ সৈতে কলহৰ কাণেৰে পানী ঢলাৰ দৰে বৰষুণ এজাক হুৰহুৰাই আহিল।পুৱাৰ কামবোৰ শেষ হওঁতে অনাহুত বৰষুণজাকৰ বাবে বাহিৰত মেলি থোৱা কাপোৰবোৰ পুণৰ ভৰাব লগাত পৰিল।আজি তাইৰ কাপোৰবোৰ প্ৰত্যেকৰ ভাগে ভগে জাপি তিঁতা কাপোৰবোৰ পুণৰ ৰচীত ক্লিপ লগাই বাৰাণ্ডাখনত মেলি থবলৈ মন নগ'ল।তাতকৈ এই বৰষুণজাকে হিল্লোল তোলা বাহিৰৰ প্ৰকৃতিৰ মনোৰম পৰিৱেশটোৰ মাদকতা উপভোগ কৰিবৰ বাবে একাপ গৰম কফি কৰি খোলা খিৰিকীৰ কাষত বহি থাকিবলৈ মন গ'ল। পুৱাতে অফিচলৈ যোৱা মানুহকেইটাতকৈ আগতে উঠি গা_পা ধুই ভাতৰ পৰা টিফিনৰ যোগাৰ কৰি দি শহুৰেকক কোমল চাউলৰ জলপান আৰু মধুমেহ ৰোগী বুলি শাহুৱেকক শুকান ৰুটি আৰু সেউজীয়া পাচলিৰ চবজিখন যোগাৰ ধৰালৈ অলেখ কাম।সহায় কৰোঁতা নাই।একেখন ঘৰৰ বোৱাৰী যদিও অফিচলৈ যায় বাবে শুই উঠি গা_পা ধুই ভাত খাই কাঁহীখন তাইলৈ এৰি যোৱা নৱৌয়েকজনীলৈ তাইৰ খং এটা উঠে।শাহুৱেকজনীও কাম কৰিব পৰা হৈ আছে।অথচ আগতে তেওঁ বোৱাৰী হওঁতে কিমান কাম কৰিছিল তাৰ বিৱৰণ দি দি বহি থাকে।একো নকয় তাই।ক'বলৈ একো নাই।সোনকালে ৰিজাল্ট দিলে।এম.এ. কৰিবৰ বাবে গুচি যোৱাৰ কথা ভাবে।বিয়াৰ আগতে উৎপলৰ সন্মতি আদায় কৰি থৈছে।এম.এ. নকৰাকে বিয়া নকৰাওঁ ভাবিছিল।কিন্তু মাক দেউতাকৰ কি হ'ল নাজানে তাই।উৎপলে তাইলৈ বিয়াৰ প্ৰস্তাৱলৈ আলহী ঘৰত বহাৰ পৰা বিয়া পাত ,বিয়া পাত কৰি বিয়া দি দিলে।কফি কাপলৈ পিছফালৰ বাৰাণ্ডাত বহিল।বৰষুণজাক কমিব বিছৰা নাই।গাজনি বিজুলীৰ নাচোন একেই আছে। পুৱাতে নামলৈ উলাই যোৱা শহুৰেক।অলপ কাম আছে আমুকৰ ঘৰত বুলি কৈ উলাই যোৱা শাহুৱেক।বৰজনাক ,বৌয়েক আৰু উৎপল পুৱাতে নিজ নিজ কামলৈ উলাই গ'ল।অকলশৰে আছে নয়না।এই বিয়াৰ পিছৰ ডেৰমাহ দিন প্ৰাহ্ন পৰা অপৰাহ্ন লৈ অকলশৰে থকাটো এটা অভ্যাসত পৰিণত হৈছে তাইৰ বাবে।কেতিয়া বৰষুণজাকৰ সৈতে একাত্ম হৈ পৰিল তাই নিজৰ অজ্ঞাতে গমকে নাপালে।মাথোন শৰীৰত বৰষুণৰ পানীবোৰে চেঁচা স্পৰ্শৰ এক অজান অনুভূতি দি গ'ল।পানী আৰু পানী ।আকাশৰ বুকুৰ পৰা খহি পৰা নীৰদৰ সীমাহীন টুকুৰা|প্ৰতিটো টুকুৰাৰ আঘাতে দিয়া বুজাব নোৱাৰা শিহৰণ!বান্ধি থোৱা চুলিবোৰ তাইৰ খুলি গ'ল।গাত লিপিট খাই পৰিল ৰিহাখন।বৰষুণে বাউলি কৰা নয়নাৰ হঠাৎ উৎপলৰ মুখখন চকুৰ আগতে ভাঁহি আহিল।হঠাৎ এখিনিমান কৃষ্ণচূড়া ৰঙীন তেজ তাইৰ দেহত তাৰণ্বিত হৈ পৰিল।ছেহ!কি?যে!ভাবনা।এইবোৰ!উৎপলতো কোনো দিনেই তাৰ সপোনৰ ৰূপহ কোঁৱৰ নাছিল।বিচৰা নাছিল উৎপলৰ দৰে বয়সৰ ব্যৱধান থকা পুৰুষ এজন স্বামী ৰূপে।বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ বন্ধুবোৰৰ মাজত কোনোৱে দুৰ্বলতা প্ৰকাশ কৰিলেও প্ৰশ্ৰয় দিয়াৰ কথা ভবা নাছিল।নিজকে আত্মনিৰ্ভশীল কৰি গঢ় দিয়াৰ হেঁপাহত প্ৰেম নামৰ অনুভূতিটোৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিছিল তাই|কিন্তুউৎপল নামৰ পুৰুষজনৰ আগমনে সকলো ওলট পালট লগাই দিলে।বিয়া নামৰ সাংসাৰীক বান্ধোনত বন্ধী হৈ পৰিল নয়না"মই আপোনাৰ ছোৱালীক পচন্দ কৰিছোঁ।বিয়া পাতিব বিচাৰোঁ আপোনাৰ ছোৱালী নয়নাক।"…আলহী কোঠাত বহি দেউতাকৰ আগত কোৱাঁ উৎপলৰ এই কথাষাৰে মাক দেউতাকক কি যাদু কৰিছিল তাই নাজানে ।বিয়া পাত।বিয়াপাত ,কৰি তাইক পাগল কৰিছিল।নয়নাৰ আকোঁৰগোজ স্বভাৱৰ বাবে উৎপলে তাই দিয়া প্ৰতিটো চৰ্ত মানি লৈছিল।তথাপিতো শান্ত হোৱা নাছিল নয়নাৰ মনৰ সংশয়।বিয়াত বহিবলৈ ৰাজি হোৱা নাছিল তাই।মাক দেউতাকৰ নেৰানেপেৰা কৈ লাগি থকা কাৰ্য আৰু উৎপলৰ সঘন আহ যাহত অতিষ্ঠ হৈ বিয়া হ'বৰ বাবে মান্তি হৈছিল তাই।"তোমাক দেখি মোৰ ভাল লাগিল।তেতিয়াৰ পৰা তুমি বিহীন জীৱনটো কল্পনাৰ আগোচৰ হৈ পৰিল নয়না।"__বিয়াৰ নিশা উৎপলে নয়নাক কথাষাৰ কৈ বুকুলৈ চপাই নিবলৈ উদ্বত হওঁতে নয়নাই এক প্ৰকাৰৰ উৎপলক ঠেলা মাৰি আঁতৰি গৈছিল।"নয়না"__উৎপলৰ মাতত কাতৰতা।খঙত কঁপিছিল নয়না।"তোমাৰ যদি কিবা ক'ব আছিল………………।"_উ্ৎপলে কথাষাৰ সম্পৰ্ণ কৰিবলৈ পোৱাৰ আগতে নয়নাই চিঞৰি উঠিছিল…………"ইম'চনেল ড্ৰামা ক্ৰিয়েট নকৰিব।মোৰ আপোনাক ,আপোনাৰ পৰিয়ালক জানিবলৈ বুজিবলৈ সময় লাগিব।তাৰ আগতে মই আত্মসমৰ্পণ কৰি আপোনাৰ দাসী হৈ যাব নিবিচাৰোঁ।""আত্মসমৰ্পণ"……শব্দটো আতঁৰাই মিচিকিয়াই হাঁহিছিল উৎপলে।"যোৱা কাপোৰ সলাই লোৱা কালিলৈ পুৱাৰ পৰা আকৌ সামাজিক নিয়মবোৰ আৰম্ভ হ'ব।গতিকে এতিয়া টোপনি যোৱাটো যুগুত।"_কথাষাৰ কৈ উৎপলে বিচনাত বাগৰ দিছিল।টোপনি অহা নাছিল নয়নাৰ বহু ৰাতিলৈ।বিচনাত এজন অচিনাকি পুৰুষ ।তেওঁৰ নিশ্বাসবোৰ ঘনে ঘনে আহি তাইৰ গাত পৰিছে ।যৌৱনৰ চঞ্চলতাবোৰ যে মুক্ বধিৰ হৈ পৰিছে নয়নাৰ বুকুত ।উশাহত আন্দোলিত বুকুত উঠা নাই কোনো লহৰ;য'ত তাই দিকভ্ৰান্ত হৈ হেৰুৱাব নিজক।খং! অসহায়! পৰিস্থিতিয়ে তাইক খেলা কৰি জীৱনটো সাঙোৰি দিলে এই অচিন পৃথিৱীত।শেষ ৰাতিলৈ খিৰিকীৰ কাষত বহিল তাই।পৰ্দা কোঁচাই আকাশত দিকভ্ৰান্ত্ৰ হৈ ওপঙি থকা জোনবাইজনীক চাই ৰ'ল।নিজৰ অজ্ঞাতে দুগালে বাগৰি চকুলোবোৰ কেনিবা পৰি ৰ'ল।:নয়না_কঠিন হাতৰ উমাল স্পৰ্শত সাৰ পালে তাই।কেনেদৰে তাই খিৰিকীৰ কাষৰ চকীখনত বহি টেবুলত মুৰ থৈ টোপনি গ'ল বাৰু?(।)"যোৱা ফ্ৰেচ হৈ লোৱা ।আজি দিনটো ৰেষ্ট নাপাবা।খঙ উঠিলে মোকে কৰিবা ;কিন্তু আনক নকৰিবা আকৌ।নিজৰ কথাত নিজেই ৰঙ পাই উৎপলে মৃদু হাঁহি মাৰিল।নয়নাই একো নকলে।বিচনা পত্ৰ পাৰি ধূৰ্তি পাঞ্জাবী পিন্ধি থকা উৎপলৰ ফালে চালে।গ্ৰেজুৱেচন কৰি চাকৰি পোৱা উৎপল তাইতকৈ পাঁচবছৰ ডাঙৰ।বৰ বেছি ডাঙৰ নহয় সি।সেয়েহে টো নয়নাৰ প্ৰেমত পৰি তাইক নিজৰ কৰাৰ জেদ ৰাখিব পাৰিলে সি।ডেকা বয়স!যি বয়সত মানুহে ভাল লগা ,ভালপোৱাবোৰ নিজৰ,একান্তই নিজৰ কৰিব বিচাৰে।বাথৰূমৰ পৰা উলাই আহি তাইৰ বাবে অপেক্ষা কৰি থকা উৎপললৈ চালে।:মাৰ পৰা গম পাইছিলো তুমিও কফি খাই ভালপোৱা।সেয়ে দুকাপ কফি বনাই আনিছোঁ।তাই একো নামাতিলে।ৰূমটোলৈ চকু ফুৰালে।ইতিমধ্যে উৎপলে ৰূমটো পৰিপাটি কৰিছে।উৎপলে আগবঢ়াই দিয়া কফি কাপ হাত পাতি ল'লে।ট্ৰেখনত কফি কাপ দুটা উঠাই উৎপলে নয়নাক উদ্দেশ্যি কলে "তুমি ৰেডী হোৱা।অলপ পাছত মানুহবোৰ আহিব।":নয়না!:ও: প্লিজ,তুমি খঙ উ ঠিলে মোক কৰিবা;ৰূমলৈ মাতি আনি,আনৰ আগত নকৰিবা।নয়না নিমাতে ৰ'ল।তাইৰ উত্তৰলৈ অপেক্ষা কৰি উৎপল নিৰাশ হৈ হাতত ট্ৰেখন লৈ ৰূমৰ পৰা উলাই গ'ল।দিনটোৰ ব্যস্ততাৰ শেষত কোঠাত সোমাই তাই কেতিয়া টোপনি গ'ল গম নাপালে।উৎপলৰ মাতত সাৰ পাই দেখে পুণৰ দুকাপ কফি লৈ সি সাজু: ব্ৰাছ কৰা যোৱা ।কফি কাপ খায় গা ধোবা।আলহী অহা ,ফুৰা,মাকৰ ঘৰলৈ যোৱা কামবোৰ সামৰি তাই নিজেই সোনকালে উঠিবলৈ ললে ।উৎপলে অনাৰ দৰে কফি কাপ আনি তাক দিয়ে।অকণ বহি লৈ কফি কাপ খায়।পুণৰ পাকঘৰৰ কামত লাগে গৈ।কোঠাটো পৰিপাটি কৰাৰ পৰা অফিচৰ কাপোৰ সাজকে ধৰি বাথৰুমত পেলাই অহা তিঁয়নি কাপোৰ সাজ ধুই উৎপল ভাতৰ টেবুলত বহে।খৰখেদাকৈ ভাত পানী দি তাই উৎপলক গাড়ীত টিফিন আৰু অফিচৰ বেগটো দিয়া কামটো কৰাৰ শেষত গেটখন খুলি দি তাক হাত জোকাৰি বাই কোৱাটো এটা এৰাব নোৱাৰা কাম হৈ পৰিছে তাইৰ বাবে।পুণৰ পাকঘৰ জঞ্জাল সামৰি সি ধুই যোৱা কাপোৰবোৰ বাহিৰত মেলি থৈ আহে।ঘৰখন অলপ পৰিপাটি কৰি দুপৰৰ জনশূন্য ঘৰখনত ভাগৰুৱা শৰীৰৰটো বিচনাত এৰি দি লগত লৈ অনা কিতাপবোৰ পঢ়ে ।আজিকালি পি.জি. ত প্ৰায়ে এন্ট্ৰেচ হয়।বিয়াৰ পিছতো পঢ়াৰ ইচ্ছা শেষ হৈ নাযায় নয়নাৰ।উৎপলে মানি লোৱা প্ৰথম চৰ্তটোৱে তাইক পি. জি. কৰিবলৈ দিয়াটো।লাঞ্চ্ টাইমত উৎপলে ভিডিঅ’ ক'ল কৰে।ৰিচিভ নকৰে তাই।নিজেই অডিঅ' ক'ল কৰে।কি কৰিছা? ভাত খালা?ৰাতি একেলগে ভাত খাম কিন্তু।আজি কি খাবা?কিবা নিব লাগিব নেকি?তাৰ আৱেগৰ উমে সিক্ত আদৰুৱা প্ৰশ্ন কেইটাৰ সদায় নঞৰ্থক উত্তৰ দিয়ে তাই।কিন্ত উৎপলে সদায় আবেলিৰ চাহ কাপৰ লগত খাবলৈ তাইৰ পচন্দৰ কিবা এটা লৈ আনে।ৰাতি দেৰিলৈ তাইৰ লগত ভাত খাবৰ বাবে ৰৈ থাকে ।ধোৱা, বাচনবোৰ সামৰাত সহায় কৰি দিয়ে।পুণৰ ৰাতিটোক সাক্ষী কৰি দুটা অচিনাকি মানুহ হৈ বিচনাত টোপনি যাবৰ যত্ন কৰে তাই।উৎপল টোপনি যায়।বেচেৰা!দিনটোৰ কাম।আকৌ তাইক পাকঘৰত কৰা সহায়।তাই উফাল মাৰি আঁতৰি অহা দিন ধৰি আৰু সি যত্ন কৰা নাই তাইক বুকুত চপাই লবৰ বাবে।ক্ৰমাৎ বৰষুণৰ টুপালবোৰ শান্ত হৈ আহিল।নয়না বাথৰূমত সোমাই কাপোৰ সাজ সলাই ল'লে।চুলিবোৰ ড্ৰাই কৰি আজৰি হওঁতে এক দুই কৈ ঘৰৰ মানুহবোৰ আহিল ।আনদিনাৰ দৰে তাই উলাই নগ'ল।বন্ধ খিৰিকীৰ পৰ্দাখন কোঁচাই দুৰলৈ চাই পঠালে ।শান্ত প্ৰকৃতি।ডাৱৰৰ মাজেদি জিলিকিছে প্ৰান্তত ৰান্ধনী বেলি।উৎপলে সোমাই আহিলত তাই উচপ খাই উঠিল।:আপোনি!:ও,বজাৰত অকণ তিতিলোঁ।কাপোৰ সলাই লওঁ।উৎপল বাথৰুমত সোমালত তাই লৰালৰিকৈ চাহকাপ কৰি আনিবৰ বাবে পাকঘৰলৈ গ'ল।:তোমাৰ চাহ?:মই নাখাওঁ।দুপৰীয়া খালোঁ।:যোৱানা একাপ কৰি আনা একেলগে খাওঁ।আজি তুমি বৰষুণত তিতিছা বুলি জানিছোঁ।কাৰণ দুপৰীয়া মোৰ এটাও ফোনৰ ৰিপ্লাই দিয়া নাছিল প্ৰথমতে চিন্তা হৈছিল।পিছত গম পালোঁ আৰু ছিক্স চেনছৰ জৰিয়তে।সেয়েহে KFC ত চিকেন পকৰা অৰ্ডাৰ দিলোঁ।নয়নাই উৎপললৈ চালে।অফিচৰ কাপোৰ সলাই টি_ চাৰ্ট টো পিন্ধিবলৈ লোৱা উৎপলৰ নিভাৰণ বুকু! হঠাৎ নয়নাৰ কি হ'ল নাজানে তাই !উৎপলৰ পুৰুষ কঠিন উমাল প্ৰশস্ত বুকুত নিজকে প্ৰশমিত কৰি সমপৰ্ণৰ সীমা নেওচা দি যাবৰ মন গ'ল।কোনো কথা চিন্তা নকৰি তাই উৎপলৰ বুকুত মুখ গুজি উচুপি উঠিল।হঠাৎ নয়নাৰ এনে আচৰণত আচৰিত হৈ উৎপলে তাইক আলফুলে সাবটি ধৰি মৰমে সুধিলে: কিবা হ'ল নয়না ?কোনোবাই কিবা দুখ লগা কথা কলে ?:ওঁহো:তেতিয়া?:মই আপোনাক ভালপাব বিচাৰিছোঁ।আপোনাৰ দৰে ।মইও আপোনাৰ অবিহনে জীৱনটো কল্পনা কৰিব নোৱাৰাকৈ আপোনাৰ হৈ পৰিব বিচাৰিছোঁ।উৎপলে নয়নাক সজোৰে সাবটি ধৰিল।কুচিমুচি নয়না উৎপলৰ বুকুত হেৰাই যাব বিছাৰিলে।যিদৰে বেলিটো হেৰাই যাব লৈ উদ্যত হৈছে অচিন দিগন্তৰ সিপাৰে এটা ৰাতিৰ সাকোঁ ডাল মাজত পাৰি দি। #পূৱালী গগৈ।

#হিমত তিঁতা শেৱালি:হেৰা উঠা আকৌ নুঠা নেকি? কালি ৰাতি কি বুলি কৈছিলা?:ৰাতিৰ কথা ৰাতিয়ে পাহৰিলোঁ।আজি ৰবিবাৰ শুই লওঁ।পূজা বন্ধ আৰু চাৰি পাচঁ দিন পিছতে হ'ব।ইহঁত মখা ঘৰ আহি পাবহি।ৰক্ষা ক'ত পাম?:উঠা আকৌ কিবা এটা দেখুৱাবলৈ মাতিছোঁ তোমাক।অনাহক চিঞৰিছোঁ বুলি নাভাবিবা।:উহু! মোৰ উঠাৰ ইচ্ছা অকণো নাই।কিম্মান সুন্দৰ পুৱা!তাতে টোপনিৰ চিকুণ পুৱা ।:হ'ব দিয়া পিছত মোক কি কথা আছিল,কি কাম আছিল সুধি সুধি অশান্তিখন নকৰিবা।:এই মানুহটো! আৰু শান্তি নাই !পা পোৱালি কেইটা আহিলেও তেওঁৰ কি নাচাবা।আইজনীয়ে কুকুৰাৰ গোটা ভজা খাই ভাল পাই। ৰান্ধিবা।সোণে বৰালি মাছৰ ঔ টেঙা দিয়া জোল খাব ,ৰান্ধিবা দেই।মোৰ কি ভাল লাগে বেয়া লাগে জানিবলৈ কাৰো আহৰি নাই।:কিবা কৈছা ?:নাই পুৱা শুৱা পাটি এৰিবৰ সময়ত ভগৱানৰ নাম লৈছো। :ইম্মান অশান্তি পাই উঠিব নালাগে অ'।শুই থাকা মই বৰুৱা ঘৰৰ পৰা আহোঁগৈ।: বৰুৱা ঘৰলৈ যাব নালাগে ।পুৱাই পুৱাই মোৰ গুণ গাই বৰুৱানীৰ হাতৰ চাহৰ জুতি ল'ব লৈ।:হ'ব তেতিয়া তুমি উঠি আহা।i:গৈছোঁ ,বুঢ়ী হৈছোঁ উঠিবলৈ চিপিয়াব লাগে।:হয় দেউ মোৰ মানুহজনী বুঢ়ী হ'ল আৰু…।:হ'ব মাজাক কৰিব নালাগে মন ভাল লগাবলৈ।:হ'ব ভাল লগোৱা নাই উঠি আহা।:ক'অক ,কিহৰ বাবে ইমাহ চিঞৰ বাখৰ লগাইছিল।:আহা কিবা এটা দেখুৱাম তোমাক।:চাওঁ হাতখন এৰক।ওচৰ চুবুৰীয়া মানুহে দেখিলে কি ভাবিব?বুঢ়া বুঢ়ী ৰ বিহু লাগিছে বুলি ক'ব।:দেখক দেখাই ।কোৱাই কওঁক।নিজৰ মানুহজনীৰ হাতত ধৰিছোঁ।লোকৰ এজনী চোঁচৰাই আনিবলৈ যোৱা নাই নহয়।:এই মানুহটোক কথা কব নোৱাৰি।আজি কিবা হ'ল হয় আপোনাৰ?বোলোঁ ল'ৰা ছোৱালীৰে কুৰি পাবহি আৰু চাৰি পাচঁ বছৰ বাগৰিলে।আপোনাৰ আকৌ প্ৰেমিক প্ৰমিকা হ'ব মন গৈছে।:ও ,মোৰ পুণৰ প্ৰেমিক হ'ব মন গৈছে ।নিজৰ মানুহজনীক প্ৰেমিকা ৰূপত পাব মন গৈছে।পত্নী ৰূপত মানুহজনীয়ে কিমান আৰু পুৱাৰ পৰা ৰাতিৰ এডখৰলৈ কাম কৰি কৰি থাকিব?:উহ্ !আমাৰ এওঁৰ আজি কিবা হ'ল ন?পশ্চিমে বেলি ওলোৱা কথা।শূলুঙাই কাণ খজুৱা যেন লাগিছে।…এইয়া কি আকৌ?:কি মানে?শেৱালি ফুল।শুভ্ৰ হিমত তিঁতা।নিষ্পাপ।:কিন্তু মালাডাল পিন্ধালে যে?:আকৰী।মোৰ সেউজীয়া প্ৰকৃতিৰ প্ৰেমত পৰি কবিতা লিখিব পৰা মানুহজনী ঘৰৰ কাম কৰি কৰি সঁচাকৈ জঢ় হৈ পৰিল।এইয়া শুভ্ৰ শেৱালি।তোমাৰ প্ৰেমৰ দৰে নিষ্পাপ।এই প্ৰেম মোৰ প্ৰতি,আামাৰ সন্তানৰ প্ৰতি।আমাৰ সংসাৰৰ নিয়াৰিকৈ চলাই নিয়াৰ স্বাৰ্থত তুমি ত্যাগ কৰি গৈছা ,কোনো প্ৰতিদান নিবিচাৰি।:কিবোৰ গাই আছে আপোনি?ইমান সুন্দৰ পুৱাটো।অকণ খোজকাঢ়ি আহক গৈ।প্ৰেচাৰ ,চুগাৰ মেনটেইন কৰিবৰ বাবে।এইকণ সময় মই সঁৰিয়হৰ শাক কেইডালমান বুটলি লওঁ।আজি সঁৰিয়হ আৰু গৰৈ মাছৰ আঞ্জা ৰান্ধিম ভাবিছোঁ।:সেই এইবোৰ প্লেনিং বিচনাতে! নে ৰাতিতে কি ৰান্ধিবা ভাবি থৈছা?বাদ দিয়া এইবোৰ।খোজ দুয়ো কাঢ়িবলৈ যাওঁ ব'লা।ভবঙৰ দোকানত জেলাপী বনাইছে।পূজাৰ বাবে সি আগতীয়াকৈ মিঠাইৰ দোকান দিছে।ব'লা তাতে চাহ জেলাপী খাই আহিম।:নাই… নাই …।এই গাৱঁত এইবোৰ! আপোনিয়ে যাওঁক।মানুহে কি ক'ব?:মানুহে একো নকয়।সকলোৱে নিজৰ জীৱনটো উপভোগ কৰাৰ অধিকাৰআছে।কিন্তুএই অধিকাৰে আনৰ অপকাৰ কৰিব নালাগে।:হ'ব দিয়ক ।মই ওলাইছোঁ ।মুখখন ধুই লওঁ ৰ'ব।আপোনাৰ শৰতৰ পুৱাৰ মালিতা শুনি শুনি মুখ ধুবলৈ পাহৰি গৈছিলোঁ।:যোৱা, যোৱা খৰধৰ কৰা।……………………………………………………:পুৱাটো বৰ সুন্দৰ।আজিৰ দিনটো সুন্দৰ হওঁক।চাহ কাপৰ টেনচন নলওঁ আৰু।দোকানৰ চাহ কাপ স্পীয়েল আছিল।এতিয়া মই ভাত ৰন্ধাৰ যা-যোগাৰ কৰোঁ।আজি মালতী আহিব।বিহু আৰু পূজাৰ বাবে চাফাই কৰিবলৈ।গতিকে বাহি বনবোৰ তাই অলপ চাব।:হ'ব যোৱা কিন্তু আজি পৰা আমি সদায় এনেদৰে খোজ কাঢ়িম।চাহ খাম।অলপ শীতল বতাহ ল'ম।জীৱনৰ বিয়লি বেলাটো অলপ উপভোগ্য কৰি তুলিম।:হ'ব দিয়ক আপোনি সুখী ,মই সুখী আপোনি হাঁহি থকাটো মোৰ কাম্য।

#বৰষা#সেউজীয়াৰ প্ৰয়োভৰৰমাজত হালধীয়াবোৰৰসমাহাৰত থৌকি-বাথৌবতাহজাক…।ৰাঙলবোৰে যেন আজুৰিপিন্ধি ল'লে ৰামধেনুৰ ৰঙাবোৰ!বিষাদবোৱা আজাৰবেঙুনীয়াবোৰ হেৰাই যায়আন্ধাৰ ৰাতিটোৰ বুকুত।প্ৰতিশ্ৰুতি ভৰা পুৱাটোব্যৱধানত ৰাতিটো।অনেকটা কীটৰ ৰাগিণীগীতৰঐক্যতান…।প্ৰচুয্যতাৰ অন্য নাম নে?পূৰ্ণতাৰ অন্য নাম?শূণ্যতাত ব্যস্ততা আনি দিয়াটোযেন বৰষাৰ কাম।।