Thursday, August 16, 2018

পুনৰ এজন মহীৰূহ হেৰাই গ'ল..|

      তেওঁ এজন নতুন ভাৰতৰ স্বপ্ন দ্ৰষ্টা আছিল|ভাৰতৰ দ্বিতীয়জন প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ পিছতে তেওঁ কৃষক সকলৰ পক্ষত থিয় দি"জয় যোৱান, জয় কৃষাণ" শ্ল'গান দিয়া ব্যক্তি আছিল|
        
          ভাৰতৰ এই মহান পুৰুষ জনৰ  জন্ম হৈছিল উত্তৰ প্ৰদেশৰ গোৱালিয়াৰ কৃষ্ণা বিহাৰী বাজপেয়ী আৰু কৃষ্ণা দেৱীৰ ঘৰত 1924,25 ডিচেম্বৰত|দেউতাক এজন কবি আৰু স্কুল মাস্টৰ আছিল|বাজপেয়ীৰ স্কুলীয়া শিক্ষা সৰস্বতী শিশু মন্দিৰত আৰম্ভ হৈছিল|পিছত গোৱালিয়ৰ ভিক্টোৰিয়া কলেজৰ(বৰ্তমান লক্ষ্মী বাঈ )পৰা হিন্দী ,ইংৰাজী,সংস্কৃত বিষয়ত ডিচটিঙচন সহ স্নাতক ডীগ্ৰী লয়|কাণপুৰৰ DAV কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাকোত্তৰ ডীগ্ৰী লয়|
         আৰ্য কুমাৰ সভাত(আৰ্য সমাজৰ নতুন ৰূপ)যোগদানৰ জৰিয়তে তেওঁ সামাজিক কৰ্মৰাজিৰ আৰম্ভণি  ঘটায়|1947চনত এজন RSS সক্ৰিয় নেতা হৈ পৰে|দীনদয়াল উপাধ্যায়ৰ খবৰ কাজতো তেওঁ কিছুদিন কাম কৰিছিল|
         আগস্ট বিপ্লৱৰ (ভাৰত ত্যাগ আন্দোলন)সময়ত তেওঁ জ্যেস্ঠ ভাতৃ প্ৰেমৰ লগত 23দিন কাৰাৱাস খাটিছিল(1942কথা আছিল এই ঘটনা)|পুনৰ তেওঁ 1968চনত ৰাস্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি জন সংঘক উজ্জীৱিত তৰি তোলে|
           1975 পৰা1977চনলৈ ভিন্ন কাৰনত তেওঁ কাৰাবাস খাটিব লগা হয়|কিন্ত 1979 পৰা তেওঁ দেশৰ ৰাজনীতিত এজন শক্তিশালী নেতা ৰূপে নিজৰ স্থিতি সৱল কৰি তোলে|
         এজনা মহান পুৰুষ চাৰি দশক সংসদৰ সক্ৰিয় সদস্য আছিল|দহ বাৰ লোক সভা ,দুবাৰ ৰাজ্য সভালৈ নিৰ্বাচিত হৈছিল|আনকি 2009চনলৈ তেওঁ সংসদৰ সদস্য আছিল(উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচিত)|ইয়াৰ পৰৱতী সময়ত তেওঁ স্বাস্থ্যজনিত কাৰনত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লয়|
         জাতীয় কংগ্ৰেছৰ পৰা সৰ্ম্পূণ পৃথক এটা দলৰ পৰা প্ৰধান মন্ত্ৰী নিৰ্বাচিত হৈ সুদীৰ্ঘ পাঁচ বছৰ কাল দেশৰ শাসনভাৰ গ্ৰহণ ও পালন কৰা প্ৰথমজন ব্যক্তি|1999 চনৰ পৰা 2004 চনলৈ তেওঁ এই দায়িত্বত আছিল|
         ইয়াৰোপৰি তেওঁ পূবতে দুবাৰ প্ৰধান মন্ত্ৰী হৈছিল|মাত্ৰ 13 দিনৰ বাবে 1996 চনত আকৌ এঘাৰ মাহৰ বাবে 1998 পৰা 1999চনত|মুৰাজী দেশাই ভাৰতৰ প্ৰধান মন্ত্ৰী হৈ থকা কালত তেওঁ ভাৰতৰ বৈদেশিক মন্ত্ৰী আছিল|
         এইজনা মহান পুৰুষ ,চিৰ কুমাৰ ,দেশৰ বাবে সৰ্ব ত্যাগি,নতুন ভাৰতৰ সপোন দেখা ব্যক্তিজনেই হ'ল চিৰ নমস্য অটল বিহাৰী বাজপেয়ী|
           16 আগস্ট 2018 চনত এইজনা মহীৰূহৰ মহাপ্ৰয়ান হয়| তেওঁ লৈ অশ্ৰু সিক্ত শ্ৰদ্ধাঞ্জলি,তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনৰে ওঁম শান্তি ,ওঁম শান্তি ওঁম শান্তি...

(বাজপেয়ী জী য়ে পোৱা সন্মান সমূহ......
               
              1992 পদ্ম বিভূষণ
               1993 ডি লিট(কানপুৰ বিশ্ববিদ্যালয়ৰ পৰা)
                 1944 লোক মান্য তিলক সন্মান|
                  1994 ভাৰত ৰত্ন,(পণ্ডিত গোৱিন্দ বল্লভ পণ্ট)
                  2015 ভাৰত ৰত্ন
                   2015 বাংলা দেশ লিৱাৰেচন ৱাৰ অনাৰ|

No comments:

Post a Comment