নৱবৰ্ষ
সময় আৰু নদী বৈ যায়
ৰৈ নাযায়…|
থৈ যায় মাথোন ইতিহাস
কান্দোন আৰু হাহিঁৰ ফোঁৱাৰ
সেমেকা শীতত সংকোচিত হোৱা
নদী পাৰত বালি ভাত খোৱা হাজাৰ জনৰ
ভৰিৰ খোজৰ চিনবোৰ
বুকুত লৈ নদীখন ওফন্দি উঠে
সেইদৰে সময়বোৰ পাৰ হয়
প্ৰাচুৰ্যতাৰ শেষত
হালধীয়াত হেৰাব খোজা দিন বোৰক
ৰঙীন কৰিবলৈ বছৰ হৈ
সময়ে বাগৰ সলাই
কালিবোৰ অতীত কৰি আজি হৈ থকা দিনতোৰ
বুকুত মানুহে ভৱিষ্যতৰ
সপোন দেখে।
বাগৰি যোৱা সময়েপুণৰ
বাগৰ সলাব বিচাৰি
সেমেকা শীতৰ পুৱতী বেলাত পদুলি
মুখত দ'কা দমকা কৰি উঠিছে
আকৌ এবাৰ।
Sent via Micromax
No comments:
Post a Comment