Monday, December 14, 2015

আবেলি

মানুহ জন অতীতৰ হাতি ধৰা মানুহ। ডেকাতেজ গাত থাকোতে তেজক পানী কৰি কঠোৰ পৰিশ্ৰম কৰিব পৰা বিধৰ মানুহ আছিল যদিও তেওঁৰ কিছুমান পাতলীয়া চখ আছিল।যাৰ বাবে তেওঁৰ জীৱনৰ পাৰ হৈ যোৱা সময়খিনি কিছু জটিলতাৰ সন্মুখীন হৈছিল। বিশেষ কৈ মানুহ নামৰ সামাজিক প্ৰাণীবিধে এক প্ৰকাৰৰ সম্পৰ্কৰ ভাগ বতৰা কৰিব নিবিচাৰে।সেই সম্পৰ্ককে তেওঁ উমহৈতীয়া কৰিব লগিয়া হৈছিল।যাৰ বাবে কিছু সময়ত তেওঁৰ হাতি ধৰা চখটোকে জগৰীয়া কৰিছিল।আকৌ ভাবিছিল তেওঁ যে হাতী ধৰিছিল তাৰ বাবে এই অভিশাপৰ তেওঁ ভাগী হ'ল।যি নহওঁক হাতীবোৰে হাবিত এখন ঘৰ পাতি আছিল,তেওঁযে সিহঁতৰ সুখৰ ঘৰখনৰ পৰা এজনক কাঢ়িআনিছিল।সিহঁতক অবাঞ্ছিত দুখ দিয়াৰ বাবে হয়তো তেওঁ পৃথিৱীৰ সেই মধুৰতম সম্পৰ্কতো ভগাই লব লগাত পৰিল। যাৰ বাবেতেওঁ আত্মদহন আৰু আত্মগ্লানিৰ মুখামুখি হ 'ব লগাত পৰিছিল প্ৰায়।
               হাতী ধৰিবলৈ যাওঁতে তেওঁ চফল ডেকা। নতুন যৌৱনৰ পাতলীয়া নিচাই তেওঁক অনবৰতে দহি আছিল।বুকুত  তেওঁ পাতলীয়াকৈ পুৰুষত্বৰ চিনবোৰে সাৰ পাইছিল। ই ক্ৰমে তেওঁৰ তেজাল মুখমণ্ডলৈ  সম্প্ৰসাৰিত হৈ পৰিছিল। তেওঁ নতুন যৌৱনপ্ৰাপ্ত ডেকা আছিল তেতিয়া।                                                                                                                    শীতৰ জঠৰতা জোকাৰি সৰাপাতে খৰমৰাই উঠা ফাগুনৰ সেই ৰক্তাভ আবেলিতোত নামবৰ হাবিৰ কাষৰ বিশেষ গাঁৱ খনত গৈ তেওঁ সহকৰ্মী সকলৰ লগত উপস্থিত হৈছিল। গাঁৱৰ একেবাৰে সীমাত থকা মানুহ ঘৰত থকাৰ ব্য ৱস্থা কৰা হৈছিল।গাঁৱৰ মুখীয়ালজনে তেওঁ লোকৰ থকা খোৱাৰ বন্দোৱস্ত কৰিছিল।বাৰিষা সেউজীয়াৰ পয়োভৰ ঘটা হাবিখন শুকান হৈ আছিল।গাওঁখনৰ খেতি পথাৰত শুকান নৰাবোৰ হাউলিবলৈ ধৰিছিল। মানুহঘৰৰ চোতালত উপস্থিত হৈছিল।গাঁৱৰ একেবাৰে সীমাত থকা মানুহঘৰত থকা খোৱাৰ বন্দোৱস্ত কৰিছিল।বাৰিষা সেউজীয়াৰ পয়োভৰ ঘটা হাবিখন শুকান নৰাবোৰ হাউলিবলৈ ধৰিছিল।মানুহঘৰৰ চোতালত উপস্থিত হওঁতে হেঙুল হাইতাল বুলীয়া বেলিৰ শেষৰ কিৰণ  নিভাৰন বিৰিষৰ ফাঁকেৰে আহি এক ছা পোহৰৰ মায়া জাল সৃষ্টি কৰিছিল।
          সন্ধ্যাৰবুকুত দিনটোৰ ব্যস্ততা হেৰাই যাওঁতে আকাশত জোনবাই সাৰ পাই উঠিছিল।ধূলিয়ৰি শুকান ফাগুনৰ বুকুত পাতলীয়া বতাহত জোনবাই জনী ৰৈ ৰৈ কপিছিল।শুকান বতাহজাকে আগলি কলাপাতবোৰ বিশেষ ভংগীত নচোৱাইছিল।খোৱাবোৱাৰ পাছত বহু ৰাতিলৈ হাতী ধৰা পৰিকল্পনাত ব্যস্ত আছিল।
             পুৱা পাতলীয়া কোঁৱলিৰ আস্বাদন আছিল চাৰিওফালে ।অলপ পিছতে ফাগুনৰ শুকান ৰ'দউঠি আহিব।তওঁ লক্ষ্য কৰিছিল ফাগুনৰ বলিয়া বতাহ জাকে ৰাতিটোৰ বুকুত উৰুৱাই আনি মানুহঘৰৰ চোতালত সিচৰিত কৰা হালধীয়া সৰাপাতৰ দ'মবোৰ সাৰি সাৰি এগৰাকী সদ্য যৌৱনা পাট গাভৰু আগবাঢ়িছে।ঠাই সাৰিবলৈ বিশেষ ভংগীত মেখেলাখন কোচাই লোৱাৰ বাবে যুৱতীৰ দুভৰিত তেওঁৰ চকু ৰৈ গ'ল। কথাতে কয় বোলে চকু নৰকলৈ ও যায় স্বৰ্গলৈ ও যায়।তেওঁ নাযানে তেওঁ কিমান সময় চাপৰি চাপৰি চোতাল সৰা ছোৱালীজনীৰ নগ্গ ভৰি দুখনলৈ চাই  আছিল।এইয়া হয়তো অনুৰাগ ,নতুবা মানুহ নামৰ প্ৰাণী বিধৰ মনৰ মাজত সুপ্ত আদিমতা ,সৃস্টিৰ বাবে হয়তো বিপৰীত লিংগৰ প্ৰতি স্ফুৰিত আকৰ্ষণ।তেওঁৰ অজানিতে সেই যুৱতীৰ প্ৰতি তেওঁৰ বুকুত অনুৰিত হৈছিল প্ৰেমৰ অনুৰাগ।যুৱতীয়ে নিজৰ কাম সামৰি তেওঁক যেতিয়া সুধিছিল : আপোনাক কিবা লাগিব  ?তেতিয়াহে তেওঁ সন্বিত ঘূৰাই পাইছিল।ঋনাত্মক ভংগীত মুৰ জোকাৰিছিল তেওঁ ।
         কোনো মতে তেওঁ নিৰ্দিস্ট কোঠালৈ গৈ বিচনাত পৰিছিল।সাৰপোৱা তেওঁৰ লগৰ কেইজনে সুধিছিল "কি হ'ল তোৰ?"মাথোন এটাই উত্তৰ দিছিল :"মোৰ গাতো কিবা কৰিছে"।
        পুৱাৰ আহাৰ খাই তেওঁৰ লগৰীয়া কেইজন হাতী ধৰিবলৈ ওলাল।মাথোন বুকুৰ মাজত উদ্বেক হোৱা প্ৰেমৰ  moবহ্নিক বুকুতে লৈ তেওঁ বিচনাত পৰি ৰ'ল।
     অলিয়া বলিয়া বতাহ ব'লা ফাগুনৰ  শুকান ৰ'দত অস্থিৰ দুপৰীয়া সময়তে সেই যুৱতী হাতত চাহৰ বাতি লৈ তেওঁৰ কোঠালৈ আহিছিল ।চাৰি চকুৰ মিলনত তেওঁৰ দগ্ধ বুকুত কি এক বিষে জানো পিৰপিৰাই উজনি ভাটি কৰিছিল তেওঁ বুজিব নোৱাৰিছিল।সেই যি দুপৰীয়া বেলাৰ  একান্ত মিলন তাতে দুয়োৱে দুয়োৰ মন পঢ়ি লৈছিল গোপনে ,পুণৰ কথা বতৰা আৰু এক ভৱিষ্যত সিদ্ধান্ত।
        তেওঁ নাজানে পিছদিনা দোকমোকালিত সেই গাওঁ খনৰ বিশেষ মানুহ ঘৰত কি হৈছিল ।তেওঁৰ বন্ধুসকলে তেওঁক  নথৈ ভাৰস্থ কৰি গালি দিছিল নে নাই কিন্ত সকলোৰে অপ্ৰিয় হোৱা কামতোকে কৰিছিল। সেই মানুহঘৰৰ একমাত্ৰ ছোৱালীজনীক লগত লৈ আহিছিল ।তাকো মৰনত শৰণ দি আকাশত ৰৈ ৰৈ কঁ পি থকা জোনবাইৰ পোহৰত হাবি কাঁষৰীয়া লুং লুঙীয়া বাটেদি।
   প্ৰাচুৰ্ষতা নাছিল যদিও পৰম্পৰাগত অসন্তোষ বিহীন সাংসাৰিক জীৱনতোত তেওঁ সুখী আছিল।তেওঁৰ পিতৃ মাতৃৰ তেওঁৰ সেই আকস্মিক সিদ্ধন্তত কোনো ধৰনৰ বিৰুদ্ধিতা নাছিল।মুঠতে দুই ঘৰৰ মাজত সম্বন্ধৰ সাঁকো ডাল গঢ় দিয়াত তেওঁৰ পিতৃয়ে আগভাগ লৈছিল ।
   সময়ে মানুহৰ জীৱনলৈ পৰিবৰ্তন আনে।সাংসাৰিক মোহে মানুহক অতীতৰ মুক্তাৱস্থাৰ পৰা দূৰ কৰি সাংসাৰিক  কতৰ্ব্যৰ সীমাত আৱদ্ধ কৰি পেলাই ।কিন্ত তেওঁ সকলোবোৰ ত্যাগৰ পৰিশেষতো হাতী ধৰা চখটোক পৰিত্যাগ কৰিব পৰা নাছিল। বিয়াৰ পিছতো সুযোগ পালে তেওঁ হাতী ধৰিবলৈ উলাইছিল।
"শেৱালি"_ তেওঁৰ পত্নীৰ প্ৰতি তেওঁৰ বুকুত আছিল অহৈতুক অনুৰাগ আৰু তেওঁৰ পত্নীৰ কাৰনে তেওঁ হাৰলি সোন।তেওঁৰ আগ্ৰহ, তেওঁৰ চখ আৰু তেওঁৰ ভাল লগা বেয়া লগা বোৰক তেওঁৰ পত্নীয়ে  কোনো দিনেই বাধা দিয়া নাছিল।মৰম আৰু পৰস্পৰ প্ৰতি থকা টান তেওঁ লোকৰ তৃতীয় সন্তানৰ আগমনৰ পিছতো কমা নাছিল।হয়তো মানুহৰ এই সম্পৰ্কৰ  প্ৰতি টান সময়ে বঢ়াই কমাই নোতোলে ।য'ত প্ৰকৃত প্ৰেম আৰু বিশ্বাস থাকে তাত সদায় মৰমৰ আঠা থাকে ।প্ৰতিজন মানুহ সম্ৰাট নহয় ।গতিকে প্ৰতিজন প্ৰেমিক পতিয়ে তাজমহল গঢ়িব নোৱাৰিলেও পত্নীৰ প্ৰতি তেওঁ ৰ সুস্ঠ দায়িত্ব বোধ যথেস্ট।
লগ পালত তেওঁ পুণৰবাৰ হাতী ধৰিবলৈ উলাল।শেৱালিয়ে কিন্ত মাঘ বিহুৰ ওচৰত  হাতী ধৰিবলৈ যাবলৈ দিব বিচৰা নাছিল।কিন্ত বিহুৰ আগে আগে ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দি তেওঁ শেৱালিক এৰি আহিছিল অচিনাকী হাবিলৈ।
তেওঁ অস্থিৰ হৈ আছিল ।প্ৰিয়তমা পত্নীৰ মুখখনে তেওঁক অস্থিৰ কৰি তুলিছিল ।ভাৱিছিল নহা হ'লে ভাল আছিল ।আজিলৈকে  তেওঁক পত্নীয়ে বাধা দিয়া নাছিল।জীৱনত এই আছিল প্ৰথম বাধা ।
নিৰ্জন হৈ পৰা ৰাতিটোত হাবিতলীয়া গাওঁখন নিহপালী দি শুইছিল ,তেওঁ শুব পৰা নাছিল ।হঠাৎ বাহিৰত কাৰোবাৰ আৰ্তনাদত  কোঠাতোত থকা সকলো খকমকাই উঠিছিল। কমাই থোৱা হাৰিকেন লেম্পটো বঢ়াই তেওঁৰ লগৰীয়া এজন বাহিৰলৈ উলাব ধৰোতে সকলো বাহিৰলৈ আহিছিল।শেষ  পুহৰ তমসা ৰাতি ,কামিহাড়ৰ ফাকে সৰকি যোৱা বতাহজাকে হাৰিকেনৰ প্ৰজ্জ্বলিত শিখাক কপাই তুলিছিল।বঢ়াই দিয়া হাৰিকেনৰ শিখাই চিমনিটোৰ আৰ্ধাংশ চাই কৰি পেলাইছিল।ঘন ঘোৰ অমাৱস্যাৰ ৰাতি তৰাবোৰৰ অনুজ্জ্বল পোহৰত আন্ধাৰৰ উপহাস স্পস্ট হৈ পৰিছিল।আজি যেন দুস্টৰহে জয় উৎসৱ তেনে প্ৰতিত হৈছিল।তেওঁ হাৰিকেনৰ পোহৰে চিঞৰৰ উৎস বিচাৰি যাওঁতে দেখিছিল পুহৰ জাৰত আউলি বাউলি চুলিয়ে এক অসংযত যুৱতী ইতিমধ্যে দুই এক  মানুহ সেই ঠাইত গোট খাইছিল ।
    বেলিটো আকাশত বহু দেৰিকৈ দেখা পোৱা গৈছিল।এনে লাগিছিল ভাঙি লৈ নিলগাই থোৱা কণীৰ কুহুমটোহে যেন কোনোৱাই আকাশত উপঙাই দিলে।শীতৰ হাতোৰাত জঠৰ হৈ পৰা পৃথিৱীখন সিদিনা আৰু মৌন হৈ পৰিছিল।কাৰণ,আগনিশা যি নঘটিব লগীয়া ঘটনা ঘটিছিল তাত যেন পৃথিৱীখনে দুখ পাইছিল।
  আগদিনা ৰাতি সেই অসংযত যুৱতীয়ে তেওঁলে আঙুলিয়াই তাইৰ সেই অৱস্থাৰ বাবে জগৰীয়া কৰিছিল আৰু  সেই ঠাইত গোট খোৱা মানুহবোৰে তেওঁৰ লগতে তেওঁৰ লগৰীয়া সকলক বান্ধি পেলাইছিল। আজি তেওঁ লোকক বিচাৰ কৰিবলৈ গাঁৱ বুঢ়াৰ ঘৰৰ চোতালত থিয় কৰাই  ৰাখিছে।দুই এককৈ গাওঁ ৰ বৰমুৰা ব্যক্তি গোট খাইছে।
  বিচাৰ প্ৰক্ৰিয়াৰ শেষত যি ৰায় প্ৰদান কৰিল সেইয়া আছিল তেওঁৰ প্ৰতি সম্পৰ্ণ অন্যায়।তেওঁক যদি ৰায়মানি নল'লে লগৰ কেইজনৰ অনিস্ট কৰাৰ ভাবুকি নিদিলে হয় তেতিয়া কেতিয়াও তেওঁ সেই ৰায় মানি নললে হয়।
বিচাৰৰ অন্তত যেতিয়া লগত সেই যুৱতীক লৈ ঘৰ মুৰা হৈছিল তেতিয়া তেওঁৰ মনত প্ৰিয়তমা  পত্নীৰ মুখখনেই ভাঁহি আছিল।তেওঁৰ বাধা  নেওচি হাতী ধৰিবলৈ অহা টো তেওঁৰ ভুল আছিল সেইটো তেওঁ অনুশোচনা কৰি নিজকে দোষী ছিল।জীৱনে কেনে এক পাশা খেলিলে তেওঁৰ লগত।
পদুলিৰ জপনাৰ নঙলা থেলি যেতিয়া চোতালত খোজ দিছিল বিহুৰ বাবে উদুলি মুদুলি হৈ  থকা ঘৰ খনত হুৱা দুৱা লগিছিল।তেওঁৰ কাষলৈ দৌৰি অহা তেওঁৰ সন্তান তিনিটা কাষত অচিনাকী মানুহগৰাকীক দেখি ৰৈ গৈছিল।এক দুই কৈ গোট খোৱা ওচৰ চুবুৰীয়া  মাজত লাখুটিত ভেজাদি থিয় হোৱা তেওঁৰ বৃদ্ধ পিতৃগৰাকীৰ বয়সে আচোঁৰি কোচাই পেলোৱা দুই গাল  সিক্ত আছিল।তেওঁৰ বৃদ্ধ মাতৃৰ উচুপি কন্দা শৰীৰটোৰ জোকাৰণিত নাৰিকল তেল দি লেকেতা লগা ফটা কানিৰ সহযোগত বান্ধি ৰখা খোপাটো মুকলি খাই ফটষ কানিবোৰ মাটিত বাগৰি পৰিছিল আৰু অৱশিস্ট চুলিবোৰ পিঠিত হালি পৰিছিল।তেওঁৰ দুচকু এঠাইত স্থিৰ হৈ পৰা লগে লগে তেওঁৰ মনটো অস্থিৰ হৈ পৰিছিল।কাৰণ তেওঁৰ দুচকুৱে বিচাৰি পাইছিল তেওঁৰ প্ৰিয়তমা  পত্নীক।বাৰাণ্ডাৰ  খুটা এটাত ভেজা দিতেওঁৰ পত্নী বহি ৰৈছিল নিমাতে।
হাতী ধৰা চখ টো তেওঁ এৰি পেলাইছিল।সংসাৰ চলাবৰ বাবে তেওঁ খেতি বাতি কৰিবলৈ লৈছিল কাৰণ দেউতাকে লাখুটি ভৰত দেহাহে চলাব পাৰিছিল হাল টানিব পৰা অৱস্থাত তেওঁ নাছিল।
তেওঁৰ দ্বিতীয় পত্নীয়ে কোনো দিনেই কোনো কথাতে অভিযোগৰ সুৰুঙা পোৱা নাছিল।কাৰণ তেওঁৰ দ্বিতীয়  পত্নীৰ পদাপৰ্ণৰ দিন ধৰি তেওঁৰ  প্ৰথম পত্নী তেওঁৰ পৰা  আতৰি আছিল।
জীৱনৰ দীঘলীয়া সময়চোৱা তেওঁ প্ৰিয়তমা পত্নীৰ সান্নিধ্যৰ পৰা বিৰত হৈ আছিল। বিৰহ বেদনাই তেওঁক  দহিছিল।কিন্ত তেওঁ নিৰুপায় আছিল।তেওঁ ৰ সন্তানৰ ভৱিষ্যতৰ কথা ভাবি সকলো ভাগ্যৰ লিখন বুলি মানিলৈ কস্ট কৰিছিল সংসাৰ চলাবলৈ।
তেওঁৰ তিনিটা ল'ৰা আৰু দ্বিতীয় পত্নীৰ ফালৰ দুজনী ছোৱালী।দুই জনীৰ  বিয়া হোৱা  কম সময়ৰ পাছতে তেওঁৰ দ্বিতীয় পত্নীৰ বিয়োগ ঘটিছিল।তেওঁৰ তিনিটা সন্তান দুৰত কৰ্ম সুত্ৰে থাকে।বিয়া বাৰু পাতি সিঁহত সংসাৰৰ মায়া মোহত বান্ধ খালে।হাতী ধৰা স্মৃতিবোৰ এতিয়া অতীতৰ বুকুত সমাধিস্থ হৈ পৰিছে।তেওঁ মনত পেলাব নিবিচাৰে সেই অতীত। কাৰণ তেওঁৰ সেই অতীতে জীৱনৰ সুদীঘ ২৫ টা বসন্ত তেওঁৰ প্ৰিয়তমা পত্নীৰ পৰা তেওঁক দুৰত ৰাখিলে তেওঁক।
ফাগুনৰ বুকুৰ হালধিয়া সংকোচিত হোৱা পৃথিৱীৰ দৰে তেওঁৰ জীৱনৰ বাটও সংকোচিত হৈ পৰিছে।তথাপিতো জীৱনৰ এক নতুন মাদকতা তেওঁ উপলব্ধি কৰিছে,জীৱনৰ ভাটি বেলাত।তেওঁ পুণৰ প্ৰথমা পত্নীক কাষত পাইছে।দুৰ হৈ পৰা সম্পৰ্কতো পুণৰ বুকুৰ ওচৰ চাপিছে ।জুইশালৰ পকা আঙঠা ৰ মাজৰ পৰা টেপু কচু দুটা উলিয়াই অনা তেওঁৰ মানুহজনীৰ মুখলে চালে …হয়… বয়সে তেওঁৰ তেজাল মুখখন ম্লান কৰি তুলিছে কিন্ত তেওঁ সংসাৰৰ প্ৰতিটো কামেই পুৰ্বৰ দৰে নিৰায়িককৈ কৰি নিছে।অলপ পাছত দুইয়ে ভাত খালে।ফিৰফিৰাই বলি থকা ফাগুনৰ দুভাগ  নিশাৰ চঞ্চল বতাহজাকত জোনাক বিধৌত চৌপাশত ৰাতিৰ পৃথিৱী অকলে সাৰে ৰোৱা মুৰ্হুত্বত তেওঁৰ পিঠিত অনুভৱ কৰিলে  তেওঁৰ কাষত শুই থকা মানুহজনীৰ শ্বাস প্ৰশ্বাস।তেওঁ বাগৰ সলাই পত্নীৰ ফালে মুখ ঘূৰালে।তেওঁৰ জীৱনত অনেক কাম কৰি ভাগৰি নপৰা দুহাতে পত্নীৰ শৰীৰতো বুকুলে চপাই আনিলে,মানুহজনীৰ চুলিৰ মাজেৰে তেওঁ হাত বুলালে,থিক সেইদৰে যিদৰে তেওঁ অতীতত পত্নীৰ সৈতে পাৰ কৰা জীৱনৰ প্ৰথম আদিম নিশাটোৰ দৰে।সময়ে তেওঁৰ পত্নীৰ ক'লা চুলি বগা কৰিছিল।সুগন্ধী তেলত পৰিৰ্বতে লেকেতা খোৱা নাৰিকল তেলৰ গোন্ধ তেওঁ নাকত লাগিছিল তথাপিতো তেওঁ আপোনপহৰা হৈছিল।ঘৰৰ ভিতৰত তেওঁ যিদৰে চঞ্চল হৈ পৰিছিল ঘৰৰ বাহিৰতো ফাগুনী পৃথিৱীখন দুস্ট হৈ পৰিছিল ক্ৰমশঃ…|

পূবালী গগৈ
শালীকিহাট
গোলাঘাট

Sent via Micromax

No comments:

Post a Comment