ভাল পোৱাৰ প্ৰাচুৰ্যত
আকাশৰ বৃস্টিৰ বন্যাত
পৃথিৱীয়ে গাধুইছিল।
বৰযুণে নুপুৰ পিন্দোৱা
দিনতে পৃথিৱীখনো ঋতুমতী হৈ পৰে।
মন্দিৰৰ দুৱাৰ সন্ধ্যাৰ আৰতি
চাৰিটা দিন স্তৱিৰ হৈ পৰে।
পুণৰ প্ৰকৃতিয়ে গা ধোৱে
এইবাৰ সেউজীয়াৰ প্ৰাচুৰ্যত
খেতিয়কৰ নাঙলৰ কৰ্ষণত
পৃথিৱী অন্তসত্বা হৈ পৰে
কস্ট আৰু পীড়াৰ শেষত
শুভ সংবাদ অহাৰ দৰে
সোণালী প্ৰাচুৰ্যতাই
ধৰা খন সোণালী হৈ পৰে।
যি শুভ সংবাদ আনে সকলোৰে
কাৰণে।
Sent via Micromax
No comments:
Post a Comment