Monday, March 15, 2021

##গল্প

#শুক্ৰবৰীয়া লিখিত প্ৰতিযোগিতা
#তাৰিখ ৫/৩/২০২১
#বিষয়: চুটি গল্প
#গল্পৰ শিৰোনাম:এজাক সপোন যেন বৰষুণ
দীঘল ধূলিয়ৰি বাটতোৰ ওপৰত পলাশ ,মদাৰ আৰু শিমলুৰ ৰঙা ,সুমুথিৰা পাহিবোৰ  পৰি এখন দলিচা পাৰি  দিছে।দুৰলৈ , চকুৰে ঢুকি পোৱালৈ পোণ পথ ফাগুনী ৰাঙলৰ বুকুত হেৰাই পৰিছে,তাৰ পৰা নাতিদুৰ গৈ কেঁকুৰিটো ঘূৰি তাইৰ গন্তৱ্য স্থল পাই গৈ।
:কেনে আছা?
তাই কৰ্ণকুহৰত মাতটোৱে আঘাত কৰিলে যদিওঁ তাই বিশেষ গুৰুত্ব নিদি আগবাঢ়িল।
:বৃষ্টি ,কেনে আছা?
এইবাৰ  তাই থমকিল।ঘূৰি চাই
অ এইয়া দেখুন নীৰদ
:অহ্,কোনফালে যোৱা?
:অলপ ওলাই আহিছো বিশেষ কামত।
তাই প্ৰথম প্ৰশ্নটোৰ উত্তৰ আৰু দ্বিতীয়তে দিয়া উত্তৰটোৰ শেষত এটা প্ৰশ্নৰ অৱতাৰনা কৰাৰ কোনো প্ৰয়োজনবোধ নকৰিলে। 
দুয়োজনে সৰু অথচ ফাগুনে ৰঙীন কৰি তোলা  পদ পথটোত খোজ কাঢ়িল।
মৌনতাক সাবটি সময়বোৰ আগবাঢ়িল।মাজে মাজে সৰাপাতৰ শুকান দেহাত ভৰিৰ গচকত উঠা খৰমৰনি।
সুৰ্দীঘ সময়ৰ হিচাপ তাই কৰিব নিবিচাৰিল,আঙুলি মুৰৰ হিচাপবোৰত হয়তু বছৰবোৰ শেষ নহ'ব।
হঠাৎ হুৰহুৰাই অবতৰীয়া বৰষুণৰ টুপালবোৰে নীৰদ আৰু বৃষ্টিক তিয়াই পেলাব বিচাৰিল।
খৰধৰকৈ নীৰদে বৃষ্টিৰ হাতত ধৰি পথৰ কাষত থকা ঘুমটি সদৃশ দোকানখনৰ বাৰাণ্ডালৈ টানি নিলে।বৃষ্টিয়ে বাধা দিয়াৰ কোনো সুযোগ বিচাৰি নাপালে।আজিৰ পৰা অবুজ আৱেগে আৱৰি থকা বয়সতো তাই নীৰদক বাধা দিয়াৰ সুযোগ পোৱা নাছিল।
ফাগুনৰ  উতনুৱা বতাহজাকৰ অবিবেচকী আচোঁৰত তাই কঁপিছিল ।নীৰদে গাৰ পৰা কোট তো খুলি তাইৰ গাত দিলে,তাই আপত্তি নকৰিলে।বৰষুণজাক ধূলিয়ৰি ৰাস্তাটোৰ ওপৰত জপিয়াই  থাকিল।
প্ৰথম ভালপোৱাৰ অনুভূতি হৃদয়ত অকুৰিত হওঁতে এজাক আবতৰীয়া বৰষুণে জোকাইছিল নৰীদ আৰু তাইক আৰু তাইক প্ৰত্যাখ্যানৰ  দিনা আবতৰীয়া বৰষুণজাকত তাই দৌৰিছিল।চকুৰ পানীবোৰ বৰষুণৰ বুকুত হেৰাই পৰিছিল।দেউতাকৰ বুকুত সোমাই তাই চিঞৰি চিঞৰি কান্দিছিল।অভিযোগ কৰিছিল দেউতাকক  … "কিয় নকলা দেউতা মই তোমাৰ তুলনীয়া জী বুলি? মোক সি এৰি গ'ল দেউতা,তাৰ ঘৰে তেজৰ চিনাকী নথকা ছোৱালী বিয়া নকৰাই।মই তাৰ বাহিৰে আনক  বিয়া পাতিব নোৱাৰো।" তাইক সাৱটি মাক দেউতাক দুয়োজনে কান্দিছিল।
সৰুৰ পৰা নিজৰ "জী"ৰ মৰমেৰে সাৱটি থকা মাক দেউতাকে তাই যে তুলনীয়া তাক অনুভৱ কৰিব  নিদিলে।
নতুনকৈ এটা পৰিচয় গঢ়ি তাই জীৱনটোক  আগবঢ়ালে।
বৰষুণজাক  পাতল হৈ  হৈ পলকতে ফাগুনৰ উদাসী সন্ধ্যাটোৰ বুকুত হেৰাই পৰিল।
সুধা নহ'ল নীৰদক একো।তাৰ ঘৰ ,তাৰ পৰিয়াল একো খবৰ লোৱা নহ'ল।বৰষুণ জাকে সোঁৱৰাই দিয়া প্ৰত্যাখ্যানৰ মুহূৰ্তটোৱে তাইৰ বুকুৰ পৰা জঠৰতাটোক কণ্ঠনলীত এৰি দিলে।
বৰষুণৰ শেষত নীৰদ নিজে বাটে আতঁৰি গ'ল।বৃষ্টি নিজৰ গন্তব্য স্থললৈ খোজ দিলে,বুকুত বান্ধি ললে নীৰদৰ কোটৰ পৰা তাইৰ শৰীৰত বিয়পি পৰা উমাল স্পৰ্শক,অনুভৱ কৰিব বিচাৰিল  নীৰদৰ শৰীৰৰ সুগন্ধক।
নীৰদ আৰু বৃষ্টি একেই জলধাৰৰ সৃষ্টি ।আকাশে সাৱটি থকালৈ নীৰদ আৰু আকাশে খহাই দিলেই বৃষ্টি!!যুগ যুগৰ অপ্ৰাপ্তি!!মিলনৰ অতৃপ্ত বাসনা।!

2 comments: