মা ; ল'ৰালিতে যে তুমি আকাশলৈ
আঙুলিয়াই হাতিপতি দেখুৱাইছিলা।
নীলা আকাশত ধ্ৰুৱৰ উপস্থিতি দেখুৱাই
ভক্তিৰ মহিমা কথা কৈছিলা।
সপ্তিৰ্ষি মণ্ডল লৈ আঙুলিয়াই
আৰুন্ধিতীৰ কাহিনী কৈছিলা
আৰুদ্ধিতীৰ স্বামীৰ প্ৰতি থকা
অপাৰ মৰমৰ আৰু শ্ৰদ্ধাৰ কথা"""""
তথাপি কিয় জীৱনে পৰীক্ষা ল'লে??
কিয় জীৱন চক্ৰৰ উ ত্থান
পতনৰ কোনো এক মুহুত
দেৱ গূৰু বৃহস্পিতিৰ কাষত
থিয় দিব লগা হ'ল তেওঁ?
মা,মোৰ স্বামীক মইও ভাল
তথাপিতো কিয় মোক
সময়ে জোখিলে?
প্ৰেমৰ নিচাইমোক কিয়
স্বাৰ্থপৰ কৰিলে?
তেওঁক কাষত পোৱাৰ বাসনাত
কিয় মই তেওঁৰ ভাল লগা
বেয়া লগাবোৰৰ প্ৰতি উদাসীন হলো?
কিয় পাহৰি গলো তেওঁৰ ইচ্ছাক
সন্মান কৰাতোৱে প্ৰকৃত ভালপোৱা,,,
আৰু....আৰু....যেতিয়া ভুল বুজিলো
তেতিয়া আত্মগ্লানি আৰু
অনুশোচনা বাহিৰে
আৰু একো নাই......|
: পূৱালী গগৈ।
শালিকীহাট।
গোৱাল গাওঁ|
গোলাঘাট।
No comments:
Post a Comment