Tuesday, July 9, 2019

# গল্প #সিদ্ধান্ত শৰতৰ অবেলিটোত পাইন ৰঙৰ সেউজীয়া চুৱেটাৰ পিন্ধা হৃদয় আহি তাইৰ বুকুত সোমাইছিল |অফিচৰ ব্যস্ততা বোৰক অঁতৰাই তাই হৃদয়ৰ কাষলৈ দৌৰি আহিছিল|কি জুন কি জুলাই কি ছেপ্তেম্বৰ চেৰাপুঞ্চীৰ আকাশৰ সেমেকা শুকুলাৰ সৈতে তাৰ পাইন ৰঙী চুৱেটাৰটো সদায় গাত আছিল|কাৰণ হৃদয়ৰ স্কুলৰ এইটো ইৰ্উনিফম আছিল|তাই হৃদয় ক গাড়ীত উঠাই চিট বেলট ডাল লগায় দিয়ে |গাড়ীৰ স্টেৰিঙত হাত থৈ তাই হৃদয়ক সোধে :পৰীক্ষা কেনে হ'ল? :গুড, মম :তুমি মোক মা কবা, কিমান কম মম মম নকবা বুলি | :অ'কে মম হৃদয়ে হাঁহে, সুৰভীয়েও হাঁহে, তাই জানে পিতেকে তাইৰ ৰং চাই খং তুলাই...| হৃদয়ৰ ক লৈ তাইৰব্যস্ততা বোৰ শেষ নহওতে ৰক্তিম আহে |পুণৰ তাক লৈ ব্যস্ততা বাঢ়ে সুৰভীৰ |ব্যস্ততা যেন সীমা বিহীন |ইটোৰ পাছত সিটো, সিটোৰ পাছত ইটো| ৰক্তিমো ব্যস্ত ,তাৰো বৰ সময়ৰ আজৰি নথকা জীৱন..... এই শ্বিলং, এই গুৱাহাটী ,অফিচৰ কামৰ হেঁচা বোৰ বাঢ়ে তাৰ ..| হৃদয়ৰ বাবে গাড়ী লৈ Thomas john school of mission ৰ সন্মুখত ৰওতেই ৰওতেই হৃদয় ডাঙৰ হৈ গৈছিল |গীটাৰৰ সৈতে সি একাত্ম হ'বলৈ শিকিছিল|ছবি আঁকিছিল সি পাইনৰ সেউজীয়াৰ মাজত হেৰাই যোৱা ডাৱৰৰ |সুৰভীয়ে শিল্পী বেয়া পোৱা নাছিল |কিন্তু নিজৰ শিল্পী সত্বাক প্ৰকাশ কৰিবলৈ গৈ অতিৰঞ্জিত আচৰণ কৰাতো বেয়া পাইছিল |হৃদয় ঠিকেই আছিল তাই আৰু ৰক্তিমৰ বুকুতে আছিল সি. ,সিহঁতৰ আদৰুৱা পুত্ৰ হৈ | শাৰদীয় জোনটো সাৰ পাব হৈছিল |পাহাৰীয়া ঠাই |সন্ধ্যাৰ লগে লগে জনজীৱনৰ গতিৰ স্থিৱিৰতা আহি পৰে|সুৰভীয়ে প্ৰয়োজনীয় বজাৰ কৰি অলপ খৰখেদাকৈ ঘৰলৈ গাড়ী দৌৰাইছিল|পাহাৰীয়া ৰাস্তা, নিৰ্দিষ্ট নিয়মৰ বাহিৰত থাকি গাড়ীও চলাব নোৱাৰি| গাড়ীখন গেৰেজত ভৰাই আকাশ লৈ চাইছিল তাই |চিৰিলি চিৰিলি পাইনৰ পাতৰ ফাঁকে ফাঁকে জোন টো আকাশত ৰৈছিল |শৰতৰ আগমনে চেৰাপুঞ্জীলৈ বহুত ঠাণ্ডা নমাইছিল |এঢলীয়া পাহাৰত জোনাকে গা ধোৱা শাৰদী নিশা.... |পাহাৰৰ প্ৰতি থকা উন্মাদ প্ৰেমৰ বাবে ৰক্তিমে তাইক লৈ আহিছিল মেঘালয়ৰ এই বিশেষ ঠাই খনলৈ|সি ইয়াৰ পৰা ইচ্ছা কৰিলে বদলি হব পাৰে কিন্তু সুৰভীৰ বাবে সি ইতয়াতে আছে|ৰক্তিমেও ভাবে সুৰভীৰ হেঁপাহ পলাওক |পাহাৰৰ প্ৰতি তাইৰ প্ৰীতি অহেতুক হৈ বাঢ়ে... নকমে কিন্তু.... | হৃদয় আহিল|খোলা ৰ্দজা দেখি সুৰভীয়ে বুজিলে|তাই বজাৰ কৰি অনা বস্তুবোৰ নিৰ্দিষ্ট ঠাইত ৰাখি গা ধোৱৰ বাবে বাথৰূমত সোমাল|সুৰভীৰ এইটো নিয়ম ক'ৰবাৰ পৰা আহি গা ধোৱা টো|ঠাণ্ডা গৰম সেইটো নাচায়, নিজৰ পালন কৰিব লগা নীতি নিয়মবোৰ তাই মাথো নিয়াৰিকৈ কৰি ভাল পায়| গীটাৰৰ মৃদু সুৰৰ লগত ভাহি থক Alen walker " lily was a little girl " গানটো কোঠাতো হোৱা পোহৰে স্তব্ধ কৰি পেলাইছিল | হিম সৰা শৰত.. | জোনাকে ৰূপোৱালী মায়াৰ চাদৰ পিন্ধোৱা শৰত... | পাইনৰ ফাঁকে ফাঁ কে অবুজ আৱেগৰ সুৰ বিয়পোৱা শৰত.. | সুৰভীৰ বাবে সকলোবোৰৰ মধুৰতা নিমিষতে ধূলি হৈ পৰিছিল | ধূলি হৈ পৰিছিল তাইৰ পাহাৰ প্ৰীতি..... | ড্ৰীম লাইটৰ নীলা ৰঙৰ সাগৰত ডুৱি থকা, এলেনৰ গানৰ সুৰে সুহুৰিয়াই থকা হৃদয়ৰ কোঠাটো চি এফ এলৰ হালধীয়া পোহৰে পৰিবৰ্তিত কৰিছিল বাস্তৱৰ পৃথিৱীৰ অনাকাংক্ষিত মূহুত্বতোলৈ... :মম!!! অপ্ৰস্তুত হৈ থিয় দিয়া হৃদয়ৰ মাতত এক অদ্ভুত ধৰফৰণি.... |তাৰ কান্ধত মুৰ পেলাই সুৰৰ লহৰত হেৰাই যোৱা কিশোৰীজনীও খপজপাই থিয় হয়..... :মম, মিট মাই ফ্ৰেণ্ড এৰিণা... |পৰিস্থিতি টো সহজ কৰি হৃদয়ে ছোৱালীজনীৰ লগত সুৰভীক চিনাকী কৰাই দিয়ে :হাই আণ্টি.... এৰিণাই সুৰভীলৈ সোঁ হাতটো আগবঢ়াই দিয়ে |যন্ত্ৰৱত্ সুৰভীয়ে তাইৰ হাত টো এৰিণাৰ হাতটো স্পৰ্শ কৰিব পৰাকৈ আগবঢ়াই দিয়ে| :তুমি পালাহি যেতিয়া মই এৰিণাক অলপ আগবঢ়াই আহো|হৃদয়ে তাইক এৰি এৰিণাৰ সৈতে ঠাণ্ডা ৰাতি উলাই গৈছিল |এৰিণাক আগবঢ়াবৰ বাবে!!! কিমান দুৰ আগবঢ়াব সি তাইক!!? অলপ আগতে পোহেৰে উদ্ভাসিত কৰা কোঠাটোত সুৰভীয়ে দেখাবোৰ যেন তেনেই সাধাৰণ | একো নাই.. তেনেই সাধাৰণ.. এহাল কৈশোৰৰ দেওনা দেউ দেউ থকা ল'ৰা ছোৱালী... যৌৱন আহো আহো কৈ আছে সিহঁতৰ শৰীৰত, মনত... | সুৰভী প্ৰস্থৰ মূৰ্তি হৈ পৰিছে.. | য'ত ৰৈ এৰিণাক কৰ্মদন কৰিছিল তাতে তাই ৰৈ আছিল... | এৰিণাৰ দেহত যৌৱনৰ তেজাল ঘোঁৰাৰ চেকুৰৰ যেন উকমুকণি|একোচা দীঘল চুলি য়ে তিৰবিৰাই থকা এহাল চকুৱে ...এৰিণা লাস্যময়ী|হৃদয়ৰ কান্ধত তাৰ মুৰ থৈছে, পৰ্দা কোঁচাই জোনাকত ডুৱা চেৰাপুঞ্জীৰ আকাশ চাই হৃদয়ে যেন এৰিণাৰ বাবে গুণ গুণাইছে" lily was a..... "সুৰভীৰ বুকুখন অজান আকাংক্ষাত চটফটাই উঠিল| বহুত কষ্টৰ মূৰত এইমচত এপণ্টমেণ্ট পাইছিল|ৰক্তিমে সুৰভীৰ কাষত ৰৈছিল পাহাৰ ভাল পোৱা সুৰভীৰ আশা বোৰ শুকান মেপলৰ পাত হৈ শুকাই গৈছিল |ডাক্তৰৰ চেম্বাৰত সোমাই যাওঁতে সুৰভীয়ে তাৰ হাতত খামুচি ধৰিছিল.. কিমান আৰু কিমান?? এনেদৰে সুৰভীক সি দৈত্যকায় মেচিন বোৰৰ মাজলৈ ঠেলি দিব ? নালাগে দিয়া সুৰভী, আমি দুটাই দুটাৰ বাবে আৰু কিয়?? কথাষাৰ কৈ সি সুৰভীলৈ চাব নোৱাৰে তাই দুচকুৰ কাতৰতায়ে তাক চেপি খুন্দি পাগল কৰি তুলিব বিচাৰে |সি কাতৰতায়ে প্ৰাৰ্থনা কৰে :হে প্ৰভু সুৰভীৰ প্ৰাৰ্থনা শুনা .....| কিমান বাৰ Tvs কিমান বাৰ আলট্ৰা চাউণ্ড কৰিব??কিমান বাৰ হৰ্মনেল টেষ্ট, সুৰভীৰ শৰীৰটোৰ ওপৰত ডাক্তৰে কৰা পৰীক্ষা নিৰীক্ষা বোৰ চাই চাই তাৰ অশান্তি লাগে| এইমচৰ পৰা অহাৰ পিছত ন মাহ ন দিন সুৰভী বেড ৰেষ্ট আছিল |খোৱা বোৱা সকলো বিচনাৰ ওপৰত!!! কিমান কষ্ট!!! কিমান যাতনাৰ দিন ৰাতি পাৰ কৰি সুৰভীয়ে নিজৰ গৰ্ভত হৃদয়ক ডাঙৰ কৰিছিল সেইয়া বৰ্ণনাব পৰা নাযায় |ৰক্তিমে দেখিছে সুৰভীৰ যাতনাবোৰ|কেনেদৰে সন্তানৰ সুখ ৰ বাবে তাই নিজৰ জীৱনক তুচ্ছ কৰি তুলিছিল|.........আজি সেই সুৰভীয়ে তাৰ বুকুত সোমাই হিকতিয়াই কান্দিছে|এৰিণা নামৰ খাচীয়া ছোৱালীজনীৰ প্ৰতি থকা তাৰ একাত্ম দেখি সুৰভীৰ মাতৃ হৃদয়ে অনিশ্চয়তাত ধৰফৰাই উঠিছে|ৰক্তিমৰ বুকুত সোমাই তাই অভিযোগ কৰি উঠিছে... ...সেই খাচীয়া ছোৱালীজনীয়ে যদি হৃদয়ক মোৰ পৰা লৈ যায়....? ৰক্তিম নিবিকাৰ কেনেকৈ বুজাব সুৰভীক? তাই নোবোজে তাইৰ মাতৃ হৃদয়ে নামানে একো বুজনি... | :ৰক্তিম মই হৃদয়ক অসম লৈ লৈ যাম ,সি তাত থাকি পঢ়িব|নিজৰ মানুহ বোৰৰ মাজত থাকি নিজৰ পৰম্পৰা শিকিব | ৰক্তিমে সুৰভীলৈ চালে এইজনী সেই সুৰভীয়ে নে যি পাহাৰৰ প্ৰেমত পৰি তাৰ লগত গুচি আহিছিল নিজৰ আপোন মানুহক এৰি|এইজনী সেই সুৰভীয়ে যি সিহঁতৰ সন্তানহীন জীৱনটোক লৈ কথা কোৱা আপোন মানুহবোৰৰ ওচৰলৈ ঘূৰি নাযাও বুলি শপত লৈছিল|অথচ আজি এই সুৰভীয়ে পুণৰ অসম লৈ উভতি যাব বিচাৰিছে|ৰক্তিমৰ পিতৃ হৃদয়ে পুত্র হৃদয়ৰ প্ৰতি কান্দি উঠিল... |সি জানো পাৰিব সৰুৰে পৰা ডাঙৰ হোৱা ঠাই খন এৰি নতুন এখন ঠাইত হঠাত্ সহজ হ'ব? তাৰ এই কৈশোৰ যৌৱনৰ সন্ধিক্ষণত থকা জীৱনটোৱে কেনকৈ নিজক সমযোজন ঘটাব প্ৰতি মূহুৰ্তত? যাব জানো হৃদয় একেবাৰে অসম লৈ? সুৰভী ও অবুজ তাইকো পুত্র স্নেহে অন্ধ কৰি তুলিছে... |কি কৰিব নকৰিব একো সিদ্ধান্ত লব নোৱাৰি ৰক্তিমে বৰ অসহায় অনুভৱ কৰিলে|

Sunday, July 7, 2019

#)এটা গল্প # ফেচবুকৰ গ্ৰুপ টোত কিবা এটা পোষ্ট দি ভাল লাগে|কাৰণ তাত দিয়া পোষ্ট বোৰত তাইৰ মনৰ ভিতৰ চ'ৰাত হৈ থকা ভাব বোৰৰ বহিয় প্ৰকাশ ঘটে|মনৰ অলেখ অযুত ভাব বোৰ চিয়াঁহীৰ সহায়ত শব্দ ৰূপ নিদিলে মনতে হেৰাই যায়| আগৰ দৰে গৰম বন্ধ ত উৎসাহ নাই যদিও গৰম বন্ধ আহিলে ভাল লাগে|কাৰণ তাই প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে|গতিকে তাৰ ল'ৰা ছোৱালী বোৰে বন্ধ ঘোষণা কৰা দিনটোত ফুলৰ মালা, ফুলৰ থোপা ইত্যাদি বোৰে বিদ্যালয়ৰ চাৰ বাইদেউ সকলক উপচাই পেলাই|তাই ভাবিলে বন্ধটো হৈ যাওক,বন্ধ দিনা আয়োজন কৰা ফাংচনত অলপ লাগি ভাগি দিব| যিহেতু সৰু লৰা ছোৱালী অলপ তদাৰকৰ দৰকাৰ| নিৰ্দিষ্ট দিনত বন্ধটো আহিল |ফুল মালা গামোচা ফুলৰ থোপায়ে ছাত্র ছাত্রী সকলে চাৰ বাইদেউ সকলক উপচাই পেলালে|নৃত্য গীতৰ অনুষ্ঠান হ'ল |সকলোবোৰ হোৱাৰ পিছত সিহঁত টিচিং স্টাফটো মিলি ৰেষ্টুৰেণ্ট ত গৈ কফি খাল |মনত একখিনিমান আশা লৈ তাই ঘৰলৈ আহিল | আজি শণিবাৰে বন্ধ দিলে |এটা দিন বেচি কৈ পাইছে |ৰবিবাৰ এটা বেচি হৈছে|সময় বেছি হলে ভালে হয় |কম চে কম তাই এটা আশা পুৰণ হ'ব|ঘৰৰ কামৰ লগতে লিখা কামটো আজৰি কৰিব| দেওবাৰে ৰাতিপুৱাৰ লগে লগে তাই ব্যস্ত হ'ল ঘৰৰ কামত |ইটোৰ পাছত সিটো |বাহি চোতালৰ পৰা পাকঘৰলৈ|প্ৰথম মানুহজনক উলিয়াই পঠালে তাৰ পিছত শহুৰ|শাহুৱে বুলে তুমি থাকা মই নামঘৰত নাম লোৱা যো যা চলিছে তাৰ পৰা আহো|শাহু যোৱাৰ পাছত তাই বাথৰূমত থকা কাপোৰবোৰ ধোবলৈ লাগিল | মনটো ৰিলেক্স কৰি লও বুলি ভাবি টি ভি টো খোলোতেই বাহিৰত শহুৰ মাত শুনিলেই | :চেহ ...টিভি চাবা আৰু, তাই স্বগতোক্তি কৰি উঠিল | শহুৰ দেউতা কামৰ পৰা অহাৰ উমান লৈ শাহু মা আহিল |দুয়ো বাহিৰৰ বাৰাণ্ডাত বহি কথা পতা আৰম্ভ কৰিলে তাই বুজিলে মানে আজি শাহুৱে কাম নকৰে তেওঁ আৰাম ল'ব !!ঠিক্ আছে আজি তাই কাম কৰিব লিখা কামটো কালিলৈ পৰা আৰম্ভ কৰিব| আবেলিৰ আহাৰ খায় শহুৰ শাহু ফুৰিবলৈ গ'ল |তাই আবেলিৰ কাপোৰ ভৰুৱা পৰা বাকী ৰোৱা কাম বোৰ কৰোতে সন্ধ্যা হল|মানুহজন কামৰ পৰা আহিল তেওঁকো সকলো কৰি দিয়াৰ পাছত তাই গাটো ধুই গোসাঁই চাকি দিবৰ বাবে গোসাঁই ঘৰত সোমাল | যেতিয়া বাচন বৰ্তন বোৰ সামৰি তাই বাকী কামবোৰ কৰি বিচনা লৈ গৈছিল তেতিয়া আৰু একো কাম কৰা ইচ্ছা নাছিল |তাই ইতিমধ্যে গম পাইছিল কামৰ মাজত সুৰুঙা উলিয়াই নিজৰ চখ পুৰাব লাগিব|যিদৰে তাই স্কুল থকা দিনবোৰত ঘৰলৈ আহি অলপ সময় জিৰণি লওতে লিখে তেনে কৈ লিখিব লাগিব৷ |কিবা এটা ভালদৰে লিখিম বুলি উপযুক্ত পৰিবেশ পোৱালৈ ৰৈ থাকিলে নহ'ব, নিজেই পৰিবেশটোৰ ৰচনা কৰি লব লাগিব |কাৰণ বোৱাৰী জীৱন ছোৱালী জীৱনৰ পৰা বহু খোজ নিলগত.... |