আবেলিটোত ইফাল সিফাল কৰি থাকোতে
হৰ্ঠাৎ অহা বতাহ জাঁকে মোক শিহৰিত কৰি গ’ল শুকান ধুলি পৰশটো গাত বগোৱা বাই উঠিল
ইফাল সিফাল কৰোতে দেখিলো ৰঙালী হ’বলৈ আৰম্ভ কৰা পলাশ মদাৰ এক নতুন মাদকতা ময়
পৰিৱেশ ৰচনা কৰি এদেও দুদেও কৰি ফাগুন পুনৰ পদূলি মুখ পালেহি। শুকান বতাহ হালধীয়া
সৰাপাত নিভাৰ’ন চৌপাশ, উদং পথাৰ, উকা আলিবাট, ৰদ্দৌজ্জ্বল দুপৰীয়া বোৰত ক্ৰমে
ক্ৰমে গভীৰ হৈ পৰা বতাহ জাক । ফাগুন বুলিলে অনামী এক শিহৰণ মোৰ বুকুৰেদি বাগৰি
যায়। আঘোণৰ শেষত,পুহত লেচেৰি বুটলা আৰু মাঘত বিহুৰ পিছত ইমান কৈ পঢ়াৰ বোজা নাবাঢ়োতে
ফাগুন আহে বতাহত উৰা ধূলি আৰু ৰৈ ৰৈ কঁপা জোনবাই জনী চোৱাতো মোৰ সৰুকালৰ এক চখ
আছিল। ডাঙৰ হৈ অহাৰ লগে লগে ফাগুনৰ দিনবোৰত কাঞ্চন ফুলৰ সুগন্ধ লোৱাতো মোৰ অভ্যাস
হৈ পৰিছিল। “কাঞ্চন”-অনুৰাধা ৰ্শমা পূজাৰীৰ মৰ্মস্পৰ্শ উপন্যাস খন পঢ়াৰ পাছত
কাঞ্চন ফুলৰ প্ৰতি মোৰ অনুৰাগ কঢ়িছিল। কিন্তু ফাগুনক ভাল পাঁওতে পাঁওতে ফাগুনৰ
প্ৰথম ভাগতে অহা আলি আই লৃগাং কথাকে কব পাৰি কৃষিক জীৱন ৰূপে গ্ৰহন কৰা মিচিং
সমাজৰ উৎসৱ আলি আই লৃগাং কৃষি ভিত্তিক উৎসৱ। ফাগুনৰ সৰা পাতৰ বাবে তো বসন্তৰ
সেউজীয়াৰ আগমন হয়। শেষ, ফাগুনৰ ধূলি ধূলি বতাহক চ’তৰ বৰদৈচিলাই এক নতুন গতি দিয়ে
প্ৰকৃতিৰ বুকুলৈ অহা প্ৰথম জাক বৰষুণে ধূলিয়ৰি প্ৰকৃতিক ধূই নতুন ৰূপত সজাবলৈ
ফাগুনৰ হালধীয়া প্ৰকৃতিয়ে মোহময়ী ৰূপত আকোৱালি লয়।
চিলাবোৰ আকাশত যেতিয়া উৰে তেতিয়া
মনটোৱো চিলাৰ সৈতে উৰি যায়। নীলা আকাশত বিচিত্ৰ ৰঙৰ চিলাবোৰে ফাগুনৰ বতাহক এক নতুন
গতি দিয়ে ।
ফাগুন মোৰ ভাল লাগে
বতাহত জোনাকত, পখীৰ মাতত
এক নতুন উন্মাদনা সালে
হালধীয়া সৰাপাতৰ
খৰ মৰ শব্দত
দুপৰীয়াটোৰ ঘুমটি ভাগে।
নাঙঠ বিৰিখত
সখীয়তীজনী নাচিনাচি
মনৰ লগৰীলৈ
অপেক্ষা কৰে
ফাগুন মোৰ ভাল লাগে
নতুনৰ অপেক্ষাত
পৃথিৱীখন উন্মাদনাৰ
বলিয়া বতাহক বুকুত বান্ধে।
হৃদয়ৰ ৰঙে পলাশ শিমলু সাদৰে
হাঁহে।
No comments:
Post a Comment