ব'হাগ আহিল
হালধীয়া সৰাপাতৰ
হুমুনিয়াক আওকাণ কৰি
সি বগুৱা বাই আহিছিল
ধূলিয়ৰি ধূলিয়ৰি বতাহে
আগচি থকা পথটো
নেওচা দিছিল এদেও দুদেও কৰি।
ৰাঙলী মদাৰ,সুমুথিৰা পলাশক
পিছ পেলাই চেকুৰিছিল
কজলা জলধাৰ
গোম গোম হুৰ হুৰ
শব্দত চৌপাশৰ
নিৰৱতা ভাঙি
এক অনামী উচাহত
চৌদিশ মুখৰিত কৰিছিল
নাঙঠ বিৰিখ আৰু কিমান দিন
নিলাজ হৈ ৰ'ব
ৰ'দত গা ধুব
জোনাকত সাতুৰিব ,বতাহত হাউলিব??
চৌদিশ মুখৰিত কৰা উচাহত
সিহত এবাৰ তিতিল
ৰৈ…… ৰৈ…… অৱসাদ এচাৰিল
হেচুকি ধূলিবোৰক ঠেলি দিলে
আৰু নিজকে পখালি
সেউজীয়া বাসন পিন্ধিল
বতাহত ইচাত বিচাত কৰি
হালি জালি উঠিল
কাৰণ সকলো জঠৰতাক দুৰলৈ ঠেলি ব'হাগ
পুণৰ আহিল।
Sent via Micromax