Monday, January 9, 2017

দেওপানীলৈ গৈছিলো - A visit to Deopani, Karbi Anglong



দেওপানীলৈ গৈছিলো
          বহুদিনৰ পৰাই ভাবি আছিলো দেওপানী যাম যাম।কিন্তু যোৱাহে উঠা গৈ নাছিল ।এদিন উলালো যাব ২৭/১১/২০১৬ত আমি দেওপানী পালো গৈ।কাৰ্বিআংলং জিলাত থকা দূৰ্গা গোঁহানীৰ মন্দিৰ ভাগ দৰ্শন কৰি মনটো প্ৰফুল্লিত হ’ল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ ডাঙৰীয়াই স্থাপন কৰা গোঁসানী থান ভাগৰ স্থাপন কৰা গোঁসানী থান ভাগৰ মহৎ আছে। ইয়াত থকা প্ৰকাণ্ড গছজোপাত মনো কামনা পুৰুণৰ অৰ্থে একে উশহতে ৰঙা ফিটাত তিনিটা গাঁঠি মাৰিব লাগে। আমি তাত বৰ বেছি সময় অতিবাহিত কৰিব নোৱাৰিলো কাৰণ নামবৰ হাবিৰ মাজে মাজে AH1(NH 39)আছে তাৰ অৱস্থা একেবাৰে বেয়া। গাড়ী চলাওতে বহু কষ্ঠ হয় ; আন্ধাৰ হ’লে অসুবিধা হ’ব পাৰে। যি কি নহওক নামবৰ হাবিৰ মাজৰ নৈসৰ্গিক প্ৰাকৃতিক শৌভাই মোক আহ্লাদিত কৰি তুলিছিল। মই বাৰে বাৰে সঞ্জীৱক কৈছিলো আমাৰ ইয়ালৈ কিয় Discovery Channel ৰ মানুহ নাহে। আমাৰ অসমৰ হাবিটো বহুতো এনেকুৱা ৰহস্য আছে যিটো আজিলৈকে হয়তো উন্মোচিত হোৱা নাই।
Deopani Ribon Wraping

Nambor Reserv

Gorampani Hot water Pond

        আমি উভতি অহাৰ পথত গৰম পানীত নামিছিলো। য’ত গন্ধকৰ বাবে পানীত বুদ্ বুদ কৈ উতলি থাকে । বিশ্বত এনে গৰম পানীৰ উহঁ আছে , তাৰে ভিতৰত অসমতো যে এনে এটা উঁহ আছে যি সচাকে গৌৰৱৰ কথা।
         বহুতে কয় যে গৰম পানী উহঁটোক পকা কৰি বেৰি দিয়াৰ বাবে পানীৰ বুদ্ বুদনি বহু পৰিমাণে কমি গৈছে। গৰম পানীত অলপ সময় থাকি ঘৰলৈ উভতিলো। মনত ভাব হ’ল অসম খন প্ৰাকৃতিক সম্পদত চহকী কিন্তু প্ৰচেষ্টাৰ অভাৱৰ বাবে আমি ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত পিছপৰা।

No comments:

Post a Comment