জানুৱাৰী মাহ সকলোৱে পিকনিক যোৱাটো
বৰ্তমান সময়ত চখলৈ পৰিৰ্বতিত হৈছে। সেই চখটো পুৰণ কীৰিম বুলি ভাবিয়ে আমি
নাগালেণ্ডৰ Hydroproject চাবলৈ যাম বুলি উলালো। কিন্তু দুভাগ্য ক্ৰমে তাৱৈৰ সৰু ভায়েকৰ
বিয়োগ ঘটাত আমাৰ Hydroproject চাবলৈ যোৱা নহ’ল, কাৰণ তাৱৈ অবিহনে পাহাৰত গাড়ী
চলাবলৈ আন কোনো নাছিল।তাৱৈ দুৰূ থকা বিয়োগ ঘটা ভায়েকৰ ঘৰলৈ
গ’ল। নিদিষ্ট দেওবাৰটোত কিন্তু আমি চাৰিটা Bike লৈ ওলালো। প্ৰথমে
আমি “নেঘেৰী বিল” চালো।
Neghari Bill Merapani |
গোলাঘাটৰ মেৰাপানী আৰু নাগালেণ্ডৰ মাজত থকা “নেঘেৰী বিল” নামৰ
ঠাই ডখৰ ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ বাবে নাম আছে তাৰোপৰি ইয়াত পিকনিকৰ বাবে যথেষ্ঠ ঠাই
আছে। পাহাৰীয়া ঝৰ্ণাৰ আৰু চৰাই কাকলিত মুখৰ ঠাইখনলৈ পিকনিকৰ বাবে পাচলি নিনিলেও কাষৰ
গঞাৰ পৰা লব পৰা যায় । কিন্তু মনটো দুখ লাগিছিল এইবাবে যে মানুহবিলাকে পিকনিক খাই কিন্তু
ঠাই খন চাফ চিকুন কৰি থৈ নাহে। ধুনীয়া ঝৰ্ণাৰ মাজেদি ‘‘বাইক” চলাই যাঁওতে মাদক দ্ৰব্যৰ
বটল। আচলতে ভাল ঠাই এডোখৰ মানু্হৰ অবিবেচনীয় কামে নষ্ট কৰি পেলায়।
নেঘেৰী বিল পৰা আহি ব’ডাৰ আলিয়ে
আলিয়ে আহিছিলো। তাতে নাগালেণ্ডৰ টুৱেনছাং village দেখিলো। পুনৰ দয়ালপুৰ হৈ চাংখাতিত
ওলাই তেলিশাল পালোহি। তেলিশালত কছাৰী ৰজাই খন্দোৱা বিষ্ণুপুখুৰী চালো।
যিতু পুখুৰী
বৰ্তমান মীন পালনৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু মীন পালন কৰাতকৈ তাত ৰ্বটিংৰ সুবিধা
দি সুন্দৰকৈ চাৰিও কাষত ফুলনি পতা হলে ধুনীয়া লাগিল হয়। কাৰণ ইতিহাসৰ পাতত থকা এক পুৰণি
কীৰ্তিক নষ্ট কৰাতকৈ ভালদৰে সংৰক্ষণ কৰা উচিত বুলি ভাবো।
ইয়াৰ পাছত বিষ্ণুপুখুৰীৰ গাতে লাগি
থকা শুকান পুখুৰী চালো। শুকান পুখুৰী প্ৰকৃততে এক মন্দিৰ। হয়তো ৰজাৰ উপাসনা কৰা ঠাই
আছিল আৰু তাত থকা মন্দিৰ ভাগ বিষ্ণুৰ মুৰ্ত্তিৰ বুলি অনুমান কৰিব পৰা যায়।
Shukan Phukhuri |
Remaining of Telihal Temple |
গোলাঘাট-তেলিশাল ৰাস্তাতে উভতনি যাত্ৰাৰ পথত কছাৰী ৰজাৰ ৰাজ্হাওলিৰ সংৰক্ষিত খুটা বোৰ চালো। এই খুটা বোৰত আহোম ৰজাৰ শিল্প কলাৰো চাপ আছে, হয়তো কছাৰী ৰজা তাম্ৰধ্ব্জৰ ৰাজহাওলীৰ ভগ্নাংশ আছিল। পুনৰ আমি ঘৰলৈ আহিবলৈ প্ৰস্তুত হলো কাৰণ দৈয়াং নদীৰ সিপাৰে থকা সৰিয়্হ তলিত বেলিটো ডুবু ডুবু হৈছিল আন্ধাৰ বাঢ়ি অহাৰ আগতে ঘৰ পাব লাগিব।