Friday, May 26, 2017

School Diary- TROUBLE IN TRAVEL


           It is 25/05/2017 Thursday. My daily life is a routine life and begins with preparing myself to school. Today, I also go to school. The bus was full of passengers. Every one of the passengers are working in different sectors, like school, banks etc. But on the way the Bus Driver announced that the brake of the bus failed and he unable to control the bus. All the passengers of the bus pray God to save life. The God listened our prayer and he save all of us. The bus slip from the road onto the paddy field, got in the mud. No one hospitalized but everyone had small injuries. 

I thought that time if I injured seriously then what could have happened? I am a borrower in these days. Because we are not paid Salary for the April because of 7th pay commission Fixation. Oh, God there is no certainity of our life.

Monday, February 27, 2017

ব'হাগ আহিল

ব'হাগ আহিল
হালধীয়া সৰাপাতৰ 
হুমুনিয়াক আওকাণ কৰি 
সি বগুৱা বাই আহিছিল 
ধূলিয়ৰি ধূলিয়ৰি বতাহে 
আগচি থকা পথটো 
নেওচা দিছিল এদেও দুদেও কৰি।
ৰাঙলী মদাৰ,সুমুথিৰা পলাশক
পিছ পেলাই চেকুৰিছিল
কজলা জলধাৰ 
গোম গোম হুৰ হুৰ 
শব্দত চৌপাশৰ
নিৰৱতা ভাঙি
এক অনামী উচাহত 
চৌদিশ মুখৰিত কৰিছিল 
নাঙঠ বিৰিখ আৰু কিমান দিন
নিলাজ হৈ ৰ'ব 
ৰ'দত গা ধুব
জোনাকত সাতুৰিব ,বতাহত হাউলিব??
চৌদিশ মুখৰিত কৰা উচাহত 
সিহত এবাৰ তিতিল 
ৰৈ…… ৰৈ…… অৱসাদ এচাৰিল
হেচুকি ধূলিবোৰক ঠেলি দিলে
আৰু নিজকে পখালি
সেউজীয়া বাসন পিন্ধিল 
বতাহত ইচাত বিচাত কৰি 
হালি জালি উঠিল 
কাৰণ সকলো জঠৰতাক দুৰলৈ ঠেলি ব'হাগ 
পুণৰ আহিল।

Sent via Micromax

Saturday, February 25, 2017

ফাগুন আহে মনে মনে



          আবেলিটোত ইফাল সিফাল কৰি থাকোতে হৰ্ঠাৎ অহা বতাহ জাঁকে মোক শিহৰিত কৰি গ’ল শুকান ধুলি পৰশটো গাত বগোৱা বাই উঠিল ইফাল সিফাল কৰোতে দেখিলো ৰঙালী হ’বলৈ আৰম্ভ কৰা পলাশ মদাৰ এক নতুন মাদকতা ময় পৰিৱেশ ৰচনা কৰি এদেও দুদেও কৰি ফাগুন পুনৰ পদূলি মুখ পালেহি। শুকান বতাহ হালধীয়া সৰাপাত নিভাৰ’ন চৌপাশ, উদং পথাৰ, উকা আলিবাট, ৰদ্দৌজ্জ্বল দুপৰীয়া বোৰত ক্ৰমে ক্ৰমে গভীৰ হৈ পৰা বতাহ জাক । ফাগুন বুলিলে অনামী এক শিহৰণ মোৰ বুকুৰেদি বাগৰি যায়। আঘোণৰ শেষত,পুহত লেচেৰি বুটলা আৰু মাঘত বিহুৰ পিছত ইমান কৈ পঢ়াৰ বোজা নাবাঢ়োতে ফাগুন আহে বতাহত উৰা ধূলি আৰু ৰৈ ৰৈ কঁপা জোনবাই জনী চোৱাতো মোৰ সৰুকালৰ এক চখ আছিল। ডাঙৰ হৈ অহাৰ লগে লগে ফাগুনৰ দিনবোৰত কাঞ্চন ফুলৰ সুগন্ধ লোৱাতো মোৰ অভ্যাস হৈ পৰিছিল। “কাঞ্চন”-অনুৰাধা ৰ্শমা পূজাৰীৰ মৰ্মস্পৰ্শ উপন্যাস খন পঢ়াৰ পাছত কাঞ্চন ফুলৰ প্ৰতি মোৰ অনুৰাগ কঢ়িছিল। কিন্তু ফাগুনক ভাল পাঁওতে পাঁওতে ফাগুনৰ প্ৰথম ভাগতে অহা আলি আই লৃগাং কথাকে কব পাৰি কৃষিক জীৱন ৰূপে গ্ৰহন কৰা মিচিং সমাজৰ উৎসৱ আলি আই লৃগাং কৃষি ভিত্তিক উৎসৱ। ফাগুনৰ সৰা পাতৰ বাবে তো বসন্তৰ সেউজীয়াৰ আগমন হয়। শেষ, ফাগুনৰ ধূলি ধূলি বতাহক চ’তৰ বৰদৈচিলাই এক নতুন গতি দিয়ে প্ৰকৃতিৰ বুকুলৈ অহা প্ৰথম জাক বৰষুণে ধূলিয়ৰি প্ৰকৃতিক ধূই নতুন ৰূপত সজাবলৈ ফাগুনৰ হালধীয়া প্ৰকৃতিয়ে মোহময়ী ৰূপত আকোৱালি লয়।

            চিলাবোৰ আকাশত যেতিয়া উৰে তেতিয়া মনটোৱো চিলাৰ সৈতে উৰি যায়। নীলা আকাশত বিচিত্ৰ ৰঙৰ চিলাবোৰে ফাগুনৰ বতাহক এক নতুন গতি দিয়ে ।

ফাগুন মোৰ ভাল লাগে
বতাহত জোনাকত, পখীৰ মাতত
এক নতুন উন্মাদনা সালে
হালধীয়া সৰাপাতৰ
খৰ মৰ শব্দত
দুপৰীয়াটোৰ ঘুমটি ভাগে।
নাঙঠ বিৰিখত
সখীয়তীজনী নাচিনাচি
মনৰ লগৰীলৈ
অপেক্ষা কৰে
ফাগুন মোৰ ভাল লাগে
নতুনৰ অপেক্ষাত
পৃথিৱীখন উন্মাদনাৰ
বলিয়া বতাহক বুকুত বান্ধে।
হৃদয়ৰ ৰঙে পলাশ শিমলু সাদৰে হাঁহে।

Monday, February 6, 2017

Saraswati Puja and A visit to Kalioni Bhudhavihar



সৰস্বতী পূজাত যোৱাবাৰ কালিয়নীত থকা বৌদ্ধ বিহাৰলৈ গৈছিলো। যোৱাবাৰ সঞ্জীৱৰ জ্বৰ আছিল বাবে আমি একেলগে সঞ্জীৱৰ স্কুল গৈছিলো।পূজাত খোৱা বোৱা হোৱাৰ পাছত আমিসঞ্জীৱৰ স্কুলৰ পৰা নাতি দূৰত (প্ৰায় ৫ পৰা ৭ কিলোমিটাৰ) থকা বৌদ্ধ বিহাৰত গলো।তাত গৈ বহুত ভাল লাগিছিল।কালিয়নী নদীত সামান্য দলং আছে।যাৰ ওপৰত গাড়ী চলাব নোৱাৰি মাত্ৰ খোজ কাঢ়িহে যাব পাৰি।কিন্ত আমাৰ গাড়ী পানীৰ মাজেৰে চলাই নিছিল।কাৰণ শীত কালি বৰষুণ নোহোৱাৰ বাবে নদীত পানী কম আছিল । কিন্তু কাৰ্বি পাহাৰৰ পৰা নামি অহা কালিয়নী নদীখন খৰস্ৰোতা আছিল আৰু বাৰিষা কেতিয়া  ফেনে ফুটোকাই বাঢ়ি আহে কোনেও ক'ব নোৱাৰে।কিন্তু বৌদ্ধ মন্দিৰ কাৰ্বি পাহাৰ দাতিঁত থকা নান্দিনিক প্ৰাকৃতিক সোন্দৰ্য্য মাজত এক দৰ্শন কৰিব লগা স্থান।মন্দিৰ চৌহদো পৰিস্কাৰ  আৰু তাত বৌদ্ধ ধৰ্ম মানুহসকলকো লগ পাই ভাল লাগিল।বৌদ্ধ মন্দিৰলৈ ব'হাগ মাহত গ'লে তাত হোৱা  " water festival"                    চাবলৈ পোৱা যায়।

Thursday, January 26, 2017

Bike Picnic/ Kochari Rajya





জানুৱাৰী মাহ সকলোৱে পিকনিক যোৱাটো বৰ্তমান সময়ত চখলৈ পৰিৰ্বতিত হৈছে। সেই চখটো পুৰণ কীৰিম বুলি ভাবিয়ে আমি নাগালেণ্ডৰ Hydroproject চাবলৈ যাম বুলি উলালো। কিন্তু দুভাগ্য ক্ৰমে তাৱৈৰ সৰু ভায়েকৰ বিয়োগ ঘটাত আমাৰ Hydroproject চাবলৈ যোৱা নহ’ল, কাৰণ তাৱৈ অবিহনে পাহাৰত গাড়ী চলাবলৈ আন কোনো নাছিল।তাৱৈ দুৰূ থকা বিয়োগ ঘটা ভায়েকৰ ঘৰলৈ গ’ল। নিদিষ্ট দেওবাৰটোত কিন্তু আমি চাৰিটা Bike লৈ ওলালো। প্ৰথমে আমি “নেঘেৰী বিল” চালো।


Neghari Bill Merapani




গোলাঘাটৰ মেৰাপানী আৰু নাগালেণ্ডৰ মাজত থকা “নেঘেৰী বিল” নামৰ ঠাই ডখৰ ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ বাবে নাম আছে তাৰোপৰি ইয়াত পিকনিকৰ বাবে যথেষ্ঠ ঠাই আছে। পাহাৰীয়া ঝৰ্ণাৰ আৰু চৰাই কাকলিত মুখৰ ঠাইখনলৈ পিকনিকৰ বাবে পাচলি নিনিলেও কাষৰ গঞাৰ পৰা লব পৰা যায় । কিন্তু মনটো দুখ লাগিছিল এইবাবে যে মানুহবিলাকে পিকনিক খাই কিন্তু ঠাই খন চাফ চিকুন কৰি থৈ নাহে। ধুনীয়া ঝৰ্ণাৰ মাজেদি ‘‘বাইক” চলাই যাঁওতে মাদক দ্ৰব্যৰ বটল। আচলতে ভাল ঠাই এডোখৰ মানু্হৰ অবিবেচনীয় কামে নষ্ট কৰি পেলায়।
নেঘেৰী বিল পৰা আহি ব’ডাৰ আলিয়ে আলিয়ে আহিছিলো। তাতে নাগালেণ্ডৰ টুৱেনছাং village দেখিলো। পুনৰ দয়ালপুৰ হৈ চাংখাতিত ওলাই তেলিশাল পালোহি। তেলিশালত কছাৰী ৰজাই খন্দোৱা বিষ্ণুপুখুৰী চালো। 



যিতু পুখুৰী বৰ্তমান মীন পালনৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু মীন পালন কৰাতকৈ তাত ৰ্বটিংৰ সুবিধা দি সুন্দৰকৈ চাৰিও কাষত ফুলনি পতা হলে ধুনীয়া লাগিল হয়। কাৰণ ইতিহাসৰ পাতত থকা এক পুৰণি কীৰ্তিক নষ্ট কৰাতকৈ ভালদৰে সংৰক্ষণ কৰা উচিত বুলি ভাবো।
ইয়াৰ পাছত বিষ্ণুপুখুৰীৰ গাতে লাগি থকা শুকান পুখুৰী চালো। শুকান পুখুৰী প্ৰকৃততে এক মন্দিৰ। হয়তো ৰজাৰ উপাসনা কৰা ঠাই আছিল আৰু তাত থকা মন্দিৰ ভাগ বিষ্ণুৰ মুৰ্ত্তিৰ বুলি অনুমান কৰিব পৰা যায়।
Shukan Phukhuri



ইয়াৰ পাছতে আমি পুনৰ তেলিশালৰ মন্দিৰত সোমালো।
Remaining of Telihal Temple



Remaining of Telihal Temple

গোলাঘাট-তেলিশাল ৰাস্তাতে উভতনি যাত্ৰাৰ পথত কছাৰী ৰজাৰ ৰাজ্হাওলিৰ সংৰক্ষিত খুটা বোৰ চালো। এই খুটা বোৰত আহোম ৰজাৰ শিল্প কলাৰো চাপ আছে, হয়তো কছাৰী ৰজা তাম্ৰধ্ব্জৰ ৰাজহাওলীৰ ভগ্নাংশ আছিল। পুনৰ আমি ঘৰলৈ আহিবলৈ প্ৰস্তুত হলো কাৰণ দৈয়াং নদীৰ সিপাৰে থকা সৰিয়্হ তলিত বেলিটো ডুবু ডুবু হৈছিল আন্ধাৰ বাঢ়ি অহাৰ আগতে ঘৰ পাব লাগিব।