Sunday, November 27, 2016

নৱবৰ্ষ


ৰক্তাভ গোলাপৰ
পাপৰিত শুকুলা নিয়ৰে দি যায়
সেই সংবাদ
নিঃ শব্দতাত শীতৰ শব্দ
শূণ্যত উপঙি ফুৰা
দিনত
আনন্দৰ উমে সকলোকে উদ্দেলিত কৰে
সকলোৱে পাহৰে পুৰণাবোৰ
আশা বুকুত বান্ধি
নতুনক পুণৰ আদৰে
নৱবৰ্ষ আহিছে বুলি।

Pubali Gogoi

Sent via Micromax

Friday, June 24, 2016

শুভ সংবাদ ।

ভাল পোৱাৰ প্ৰাচুৰ্যত
  আকাশৰ বৃস্টিৰ বন্যাত
পৃথিৱীয়ে গাধুইছিল।
বৰযুণে নুপুৰ পিন্দোৱা                                                           
দিনতে পৃথিৱীখনো ঋতুমতী হৈ পৰে।
মন্দিৰৰ দুৱাৰ সন্ধ্যাৰ আৰতি
চাৰিটা দিন স্তৱিৰ হৈ পৰে।
পুণৰ প্ৰকৃতিয়ে গা ধোৱে
এইবাৰ সেউজীয়াৰ প্ৰাচুৰ্যত
খেতিয়কৰ নাঙলৰ কৰ্ষণত
পৃথিৱী অন্তসত্বা হৈ পৰে
কস্ট আৰু পীড়াৰ শেষত
শুভ সংবাদ অহাৰ দৰে
সোণালী প্ৰাচুৰ্যতাই 
ধৰা খন সোণালী হৈ পৰে।
যি শুভ সংবাদ আনে সকলোৰে
     কাৰণে।

Sent via Micromax