Wednesday, February 8, 2023

#ফাগুন

সৰাপাতত হৃদয়ৰ ৰাঙল মোৰ
বাউলি ফাগুনৰ আউলি চুলিত
ধলিয়ৰি বাসনা।
আকাশ পিয়সী সপোনৰ
অনুৰণনত ৰঞ্জিত অনুৰাগৰ কৰণি।
হালধীয়া নহ'লে
সেউজীয়াৰ বাবে নবাঢ়ে
দুচকুৰ তৃষ্ণা।
পলাশৰ অথবা মদাৰৰ
বাসনাৰ গান অবিহনে
বাসন্তী বতাহৰ মনক আকুল কৰা
স্পৰ্শৰ উদ্বেলনৰ উমান 
পাব পৰা নাযায়।
কিমান গভীৰ হ'লে প্ৰেমৰ পৰিসৰ
নিজৰ বাবে জড়তাক ৰাখি
আনৰ বাবে
মুকলি কৰি দিব পাৰে
প্ৰচু্ৰ্যতা আনাৰ বাট।
এইয়া ফাগুন …।
ধূলিয়ৰি ,সৰাপাত ,বাসনা ৰঞ্জিত
পলাশ ,শিমলু অথবা মদাৰ।
নিজক  হেৰুৱাই হেৰাই যাবলৈ
ফাগুনেই যথেষ্ট
নালেগ পিয়লা ভৰা
ফটিকাৰ ভৰষা…|
ফাগুনে যথেষ্ট।
মাতাল হ'বৰ বাবে।