Friday, October 6, 2023

##Simot Tita Sewali(A conversational short story)#হিমত তিঁতা শেৱালি:হেৰা উঠা আকৌ নুঠা নেকি? কালি ৰাতি কি বুলি কৈছিলা?:ৰাতিৰ কথা ৰাতিয়ে পাহৰিলোঁ।আজি ৰবিবাৰ শুই লওঁ।পূজা বন্ধ আৰু চাৰি পাচঁ দিন পিছতে হ'ব।ইহঁত মখা ঘৰ আহি পাবহি।ৰক্ষা ক'ত পাম?:উঠা আকৌ কিবা এটা দেখুৱাবলৈ মাতিছোঁ তোমাক।অনাহক চিঞৰিছোঁ বুলি নাভাবিবা।:উহু! মোৰ উঠাৰ ইচ্ছা অকণো নাই।কিম্মান সুন্দৰ পুৱা!তাতে টোপনিৰ চিকুণ পুৱা ।:হ'ব দিয়া পিছত মোক কি কথা আছিল,কি কাম আছিল সুধি সুধি অশান্তিখন নকৰিবা।:এই মানুহটো আৰু শান্তি নাই !পা পোৱালি কেইটা আহিলেও তেওঁৰ কি নাচাবা।আইজনীয়ে কুকুৰাৰ গোটা ভজা খাই ভাল পাই। ৰান্ধিবা।সোণে বৰালি মাছৰ ঔ টেঙা দিয়া জোল খাব ৰান্ধিবা দেই।মোৰ কি ভাল লাগে বেয়া লাগে জানিবলৈ কাৰো আহৰি নাই।:কিবা কৈছা ?:নাই পুৱা শুৱা পাটি এৰিবৰ সময়ত ভগৱানৰ নাম লৈছো। :ইম্মান অশান্তি পাই উঠিব নালাগে অ'।শুই থাকা মই বৰুৱা ঘৰৰ পৰা আহোঁগৈ।: বৰুৱা ঘৰলৈ যাব নালাগে ।পুৱাই পুৱাই মোৰ গুণ গাই বৰুৱানীৰ হাতৰ চাহৰ জুতি ল'ব লৈ।:হ'ব তেতিয়া তুমি উঠি আহা।:গৈছোঁ ,বুঢ়ী হৈছোঁ উঠিবলৈ চিপিয়াব লাগে।:হয় দেউ মোৰ মানুহজনী বুঢ়ী হ'ল আৰু…।:হ'ব মাজাক কৰিব নালাগে মন ভাল লগাবলৈ।:হ'ব ভাল লগোৱা নাই উঠি আহা।:ক'অক ,কিহৰ বাবে ইমাহ চিঞৰ বাখৰ লগাইছিল।:আহা কিবা এটা দেখুৱাম তোমাক।:চাওঁ হাতখন এৰক।ওচৰ চুবুৰীয়া মানুহে দেখিলে কি ভাবিব?বুঢ়া বুঢ়ী ৰ বিহু লাগিছে বুলি ক'ব।:দেখক দেখাই ।কোৱাই কওঁক।নিজৰ মানুহজনীৰ হাতত ধৰিছোঁ।লোকৰ এজনী চোঁচৰাই আনিবলৈ যোৱা নাই নহয়।:এই মানুহটোক কথা কব নোৱাৰি।আজি কিবা হ'ল হয় আপোনাৰ?বোলোঁ ল'ৰা ছোৱালীৰে কুৰি পাবহি আৰু চাৰি পাচঁ বছৰ বাগৰিলে।আপোবাৰ আকৌ প্ৰেমিক প্ৰমিকা হ'ব মন গৈছে।:ও ,মোৰ পুণৰ প্ৰেমিক হ'ব মন গৈছে ।নিজৰ মানুহজনীক প্ৰেমিকা ৰূপত পাব মন গৈছে।পত্নী ৰূপত মানুহজনীয়ে কিমান আৰু পুৱাৰ পৰা ৰাতিৰ এডখৰলৈ কাম কৰি কৰি থাকিব?:উহ্ !আমাৰ এওঁৰ আজি কিবা হ'ল ন?পশ্চিমে বেলি ওলোৱা কথা।শূলুঙাই কাণ খজুৱা যেন লাগিছে।…এইয়া কি আকৌ?:কি মানে?শেৱালি ফুল।শুভ্ৰ হিমত তিঁতা।নিষ্পাপ।:কিন্তু মালাডাল পিন্ধালে যে?:আকৰী।মোৰ সেউজীয়া প্ৰকৃতিৰ প্ৰেমত পৰি কবিতা লিখিব পৰা মানুহজনী ঘৰৰ কাম কৰি কৰি সঁচাকৈ জঢ় হৈ পৰিল।এইয়া শুভ্ৰ শেৱালি।তোমাৰ প্ৰেমৰ দৰে নিষ্পাপ।এই প্ৰেম মোৰ প্ৰতি,আামাৰ সন্তানৰ প্ৰতি।আমাৰ সংসাৰৰ নিয়াৰিকৈ চলাই নিয়াৰ স্বাৰ্থত তুমি ত্যাগ কৰি গৈছা ,কোনো প্ৰতিদান নিবিচাৰি।:কিবোৰ গাই আছে আপোনি?ইমান সুন্দৰ পুৱাটো।অকণ খোজকাঢ়ি আহক গৈ।প্ৰেচাৰ ,চুগাৰ মেনটেইন কৰিবৰ বাবে।এইকণ সময় মই সঁৰিয়হৰ শাক কেইডালমান বুটলি লওঁ।আজি সঁৰিয়হ আৰু গৰৈ মাছৰ আঞ্জা ৰান্ধিম ভাবিছোঁ।:সেই এইবোৰ প্লেনিং বিচনাতে! নে ৰাতিতে কি ৰান্ধিবা ভাবি থৈছা?বাদ দিয়া এইবোৰ।খোজ দুয়ো কাঢ়িবলৈ যাওঁ ব'লা।ভবঙৰ দোকানত জেলাপী বনাইছে।পূজাৰ বাবে সি আগতীয়াকৈ মিঠাইৰ দোকান দিছে।ব'লা তাতে চাহ জেলাপী খাই আহিম।:নাই… নাই …।এই গাৱঁত এইবোৰ! আপোনিয়ে যাওঁক।মানুহে কি ক'ব?:মানুহে একো নকয়।সকলোৱে নিজৰ জীৱনটো উপভোগ কৰাৰ অধিকাৰআছে।কিন্তুএই অধিকাৰে আনৰ অপকাৰ কৰিব নালাগে।:হ'ব দিয়ক ।মই ওলাইছোঁ ।মুখখন ধুই লওঁ ৰ'ব।আপোনাৰ শৰতৰ পুৱাৰ মালিতা শুনি শুনি মুখ ধুবলৈ পাহৰি গৈছিলোঁ।:যোৱা, যোৱা খৰধৰ কৰা।……………………………………………………:পুৱাটো বৰ সুন্দৰ।আজিৰ দিনটো সুন্দৰ হওঁক।চাহ কাপৰ টেনচন নলওঁ আৰু।দোকানৰ চাহ কাপ স্পীয়েল আছিল।এতিয়া মই ভাত ৰন্ধাৰ যা-যোগাৰ কৰোঁ।আজি মালতী আহিব।বিহু আৰু পূজাৰ বাবে চাফাই কৰিবলৈ।গতিকে বাহি বনবোৰ তাই অলপ চাব।:হ'ব যোৱা কিন্তু আজি পৰা আমি সদায় এনেদৰে খোজ কাঢ়িম।চাহ খাম।অলপ শীতল বতাহ ল'ম।জীৱনৰ বিয়লি বেলাটো অলপ উপভোগ্য কৰি তুলিম।:হ'ব দিয়ক আপোনি সুখী ,মই সুখী আপোনি হাঁহি থকাটো মোৰ কাম্য।

Wednesday, February 8, 2023

#ফাগুন

সৰাপাতত হৃদয়ৰ ৰাঙল মোৰ
বাউলি ফাগুনৰ আউলি চুলিত
ধলিয়ৰি বাসনা।
আকাশ পিয়সী সপোনৰ
অনুৰণনত ৰঞ্জিত অনুৰাগৰ কৰণি।
হালধীয়া নহ'লে
সেউজীয়াৰ বাবে নবাঢ়ে
দুচকুৰ তৃষ্ণা।
পলাশৰ অথবা মদাৰৰ
বাসনাৰ গান অবিহনে
বাসন্তী বতাহৰ মনক আকুল কৰা
স্পৰ্শৰ উদ্বেলনৰ উমান 
পাব পৰা নাযায়।
কিমান গভীৰ হ'লে প্ৰেমৰ পৰিসৰ
নিজৰ বাবে জড়তাক ৰাখি
আনৰ বাবে
মুকলি কৰি দিব পাৰে
প্ৰচু্ৰ্যতা আনাৰ বাট।
এইয়া ফাগুন …।
ধূলিয়ৰি ,সৰাপাত ,বাসনা ৰঞ্জিত
পলাশ ,শিমলু অথবা মদাৰ।
নিজক  হেৰুৱাই হেৰাই যাবলৈ
ফাগুনেই যথেষ্ট
নালেগ পিয়লা ভৰা
ফটিকাৰ ভৰষা…|
ফাগুনে যথেষ্ট।
মাতাল হ'বৰ বাবে।